• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

গ্ৰন্থ সমালোচনা 

by Monoswini Sarmah
November 19, 2024
in News
Reading Time: 3 mins read
0
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
Share on FacebookShare on TwitterShare on LinkedIn

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

গ্ৰন্থ সমালোচনা 

মনস্বিনী শৰ্মা 

manaswini sarma
মনস্বিনী শৰ্মা 

গ্ৰন্থৰ নাম: দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

ৰচক: মামণি ৰয়ছম গোস্বামী

গ্ৰন্থৰ প্ৰকাৰ: উপন্যাস 

লাভ কৰা বঁটা: অসম সাহিত্য সভাৰ বঁটা

প্ৰকাশক: শ্ৰী গিৰিপদ দেৱ চৌধুৰী বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, পাণবজাৰ, গুৱাহাটী -৭৮১০০১

প্ৰথম প্ৰকাশ: জুলাই,১৯৮৮

মূল্য: ২২০ টকা মাত্ৰ

ISBN নম্বৰ: ৮১-৭৬৪৩-০৫৫-২

       মামণি ৰয়ছম গোস্বামী (১৯৪১ –২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা‌ লাভ কৰিছিল।

    দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা হৈছে মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখন ১৯৮২ চনত ‘অসম প্ৰকাশন পৰিষদ ‘ ৰ ‘প্ৰকাশ’ নামৰ আলোচনীত প্ৰকাশিত হৈছিল।এই উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন।মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসখন কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে।

তেওঁ সত্ৰৰ অধিকাৰ গোসাঁইৰ ঘৰখনক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেওঁ নিজেই ইংৰাজীলৈ ‘The Moth Eaten Howdah of the Tusker’ নামেৰে অনুবাদ কৰিছে।

     উপন্যাসখনৰ পটভূমি হিচাপে দ্বিতীয় মহাসমৰৰ শেষ আৰু ভাৰতে স্বাধীনতা লাভ কৰা সময়চোৱাক নিৰ্বাচন কৰিছে। অসমৰ দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰৰ প্ৰাচীন সত্ৰীয়া পৰম্পৰাক কেন্দ্ৰ কৰি প্ৰচলিত ৰীতি-নীতিৰ নিৰ্মোহ চিত্ৰ অংকন কৰিবলৈ প্ৰয়াস কৰিছে। উপন্যাসখনৰ কাহিনীভাগ হ’ল কুৰি শতিকাৰ মধ্যভাগ। দক্ষিণ কামৰূপৰ এসময়ৰ জাকজমকপূৰ্ণ দামোদৰীয়া সত্ৰ এখনৰ কাল্পনিক কাহিনী উপন্যাস খনত বৰ্ণিত।

উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীঘল হোৱা উচ্চ বংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোড়ামীৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ এগৰাকী বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা,সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংশোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকন কৰিছে।

Mamani Raisam

সমাজ উৰ্ধ্বলৈ চেষ্টা কৰা গিৰিবালা নামৰ বিধৱাগৰাকীৰ পদে পদে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ঔপন্যাসিকে প্ৰকাশ কৰিছে। সমাজক প্ৰত্যাহ্বান জনাই গিৰিবালাই অৱশেষত আত্মহত্যা কৰে।

মানুহ আৰু মানৱীয় চেতনাকৈ সমাজৰ ৰীতিক অধিক মূল্যৱান হিচাপে মূল্যৱান কৰি কেনেকৈ অন্ধকাৰক নিমন্ত্ৰণ জনোৱা হয় তাৰ প্ৰতিচ্ছবি উপন্যাসখনত স্পষ্টকৈ প্ৰকাশ পাইছে। ব্ৰাহ্মণ বিধবাৰ সকৰুণ জীৱনবৃত্ত ইয়াত প্ৰকাশ পাইছে।

ভাৰতৰ স্বাধীনতা আন্দোলন সম্পৰ্কীয় দুই এটি প্ৰসংগ ইয়াত উত্থাপন কৰা হৈছে। উপন্যাসখনত বৈজ্ঞানিক ভিত্তিহীন বিশ্বাস আৰু পৰম্পৰাৰ বিৰুদ্ধে এক সবল অন্তঃসলিলা নিহিত হৈ আছে। 

‌ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ত দক্ষিণ কামৰূপৰ এটি নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ বাল-বিধৱাসকলৰ কৰুণ কাহিনী সাৱলীলভাৱে বৰ্ণনা কৰিছে। এই উপন্যাসখনত গিৰিবালা চৰিত্ৰটোৱে মুখ্য চৰিত্ৰ হিচাপে দেখা দিছে।

উপন্যাসখনত এখন ৰক্ষণশীল সমাজত বিধৱাসকলে নীতি-নিয়মৰ অজুহাতত কেনেধৰণে দুঃসহ বেদনা আৰু পীড়িত জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল, তাৰ মৰ্মস্পশী বৰ্ণনা দাঙি ধৰা হৈছে।

ইয়াত বৰ্ণিত গিৰিবালাৰ বাহিৰে বাকী চৰিত্ৰসমূহ প্ৰতিবাদহীন। তেওঁলোকে ৰক্ষণশীল সমাজৰ প্ৰতিভূ হিচাপে দেখা দিছে। গিৰিবালাহে ইয়াৰ ব্যতিক্ৰম।

উপন্যাসখনৰ আন নাৰী চৰিত্ৰ— দুৰ্গা, সৰু গোসাঁনী, গিৰিবালা— এই তিনি গৰাকী ব্ৰাহ্মণ বিধৱা এটি যন্ত্ৰণাময় পৰিৱেশত জীয়াই আছিল মাত্ৰ। তেওঁলোক যেন আবেগ-অনুভূতিহীন একোটা চাবি দিয়া কাঠৰ পুতলাহে। সমাজৰ নিৰ্দেশ আখৰে আখৰে পালন কৰা তেওঁলোকৰ কৰ্তব্য। কিন্তু তাৰ মাজতে গিৰিবালাই বৈধৱ্য জীৱনৰ যন্ত্ৰণা আৰু তেওঁলোকৰ ওপৰত আৰোপিত মানসিক যন্ত্ৰণাৰ শৃংখল ভাঙি ওলাই আহিব বিচাৰিছিল।

এই উপন্যাসত গিৰিবালাই আত্মজাহৰ দৰে চৰম পন্থাৰে প্ৰতিবাদ কৰি থৈ গৈছে। সকলোৰে সন্মুখতে নীতি-নিয়মৰ আবেষ্টনীৰ মাজত থাকি গিৰিবালাই সকলোকে সচকিত আৰু আচৰিত কৰি জুইৰ মাজৰ পৰা ওলাই নাহি সমাজৰ ৰীতি-নীতিক উপেক্ষা কৰি গৈছিল। সেই কৰুণ হৃদয় বিদাৰক ঘটনাৰে গিৰিবালাই দুঃসাহসিক স্থিতি দেখুওৱাৰ লগতে সমাজৰ ৰক্ষণশীল মনোবৃত্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে।

গিৰিবালাই পুৰণি ৰীতি-নীতিৰ আলমত লাঞ্চিত-গঞ্জিত জীৱন এটি বিচৰা নাছিল। তাই বিচৰা নাছিল আবেগ-অনুভূতিসমূহ সমাধিস্থ কৰি মৃত স্বামীৰ স্মৃতিৰ মাজতেই সমস্ত জীৱন অতিবাহিত কৰিবলৈ। সেয়ে তাই সকলো দ্বিধা, সংকোচ আৰু সামাজিক প্ৰতিবন্ধকতা পৰিহাৰ কৰি মাৰ্ক নামৰ খ্ৰীষ্টান যুৱক এজনৰ লগত আবেগিক সম্পৰ্ক ৰাখিছিল, যিটো সেই সময়ৰ সমাজ ব্যৱস্থা মতে ‘মহাপাপ’।

    গিৰিবালাক সেই মহাপাপৰ পৰা উদ্ধাৰ কৰাৰ কথা আলোচ্য বিষয় হৈ পৰিল। ফলস্বৰূপে পিতৃপ্ৰধান সমাজৰ প্ৰতিভূ স্বৰূপ সমাজখন আৰু পুৰোহিত আহিল প্ৰায়শ্চিত্ত কৰাবলৈ। প্ৰায়শ্চিত্ত বিধি মানি গিৰিবালা বহি আছে বাঁহ, বেত, কল ঠৰুৱা আৰু শুকান খৰিৰে নিৰ্মিত চালিখনৰ তলত।

সেই গৃহৰ ভিতৰতে কুল পুৰোহিতে নিয়মানুযায়ী তাইক পৰাচিত কৰোৱাৰ পাছত তাইক ওলাই আহিবলৈ কোৱা সত্ত্বেও তাই ওলাই নাহিল। গিৰিবালাই ক’লে— “জুই লগে দিয়াৰ পস্তাকতে মই বাহিৰ হৈ যাম। দি, জুই লগাই দি।”

চালিখনত জুই লগাই দিয়াৰ সময়তে বাহিৰ ওলাই যাম বুলি কোৱা গিৰিবালা কিন্তু ওলাই নাহিল। এটা সময়ত হুৰ হুৰ শব্দ কৰি চালিখন গিৰিবালাৰ গাত ভাগি পৰিল। তাৰ পাছত আৰু কৰিবলগীয়া একো নাথাকিল— “চাৰিওফালে বিয়পি পৰিছিল মানুহ পোৰা গোন্ধ, মানুহ পোৰা গোন্ধ।”

তাইৰ আত্মাহুতিয়ে সকলোকে মুক কৰি তুলিছিল। জুইৰ মাজত জাহ যাবলৈ গিৰিবালাক কোনেও প্ৰৰোচিত কৰা নাছিল। কিন্তু এয়া তাইৰ এক প্ৰতিবাদ, যি প্ৰতিবাদে সাব্যস্ত কৰিলে যে তাইৰ দেহ-মন, সত্তা এজন জীৱিত পুৰুষৰ লগতহে জড়িত কৰিব বিচাৰে; মৃত স্বামীৰ লগত কোনো ধৰণে জড়িত কৰিব নোৱাৰে, যাৰ লগত আবেগিক সম্পৰ্ক স্থাপনৰ কোনো সুযোগেই তাইৰ নহ’ল।

তাই সমাজৰ তথাকথিত সতী তিৰোতা হৈ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি এটি দুৰ্বিসহ নিপীড়িত, লাঞ্চিত, গঞ্জিত, অৱহেলিত জীৱন যাপন কৰিব বিচৰা নাই, সেয়ে তাই মুক্তি বিচাৰিছে— সমাজক প্ৰত্যাহ্বান জনাই। সতী তিৰোতাৰ অস্তিত্ব বা পৰিচয়েৰে তাই পদদলিত জীৱন নিবিচাৰে।

Mamoni Raisom
মামণি ৰয়ছম গোস্বামী

উপন্যাসখনৰ আন আন নাৰী চৰিত্ৰসমূহ, যেনে— ভনীয়েক ইলিমন, মাক ডাঙৰ গোসাঁনী, দুৰ্গা, সৰু গোসাঁনী আদি চৰিত্ৰই নিৰ্বিবাদে সমাজৰ নিপীড়ন, নিৰ্যাতন আদি সমাজৰে ৰীতি-নীতি বুলি আশাহত বেদনাপুষ্ট জীৱন যাপন কৰিছিল। তেওঁলোকৰ জীৱন মৃত্যুৰ নামান্তৰ মাত্ৰহে আছিল। তথাপি সমাজৰ আগত মুখ খোলাৰ সাহস গোটাব নোৱাৰিলে। তেওঁলোক সমাজৰ পৰম্পৰাৰ প্ৰতিভূ হিচাপে থাকি গ’ল।

       উপন্যাসখনত মামণি ৰয়ছম বাইদেউৱে শৈশৱতে দেখা পোৱা চৰিত্ৰ কিছুমান বৰ্ণনা কৰিছে লগতে কিছু চৰিত্ৰত কল্পনাৰ ৰহন সানিছে। ‘কালি’ বজোৱা কাউৰীয়া, হাতীৰ মাউত কাল্টু আৰু এই সত্ৰৰ অৰ্থ-কষ্টেৰে পীড়িত জনগণৰ যি ছবি ইয়াত অঁকা হৈছে সেই ছবি তেখেতে শৈশৱতে দেখা পোৱা। ‘ৰাজেন্দ্ৰ’ নামৰ এই হাতীটোৰ সৈতে লেখিকাই শৈশৱৰ বহু সময় পাৰ কৰিছিল। দঁতাল হাতী ‘ৰাজেন্দ্ৰ’ আৰু তাৰ কান্ধৰ হাওদাখনক এক সাংকেতিক চিহ্নৰূপে লৈ লেখিকাই উপন্যাসখনৰ নাম ৰাখিছে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’।

‌ উপন্যাসখনৰ আৰম্ভণিতে আছে কানি খোৱা মানুহ, শাপগ্ৰস্ত কুষ্ঠৰোগীৰ বৰ্ণনা। কানিয়ে কংকালসাৰ কৰি পেলোৱা আৰু কানিৰ বাবে হাবাথুৰি খাই ফুৰা চৰিত্ৰৰ ঘৃণা উদ্ৰেককাৰী বৰ্ণনাৰে উপচি আছে উপন্যাসৰ পৃষ্ঠা। ইয়াৰ লগতে আছে নিত্য পৰিৱৰ্তনশীল জগলীয়া নদীৰ কথা।

বাস্তৱবাদী এই উপন্যাসখনত আছে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশৰ বাস্তৱ অৱতাৰণা। কানিৰ চোৰাং বেপাৰ আৰু কংগ্ৰেছ কৰ্মীৰ ইয়াৰ বিৰুদ্ধে সফলতাৰ যুঁজ, বিভিন্ন চৰকাৰী আদেশ,নথি আৰু আইন, ঘটনাৰ উল্লেখ, পতন হ’বলৈ ধৰা এখন ৰক্ষণশীল সমাজ, আধুনিকতাৰ আগমণ,ভূমি সংস্কাৰ,সাম্যৱাদী ভাৱধাৰা, স্থবিৰ অৰ্থনীতি আদিৰ বৰ্ণনা আছে।

        মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত ভাষাৰ সুকীয়া সৌন্দৰ্য আছে। কাব্যিক বৰ্ণনা,উপমা-অলংকাৰৰ উপযুক্ত প্ৰয়োগ, চিত্ৰকল্প-ব্যঞ্জনাৰ নতুনত্ব,ফকৰা-যোজনা,খণ্ডবাক্যৰ প্ৰয়োগ আদিয়ে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ শীৰ্ষক উপন্যাসখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। মামণি ৰয়ছম গোস্বামীৰ ভাষাত চৰিত্ৰ ভাবৰ তীব্ৰতা ক’তো খোকোজা নাখায়। চৰিত্ৰ বৰং অধিক উজ্বল হৈ পাঠকৰ মনত সাঁচ বহুৱায়।

উক্ত উপন্যাসখনৰ প্ৰতিটো কাহিনীৰ লগত একোগৰাকী নাৰীৰ জীৱন জড়িত হৈ থকা দেখা যায়। এখন সত্ৰীয়া ব্ৰাহ্মণ সমাজৰ ৰক্ষণশীলতা, বিধৱা নাৰীৰ স্থিতি, বিধৱা নাৰীৰ ওপৰত সমাজে চলোৱা শোষণ-নিযাৰ্তন, বিধৱা নাৰীৰ ওপৰত আৰোপিত বাধা নিষেধৰ বাস্তৱ আৰু দুৰ্দান্ত প্ৰকাশ উপন্যাসখনত দেখা যায়।

উপন্যাসখনৰ অধ্যয়নে পাঠকসকলক সেই সময়ৰ সমাজৰ স্থিতি আৰু মানসিকতাৰ বিষয়ে জ্ঞাত কৰোৱাৰ লগতে এক নতুন দৃষ্টি আৰু দিশৰ পৰিচয় দিব। এক অৰ্থত ক’বলৈ গ’লে মামণি ৰয়ছম গোস্বামীৰ এই উপন্যাসখন এখন সফল উপন্যাস।

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)

14-11-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

Zubeen1
News

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

by Divyanshu Bora
September 16, 2026
0

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি দিব্যাংশু বৰা স্মৃতি নামৰ বস্তুটো বৰ অদ্ভুত। ইয়াৰ অবিহনে মানুহৰ যেন একো অস্তিত্বয়েই...

Read moreDetails
Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

September 16, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

September 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d