-ড০ ৰাস্না ৰাজখোৱা |
বর্তমান ত্ৰি-মাত্ৰিক (3-D) মেটেল প্ৰিণ্টাৰৰ সহায়ত খুব কম সময়তে সহজতে, কম খৰচত ডাঙৰ আৰু জটিল ধাতুৰ বস্তু বনাব পৰা যায়৷ ৷
খুব কম সময়তে, উৎপাদনকাৰীসকলে বিস্তৃত বস্তুশাৰী লোৱাৰ প্ৰয়োজন নহয়৷ তেওঁলোকে কেৱল এটা বস্তু প্ৰিণ্ট কৰিব পাৰে, যেনে পূৰণা গাড়ীখনৰ কোনোবা এটা অংশ কাৰোবাক যেতিয়া প্ৰয়োজন হয়৷ অন্য সময়বোৰত, গ্ৰাহকক লগা ধৰণে বিভিন্ন ধাতুৰ বস্তুবোৰ বনোৱা হয়৷
মেটেল প্ৰিণ্টাৰৰ সহায়ত পাতল, শক্তিশালী আৰু জটিল আকাৰৰ ধাতুৰ বস্তু বনাব পাৰি, যিবোৰ প্ৰচলিত পদ্ধতিৰে নিমার্ণ কৰাটো সম্ভৱ নহয়৷ এই প্ৰযুক্তিৰ সহায়ত ধাতুৰ আণুবীক্ষণিক গঠন নিখুতভাবে নিয়ন্ত্ৰণ কৰিব পাৰি৷ ২০১৭ চনত, লৰেন্স লাইভমোৰ নেচনেল লেবৰেটৰীৰ গৱেষকসকলে ঘোষণা কৰে যে সাধাৰণতে মানুহে বনোৱাতকৈ দুগুণ শক্তিশালীকৈ ষ্টেইনলেচ ষ্টীলৰ অংশ নিমার্ণ কৰিব পৰা ত্ৰি-মাত্ৰিক প্ৰিন্টিং পদ্ধতি তেওঁলোকে উদ্ভাৱন কৰিছে৷ ২০১৭ চনতে ত্ৰি-মাত্ৰিক প্ৰিন্টিং কম্পেনী মার্কফর্জে (Markfoged) প্ৰথমবাৰৰ কাৰণে ব’ষ্টন চহৰৰ বাহিৰত কমকৈ প্ৰিন্টিংৰ কাম আৰম্ভ কৰে৷
বষ্টনত অন্য এটা ডেক্সটপ ধাতু প্ৰিণ্টাৰৰ সহায়ত ২০১৭ চনৰ ডিচেম্বৰত বৃহৎ স্কেলত প্ৰথম ধাতু প্ৰিন্টিং আৰম্ভ কৰে৷ ধাতুৰ অংশবোৰ প্ৰিন্টিং কৰাটো সহজলভ্য হৈ পৰিল৷ পৰিকল্পনা কৰা হয় বেছিকৈ প্ৰিন্টিং মেচিন বিক্ৰি কৰিবলৈ৷ পূৰণা প্ৰিণ্টিং পদ্ধতিতকৈ ১০০ গুণ দ্ৰুত ত্ৰি-মাত্ৰিক ধাতু প্ৰিণ্টাৰ উৎপাদনৰ কাৰণে ডিজাইন কৰা হয়৷ বর্তমান ডেক্সটপ ধাতু প্ৰিণ্টাৰৰ চফটৱেৰৰ সহায়ত কম্পিউটাৰ প্ৰতিদর্শ প্ৰস্তুত কৰি বস্তু প্ৰিন্ট কৰিবলৈ ডিজাইন প্ৰস্তুত কৰি ল’ব পাৰি৷
দহ বছৰৰ আগতে প্লাষ্টিকৰ বাহিৰে প্ৰিণ্টাৰৰ সহায়ত বেলেগ বস্তু, বিশেষকৈ ধাতু ছপা কৰাতো খুব লেহেম, কষ্টদায়ক, আৰু খৰচী আছিল৷ বর্তমান প্ৰিণ্টাৰৰে দ্ৰুত গতিত কম খৰচত ধাতুৰ যিকোনো বস্তু ছপা কৰিব পাৰি৷ যদি বহলভাবে ইয়াক ব্যৱহাৰ কৰা হয় তেন্তে ই বহুত বস্তু যথেষ্ঠ পৰিমাণে উৎপাদন কৰিব পাৰিব৷
জি ই (GE), যিয়ে ত্ৰি-মাত্ৰিক প্ৰিন্টিং বস্তু বিমানত ব্যৱহাৰ কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছিল, তেওঁলোকে ডাঙৰ ডাঙৰ পার্টচ দ্ৰুত গতিত তৈয়াৰ কৰিব পৰা এটা নতুন মেটেল প্ৰিন্টাৰ উদ্ভাৱন কৰি নিৰীক্ষণ কৰে৷ কম্পেনীটোৱে এই প্ৰিণ্টাৰসমূহ ২০১৮ চনৰ শেষ ভাগৰ পৰাই বিক্ৰী কৰিবলৈ আৰম্ভ কৰাৰ কথা৷