থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়
মানস প্রতিম দত্ত

মৎস্য সম্পদৰ ক্ষেত্রত অসম অতিকে চহকী। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে মাছৰ সংগতি দেখা পোৱা যায়। যেনে- মাছখোৱা, শিঙিমাৰী, শলমৰা, শালমাৰী, খলিহামাৰী আদি।
আমাৰ দেশত থলুৱা প্ৰজাতিৰ মাছবোৰৰ চাহিদা আন মাছৰ তুলনাত যথেষ্ট বেছি। আমি সৰুতে ককা-আইতা বা পৰিয়ালৰ জ্যেষ্ঠ জনে কোৱা বহুতো মাছৰ নাম শুনাৰ বাদে সেই মাছ কেনেকুৱা আছিল সেয়া পৰ্যৱেক্ষণ কৰাটো আমাৰ বাবে অসম্ভৱপ্ৰায় হৈ পৰিছে। অথচ কিছু বছৰৰ আগলৈকে অসম আছিলে মাছৰ উভৈনদীস্বৰূপ। ককা-আইতাহঁতে দেখা এই মাছবোৰ তেনেহ’লে ক’লৈ গ’ল বাৰু?

আচলতে আমি খাদ্য সম্পদৰ সুৰক্ষাৰ ক্ষেত্রত প্রায় কাণসাৰ নিদো। আমাৰ চিন্তা-চেতনাত এই যে খাদ্যসম্পদ, মাছ আদি সংৰক্ষণ কৰাৰ প্রয়োজন আছে সেই কথা বুজিব পৰাকৈ বোধশক্তিৰ যেন অভাৱ ঘটিছে। যিদৰে উৎকট গৰমত আজি গছ-গছনিৰ প্রয়োজনীয়তা অণুভৱ কৰিছোঁ, ঠিক এনেকৈয়ে এদিন মহৰ প্রকোপ বৃদ্ধি পালে, বিভিন্ন বেমাৰ-আজাৰে ভয়ংকৰ ৰূপ ল’লেহে হয়তো মাছৰ গুৰুত্বৰ কথা উপলব্ধি কৰিব পাৰিম।
চ’ত মাহৰ মাজৰ পৰা আহাৰ মাহৰ মাজৰ সময়ছোৱাত মাছে পোৱালি জগোৱা কাম সম্পন্ন কৰে। এই সময়ছোৱাত বৰষুণৱ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাছে কণী পাৰিবলৈ উপযুক্ত পৰিৱেশ লাভ কৰে। কিছুমান মাছৰ কণীবোৰ পানীত ওপঙি থকাৰ পৰিৱর্তে কিছুমান মাছৰ কণীবোৰ পানীৰ তলৰ জলজ উদ্ভিদৰ দেহত লাগি থাকে। এজনী মাছে পাঁচৰ পৰা বিছ হাজাৰ পর্যন্ত কণী পাৰে।
কণীবোৰৰ পৰা ইহঁতৰ পোৱালি জগে, যাক আমি পোনামাছ বুলি কওঁ। এই পোনামাছবোৰো বহুত মানুহে ধৰি ধৰি খায় ফলত মাছৰ পোৱালী অণুপাতে ডাঙৰ হোৱা মাছৰ সংখ্যা কম হয়। আপোনালোকে ভাবি চাওকচোন, এই সময়ছোৱাত কণী লগা মাছ খোৱা মানে আমি কিমান ডাঙৰ অপৰাধ কৰা। মাকৰ লগতে পোৱালি হ’ব পৰা মাছবোৰ খায় আমি মাক আৰু সম্ভাৱ্য পোৱালিক হত্যা কৰা নাইনে?
কেনেবাকৈ যদিহে কণীবোৰ ৰক্ষা পৰে তাতো আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে পোনাবোৰ খাই আমি কিমান ভয়াৱহ কাম কৰি আছো নিজেই কল্পনা কৰিব পৰা নাই। আহাৰ মাহৰ শেষৰ ফালে প্ৰাকৃতিক জলাশয়, খাল বিল, জান আদিত থলুৱা প্ৰজাতিৰ মাছবোৰেৰে উপচি পৰিছিল যদিও জলাশয় পুতি পুতি খেতি মাটিৰ পৰিসৰ বৃদ্ধি কৰাৰ ফলত বহুতো জলাশয় আজি খেতিপথাৰলৈ পৰিৱর্তিত হৈছে। ফলত মাছৰ প্রাকৃতিক আবাসভূমিও সাংঘাটিককৈ কমি আহিছে।
নদীক কেন্দ্র কৰিয়েই আমাৰ লোক-পৰম্পৰা, সংস্কৃতি, সভ্যতা আদিয়ে ঠন ধৰি উঠিছে। অথচ নদীৰ আপুৰুগীয়া সম্পদ মাছবোৰৰ সংৰক্ষণৰ ক্ষেত্রত বিজ্ঞানভিত্তিক সজাগতাৰ অভাৱ স্পষ্টকৈ দেখা পোৱা যায়। ইয়াৰ উপৰিও অসমৰ মীন পালকসকলে বিদেশী মাছ পালনত যিদৰে গুৰুত্ব দিয়ে ঠিক একেদৰে থলুৱা মাছত কম গুৰুত্ব দিয়া দেখা যায়।
অথচ বিদেশী মাছৰ তুলনাত থলুৱা মাছবোৰ অধিক সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ চাহিদাও বেছি হয়। অসমৰ থলুৱা মাছবোৰৰ সংৰক্ষণৰ বাবে আইনেও বহুকেইটা নীতি-নিয়ম বান্ধি দিছে। থলুৱা মাছ সংৰক্ষণৰ বাবে অসম মীন নীতি (১৯৫৩)ত বহুকেইটা কঠোৰ নীতি-নিয়ম বান্ধি দিয়া হৈছে। ইয়াৰ উপৰিও অসম মীন পোনা নীতি (২০০৫)তো থলুৱা মাছৰ পোনা ধৰা আৰু ভক্ষণ কৰাৰ পৰা আঁতৰি থাকিবলৈ কিছু কঠোৰ নীতি-নির্দেশনা জাৰি কৰিছে।
আইনগত ইমানবোৰ কঠোৰ নীতি-নিয়ম থকাৰ পাছতো মাছ ধৰাৰ বাবে নিষিদ্ধ ঘোষণা কৰা সময়ছোৱাত মাছ, পোনা ধৰিয়েই থকা দেখা যায়।

আনকি মুকলি বজাৰতো সহজলভ্য হৈ থকা দেখা যায়। আনকি বহু নামী-দামী চেলেব্রিটিয়েও সামাজিক মাধ্যমত থলুৱা মাছ ধৰি, পোনা ধৰি ফটো আপলোড কৰা দেখা যায়। এয়াও সজাগতা আৰু আইনৰ প্রতি দায়িত্বহীনতাৰে প্রকাশ নহয়নে?
আচলতে, আমি কামতকৈ কথা কৈ, আনক উপদেশ দি বেছি ভালপোৱাটো এক অভ্যাসত পৰিণত কৰি পেলাইছোঁ। এই অভ্যাস সলনি কৰি কথাক কামলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল’বই লাগিব। মাছমৰীয়াসকলৰ সৈতে, স্থানীয় নৈপৰীয়া জনগণৰ সৈতে, মৎস্য ব্যৱসায়ীৰ সৈতে মীন বিভাগে সজাগতা সভা আয়োজন কৰা তেনেকৈ প্ৰায়ে দেখা নাযায়।

অসমৰ মৎস্য পালকসকলেও মাছৰ সুৰক্ষাৰ প্রতি দায়বদ্ধ হ’ব লাগিব। যি প্রাণীয়ে তেওঁলোকক ভোকৰ ভাতমুঠি যোগান ধৰিছে সেই জীৱৰ সংৰক্ষণ কৰিবলৈ তেওঁলোকক উদ্বুদ্ধ কৰিব লাগিব।
এই ক্ষেত্রত বন বিভাগ, মীন বিভাগৰ ভূমিকা গুৰুত্বপূর্ণ। সমান্তৰালভাৱে মাছমৰীয়াসকলৰ জীৱিকা তথা উপাৰ্জনৰ কথাও ভাবিব লাগিব। তাৰ বাবে মীন বিভাগে উদ্যোগ লৈ স্থায়ী কার্যপন্থা গ্রহণ কৰাতো অতিকে প্রয়োজনীয়। এইক্ষেত্রত মৎস্যজীৱিসকলৰ বাবে বিকল্প উপার্জন ব্যৱস্থাপনা কৰিব লাগিব।

মাছ সংৰক্ষণৰ ক্ষেত্রত গুৰি ধৰা কামটো আৰম্ভ কৰিব লাগিব আমি আমাৰ ঘৰৰ পৰাই। এই ক্ষেত্রত যুৱক সংঘ, শিক্ষক, শিক্ষার্থী আৰু নৱ-প্রজন্মই উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰে।
স্থানীয় যুৱক সংঘৰ বিষয়-ববীয়াসকলে লগ হৈ নিজা নিজা গাঁৱত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ উপৰিও বাটৰ নাট, গীত-মাত আদিৰে মাছৰ গুৰুত্ব সম্পর্কে সজাগ কৰিব পাৰে। ব্যৱসায়ীসকলকো এনে সজাগতা সভা সমূহত লগত ল’ব লাগে। আইনী দিশসমূহ বুজাবলৈ মীন বিভাগৰ বিষয়াসকলকো এনে সভাত আমন্ত্রণ জনাব লাগে।

শিক্ষক সকলেও বিদ্যালয়ত নিজা শিক্ষার্থীসকলক যদি সজাগত কৰে তেন্তে আমাৰ ৰাজ্যত সহজে এটা সজাগ প্রজন্ম গঢ় লৈ উঠিব পাৰে।
আমি যেতিয়া, মাছৰ সংৰক্ষণ সম্পর্কীয় সজাগতাসভা সমূহত অংশগ্রহণ কৰোঁ, তেতিয়া আমি দুটিমান কথা কওঁ। সেই কথা কেইটা আপোনালোকেও কনিষ্ঠ সকলক ক’ব পাৰে। আমি কণমানি শিক্ষার্থীসকলক দৃশ্য-শ্রাব্যৰ যোগেদি বিষয়টো বুজোৱাৰ পাছত কওঁ- তোমালোকেই এই প্রকৃতিৰ একো একোজন নিপুন খনিকৰ।
তোমালোকে এপ্রিলৰ পৰা জুলাইলৈ আমি থলুৱা মাছ কিয় ধৰিব নালাগে, পোনামাছ কিয় ধৰিব নালাগে সেই সম্পর্কে গম পালাই যেতিয়া আজিৰে পৰা ঘৰত গৈ ক’বাগৈ যে, এই সময়ছোৱাত তোমালোকে লোকেল মাছ নোখোৱা।

মা-দেউতাক যেতিয়া তোমালোকে নাখাওঁ বুলি ক’বা বা যেতিয়া মা-দেউতাই কেনেবাকৈ আনিলেও এই সময়খিনিত তোমালোকে নাখাওঁ বুলিবা তেতিয়া মা-দেউতায়ো তোমালোকৰ কথাবোৰ বুজি উঠিব। তেহে তোমালোক নতুন দিনৰ নতুন ডেকা-গাভৰু হৈ উজ্বলি উঠিবা।
এবাৰৰ কথা। আমি এখন বিদ্যালয়ৰ পৰিৱেশ বিষয়ক অনুষ্ঠান এটাত মাছৰ গুৰুত্ব সম্পর্কে এই কথাখিনিয়ে কৈআহিছিলোঁ। ইয়াৰ দুদিনৰ পাছত চিনাকিসূত্রে এগৰাকী অভিভাৱকৰ আমালৈ ফোন আহিল। তেওঁ সুধিলে- আপুনি মাছৰ কথা কিবা কৈছিল বোলে। আমাৰ ছোৱালীয়ে দেখোন জুলাইলৈকে মাছ নাখাওঁ বুলি জেদ ধৰিছে।
মই কথাখিনি বুজাই কোৱাত তেখেতে সহজে বুজি পালে আৰু আনকো এই বিষয়ে জনোৱাৰ দায়িত্ব ল’লে। আমি মনত ৰখা ভাল যে, উপদেশতকৈ আর্হি ভাল। গতিকে আমি ব্যক্তিগতভাৱেও মাছ সংৰক্ষণৰ উদ্যোগ ল’ব পাৰোঁ। আমি যদি নিজেই এইকেইটা মাহত মাছ নোখোৱাৰ সংকল্প ল’ব পাৰোঁ আৰু ইয়াক আমাৰ নৈতিক দায়িত্ব বুলি মূৰ পাতি ল’ব পাৰোঁ তেন্তে নিশ্চিতভাৱে সেয়াও মাছ সংৰক্ষণৰ ক্ষেত্রত এক সঠিক খোজ হ’ব বুলি ক’ব পাৰোঁ।

কেৱল পোৱালি হোৱালৈকে নহয়, বৰঞ্চ পোৱালি জগাৰ পাছতো মীন আইনে বহুকেইটা নিষেধাজ্ঞা জাৰি কৰিছে। সেইবোৰৰ ভিতৰত যাতে সৰু পোৱালিবোৰ পূৰঠ হোৱাৰ পূর্বে ধৰা নহয় তাৰ বাবেআগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈ মাছ ধৰা সা-সঁজুলিৰ ক্ষেত্রত কিছু নিষেধাজ্ঞা জাৰি কৰা হয়। সেই অনুসৰি, এই সময়ছোৱাত সৰু বিন্ধাযুক্ত জাল ব্যৱহাৰ কৰাটো এক অপৰাধ।

মাছ সংৰক্ষণৰ বাবে ইয়াৰ আবাসভূমি সংৰক্ষণ কৰাটো খুবেই প্রয়োজন। ইয়াৰ মূল দায়িতধ্ব মৎস্যজীৱি সকলেই ল’ব লাগিব। তেওঁলোকে মীনবিভাগৰ সৈতে একত্রিত হৈ থলুৱা মাছ পোৱা বিল জলাশয়সমূহ চিনাক্ত কৰাৰ লগতে সেই স্থানসমূহ সংৰক্ষণ কৰাৰ উদ্যোগ ল’ব লাগিব।
মাছ আৰু আবাসভূমিৰ মাজৰ ভাৰসম্যতা যাতে ক্ষতিগ্রস্ত নহয় তাৰ প্রতি চকু দিব লাগিব। নদী, বিল, জলাশয়সমূহত অলাগতিয়াল পদার্থ পেলাই যাতে নদী প্রদূষিত নহয় তাৰ প্রতিও গুৰুত্ব দিব লাগিব।

আমি নিজা চিন্তা আৰু দৰ্শনেৰে প্ৰকৃতি অনুকূল কাৰ্য-কলাপৰ জৰিয়তে মাছৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সেৱাৰ হাত আগবঢ়োৱা উচিত। আনলৈ দোষ ঠেলি দি, হঠাৎ পেট্রিয়টৰ দৰে প্ৰকৃতিক ভালপাওঁ বুলি কৃত্রিমভাৱে দেখুওৱাতকৈ হাতে কামে ইয়াৰ পুনৰুদ্ধাৰৰ বাবে আগবাঢ়ি আহিবই লাগিব।

এয়া কেৱল সেৱাৰ কথা নহয়, এয়া আমাৰ দায়িত্বও। এই দায়িত্ববোধৰ বিষয়ে তাহানিতে মহাত্মা গান্ধীয়ে কৈ গৈছে যে, প্রকৃতিয়ে মানুহৰ প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সকলো দিছে। মানুহে তাতে সুখী নহয় অধিক লোভী হৈ প্রকৃতিক কষ্ট দিলে প্রকৃতিয়েই নহয় মানুহেও দুর্যোগ ভোগ কৰিব লাগিব।
অতি সম্প্রতি গান্ধীজীয়ে কোৱা কথাষাৰ আখৰে আখৰে ফলিয়াইছে। আহক মাছ সুৰক্ষা যাত্রাৰ আমিও সেৱক হওঁ।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)