• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়

মানস প্রতিম দত্ত

by Manas Pratim Dutta
July 8, 2024
in Nature, Environment, food, Special Report
Reading Time: 4 mins read
0
থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়
Share on FacebookShare on TwitterShare on LinkedIn

থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়

মানস প্রতিম দত্ত

Manas Pratim Dutta
মানস প্রতিম দত্ত

মৎস্য সম্পদৰ ক্ষেত্রত অসম অতিকে চহকী। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে মাছৰ সংগতি দেখা পোৱা যায়। যেনে- মাছখোৱা, শিঙিমাৰী, শলমৰা, শালমাৰী, খলিহামাৰী আদি।

আমাৰ দেশত থলুৱা প্ৰজাতিৰ মাছবোৰৰ চাহিদা আন মাছৰ তুলনাত যথেষ্ট বেছি। আমি সৰুতে ককা-আইতা বা পৰিয়ালৰ জ্যেষ্ঠ জনে কোৱা বহুতো মাছৰ নাম শুনাৰ বাদে সেই মাছ কেনেকুৱা আছিল সেয়া পৰ্যৱেক্ষণ কৰাটো আমাৰ বাবে অসম্ভৱপ্ৰায় হৈ পৰিছে। অথচ কিছু বছৰৰ আগলৈকে অসম আছিলে মাছৰ উভৈনদীস্বৰূপ। ককা-আইতাহঁতে দেখা এই মাছবোৰ তেনেহ’লে ক’লৈ গ’ল বাৰু?
থলুৱা মাছৰ সংৰক্ষণ

আচলতে আমি খাদ্য সম্পদৰ সুৰক্ষাৰ ক্ষেত্রত প্রায় কাণসাৰ নিদো। আমাৰ চিন্তা-চেতনাত এই যে খাদ্যসম্পদ, মাছ আদি সংৰক্ষণ কৰাৰ প্রয়োজন আছে সেই কথা বুজিব পৰাকৈ বোধশক্তিৰ যেন অভাৱ ঘটিছে। যিদৰে উৎকট গৰমত আজি গছ-গছনিৰ প্রয়োজনীয়তা অণুভৱ কৰিছোঁ, ঠিক এনেকৈয়ে এদিন মহৰ প্রকোপ বৃদ্ধি পালে, বিভিন্ন বেমাৰ-আজাৰে ভয়ংকৰ ৰূপ ল’লেহে হয়তো মাছৰ গুৰুত্বৰ কথা উপলব্ধি কৰিব পাৰিম।

চ’ত মাহৰ মাজৰ পৰা আহাৰ মাহৰ মাজৰ সময়ছোৱাত মাছে পোৱালি জগোৱা কাম সম্পন্ন কৰে। এই সময়ছোৱাত বৰষুণৱ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাছে কণী পাৰিবলৈ উপযুক্ত পৰিৱেশ লাভ কৰে। কিছুমান মাছৰ কণীবোৰ পানীত ওপঙি থকাৰ পৰিৱর্তে কিছুমান মাছৰ কণীবোৰ পানীৰ তলৰ জলজ উদ্ভিদৰ দেহত লাগি থাকে। এজনী মাছে পাঁচৰ পৰা বিছ হাজাৰ পর্যন্ত কণী পাৰে।

কণীবোৰৰ পৰা ইহঁতৰ পোৱালি জগে, যাক আমি পোনামাছ বুলি কওঁ। এই পোনামাছবোৰো বহুত মানুহে ধৰি ধৰি খায় ফলত মাছৰ পোৱালী অণুপাতে ডাঙৰ হোৱা মাছৰ সংখ্যা কম হয়। আপোনালোকে ভাবি চাওকচোন, এই সময়ছোৱাত কণী লগা মাছ খোৱা মানে আমি কিমান ডাঙৰ অপৰাধ কৰা। মাকৰ লগতে পোৱালি হ’ব পৰা মাছবোৰ খায় আমি মাক আৰু সম্ভাৱ্য পোৱালিক হত্যা কৰা নাইনে?

কেনেবাকৈ যদিহে কণীবোৰ ৰক্ষা পৰে তাতো আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে পোনাবোৰ খাই আমি কিমান ভয়াৱহ কাম কৰি আছো নিজেই কল্পনা কৰিব পৰা নাই। আহাৰ মাহৰ শেষৰ ফালে প্ৰাকৃতিক জলাশয়, খাল বিল, জান আদিত থলুৱা প্ৰজাতিৰ মাছবোৰেৰে উপচি পৰিছিল যদিও জলাশয় পুতি পুতি খেতি মাটিৰ পৰিসৰ বৃদ্ধি কৰাৰ ফলত বহুতো জলাশয় আজি খেতিপথাৰলৈ পৰিৱর্তিত হৈছে। ফলত মাছৰ প্রাকৃতিক আবাসভূমিও সাংঘাটিককৈ কমি আহিছে।

নদীক কেন্দ্র কৰিয়েই আমাৰ লোক-পৰম্পৰা, সংস্কৃতি, সভ্যতা আদিয়ে ঠন ধৰি উঠিছে। অথচ নদীৰ আপুৰুগীয়া সম্পদ মাছবোৰৰ সংৰক্ষণৰ ক্ষেত্রত বিজ্ঞানভিত্তিক সজাগতাৰ অভাৱ স্পষ্টকৈ দেখা পোৱা যায়। ইয়াৰ উপৰিও অসমৰ মীন পালকসকলে বিদেশী মাছ পালনত যিদৰে গুৰুত্ব দিয়ে ঠিক একেদৰে থলুৱা মাছত কম গুৰুত্ব দিয়া দেখা যায়।

অথচ বিদেশী মাছৰ তুলনাত থলুৱা মাছবোৰ অধিক সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ চাহিদাও বেছি হয়। অসমৰ থলুৱা মাছবোৰৰ সংৰক্ষণৰ বাবে আইনেও বহুকেইটা নীতি-নিয়ম বান্ধি দিছে। থলুৱা মাছ সংৰক্ষণৰ বাবে অসম মীন নীতি (১৯৫৩)ত বহুকেইটা কঠোৰ নীতি-নিয়ম বান্ধি দিয়া হৈছে। ইয়াৰ উপৰিও অসম মীন পোনা নীতি (২০০৫)তো থলুৱা মাছৰ পোনা ধৰা আৰু ভক্ষণ কৰাৰ পৰা আঁতৰি থাকিবলৈ কিছু কঠোৰ নীতি-নির্দেশনা জাৰি কৰিছে।

আইনগত ইমানবোৰ কঠোৰ নীতি-নিয়ম থকাৰ পাছতো মাছ ধৰাৰ বাবে নিষিদ্ধ ঘোষণা কৰা সময়ছোৱাত মাছ, পোনা ধৰিয়েই থকা দেখা যায়।

থলুৱা মাছৰ সংৰক্ষণ
Image: Powershift

আনকি মুকলি বজাৰতো সহজলভ্য হৈ থকা দেখা যায়। আনকি বহু নামী-দামী চেলেব্রিটিয়েও সামাজিক মাধ্যমত থলুৱা মাছ ধৰি, পোনা ধৰি ফটো আপলোড কৰা দেখা যায়। এয়াও সজাগতা আৰু আইনৰ প্রতি দায়িত্বহীনতাৰে প্রকাশ নহয়নে?

আচলতে, আমি কামতকৈ কথা কৈ, আনক উপদেশ দি বেছি ভালপোৱাটো এক অভ্যাসত পৰিণত কৰি পেলাইছোঁ। এই অভ্যাস সলনি কৰি কথাক কামলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল’বই লাগিব। মাছমৰীয়াসকলৰ সৈতে, স্থানীয় নৈপৰীয়া জনগণৰ সৈতে, মৎস্য ব্যৱসায়ীৰ সৈতে মীন বিভাগে সজাগতা সভা আয়োজন কৰা তেনেকৈ প্ৰায়ে দেখা নাযায়।

থলুৱা মাছৰ সংৰক্ষণ
Image: Powershift

অসমৰ মৎস্য পালকসকলেও মাছৰ সুৰক্ষাৰ প্রতি দায়বদ্ধ হ’ব লাগিব। যি প্রাণীয়ে তেওঁলোকক ভোকৰ ভাতমুঠি যোগান ধৰিছে সেই জীৱৰ সংৰক্ষণ কৰিবলৈ তেওঁলোকক উদ্বুদ্ধ কৰিব লাগিব।

এই ক্ষেত্রত বন বিভাগ, মীন বিভাগৰ ভূমিকা গুৰুত্বপূর্ণ। সমান্তৰালভাৱে মাছমৰীয়াসকলৰ জীৱিকা তথা উপাৰ্জনৰ কথাও ভাবিব লাগিব। তাৰ বাবে মীন বিভাগে উদ্যোগ লৈ স্থায়ী কার্যপন্থা গ্রহণ কৰাতো অতিকে প্রয়োজনীয়। এইক্ষেত্রত মৎস্যজীৱিসকলৰ বাবে বিকল্প উপার্জন ব্যৱস্থাপনা কৰিব লাগিব।

থলুৱা মাছৰ সংৰক্ষণ
Image: Powershift

মাছ সংৰক্ষণৰ ক্ষেত্রত গুৰি ধৰা কামটো আৰম্ভ কৰিব লাগিব আমি আমাৰ ঘৰৰ পৰাই। এই ক্ষেত্রত যুৱক সংঘ, শিক্ষক, শিক্ষার্থী আৰু নৱ-প্রজন্মই উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰে।

স্থানীয় যুৱক সংঘৰ বিষয়-ববীয়াসকলে লগ হৈ নিজা নিজা গাঁৱত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ উপৰিও বাটৰ নাট, গীত-মাত আদিৰে মাছৰ গুৰুত্ব সম্পর্কে সজাগ কৰিব পাৰে। ব্যৱসায়ীসকলকো এনে সজাগতা সভা সমূহত লগত ল’ব লাগে। আইনী দিশসমূহ বুজাবলৈ মীন বিভাগৰ বিষয়াসকলকো এনে সভাত আমন্ত্রণ জনাব লাগে।

থলুৱা মাছৰ সংৰক্ষণ
Image: Powershift

শিক্ষক সকলেও বিদ্যালয়ত নিজা শিক্ষার্থীসকলক যদি সজাগত কৰে তেন্তে আমাৰ ৰাজ্যত সহজে এটা সজাগ প্রজন্ম গঢ় লৈ উঠিব পাৰে।

আমি যেতিয়া, মাছৰ সংৰক্ষণ সম্পর্কীয় সজাগতাসভা সমূহত অংশগ্রহণ কৰোঁ, তেতিয়া আমি দুটিমান কথা কওঁ। সেই কথা কেইটা আপোনালোকেও কনিষ্ঠ সকলক ক’ব পাৰে। আমি কণমানি শিক্ষার্থীসকলক দৃশ্য-শ্রাব্যৰ যোগেদি বিষয়টো বুজোৱাৰ পাছত কওঁ- তোমালোকেই এই প্রকৃতিৰ একো একোজন নিপুন খনিকৰ।

তোমালোকে এপ্রিলৰ পৰা জুলাইলৈ আমি থলুৱা মাছ কিয় ধৰিব নালাগে, পোনামাছ কিয় ধৰিব নালাগে সেই সম্পর্কে গম পালাই যেতিয়া আজিৰে পৰা ঘৰত গৈ ক’বাগৈ যে, এই সময়ছোৱাত তোমালোকে লোকেল মাছ নোখোৱা।

frying the Fish of Assam in the kitchen for eat as food
Image: Powershift

মা-দেউতাক যেতিয়া তোমালোকে নাখাওঁ বুলি ক’বা বা যেতিয়া মা-দেউতাই কেনেবাকৈ আনিলেও এই সময়খিনিত তোমালোকে নাখাওঁ বুলিবা তেতিয়া মা-দেউতায়ো তোমালোকৰ কথাবোৰ বুজি উঠিব। তেহে তোমালোক নতুন দিনৰ নতুন ডেকা-গাভৰু হৈ উজ্বলি উঠিবা।

এবাৰৰ কথা। আমি এখন বিদ্যালয়ৰ পৰিৱেশ বিষয়ক অনুষ্ঠান এটাত মাছৰ গুৰুত্ব সম্পর্কে এই কথাখিনিয়ে কৈআহিছিলোঁ। ইয়াৰ দুদিনৰ পাছত চিনাকিসূত্রে এগৰাকী অভিভাৱকৰ আমালৈ ফোন আহিল। তেওঁ সুধিলে- আপুনি মাছৰ কথা কিবা কৈছিল বোলে। আমাৰ ছোৱালীয়ে দেখোন জুলাইলৈকে মাছ নাখাওঁ বুলি জেদ ধৰিছে।

মই কথাখিনি বুজাই কোৱাত তেখেতে সহজে বুজি পালে আৰু আনকো এই বিষয়ে জনোৱাৰ দায়িত্ব ল’লে। আমি মনত ৰখা ভাল যে, উপদেশতকৈ আর্হি ভাল। গতিকে আমি ব্যক্তিগতভাৱেও মাছ সংৰক্ষণৰ উদ্যোগ ল’ব পাৰোঁ। আমি যদি নিজেই এইকেইটা মাহত মাছ নোখোৱাৰ সংকল্প ল’ব পাৰোঁ আৰু ইয়াক আমাৰ নৈতিক দায়িত্ব বুলি মূৰ পাতি ল’ব পাৰোঁ তেন্তে নিশ্চিতভাৱে সেয়াও মাছ সংৰক্ষণৰ ক্ষেত্রত এক সঠিক খোজ হ’ব বুলি ক’ব পাৰোঁ।

থলুৱা মাছৰ সংৰক্ষণ

কেৱল পোৱালি হোৱালৈকে নহয়, বৰঞ্চ পোৱালি জগাৰ পাছতো মীন আইনে বহুকেইটা নিষেধাজ্ঞা জাৰি কৰিছে। সেইবোৰৰ ভিতৰত যাতে সৰু পোৱালিবোৰ পূৰঠ হোৱাৰ পূর্বে ধৰা নহয় তাৰ বাবেআগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈ মাছ ধৰা সা-সঁজুলিৰ ক্ষেত্রত কিছু নিষেধাজ্ঞা জাৰি কৰা হয়। সেই অনুসৰি, এই সময়ছোৱাত সৰু বিন্ধাযুক্ত জাল ব্যৱহাৰ কৰাটো এক অপৰাধ।

থলুৱা মাছৰ সংৰক্ষণ

মাছ সংৰক্ষণৰ বাবে ইয়াৰ আবাসভূমি সংৰক্ষণ কৰাটো খুবেই প্রয়োজন। ইয়াৰ মূল দায়িতধ্ব মৎস্যজীৱি সকলেই ল’ব লাগিব। তেওঁলোকে মীনবিভাগৰ সৈতে একত্রিত হৈ থলুৱা মাছ পোৱা বিল জলাশয়সমূহ চিনাক্ত কৰাৰ লগতে সেই স্থানসমূহ সংৰক্ষণ কৰাৰ উদ্যোগ ল’ব লাগিব।

মাছ আৰু আবাসভূমিৰ মাজৰ ভাৰসম্যতা যাতে ক্ষতিগ্রস্ত নহয় তাৰ প্রতি চকু দিব লাগিব। নদী, বিল, জলাশয়সমূহত অলাগতিয়াল পদার্থ পেলাই যাতে নদী প্রদূষিত নহয় তাৰ প্রতিও গুৰুত্ব দিব লাগিব।

থলুৱা মাছৰ সংৰক্ষণ
Image: Powershift

আমি নিজা চিন্তা আৰু দৰ্শনেৰে প্ৰকৃতি অনুকূল কাৰ্য-কলাপৰ জৰিয়তে মাছৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সেৱাৰ হাত আগবঢ়োৱা উচিত। আনলৈ দোষ ঠেলি দি, হঠাৎ পেট্রিয়টৰ দৰে প্ৰকৃতিক ভালপাওঁ বুলি কৃত্রিমভাৱে দেখুওৱাতকৈ হাতে কামে ইয়াৰ পুনৰুদ্ধাৰৰ বাবে আগবাঢ়ি আহিবই লাগিব।

থলুৱা মাছৰ সংৰক্ষণ
Image: Powershift

এয়া কেৱল সেৱাৰ কথা নহয়, এয়া আমাৰ দায়িত্বও। এই দায়িত্ববোধৰ বিষয়ে তাহানিতে মহাত্মা গান্ধীয়ে কৈ গৈছে যে, প্রকৃতিয়ে মানুহৰ প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সকলো দিছে। মানুহে তাতে সুখী নহয় অধিক লোভী হৈ প্রকৃতিক কষ্ট দিলে প্রকৃতিয়েই নহয় মানুহেও দুর্যোগ ভোগ কৰিব লাগিব।

অতি সম্প্রতি গান্ধীজীয়ে কোৱা কথাষাৰ আখৰে আখৰে ফলিয়াইছে। আহক মাছ সুৰক্ষা যাত্রাৰ আমিও সেৱক হওঁ।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
The fountain of youth

The fountain of youth

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d