তেজপুৰত কলাগুৰুই নিৰ্মাণ কৰা ঘৰটো কেনে আছে!
যুগান্ত বায়ন

২০ জুন “বিষ্ণুৰাভা দিৱস”। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ মৃত্যু তিথি।
১৯৬৯ চনৰ এই ২০ জুনৰ দিনটোতেই বিশ্ববন্দিত শিল্পীগৰাকী অজান দেশ লৈ গুচি গৈছিল।
নিঠৰুৱা হৈ পৰিছিল অসমীয়া কলা-সংস্কৃতি আৰু সাহিত্যৰ জগতখন।

জীৱিত কালত শাসক পক্ষৰ বিৰুদ্ধে আৰু শোষিত জনগণৰ অধিকাৰৰ সপক্ষে বলিষ্ঠ কণ্ঠ আৰু কলমেৰে যুঁজ কৰি কৰি ভাগৰি পৰা সৈনিক শিল্পী গৰাকীক লৈ আজি অসমীয়া যিমান সচেতন হৈছে ৰাভা জীয়াই থকাৰ সময়ত এনে সচেতনতা যিদৰে প্ৰসাৰ লাভ কৰিব লাগিছিল, সেইধৰণে প্ৰসাৰ লাভ নকৰাৰ বাবে শিল্পীগৰাকীয়ে অনেক দুখ,কষ্ট আৰু ৰজাঘৰৰ চৰম অপমানৰ মাজত অসমী আইৰ বুকু সুদা কৰি আঁতৰি গৈছিল।
ৰাভাদেউৰ মৃত্যুৰ পিছত পৰিৱৰ্তিত পৰিস্থিতিত ৰজাঘৰ আৰু প্ৰজাঘৰে ৰাভাক বুজিবলৈ সক্ষম হৈছিল। বিশেষকৈ অসম আন্দোলনৰ সময়ৰ পৰাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজি আৰু আদৰ্শৰ পুনৰ মূল্যায়ন আৰম্ভ হৈছিল।
তাৰপিছৰ পৰাই মনিষী শিল্পী দুগৰাকীৰ জন্ম আৰু মৃত্যু তিথি ৰজা আৰু প্ৰজাঘৰে অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰি আহিছে।
এনে প্ৰেক্ষাপটত ২০২৪ চনৰ ২০ জুন তাৰিখটোও ব্যতিক্ৰম নহয়। অসমৰ অৰঙে-দৰঙে, প্ৰতিটো প্ৰান্ততে কলাগুৰুগৰাকীক স্মৰণ কৰাৰ ব্যাপক আয়োজন চলিছে। শিল্পীগৰাকীৰ নামত বিভিন্ন স্তৰৰ গুণীজনক চৰকাৰী আৰু বেচৰকাৰীভাৱে বঁটা দিয়াৰ ব্যৱস্থা অসমৰ সংস্কৃতিৰ পথাৰখন অধিক বহল আৰু জীপাল কৰাৰ এক সুদূৰপ্ৰসাৰী পদক্ষেপ।
কিন্তু যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমত বৰকৈ চৰ্চিত হৈ থকা এটা বিষয়ে সচেতন মহলক আচৰিত কৰি তুলিছে। সামাজিক মাধ্যমৰ চৰ্চা অনুসৰি ৰাভাদেৱৰ তেজপুৰত অৱস্থিত বাসগৃহৰ জৰাজীৰ্ণ অৱস্থাই “বিষ্ণুৰাভা দিৱস” পালনৰ সাৰ্থকতাৰ ওপৰত পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তাই দেখা দিছে।
সামাজিক মাধ্যমত দৃশ্য-শ্ৰব্য ব্যৱস্থাৰ জৰিয়তে বহুলভাৱে প্ৰচাৰিত বিষ্ণুপ্ৰসাদ ৰাভাই নিৰ্মাণ কৰা তেজপুৰৰ বাসগৃহটোৰ বৰ্তমানৰ অতি দুখ লগা ছবিয়ে অন্য এক অধ্যায়ৰ সূচনা কৰাৰ লগতে এক ৰহস্যজনক স্থিতি দাঙি ধৰিছে।

যিটো বাসগৃহত ৰাভাদেৱে পৰিয়ালসহ বসবাস কৰি শিল্পী জীৱনৰ অমূল্য সম্পদ গীতমাত, কবিতা, প্ৰবন্ধ, নাটক আদি ৰচনা কৰিছিল সেই বাসগৃহটো আজি অনাদৃত আৰু পৰিত্যক্ত অৱস্থাৰ ছবি প্ৰত্যক্ষ কৰিলে প্ৰত্যেকজন অসমীয়াই নিশ্চয় চকুপানী মচিব।
কলাগুৰুৰ সমষ্ট সৃষ্টিৰাজিৰ সাক্ষী এই বাসগৃহটোৰ যি দুখ লগা ছবি সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে, সেয়া দেখিলে “বিষ্ণুৰাভা দিৱস” পতা জাতিটোৰ নৈতিক অধিকাৰ আছে নে নাই, সেয়া এক লাখটকীয়া প্ৰশ্ন।

প্ৰচাৰিত দৃশ্যসমূহত সেই ঐতিহাসিক বাসগৃহটোৰ কাষত কলাগুৰুৰ বিধায়ক পুত্ৰৰ কেইবামহলীয়া অট্টালিকা নিৰ্মাণৰ তথ্য উন্মূচিত হৈছে। অতি দুৰ্ভাগ্যৰ বিষয় যে, ৰাভাদেৱৰ সেই সপোনৰ বাসগৃহটো কিয় এনেধৰণে পৰিত্যক্ত অৱস্থাত থাকিব লগা হৈছে সেয়া এক অবুজ সাঁথৰ।

অতি আচাৰ্যজনক কথা অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি কোনো জাতীয় সংগঠনে বাসগৃহটোৰ এনে দুৰাৱস্থা সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। বিষয়টো অতি চিন্তনীয়। প্ৰতিস্থাপক সভাপতি হিচাপে অসমৰ নাট্য আন্দোলনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা অসম নাট্য সন্মিলনেও বৰ্তমান লৈ এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে নীৰৱ। ৰজাঘৰৰ নীৰৱতাও লক্ষণীয়।
“বিষ্ণুৰাভা দিৱস”ৰ উৎযাপনৰ সময়ত অসম সচেতন ৰাইজ, জাতীয় দল-সংগঠন আৰু অসম চৰকাৰে কলাগুৰুগৰাকীৰ এই ঐতিহ্যমণ্ডিত বাসস্থান পুনৰ নিৰ্মাণ কৰি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংকল্প গ্ৰহণ কৰিলে প্ৰকৃতাৰ্থত মৃত্যু দিৱসৰ দিনটোত ৰাভাদেউক শ্ৰদ্ধা জনোৱা হ’ব।

যুগান্ত বায়ন; ৮৮৭৬৪১৫০৮৯ (Mobile)
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)