-ৰাজীৱ চৌধুৰী |
অসমৰ থলুৱা মূলৰ লোকে অধিকাৰৰ বাবে সংগ্ৰাম কৰি ন্যায্য প্ৰাপ্তি আদায় কৰিবলৈ ওলালেই বাংলাদেশী মূলৰ এচাম লোকে সংঘাত সৃষ্টি কৰিব উদ্যত হৈ ষড়যন্ত্ৰ ৰচনা কৰে ৷ জনগোষ্ঠীয় লোকৰ অধিকাৰ, প্ৰাপ্যক জলাঞ্জলি দি একমাত্ৰ ভোটবেংকৰ স্বাৰ্থত ধৰ্মীয় পৰিচয়েৰে অসমত অনুপ্ৰৱেশ কৰা লোকক চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ফলত বহু ক্ষেত্ৰত নিজৰ স্বকীয়তাক বিসৰ্জন দিব লগা হৈছে জনগোষ্ঠীয় লোকে। হতাশ আৰু ক্ষোভৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হৈছে। জনগোষ্ঠীয় লোকৰ মৰ্মবেদনা উপলব্ধি কৰি তেওঁলোকক অধিকাৰ, প্ৰাপ্য, ন্যায্য দিবলৈ কোনোবা চৰকাৰে কিবা পদক্ষেপ লব খুজিলেও সেই ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় হৈ আহিছে অনুপ্ৰৱেশকাৰীসকল। সিদিনা বড়ো সহোদৰসকলে দিল্লীত উপস্থিত হৈ শান্তি চুক্তি কৰিব যোৱাৰ সময়তো এনেকুৱা এক পৰিবেশ আৰম্ভ কৰি সংঘাত সৃষ্টি কৰিবলৈ উদ্যত হৈছিল এইসকল থলুৱা বিৰোধী, বিচ্ছিন্নতাবাদী, বিভেদকামী, বিকৃতিকাৰী, বিজতৰীয়া লোকে৷ এইসকল লোকে ম্যানমাৰৰ ৰোহীংগীয়াক অসমত সংস্থাপন কৰিব খুজি বিধানসভাৰ ভিতৰত আত্মদাহ কৰিব খোজাৰ কথা আমি পাহৰা নাই৷ স্বাধীনতাৰ পিছৰ পৰাই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সৰ্বদিশতে লাঞ্ছিত, বঞ্চিত, শোষিত, অবহেলিত অসমৰ বায়ু, পানী, মাটিৰে একাকাৰ হোৱা গৰিয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠীয় জলহা আদি লোকসকলৰ ক্ষেত্ৰতো ব্যতিক্ৰম হোৱা নাই। তুলনামূলক ভাৱে অইন জনগোষ্ঠীৰ লোকতকৈ অধিক লাঞ্ছনা, বঞ্চনা, অবহেলাৰ বলি হৈ আহিছে এইসকল লোক। স্বাধীনতাৰ ৭২ বছৰ পিছত বৰ্তমানৰ চৰকাৰখনে এই সমুহ জনগোষ্ঠীৰ লোকসকলক চিনাক্ত কৰি ন্যায্য প্ৰাপ্তিৰ দাবীৰ প্ৰতি সহাৰি জনাই লোকপিয়ল কৰিবলৈ পৰামৰ্শ বিচাৰি চৰকাৰে আলোচনা সভা আহ্বান কৰিবলৈ মন মেলিছে। কিন্তু অতি পৰিতাপৰ কথা যে এই কাৰ্যৰো পূৰ্ব বংগীয়মুলৰ একে ধৰ্মীয় লোকে বিৰোধ কৰা দেখা গৈছে। এই ক্ষেত্ৰত বিৰোধ কৰাসকলোক প্ৰতিজন অসমীয়াই গতিয়াই গতিয়াই কাটা তাৰৰ বেৰ পাৰ কৰি থৈ আহিব লাগে বুলি স্পষ্টভাৱে ক্ষোভেৰে কব বিচাৰো। কিয়নো এইসকল লোকৰ ধমনিত অসম, অসমীয়া জাতি আৰু থলুৱা জনগোষ্ঠীবিৰোধী মনোভাৱ আৰু কাৰ্যকলাপ বিৰাজমান হৈ থকা সততে দেখা যায়।
অসমৰ ঐতিহ্য, সংস্কৃতিক আকোৱালি ল’ব নোৱাৰা এইসকল লোকে পৃথিৱী বিৰল ৬২০ বছৰ ৰাজত্ব কৰা গৌৰৱামণ্ডিত আহোম জনগোষ্ঠীক উপলুঙা কৰি বিদেশী বুলি উপস্থাপন কৰিবলৈ চেষ্টা কৰা ধৃষ্টতা সহ্য কৰিব পাৰি জানো! অধিক জনসংখ্যা বৃদ্ধিৰ বলত বলীয়া নিলাজ আমিনুল ইছলাম নামৰ বিধায়ক এজনে গৰিয়া, মৰিয়া, দেশীসকলৰ সুকীয়া লোকপিয়লৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অসমত অশান্ত পৰিবেশ সৃষ্টি কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাবে বিভেদৰ বীজ সিচিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে। এইসকল লোকে অসমৰ সত্ৰ কেইখনৰ ভূমি বেদখলৰ লগতে ধৰ্ষণ, চুৰি, ডকাইতি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি সংবাদ মাধ্যমৰ শিৰোনামত আগস্থান দখল কৰাৰ উপৰিও অসমৰ খিলঞ্জীয়া, থলুৱা জনগোষ্ঠীক চৰকাৰে কিবা সুবিধা দিলেই সংঘাত সৃষ্টি কৰিবলৈ উদ্যত হয়৷
অসমৰ ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি ন্যায্য প্ৰাপ্তিৰ অধিকাৰৰ দাবীৰে সুকীয়া লোকপিয়ল অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে৷ ৰাজপথৰ দীৰ্ঘ সংগ্ৰামৰ অন্তত চৰকাৰে সহাৰি দিয়ে আৰু যোৱা ১১ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ আহ্বানত অসমৰ খিলঞ্জীয়া ইছলামধৰ্মীৰ দল-সংগঠনৰ সৈতে জনতা ভৱনত এক বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত কেনেদৰে সুকীয়া লোকপিয়ল কৰা হব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰে পৰামৰ্শ গ্ৰহণ কৰে৷ ইয়াৰ লগে লগে একাংশ থলুৱা, খিলঞ্জীয়া বিৰোধী দল-সংগঠন আৰু ব্যক্তিবিশেষে বিৰূপ মন্তব্য প্ৰতিক্ৰিয়াৰে বিভ্ৰান্তি সৃষ্টি কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ উদ্যত হৈ পৰিছে ৷ অসমৰ ভাষা, সংস্কৃতি, পৰম্পৰাৰ সৈতে কোনো সম্পৰ্ক, জ্ঞান নথকা বিচ্ছিন্নতাবাদী বিভেদকামী বিকৃতকাৰীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লৈ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনালো। অসমৰ মাটি বায়ু পানী আদি সকলো কলুষিত কৰি বিষবাষ্প বিয়পোৱাৰ আগতেই চৰকাৰে বিহিত ব্যৱস্থা লব বুলি আমি আশাবাদী।