• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা !

ASSAMESE SECTION / Assam / Justice

by Jagadish Bhuyan
November 26, 2025
in ASSAMESE SECTION, ASSAM, Justice
Reading Time: 4 mins read
0
তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা !
Share on FacebookShare on TwitterShare on LinkedIn

তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা !

Assam Movement 7

জগদীশ ভূঞা 

Jagadish Bhuyan 2
জগদীশ ভূঞা 

ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে পালে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ

মোৰ এখন যুঁজ সমাপ্ত হ’ল ।

এইখন যুঁজত আমি চাগে’ আংশিকভাৱে জয়ী হলো, কাৰণ ভাৰত চৰকাৰে ক্ষতিপূৰণ দি যুৱককেইজন নিৰ্দোষী বুলি স্বীকাৰ কৰিলে ৷ সেইটো আমাৰ জয় ৷ কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক শাস্তিৰ পৰা ৰেহাই দিলে, সেইবাবেই মই এই যুজঁৰ ফলাফলক আংশিক সফলতা বুলি কৈছো।
তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা

যি কি নহওক, অৱশেষত সুদীৰ্ঘ ৩০ বছৰৰ পিছত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে মই কৰি থকা দীঘলীয়া যুঁজখনৰ শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল ৷ আদালতৰ নিৰ্দেশ অনুসৰি দুৰ্ভগীয়া পৰিয়ালকেইটাৰ একাউন্টত ২০ লাখকৈ টকা জমা হ’ল ৷

মই বা আমি সফল হ’লো নে বিফল হ’লো নাজানো; কিন্তু আংশিক ন্যায় পালো।
নিজৰ কোনো স্বাৰ্থ নোহোৱাকৈ কাৰোবাৰ বাবে দীঘলীয়া সময় যুঁজি থকাৰ অন্তত যেতিয়া যুঁজ খনৰ এটা সন্তোষজনক সমাপ্তি হয়, হৃদয়ত অনাবিল আনন্দ পোৱা যায়।

RelatedPosts

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?

Magh Bihu: Where Assam Cooks Its Memory, Gratitude, and Togetherness

January 19, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026

৩০ বছৰ পূৰ্বে ৫ জন নিৰীহ যুৱকক সেনা বাহিনীয়ে ঘৰৰ পৰা উঠাই নি সেনা শিবিৰত নৃশংস নিৰ্যাতন চলাইছিল। যুৱককেইজনৰ বাবে মই মহামান্য উচ্চ ন্যায়ালয়ত বন্দী প্ৰতক্ষীকৰণৰ আবেদন কৰিছিলো ৷ মহামান্য উচ্চ ন্যায়ালয়ে যুৱক কেইজনক নিকটৱৰ্তী দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিবলৈ সেনাক নিৰ্দেশ দিলে ৷

কিন্তু ইতিমধ্যেই যুৱককেইজনক নৃশংস ভাৱে নিৰ্যাতন চলোৱা হৈছিল ৷ সেই নিৰ্যাতন ইমান ভয়ঙ্কৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল , কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল ৷ আন কোনোবাজনৰ জিভা কাটি দিছিল ৷ গতিকে যুৱক কেউজনক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিব পৰা অৱস্থাত নাছিল বাবেই সেই ৫ জন যুৱকক ডিব্ৰু-ছৈখোৱা ৰাষ্চ্ৰীয় উদ্যানৰ মাজলৈ নি গুলিয়াই হত্যা কৰি উগ্ৰপন্থীৰ লগত এনকাউণ্টাৰ বুলি সেনাই ঘোষণা কৰিলে।

সেয়া এক হৃদয়বিদাৰক ঘটনা।

মই পুনৰ আদালতত লেখ আবেদন দাখিল কৰিলো ৷ তাৰ পিছত দীঘলীয়া পৰিক্ৰমা ৷ CBI তদন্ত, উচ্চতম ন্যায়ালয়,সেনাৰ ক’ৰ্ট মাৰ্শ্বেল ৷ তাৰ পিছত সূদীৰ্ঘ ২৯ বছৰৰ পিছত ন্যায়ালয়ে দিলে ক্ষতিপূৰণৰ নিৰ্দেশ আৰু ৩০ বছৰৰ পিছত পৰিয়াল সমূহে পালে ২০ লাখ টকাকৈ ক্ষতিপূৰণ।

মোৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল ।

Assam Movement 13
Assam Movement 2
Assam Movement 3

এই যুঁজখনৰ ফলাফলত নি:স্ব আৰু অখ্যাত কেইজনমান সাধাৰণ ভাবে জীৱন নিৰ্বাহ কৰা চকীদাৰ, নাৱৰীয়া আদিৰ দৰে সাহসী ব্যক্তিৰ অপৰিসীম ত্যাগ জড়িত আছে আৰু নৈতিকভাৱে দায়িত্ব ল’ব লগা বহু ডাঙৰ আৰু বিখ্যাত নেতা এই যুঁজ খনৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল ৷ এই ৩০ বছৰত দায়িত্ব লব লগা সকলে মোক কেতিয়াও এবাৰো নুসুধিলে যে যুঁজখন কি পৰ্যায়ত আছে !
আদালতৰ ৰায়দানৰ পিছতো সেই সকলে মোক ফোন এটা কৰিও খবৰ ল’বলৈ বোধহয় আহৰি নাপালে।

যি কি নহওক, যিকোনো সামাজিক ন্যায়ৰ যুঁজত সাধাৰণ লোকসকলেই সকলো ত্যাগ স্বীকাৰ কৰে আৰু নিৰাপদ দূৰত্বত থকা সকলে সকলো সুফল ভোগ কৰে।

এই ৩০ বছৰীয়া যুঁজ খনত কি পালো বা কি হেৰুৱালো সেয়া বিচাৰৰ ভাৰ সময়ৰ হাতত দিলো ৷ কিন্তু এটা সফলতা নিশ্চিত ভাৱে হৈছে সেয়া হ’ল, ভবিষ্যতলৈ কোনো নিৰীহ ব্যক্তিক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায় ভাৱে আৰক্ষী বা নিৰাপত্তা বাহিনীয়ে হত্যা কৰে, ইতিহাসৰ পুনৰাবৃত্তি হ’ব, আৰু কোনোবা জগদীশ ভূঞাই ৩০ বছৰ যুঁজি হ’লেও দোষীক শাস্তি দিবলৈ সক্ষম হ’ব ।

Assam Movement 8
Assam Movement 1
Assam Movement 4
Assam Movement 6

এয়াই আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা ৷
পলম হ’লেও যুঁজি থাকিলে এদিন ন্যায় পোৱা যায়।
এই যুঁজখনত মোক সহায় কৰা প্ৰতিজনকে হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো ৷ যদিও সেই সকলৰ সৰহসংখ্যকৰেই মোৰ এই প’ষ্ট চাব পৰা ফোন নাই গতিকে সেইসকলে নাজানিব মই যে কৃতজ্ঞতা জনাইছো সেইবাবেই মই সেই সকলৰ ঘৰলৈ গৈ এদিন কৃতজ্ঞতা জনাম।

আনন্দ আৰু বেদনা সংমিশ্রিত হৃদয়ৰে ৩০ বছৰীয়া তেজেধোৱা বুৰঞ্জীৰ পৃষ্ঠাবোৰ আজৰি সময়ত মনত পেলাম। মোৰ জীৱন যাত্ৰাৰ সফলতা আৰু বিফলতাৰ ওখোৰা মোখোৰা পথত এই পৃষ্ঠা সমূহ সদায় সংপৃক্ত হৈ ৰ’ব।

পৰিশেষত,এই যুঁজৰ অন্যতম সেনাপতি সকল অধিবক্তা সৰ্বশ্রী অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰনাৱনন্দ পাঠক, কমলনয়ন চৌধুৰী আৰু পৰী বৰ্মন বাইদেউ,মৰোনোত্তৰ পৰীক্ষা কৰা ডা০মহন্ত, সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত পি কে গোস্বামী,সেই সময়ৰ ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া নিৰঞ্জন বৰুৱা, তালাপ আৰক্ষী চকীৰ সেইসময়ৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক গোস্বামী,এই সকলোকে আজি মই হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো।

আৰু এজনক কৃতজ্ঞতা নজনালে মোক পাপে চুব, সেইজন হ’ল সেই সময়ৰ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক প্ৰয়াত আৰ কে সিং আৰু কৃতজ্ঞতা জনাইছো ক’ৰ্ট মাৰ্শ্বেলৰ সময়ত অভিযোগকাৰীৰ পক্ষত ঠিয় দিয়া অধিবক্তা মেজৰ কৰণ সিং ।

ডুমডুমাৰ সংবাদকৰ্মী নিৰ্মল বৰা আৰু ডাঙৰীৰ ছাত্ৰ কৰ্মী পুহেশ্বৰ সোনোৱালে এই দিঘলীয়া সময়ত মোৰ পৰা মোকৰ্দমাৰ বিষয়ে প্ৰায়েই খবৰ কৰিছিল, তেওঁলোক দুজনকো ধন্যবাদ জনালো।

তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Jagadish Bhuyan

Jagadish Bhuyan

Related Posts

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন
ASSAMESE SECTION

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

by Manas Pratim Dutta
January 19, 2026
0

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন মানস প্ৰতিম দত্ত বিজ্ঞান শব্দৰ অর্থই হৈছে জ্ঞান। জ্ঞানৰ আলো সন্ধানী বাটত অন্বেষণ আৰু...

Read moreDetails
ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?

Magh Bihu: Where Assam Cooks Its Memory, Gratitude, and Togetherness

January 19, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

January 17, 2026
Congressman Fine Introduces Greenland Annexation and Statehood Act !

Congressman Fine Introduces Greenland Annexation and Statehood Act !

January 14, 2026
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

January 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?

Magh Bihu: Where Assam Cooks Its Memory, Gratitude, and Togetherness

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d