• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

তুষাৰ অদৃশ্য, বৰফ গলি আছে, কিন্তু সুযোগ এতিয়াও আছে

CLIMATE CHANGE / ASSAMESE SECTION / Himalayas / Indus

by Anjan Sarma
May 1, 2025
in Climate Change, ASSAMESE SECTION
Reading Time: 5 mins read
0
Mountains, Humans and a Delicate Web of Life…
Share on FacebookShare on TwitterShare on LinkedIn

তুষাৰ অদৃশ্য, বৰফ গলি আছে, কিন্তু সুযোগ এতিয়াও আছে !

তুষাৰ অদৃশ্য হৈ আছে, কিন্তু সুযোগ এতিয়াও আছে
Glacial meltwater in the Himalayas (Photo: Sharada Prasad CS/Wikimedia Comm)

ভয়ংকৰ সংকট – সিন্ধুৰ পৰা ব্ৰহ্মপুত্ৰলৈ

তুষাৰ অদৃশ্য হৈ আছে, কিন্তু সুযোগ এতিয়াও আছে
Image: The Tribune

জলবায়ু পৰিৱৰ্তন

অঞ্জন শৰ্মা 

Anjan Pic 1
অঞ্জন শৰ্মা 

বিশ্ব বেংকৰ উপ-সভাপতি ইছমাইল ছেৰাগেলদিনে ১৯৯৫ চনতেই সতৰ্কবাণী শুনাইছিল যে পূৰ্বৰ ১০০ বছৰৰ সংঘাত তেলৰ বাবে হৈছিল, কিন্তু পিছৰ শতিকাৰ যুদ্ধ হ’ব পানীৰ বাবে ( ‘Whereas the conflicts of the previous 100 years had been over oil, ”the wars of the next century will be fought over water”- Ismail Serageldin)!

সেই ভৱিষ্যতবাণী ইতিমধ্যে ফলিয়াইছে মধ্যপ্ৰাচ্যৰ তুৰস্ক, ছিৰিয়া আৰু ইৰাকে ভাগ কৰা ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পানীৰ বাবে হোৱা সংঘাতত; ফলিয়াইছে ইজৰাইল, লেবানন, জৰ্দান আৰু পেলেষ্টাইনৰ মাজত ভাগ হোৱা জৰ্দান নৈৰ বাবে হোৱা সংঘাতত; ফলিয়াইছে আফ্ৰিকাৰ ইজিপ্ত, ইথিওপিয়া আৰু চুদানৰ মাজত নীল নৈক লৈ হোৱা সংঘাতত; ফলিয়াইছে মধ্য এছিয়াৰ কাজাখস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, তাজিকিস্তান আৰু কিৰগিজস্তানত; তথা প্ৰত্যক্ষ হৈছে ২০২২ আৰু ২০২৩ চনত ইৰাণ আৰু আফগানিস্তানৰ মাজত ভাগ হোৱা হেলমান্ড/হেলমাও ( Helmand) নদীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজত!

আৰু, ১৯৯৫ চনৰ সেই ভৱিষ্যতবাণী ৩০ বছৰৰ পিছত স্পষ্টভাবে প্ৰত্যক্ষ হৈছে বিশ্বৰ অন্যতম অস্থিৰ অঞ্চল কাশ্মীৰত!

তুষাৰ অদৃশ্য হৈ আছে, কিন্তু সুযোগ এতিয়াও আছে
পেহেলগামৰ অমানুষিক ঘটনা

২২ এপ্ৰিল ২০২৫ তাৰিখে কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আৰু পৈশাচিক আক্ৰমণত ২৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত চৰকাৰে অন্যান্য ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পাকিস্তানৰ সৈতে সম্পৰ্ক চ্ছেদ কৰাৰ অংশ হিচাপে তৎক্ষণাৎ প্ৰযোজ্য হোৱাকৈ সেই ‘সিন্ধু নদী চুক্তি‘ বাতিলৰ বিষয়ে ঘোষণা কৰে – যি সিন্ধু চুক্তিয়ে ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা নদীৰ পানী ব্যৱহাৰৰ ক্ষেত্ৰত দুয়োখন দেশে ভগাই লোৱাৰ সুবিধা দিছিল।

পেহেলগামৰ অমানুষিক ঘটনাৰ পিছত সেই ঘটনা আৰু পানীক কেন্দ্ৰ কৰি পৰিস্থিতি এনে হৈ পৰিছে যে যুদ্ধ হ’লে পৰমাণু বোমাৰ প্ৰসঙ্গও উত্থাপন হৈছে। 

আমি এতিয়া পেহেলগাম কান্ড বা যুদ্ধ বা পৰমাণু বোমাৰ প্ৰসঙ্গ লৈ আলোচনা নকৰি এক সুকীয়া বিষয়ক লৈ আগবাঢ়ি যাব বিচাৰিছো। বিষয়টো হ’ল সিন্ধু নদীৰ পৰা হিমালয়ৰ বৰফ আৰু তুষাৰ আৰু ব্ৰহ্মপুত্ৰ আৰু অন্যান্য – যি অতিশয় প্ৰাসঙ্গিক তথা গুৰুত্বপূৰ্ণ। 

সিন্ধু নদীৰ পানীৰ এক দীঘলীয়া ইতিহাস আছে, গুৰুত্ব আছে, আৰু সেই সিন্ধু নদীৰ পানীৰ গুৰুত্বৰ সৈতে সাম্প্ৰতিক সময়ৰ পেহেলগাম কান্ডক লৈ হোৱা প্ৰতিক্ৰিয়াৰ অংশ হিচাপে ভাৰত চৰকাৰে সিন্ধু নদীৰ পানীক লৈ গ্ৰহণ কৰা কাৰ্যপন্হাই সমগ্ৰ অঞ্চলটোৰ ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰি ইতিহাসত হয়তো পুনৰ এক নতুন অধ্যায় সন্নিৱিষ্ট কৰিবলৈ অগ্ৰসৰ হৈছে। 

হৰপ্পা সভ্যতাৰ সময়ৰে পৰাই, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ২৬০০ৰ পৰা ১৯০০+ চনলৈ বৰ্তমানৰ পাকিস্তান আৰু উত্তৰ – পশ্চিম ভাৰতৰ জীৱনৰেখা হিচাপে গণ্য হোৱা সিন্ধু নদীৰ পানীক লৈ উত্তেজনাৰ আৰম্ভণি ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ৰে পৰাই আৰু ১৯৪৮ চনত ভাৰতে পাকিস্তানলৈ সিন্ধু নদীৰ পানী সাময়িকভাৱে বন্ধ কৰাৰ পিছত পাকিস্তানৰ কৃষি তথা জনজীৱনৰ প্ৰৱাহ বাধাগ্ৰস্ত হোৱাৰ আশংকাত আৰম্ভ হয় বিবাদ।

সেই বিবাদ বা সংঘাতে সৃষ্টি কৰে বছৰৰ পিছত বছৰ ধৰি সিন্ধু নদীৰ পানীক লৈ আলোচনা আৰু আলোচনা (যেন অসম আন্দোলনক লৈ হোৱা আলোচনা) – আৰু তাৰেই ফলস্বৰূপে বিশ্ব বেংকৰ মধ্যস্হতাত ১৯৬০ চনত স্বাক্ষৰিত হয় ‘সিন্ধু নদী চুক্তি‘। সিন্ধু নদী চুক্তি অনুসৰি ভাৰতক ৰাভি, বিয়াছ আৰু চটলেজ/শতদ্ৰু (Ravi, Beas, Sutlej) আৰু পাকিস্তানক সিন্ধু, ঝিলাম, চেনাবৰ নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা দিয়া হৈছিল।

তুষাৰ অদৃশ্য হৈ আছে, কিন্তু সুযোগ এতিয়াও আছে
সিন্ধু নদী (Source : iStockphoto)

সেই সময়ছোৱাত চুক্তিখন এক সুন্দৰ সমাধান বুলি গণ্য কৰা হৈছিল (যিদৰে ১৯৮৫ চনত বহুতেই ‘অসম চুক্তি’খন এক সুন্দৰ সমাধান বুলি গণ্য কৰিছিল)! কিন্তু বৃটিছৰ ভাৰত সাম্ৰাজ্য বা বিশাল ভাৰত উপনিৱেশ খণ্ডিত হৈ নতুনকৈ সৃষ্টি হোৱা দুখন সম্পূৰ্ণ বিপৰীত মনস্তত্ত্বৰ শত্ৰুদেশৰ বাবে সেইসময়ত সিন্ধু নদী চুক্তিতকৈও গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় আছিল বিশ্বৰ মজিয়াত নিজকে প্ৰতিষ্ঠা কৰা ( মনলৈ হঠাৎ অহা ভাব: অসমতো হয়তো ১৯৮৫ চনত অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণতকৈও অসম আন্দোলনৰ নেতাসকলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছিল অগপ দল গঠন কৰা আৰু দিশপুৰৰ ক্ষমতা দখল কৰা)। 

সিন্ধু নদী চুক্তিৰ সময়ত পাকিস্তানৰ জনসংখ্যা আছিল ৪৬ নিযুত আৰু ভাৰতৰ ৪৩৬ + নিযুত, বৰ্তমান পাকিস্তানৰ জনসংখ্যা ২৪৭ নিযুত আৰু ভাৰতৰ ১৪৩৮ + নিযুত ! সাম্প্ৰতিক কালত ৩০০ নিযুতৰো অধিক মানুহে সিন্ধু নদীৰ অৱবাহিকাৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন – যাপন কৰে। গতিকে দুই পাৰমাণৱিক প্ৰতিদ্বন্দীৰ মাজত এতিয়া অমূল্য পানীক লৈ উত্তেজনা হোৱা স্বাভাৱিক – তাতে আকৌ হঠাৎ সংঘটিত হৈ গ’ল পেহেলগাম কান্ড। কিন্তু পানীক লৈ হোৱা সাম্প্ৰতিক সময়ৰ এনে উত্তেজনাৰ সৈতে অঙ্গাঙ্গীভাবে জড়িত হৈ থকা গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱৰ্তনৰ গুৰুত্বৰ বিষয়টো ‘ত্ৰিৱেণী সঙ্গম’ৰ সৰস্বতী নদীৰ দৰে অন্তৰ্লীন হৈ ৰৈছে।

সিন্ধু নদীৰ পানীৰ চুক্তিখনত কি কি অন্তৰ্ভুক্ত কৰা হৈছিল – সেইবোৰক লৈ আজিৰ বা পেহেলডাম কান্ডৰ পূৰ্বৰ সমস্যা সৃষ্টি হোৱা নাছিল, কিন্তু কি কি অন্তৰ্ভুক্ত হোৱা নাছিল – সেইবোৰক লৈ হে সমস্যা সৃষ্টি হৈছিল। সিন্ধু নদীৰ পানীক লৈ হোৱা চুক্তিৰ সময়ত হিমবাহৰ ভৰৰ ভাৰসাম্যৰ বিষয়ে বিস্তাৰিত অধ্যয়ন কৰা হোৱা নাছিল আৰু ধাৰণা কৰা হৈছিল যে সিন্ধু নদীৰ ব্যৱস্থাক অহৰ্নিশে লালন কৰি থকা হিমালয়ৰ হিমবাহ সমূহ অক্ষয়, স্থিতিশীল।

আজিৰ সময়ছোৱাত আমি প্ৰত্যক্ষ কৰা গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তন, হিমবাহ গলন আদিৰ বিষয়ে সেইসময়ত হয়তো কল্পনা কৰাও সম্ভৱপৰ নাছিল হেতুকেই বোধহয় চুক্তিখনত সেইবোৰ সন্নিৱিষ্ট কৰা হোৱা নাছিল। তাৰোপৰি আজিৰ দৰে নাছিল কৃত্ৰিম উপগ্ৰহ, অন্যান্য কাৰিকৰী কৌশল, অত্যাধুনিক প্ৰযুক্তি।

তাৰোপৰি ভূগৰ্ভৰ জলভান্ডাৰ হ্ৰাস পাব পৰা বিষয়টোও চুক্তিৰ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, যিদৰে কীটনাশকৰ দ্বাৰা পানীৰ দূষণ হ’ব পাৰে বুলিও কোনো চিন্তা কৰা হোৱা নাছিল। একেদৰে বান্ধ, জলাশয়, নলা (canals), আৰু জলবিদ্যুৎ আদিৰ জৰিয়তে উন্নয়নৰ সম্ভাৱনাৰ বিষয়বোৰো সন্নিৱিষ্ট কৰা হোৱা নাছিল। আলোচকসকলে ধৰি লৈছিল যে হিমবাহ অক্ষয় হৈ ৰ’ব আৰু জলপ্ৰৱাহ একেদৰেই বৰ্তি থাকিব।

কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে পৃথিৱী উষ্ণ হ’বলৈ ধৰিলে আৰু ‘অক্ষয়’ বুলি ধাৰণা কৰা হিমবাহসমূহ গলিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া অভাৱনীয় হাৰত গলি আছে।

বিশ্ব জলবায়ু সংস্থাৰ মতে বিগত তিনিটা দশকৰ ভিতৰত ২০২৩ চনটো বিশ্বৰ আটাইতকৈ শুকান বতৰ আছিল আৰু নদীৰ প্ৰৱাহ স্বাভাৱিকতকৈ কম হোৱা হেতুকে কৃষিকাৰ্যকে ধৰি পৰিৱেশ তন্ত্ৰৰ ব্যাপক ক্ষতি সাধন হৈছিল। ইয়াৰোপৰি বিশ্বৰ হিমবাহসমূহ বিগত ৫০ বছৰত সৰ্বাধিক ক্ষয়ৰ বা ভৰ-ক্ষতিৰ সন্মুখীন হৈ ৬০০ গিগাটনৰো অধিক পানী নদী আৰু সাগৰলৈ বোৱাই দিছিল।

গতিকে আমাৰ আৰম্ভণিৰ আলোচনাৰ বিষয় সিন্ধু নদীৰ গ্ৰীষ্মকালীন প্ৰৱাহৰ ৬০-৭০% ভাগ যোগান ধৰা হিমালয়ৰ হিমবাহো দ্ৰুতগতিত সংকুচিত হ’বলৈ ধৰিলে আৰু ২০১৯ চনত কৰা এক অনুসন্ধানত প্ৰকাশ হ’ল যে হিমালয়ৰ সেইসমূহ হিমবাহে বছৰি ৮ বিলিয়ন টন বৰফ হেৰুৱাই পেলাইছে।’ইন্টাৰনেশ্যনেল চেন্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউন্টেইন ডেভেলপমেন্ট‘ৰ এক অধ্যয়নে দেখুৱাইছে যে হিন্দুকুশ -কাৰাকৰম – হিমালয়ৰ হিমবাহবোৰ ২০১১ – ২২ চনৰ মাজত পূৰ্বৰ দশকৰ তুলনাত ৬৫% দ্ৰুতগতিত গলিছে। সেয়েহে, এনে প্ৰৱণতা অটুত থাকিলে পানীৰ অভাৱ তীব্ৰতৰ হ’ব, বিশেষকৈ শুকান বতৰত সিন্ধু নদীৰ পানীৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল পাকিস্তানৰ বাবে। 

সিন্ধু নদী চুক্তিৰ অইন এক ব্যৰ্থতা হ’ল, চুক্তিখনত কেৱল পৃষ্ঠভাগৰ ওপৰৰ পানীক লৈ হে চৰ্চা কৰা হৈছে, ভূগৰ্ভৰ পানীৰ নিষ্কাষণৰ বিষয়ে কোনো উল্লেখ নাই; আৰু এই অনুল্লেখৰ বাবেই বিষয়টোক লৈ ভাৰত আৰু পাকিস্তানৰ মূৰৰ কামোৰণি হৈছে। বিশেষকৈ দুয়োখন দেশৰ খাদ্য ভান্ডাৰ হিচাপে পৰিগণিত পঞ্জাৱ অঞ্চলটো ভূগৰ্ভৰ পানীৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱা বাবে জনসংখ্যা বৃদ্ধিৰ তালে তালে নিষ্কাষণৰ পৰিমাণ বহুত বেছি হৈ ভূগৰ্ভৰ জলভান্ডাৰ অভাৱনীয় হাৰত হ্ৰাস পাইছে। শুকান বতৰত সিন্ধু অৱবাহিকাৰ এক বৃহৎ অংশ, প্ৰায় ৪৮% অংশ, ভূগৰ্ভৰ পানীৰ ওপৰত নিৰ্ভৰশীল। বিশ্ব বেংকৰ মতে, এই জলসম্পদ ভাগ-বাটোৱাৰা কৰিবলৈ সীমান্তত কোনো আন্ত:গাঠনিও নাই।

জলবায়ু পৰিৱৰ্তনৰ লগতে ভূগৰ্ভৰ পানীৰ বিষয়টোৰ লগতে সিন্ধু নদীৰ চুক্তিৰ ৰূপকাৰসকলে কাশ্মীৰৰ বিষয় তথা কাশ্মীৰৰ মৰ্যদা, কাশ্মীৰৰ জনসাধাৰণৰ মতামতকো উপেক্ষা কৰিছিল। ১৯৪৭ চনৰ বিভাজনৰ সময়ৰে পৰাই কাশ্মীৰ ভাৰত – পাকিস্তানৰ উত্তেজনাৰ কেন্দ্ৰবিন্দু হৈ আছে। ১৯৪৭ চনত জম্মু আৰু কাশ্মীৰক হয় ভাৰত, নহলে পাকিস্তানৰ সৈতে, অৰ্থাৎ কোনো এখনৰ সৈতে যোগ দিবলৈ কোৱা হৈছিল।

সেইসময়ত কাশ্মীৰৰ শাসক আছিল হিন্দু আৰু প্ৰজাসকলৰ সংখ্যাগৰিষ্ঠ আছিল মুছলমান। কাশ্মীৰৰ হিন্দু শাসকে ভাৰতৰ সৈতে যোগ দিবলৈ সিদ্ধান্ত লৈছিল আৰু সেইবাবেই প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল ভাৰত – পাকিস্তানৰ যুদ্ধ।

১৯৪৯ চনত ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত যুদ্ধবিৰতি হ’ল, নিয়ন্ত্ৰণ ৰেখা টানি দিয়া হ’ল, আৰু পাকিস্তানৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰ তথা ভাৰতৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰ – দুখন কাশ্মীৰৰ সৃষ্টি হ’ল; দুৰ্ভাগ্যবশতঃ কাশ্মীৰৰ জনসাধাৰণৰ মতামত কোনোপক্ষই নল’লে বা মনৰ ভাব হৃদয়াঙ্গম নকৰিলে। তাৰে পিছৰে পৰাই কাশ্মীৰ হৈ থাকিল ঐতিহাসিকভাবে এক বিবদমান অঞ্চল আৰু দুয়োখন দেশে কাশ্মীৰ নিজৰ বুলি দাবী কৰাৰ লগতে ১৯৬৫ তথা ১৯৯৯ চনত দুখন যুদ্ধৰ উপৰিও অসংখ্য সৰু-ডাঙৰ সংঘৰ্ষত লিপ্ত হৈ পৰে। এইবোৰৰ লগতো জড়িত হৈ পৰে সিন্ধু নদীৰ পানীক লৈ হোৱা চুক্তি।

কাশ্মীৰত ভাৰতৰ জলবিদ্যুৎ প্ৰকল্প বাগলিহাৰ (Baglihar) আৰু কিশানগঙ্গা (Kishanganga)ক লৈও বিবাদ হৈছে। পাকিস্তানে উদ্বেগ প্ৰকাশ কৰি আহিছে যে ভাৰতৰ এই প্ৰকল্পৰ বাবে পানীৰ প্ৰৱাহ সলনি হৈ পৰিব পাৰে – বিশেষকৈ কৃষিকাৰ্যৰ সময়ছোৱাত। কিন্তু সিন্ধু নদীৰ পানীক লৈ হোৱা চুক্তিত এনেবোৰ আঞ্চলিক বিবাদৰ সমাধানকল্পে কোনো স্পষ্ট ব্যৱস্থা নাই বাবেই কাশ্মীৰৰ জলসম্পদ তথা চুক্তিৰ বাহিৰৰ অন্যান্য ৰাজনৈতিক বিষয়বোৰো সমাধান নোহোৱাকৈ ৰৈ গ’ল।

পেহেলগামৰ নাৰকীয় কাণ্ড সংঘটিত হোৱাৰ বহুত আগতেই কাশ্মীৰৰ জলবিদ্যুৎ প্ৰকল্পক লৈ উত্তেজনাই দুয়োখন দেশক কূটনৈতিক অচলাৱস্থাৰ দিশে লৈ গৈছিল। কিশানগঙ্গা আৰু ৰাটল (Ratle) বান্ধৰ বিবাদ এতিয়া ‘দ্যা হেগ'( The Hague)ত মোকাবিলা ( Arbitration)ৰ বাবে পৰি আছে; আৰু এনেবোৰ কাৰ্যই সিন্ধু নদীৰ পানীক লৈ হোৱা চুক্তি আগতেই ঘোলা কৰি পেলাইছে। জনসংখ্যাৰ পৰিৱৰ্তন, জলবিদ্যুৎ প্ৰকল্পৰ প্ৰয়োজনীয়তা, আৰু কাশ্মীৰৰ সুৰক্ষাৰ বিষয়ে উল্লেখ কৰি ২০২৪ চনতেই ভাৰতে আনুষ্ঠানিকভাৱে সিন্ধু নদী চুক্তিৰ পুনৰীক্ষণৰ বাবে আহ্বান জনাইছিল, আৰু এতিয়া পেহেলগাম কান্ডক ভিত্তি কৰি ভাৰতে চুক্তিখন বাতিল বুলি ঘোষণা কৰিছে।

সিন্ধু নদীৰ পানীৰ মূল উৎস তথা ৫ খন দেশৰ মাজেৰে বিস্তৃত মহিমাময় হিমালয় পৰ্বতমালা এছিয়াৰ জীৱনযাত্ৰাৰ এক মূখ্য ভিত্তি হিচাপেই শতিকাৰ পিছত শতিকা জুৰি গণ্য হৈ আহিছে। হিমালয়ৰ তুষাৰবৃত শৃঙ্গসমূহ প্ৰায় ২ বিলিয়ন (২০০ কোটি) লোকৰ বাবে, অৰ্থাৎ বিশ্বৰ এক-চতুৰ্থাংশ লোকৰ বাবে গুৰুত্বপূৰ্ণ পানীৰ ভঁৰাল হিচাপে চিহ্নিত হৈ আহিছে।

তুষাৰ অদৃশ্য হৈ আছে, কিন্তু সুযোগ এতিয়াও আছে
Photo by DSD on Pexels.com

সুমেৰু বা উত্তৰ মেৰু (আৰ্কটিক) আৰু কুমেৰু বা দক্ষিণ মেৰু (এন্টাৰ্কটিকা)ৰ বাহিৰৰ সৰ্বাধিক বৰফ আৰু তুষাৰৰ ভঁৰাল হিচাপে পৰিগণিত এই হিমালয় পৰ্বতমালাক সন্মান প্ৰদৰ্শন কৰি ‘তৃতীয় মেৰু'( Third Pole) বুলি নামাকৰণ কৰা হৈছে। এই তৃতীয় মেৰুৱে কেৱল সিন্ধু নদী নহয়, বিশ্বৰ শক্তিশালী নদ- নদী ব্ৰহ্মপুত্ৰ আৰু গঙ্গাৰো মূল উৎস। অৰ্থাৎ আমাৰ বিশাল নদ ব্ৰহ্মপুত্ৰকো লালন কৰে হিমালয় পৰ্বতমালাই – যিদৰে সিন্ধু নদীক কৰে, গঙ্গাক কৰে।

কিন্তু ২০২৫ চনত তুষাৰপাত সম্পৰ্কীয় এক প্ৰতিবেদনত এক ভয়ংকৰ সতৰ্কবাণী প্ৰকাশিত হৈছে – হিন্দুকুশ হিমালয় (HKH) অঞ্চলত তুষাৰৰ মাত্ৰা তৃতীয় বছৰৰ বাবে অভূতপূৰ্ব ভাবে নিম্নগামী হৈছে। এয়া কেৱল জলবায়ু পৰিৱৰ্তনৰ বাবে বা পৰিৱেশৰ পৰিৱৰ্তনৰ সংকট নহয়, বৰং নেপালৰ উচ্চভূমিৰ পৰা অসম – উত্তৰ পূৱকে ধৰি বাংলাদেশৰ সমভূমিলৈ বানপানীৰ পৰা পানীৰ উপলব্ধতা, শক্তি উৎপাদন আৰু আঞ্চলিক স্থিতিশীলতাৰ উপৰিও সমগ্ৰ জীৱনযাত্ৰা তছনছ কৰি দিব পৰা এক অকল্পনীয় সংকট।

হিমালয়ৰ তুষাৰক্ষেত্ৰই ঐতিহাসিকভাবে কেৱল কাশ্মীৰ নহয়, কেৱল সিন্ধু নদীৰ উৎস হিচাপে নহয়, কেৱল গঙ্গা নহয়, আমাৰ সকলোৰে প্ৰাকৃতিক পানীৰ ভঁৰাল হিচাপে কোটি কোটি বাহু মেলি আমাক, আমাৰ ব্ৰহ্মপুত্ৰকো লালন কৰি আহিছে! হিমালয়ে শীতকালত বৰষুণক তুষাৰ হিচাপে, বৰফ হিচাপে নিজৰ বক্ষত আকোঁৱালি লৈ গৰমৰ দিনত লাহে লাহে মুকলি কৰি দি আহিছে – সহস্ৰাধিক বছৰ ধৰি।

এই সুস্থিৰ বৰফগলা পানীৰ যোগানে নদীসমূহক জীয়াই ৰাখে – আৰু জীয়াই থাকে দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ লাখ লাখ মানুহ, যিসকলৰ তৃষ্ণা নিবাৰণৰ পৰা আৰম্ভ কৰি পথাৰ-সমাৰ সকলোতে হিমালয়ৰ কৰুণা বিয়পি পৰে, জলবিদ্যুৎ আদিৰ কথা বাদেই দিলো! 

আজি সিন্ধু নদী বহুলভাৱে চৰ্চিত হৈছে, কিন্তু চৰ্চিত হোৱা নাই হিমালয়ৰ হিমবাহৰ গলন, হিমালয়ৰ তুষাৰপাতৰ ভয়ংকৰ হ্ৰাস, বৰফৰ অকল্পনীয় গলন, জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা, আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদৰ ভৱিষ্যত, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৱিষ্যত। ২০২৫ চনৰ প্ৰতিবেদনত হিমালয়ৰ তুষাৰৰ স্থায়িত্বৰ বিষয়ে বিস্ময়কৰ তথ্য প্ৰকাশিত হৈছে – মাটিত বা শিলাখন্ডত গলি যোৱাৰ সময় আগতকৈ ২৩.৬% হ্ৰাস পাইছে – যি বিগত কেইবাটাও দশকৰ ভিতৰত সৰ্বাধিক।

এই পৰিৱৰ্তনৰ ফলত পানীৰ স্বাভাৱিক প্ৰৱাহৰ সুকীয়া ভাৰসাম্য বিঘ্নিত কৰিছে, নিয়মীয়া ঋতুভিত্তিক পানীৰ যোগানৰ সলনি আকস্মিক বান আৰু দীঘলীয়া খৰাঙৰ অনিয়মীয়া এক অদ্ভূত ধাৰা সৃষ্টি কৰিছে। হাজাৰ হাজাৰ বছৰ ধৰি সভ্যতাক পোহপাল দিয়া নদীসমূহ এতিয়া গ্ৰীষ্মৰ আৰম্ভণিতে লেৰেলা তেতেৰা হৈ শুকাই যাবলৈ ধৰিছে – যাৰ ফলত খেতিয়ক, খেতিপথাৰ, নগৰ অঞ্চল, গাওঁ, পৰিৱেশতন্ত্ৰ, সকলোবোৰ অভাৱনীয় সংকটৰ গৰাহত পৰিছে।

তুষাৰ অদৃশ্য হৈ আছে, কিন্তু সুযোগ এতিয়াও আছে

কিন্তু এনে সংকটৰ কাৰণ অতি স্পষ্ট। বিশ্বৰ উষ্ণতা বৃদ্ধিৰ তালে তালে হোৱা জলবায়ু পৰিৱৰ্তনে হিমালয়ৰ বৰফৰ গলন, তুষাৰৰ গলন ত্বৰান্বিত কৰিছে। সিন্ধু নদীক লালন কৰা পশ্চিম হিমালয়ৰ তুষাৰৰ স্থায়িত্ব ২০০০ চনৰ পৰা ১৫- ২০% হ্ৰাস পাইছে।

আনহাতে মেকং, চালৱিন, ব্ৰহ্মপুত্ৰ নদৰ দৰে নদ-নদী ক লালন কৰা পূৱ হিমালয়ৰ তুষাৰৰ ক্ষতি ৫০% পৰ্যন্ত হৈছে বুলি ২০২৫ চনৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তৃতীয় মেৰুৰ বা হিমালয়ৰ এক গুৰুত্বপূৰ্ণ অঞ্চল তিব্বত মালভূমিত ২০২২ চনত ৯২.৪% তুষাৰৰ সঞ্চয়ৰ পৰা ২০২৫ চনত ২৯.১% পৰ্যন্ত ঘাটি হৈছে।

এইবোৰৰ বাবেই তৃতীয় মেৰুৰ জলপ্ৰবাহ ব্যৱস্থাৰ অবিচ্ছেদ্য অংশ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰো একেদৰে ক্ষতি হ’বলৈ আৰম্ভ কৰিছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলসমূহ পূব হিমালয়ৰ তুষাৰ/বৰফ গলনৰ ওপৰত নিৰ্ভৰশীল। ২০২৫ চনলৈ এই উপ-অঞ্চলত তুষাৰৰ স্থায়িত্ব প্ৰায় ৪০% হ্ৰাস পাইছে – যাৰ ফলত বান, খৰাং পৰিস্থিতি তীব্ৰতৰ হৈ পৰিছে।

জীৱাশ্ম ইন্ধনৰ দহনৰ বাবে উৎপন্ন হোৱা ক’লা কাৰ্বনৰ দৰে বিষাক্ত প্ৰদূষণৰ ফলত তুষাৰ ক’লা কৰি তাপ শোষণ বৃদ্ধি কৰি গলনৰ গতি বঢ়াই সমস্যা আৰু জটিল কৰি পেলোৱা হৈছে। এনেবোৰ ঘটনাই এছিয়াৰ সমৃদ্ধিৰ ভিত্তিস্বৰূপ হিমায়িত বিশাল দূৰ্গটো ক্ষতিগ্ৰস্ত কৰি তুলিছে।

আজি সেইবাবে কেৱল পথাৰ-সমাৰেই নহয়, নদ -নদীয়েই নহয়, দিল্লীৰ পৰা কৰাছীলৈ, ঢাকাৰ পৰা গুৱাহাটীলৈ, পাটনাৰ পৰা হো চি মিন মহানগৰ লৈ – সকলোতে বিপদঘন্টা বাজি উঠিছে। ভূগৰ্ভৰ পানীও শুকাই গৈছে, নদীও ক্ষীণকায় হৈছে; আনহাতে সাগৰপৃষ্ঠও ওফন্দিবলৈ ধৰিছে। এক অভাৱনীয় অধ্যায়লৈ আমি গতি কৰি আছো। কেৱল কাশ্মীৰ নহয়, ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি হৈছে বিভিন্ন ক্ষেত্ৰত! আমাৰ অসমৰ বাবে তীব্ৰ আশংকা হৈ পৰিছে চীনৰ বৃহৎ বৃহৎ বান্ধসমূহ। 

হিমালয়ৰ বৰফে লালন কৰা নদীসমূহ ভাগ কৰা দেশ চীন, ভাৰত, পাকিস্তান, ভূটান, বাংলাদেশ ইত্যাদিৰ মাজত তথ্যৰ ভাগ-বাটোৱাৰা, খৰাং ব্যৱস্থাক কেন্দ্ৰ কৰি যৌথ ব্যৱস্থাপনাৰ নিয়মাৱলী ৰচনা কৰি পাৰস্পৰিক সহযোগিতাৰে ন্যায্যভাৱে জলসম্পদ বিতৰণ কৰাৰ প্ৰয়াস কৰিব লাগিব।

খেতিপথাৰত কম পানী প্ৰয়োজন হোৱা জোৱাৰৰ খেতিৰ দৰে খেতি কৰাৰ লগতে ইজৰাইলৰ দ্ৰিপ প্ৰযুক্তিৰ দৰে জলসিঞ্চন ব্যৱস্থা হাতত ল’ব লাগিব – যিবোৰ ব্যৱস্থাই পানীৰ ব্যৱহাৰ ৬০% পৰ্যন্ত হ্ৰাস কৰিব পাৰে।

ইয়াৰোপৰি, বিশ্বজুৰি কাৰ্বন নিৰ্গমনৰ সমাধানৰ বাবে সকলোৱে আক্ৰমণাত্মকভাবে জৰুৰী পদক্ষেপ লোৱা প্ৰয়োজন। আমাৰ উত্তৰে কোটি নিযুত বাহু মেলি আমাক লালন কৰি থকা বিশাল হিমালয়ৰ পৰা অদৃশ্য হৈ যাবলৈ ধৰা তুষাৰ কোনো দূৰৱৰ্তী ভাবুকি নহয়, বৰং আমাৰ সন্মুখত উন্মোচিত হোৱা এক গভীৰ সংকট – ২ বিলিয়ন লোকৰ বাবে এক ভয়াবহ পৰিণাম স্বৰূপ।

তথাপিও, সাহসী উদ্ভাৱন, আঞ্চলিক সহযোগিতা তথা বিশ্বজুৰি সজাগতা সৃষ্টি কৰি সভ্যতাক পোহপাল দিয়া জীৱনৰেখাডালক অভিযোজিত কৰি সংৰক্ষণ কৰিব পৰা সুযোগ এতিয়াও হাতৰ পৰা ওলাই যোৱা নাই। তুষাৰ গলি আছে, বৰফ গলি আছে, কিন্তু সুযোগ এতিয়াও আছে। তৃতীয় মেৰুৰ হিমায়িত উত্তৰাধিকাৰ আৰু তাৰে সমৰ্থিত স্থিতিশীলতা – চিৰদিনৰ বাবে অদৃশ্য হৈ যোৱাৰ আগতেই সমগ্ৰ বিশ্বই হিমালয়ৰ সতৰ্কবাণীৰ প্ৰতি সঁহাৰি জনাব লাগিব।

সিন্ধু নদী চুক্তিক লৈ আজি যি পৰিৱেশ – উদ্বিগ্নতা সৃষ্টি হৈছে, তিব্বতত য়াৰলুং চাংপো হিচাপে উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰৰ উপৰিভাগৰ সেই জলপ্ৰৱাহৰ ওপৰত চীনৰ সম্ভাব্য নিয়ন্ত্ৰণেও আমাৰ বাবে একেই পৰিৱেশ – উদ্বিগ্নতা সৃষ্টি কৰাটো খাটাং।

বেইজিঙে নিৰ্মাণ কৰা ৬০ গিগাৱাটৰ দুটাকৈ বিৰাট জলবিদ্যুৎ প্ৰকল্পৰ বাবে বিশাল বান্ধ নিৰ্মাণকাৰ্য ব্ৰহ্মপুত্ৰৰ বাবে সিন্ধু নদীৰ পানীক লৈ হোৱা উদ্বিগ্নতাকো চেৰ পেলাবলৈ আগবাঢ়িছে ; হিমালয়ৰ তুষাৰ আৰু বৰফৰ গলন বাদেই দিলো!

চীনৰ এই বান্ধবোৰে শুকান বতৰত ব্ৰহ্মপুত্ৰৰ প্ৰৱাহ বন্ধ কৰিব আৰু মৌচুমীৰ সময়ত বিশাল বান্ধ মুকলি কৰি অসমত জলপ্ৰপাত সৃষ্টি কৰিব – তেতিয়া কি হ’ব!! গতিকে এতিয়াও সময় উকলি যোৱা নাই। হিমালয়ৰ তুষাৰ অদৃশ্য হৈ আছে, কিন্তু এতিয়াও সময় আছে, এতিয়াও সুযোগ আছে।

তুষাৰ অদৃশ্য হৈ আছে, কিন্তু সুযোগ এতিয়াও আছে

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?
Climate Change

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

by PAHARI BARUAH
August 9, 2026
0

When Ancient Wisdom Meets a Changing Climate: How Assam's Indigenous Tribes Are Fighting the Battle ? How the Traditional Ecological...

Read moreDetails
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

August 8, 2026
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 7, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

August 7, 2026
India Climate Cooling Summit to Advance National Strategies

India Climate Cooling Summit to Advance National Strategies

August 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d