• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

থাইৰয়ড কি? কিয় মহিলাৰ থাইৰয়ড বেছি হয়?

ASSAMESE SECTION / HEALTH

by Anjan Sarma
June 16, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
থাইৰয়ড কি? কিয় মহিলাৰ থাইৰয়ড বেছি হয়?
Share on FacebookShare on TwitterShare on LinkedIn

থাইৰয়ড কি? কিয় মহিলাৰ থাইৰয়ড বেছি হয়?

ডাঃ শ্বহিদুল প্ৰীতম

থাইৰয়ড কি? কিয় মহিলাৰ থাইৰয়ড বেছি হয়?

থাইৰয়ড হ’ল এটা নলীবিহীন গ্রন্থি; যি শৰীৰৰ বাবে অত্যন্ত প্রয়োজনীয়।এই গ্ৰন্থিয়ে শৰীৰৰ বিপাক ক্রিয়া, শাৰীৰিক ও মানসিক ক্ৰিয়া বৃদ্ধি, কেলচিয়ামৰ বিপাক ক্রিয়া নিয়ন্ত্রণ কৰি থাকে। মহিলাৰ থাইৰয়ডৰ সমস্যা বহুত বেছি হয়।

বেছি হোৱাৰ কাৰণৰ ভিতৰত কব পাৰি- ছোৱালীৰ শাৰীৰিক গঠন, হৰম’নৰ প্রভাৱ, অৰগেনিক মেটাবলিজম ইত্যাদি l এই সমস্যাৰ বাবে মহিলাৰ ওজন বাঢ়ি গৈ থাকে, শীত অসহ্য লাগে, শাৰীৰিক বিষ হব পাৰে, চুলি সৰা, প্রচণ্ড দুর্বলতা অনুভৱ হোৱা, অনিয়মিত মাহেকীয়া, গল ফুলি যোৱা, বাৰে বাৰে গর্ভপাতৰ লগতে প্ৰজনন ক্ষমতা কমি যোৱা,বুদ্ধিমত্তা হ্ৰাস পোৱাৰ লগে লগে মহিলাই মানসিক ও শাৰীৰিক ভাৰসাম্যহীন হৈ পৰে| পৰিসংখ্যামতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ লোক থাইৰয়ডৰ বিভিন্ন ৰোগত আক্ৰান্ত ।

ইয়াৰ কাৰণ মূলত প্রাথমিকভাৱে শৰীৰত আয়োডিনৰ অভাৱ| শৰীৰত চাহিদা অনুযায়ী পর্যাপ্ত পৰিমানে আয়োডিন নাখালে এনে হয়| বংশগতভাৱেও থাইৰয়ড হয়| হাইপোথাইৰয়ডৰ চিকিত্সা খুবেই সহজ। আপুনি মাথো চিকিত্সকৰ পৰামর্শ মতে থাইৰয়ডৰ ঔষধ নিয়মিত সেৱন কৰিলে আৰু নির্দিষ্ট সময়ৰ পিচে পিচে চেকআপ কৰি থাকিলে গোটেই জীৱন সুস্থতাৰে পাৰ কৰাটো সম্ভৱ হব পাৰে।

হঠাতেই কোনো কাৰণ নোহোৱাকৈয়ে আপোনাৰ শৰীৰৰ ওজন বাঢ়ি গৈ আছে নেকি? নতুবা কোনো কাৰণ নোহোৱাকৈয়ে আপুনি ঠিকমতে খোৱালোৱা কৰাৰ পিছতো  শৰীৰৰ ওজন কমি গৈ আছে নেকি?নাইবা আগৰ দৰে গৰম বা ঠাণ্ডা সহ্য কৰাত তাৰতম্য পাইছে নেকি? প্রচুৰ ঘামি যোৱাৰ ফলত হঠাতেই শৰীৰৰ ভিজি গৈছে নেকি? ক্লান্তিবোধ,হতাশাই আপোনাক আগুৰি ধৰিছে নেকি? হঠাতেই কণ্ঠস্বৰ পৰিৱৰ্তিত হৈছে নেকি? এনেধৰণৰ বহু ধৰণৰ সমস্যাই দেখা দিব পাৰে যদি আপোনাৰ শৰীৰৰ থাইৰয়ড নামৰ অতি গুৰুত্বপূর্ণ গ্রন্থিটো অসুস্থ হৈ পৰে।

#থাইৰয়ড কি?ক’ত থাকে? কাম কি ইয়াৰ?

থাইৰয়ড পখিলাৰ দৰে দেখাত এটি গ্রন্থি, যিটো গলধনত থাকে,ডিঙিৰ কলাৰ বোন(clavicle)বা বিউটি বোন নামৰ হাড়ৰ ওপৰত। ই হ’ল একপ্ৰকাৰৰ এণ্ড’ক্রাইন গ্রন্থি। যিয়ে হৰম’ন প্ৰস্তুত কৰে। থাইৰয়ড হৰম’নে আমাৰ শৰীৰৰ জৈৱ বিপাক ক্রিয়া নিয়ন্ত্রণ কৰে। সেয়ে শৰীৰৰ বাবে গুৰুত্ব বহুত বেছি।

#থাইৰয়ড গ্রন্থিত কি কি সমস্যা হব পাৰে?

থাইৰয়ডত বহুত ধৰণৰ ৰোগ হব পাৰে। তলত তেনে কিছু ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰা হল।

হাইপোথাইৰয়ডিজমঃ

যেতিয়া শৰীৰত প্রয়োজনতকৈ কম থাইৰয়ড হৰম’ন নিঃসৃত হয় তেতিয়া এনেধৰণৰ সমস্যা হয়|

#কেতিয়া বুজি পাব আপুনি এই ৰোগত আক্ৰান্ত?

১) কাম কৰাৰ সময়ত এনার্জি বা শক্তি নোপোৱা বা ক্লান্তিবোধ কৰা।

২) খোৱাৰ ৰুচি কমি যোৱা।

৩) পর্যাপ্ত খাদ্য নোখোৱাৰ পিছতো শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়ি যোৱা।

৪) ঠাণ্ডা একেবাৰেই সহ্য কৰিব নোৱাৰা।

৫) মহিলাৰ মাহেকীয়াৰ সময়ত প্রচুৰ ৰক্তক্ষৰণ ও অনিয়মিত মাহেকীয়া হোৱা।

৬) মুখ ফুলি যোৱা।

৭) হতাশাগ্রস্থ হোৱা।

৮) মাংসপেশীত প্ৰচুৰ বিষ অনুভৱ কৰা।

৯) পায়খানা টান হোৱা।

১০)মানসিক অশান্তিত ভোগা।

১৩) যৌন চাহিদা কমি যোৱা।

১৪) হার্টৰেট কমি যোৱা।

১৫) থাইৰয়ড গ্রন্থি ফুলি যোৱাৰ ফলত goiter হোৱা।

এইসকলো লক্ষণৰ কেইটামান একেলগে দেখা দিলে চিকিত্সকৰ পৰামৰ্শ লওক।

হাইপোথাইৰয়ডিজমৰ কাৰণ কি?

১) হাছিমোট’চ থাইৰয়ডাইটিছ নামৰ অটোইমিউন’ ডিজিচ থাকিলে।

২) থাইৰয়ড গ্ৰন্থি কিবা কাৰণত শুকাই গলে।

৩) থাইৰয়ডেকটমি নামৰ অপাৰেচনৰ পিছত।

৪) আয়োডিনৰ অভাৱ হলে।

৫) ডিজহৰম’নোজেনেছিচ হলে।

৬) হাইপোথ্যালামিক ডিজিচ হলে।

ইয়াৰ ওপৰিও আৰু বহুতো কাৰণ থাকিব পাৰে|

হাইপাৰথাইৰয়ডিজমঃ

শৰীৰৰ প্রয়োজনৰ তুলনাত বেছি থাইৰয়ড হৰম’ন ক্ষৰিত হলে এই ৰোগ হয়।

হাইপাৰথাইৰয়ডিজমৰ উপসর্গবোৰ কি কি?

১) খাদ্যৰ ৰুচি ভালে থকাৰ পিছতো শৰীৰৰ ওজন কোনো কাৰণ নোহোৱাকৈ কমি যোৱা।

২) প্রচুৰ পৰিমাণে ঘামি যোৱা, গৰম একেবাৰে সহ্য কৰিব নোৱাৰা।

৩) হাতৰ তলোৱা ঘামি যোৱা।

৪) মাংস পেশীত শক্তি নোপোৱা।

৫) হাত ভৰি কপা।

৬) অনিয়মিত মাহেকীয়া হোৱা।

৭) টোপনিত সমস্যা হোৱা।

৮)পাতল পায়খানা ঘনে ঘনে হোৱা।

১১) বুকু ধপধপনিৰ লগতে হার্টবিট বাঢ়ি যোৱা।

১২) উচ্চ ৰক্তচাপ(High blood pressure) হোৱা।

১৩) চুলি পাতল হৈ যোৱা।

থাইৰয়ড গ্ৰন্থি সুস্থ ৰখাৰ কেইটামান উপায়ঃ

১) উচ্চ মানৰ টাইৰ’চিন (tyrosine)প্রটিনযুক্ত খাদ্য খাওক। tyrosine থাইৰয়ড হৰম’ন তৈয়াৰ কৰাৰ বাবে দৰকাৰ হয়। ইয়াৰ বাবে মাংস, মাছ, কণী,পকা কল আদিৰ ওপৰিও বুঢ়া কোমোৰাৰ গুটি আদি নিয়মিত খাওক।

২) Goitrogenic foods যেনে বন্ধাকবি, ফুলকবি, ওৰহি, বাদাম, তিয়ঁহ আদি খাদ্যৰ পৰা বিৰত থকাই ভাল।

৩) প্রটিনযুক্ত খাদ্য খাওক immune system ক ঠিক কৰি ৰখাৰ বাবে। ইয়াৰ বাবে গোমধান,বুটমাহ,মাটিমাহ, শস্যদানা, জোৱাৰ(যব)আদি প্ৰচুৰ পৰিমাণে খাওক।

৪) থাইৰয়ড ঠিক ৰখাৰ বাবে লিভাৰ সুস্থ থকাটো জৰুৰী। কিয়নো ইয়াতেই T4, T3 convert হয়। লিভাৰ সুস্থ ৰখাৰ বাবে ফেটি এচিড যুক্ত খাদ্য খোৱা দৰকাৰ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: থাইৰয়ড কি? কিয় মহিলাৰ থাইৰয়ড বেছি হয়?
Anjan Sarma

Anjan Sarma

Related Posts

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’
Health

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

by Sanghamitra Kashyap
June 11, 2026
0

ক্ৰম'জমৰ খেল : ডাউন চিণ্ড্ৰোম সংঘমিত্ৰা কাশ্যপ মানৱ শৰীৰৰ প্ৰতিটো কোষত এটা নিউক্লিয়াছ থাকে, য'ত আনুবংশিক সামগ্ৰী জিনত সংৰক্ষণ কৰা...

Read moreDetails
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

June 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d