• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 11, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

দক্ষিণ চীন সাগৰক কেন্দ্ৰ কৰি মহাযুদ্ধৰ মাদল?

-দিলীপ দৈমাৰী

by Admin
June 18, 2021
in Special Report, World
Reading Time: 1 min read
0
evening sky over rippling blue sea in nature

Photo by kira schwarz on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-দিলীপ দৈমাৰী |

বহু গুৰুত্বপূৰ্ণ ঘটনাৰ মূলতে যে ক্ষমতা আৰু লোভ সেইকথা বিশ্বাস কোনোবাই কৰে বা নকৰে – তাৰে ভিত্তিত লোভ হ্ৰাস নহয় তথা তাৰে অন্তৰালত ক্ৰিয়া কৰা ক্ষমতাতো কোনো প্ৰভাৱ নপৰে। এই কথা কোৱা হৈছে সম্প্ৰতি দক্ষিণ চীন সাগৰে কেন্দ্ৰ কৰি চীন আৰু প্ৰতিৱেশী দেশবোৰত তথা আমেৰিকাৰ সামৰিক আধিপত্য বিস্তাৰৰ তৎপৰতা দেখি! অতি সম্প্ৰতি দক্ষিণ চীন সাগৰ আৰু পশ্চিম প্ৰশান্ত মহাসাগৰত সামৰিক উত্তেজনা বৃদ্ধি পাইছে আমেৰিকা, চীন, অষ্ট্ৰেলিয়া, ইন্দোনেছিয়াৰ তৎপৰতাত। এই দেশবোৰে তেওঁলোকৰ সামৰিক বিমানবাহী জাহাজবোৰ লৈ তহল দিবলৈ আৰম্ভ কৰিছে। আকৌ চীন, ৰাছিয়াৰ নেতৃত্বত ভাৰত মহাসাগৰত সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিছে পাকিস্তান আৰু শ্ৰীলংকাই। এনে সামৰিক তৎপৰতাৰ অৰ্থ হ’ল এক সংঘাতৰ পিনে অগ্ৰসৰ হৈছে এনে দেশসমূহে আৰু ইয়াৰ সৈতে পৃথিৱীৰ সাধাৰণ মানুহৰ তেনে কোনো স্বাৰ্থ আৰু কল্যাণ নিহিত হৈ থকা নাই।

RelatedPosts

Are Controversies Produced in Bollywood?

Are Controversies Produced in Bollywood?

August 11, 2022
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022

প্ৰৱল প্ৰতাপী আমেৰিকাই নিজৰ আধিপত্য বিস্তাৰ কৰা এই প্ৰয়াসত দক্ষিণ চীন সাগৰৰ চাৰিওকাষে থকা দেশবোৰৰ মিত্ৰ হিচাপে অৱতীৰ্ণ হৈছে। এতিয়া আমেৰিকাই পশ্চিম প্ৰশান্ত মহাসাগৰৰ বক্ষলৈ যুদ্ধজাহাজ প্ৰেৰণ কৰিছে। তাৰে সৈতে যোগ দিছে অষ্ট্ৰেলিয়া আৰু ইন্দোনেছিয়াৰ যুদ্ধজাহাজ। এই বিশেষ বিশাল যুদ্ধজাহাজবোৰ পশ্চিম প্ৰশান্ত মহাসাগৰত ঘূৰি আছে। অনুমান কৰিব পাৰি যে এইবোৰৰ মূলতে হ’ল কোনোবা দেশৰ ওপৰত হঠাৎ আক্ৰমণ কৰা হ’ব পাৰে। কিন্তু কিয় – সেইটোৱেই হ’ল গুৰুত্বপূৰ্ণ প্ৰশ্ন।

দক্ষিণ চীন সাগৰত আমেৰিকাৰ স্বাৰ্থ কি – এই প্ৰশ্নৰ উত্তৰ বহুত হ’ব পাৰে। প্ৰথমতে, সামৰিক আৰু ৰাজনৈতিক ক্ষমতাৰ আধিপত্য বিস্তাৰ। দ্বিতীয়তে, উদীয়মান আঞ্চলিক মহাশক্তিৰ প্ৰতীক চীনৰ অপ্ৰতিৰোধ্য গতি ৰুদ্ধ কৰাৰ চেষ্টা। তৃতীয়তে, দক্ষিণ চীন সাগৰত যি বিপুল পৰিমাণৰ সম্পদ জমা হৈ আছে, সেই সম্পদ চীনৰ গ্ৰাসৰ পৰা মুক্ত কৰি নিজৰ হাতলৈ অনাৰ চেষ্টা। এই ক্ষেত্ৰত চীনে দক্ষিণ চীন সাগৰৰ বেছিভাগ অংশই সামৰিক শক্তিৰ জোৰত লাল কৰি ৰাখিছে আৰু তাতেই কৃত্ৰিম দ্বীপ সৃষ্টি কৰি সামৰিক ঘাটি গঢ়ি তুলিছে। ইয়াৰ ফলত সাগৰত চলাচল কৰা আন্তৰ্জাতিক পণ্যবাহী জাহাজবোৰৰ অসুবিধা হৈছে বুলি আমেৰিকাই ঘোষণা কৰিছে। দক্ষিণ চীন সাগৰৰ অন্যান্য অংশীদাৰ ভিয়েটনাম, মালয়েছিয়া, ইন্দোনেছিয়া, ব্ৰুনেই দাৰুশ চালাম, ফিলিপাইন আদিয়ে কৈছে যে চীনে তেওঁলোকৰ সমুদ্ৰসীমাৰ ভিতৰলৈ সোমাই তেওঁলোকৰ অঞ্চলত কৃত্ৰিম দ্বীপ সৃষ্টি কৰিছে আৰু দেশবোৰৰ সাগৰসীমাৰ অধিকাৰ নস্যাৎ কৰিছে। কেৱল সেয়েই নহয়, দক্ষিণ চীন সাগৰৰ পৰা চীনে যি বিপুল পৰিমাণৰ মৎস্যসম্পদ আহৰণ কৰিছে, তাৰে ভাগ-বতৰাও ঠিক হৈ থকা নাই, অধিকাংশ গৈছে চীনৰ চন্দুকলৈ।

বিৰোধৰ মূলতে হ’ল- দক্ষিণ চীন সাগৰত যি পৰিমাণৰ তেল, গেছ, মৎস্যসম্পদ আছে – সেইবোৰক লৈ। কোৱা হৈছে যে মালাক্কা প্ৰণালীৰে বছৰি প্ৰতি বছৰে ৫.৩ ত্ৰিলিয়ন বজাৰৰ যি বাণিজ্য হয়, সেয়া চীনৰ আধিপত্যৰ বাবে বাধাগ্ৰস্ত হৈছে। আকাৰত  দক্ষিণ চীন সাগৰ ভূমধ্যসাগৰতকৈ অৰ্দ্ধেক হ’লেও সম্পদৰ বিবেচনাৰে গুৰুত্ব বহু বেছি। ইয়াৰোপৰি মালাক্কা প্ৰণালীৰে চলাচল কৰা বাণিজ্যিক জাহাজবোৰৰ প্ৰশ্নও আছে। কোৱা হয় যে সমগ্ৰ বিশ্বৰ ৭০ শতাংশ পণ্যবাহী জাহাজ এই পথেৰেই চলাচল কৰে। চীনৰ বিৰুদ্ধে অভিযোগ – চীনে ‘ফ্ৰিডম অব্ নেভিগেশ্যন’ লংঘন কৰিছে।

চীনে দক্ষিণ চীন সাগৰৰ কেৱল ৮০ শতাংশ দাবী কৰিয়েই ক্ষান্ত হৈ থকা নাই; চীনে ‌৮০% লাল কৰিও ৰাখিছে। সুদূৰৰ আমেৰিকাই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে ‘ ফ্ৰিডম অব নেভিগেশ্যন’ৰ সূত্ৰ। কাৰণ আমেৰিকাৰ বাণিজ্যিক  জাহাজবোৰ এই পথেৰেই বেছিকৈ চলাচল কৰে। কিন্তু মূল বিষয় হ’ল দক্ষিণ চীন সাগৰৰ তলত লুকাই থকা তেল আৰু খনিজ সম্পদ। আমেৰিকাৰ হিচাব অনুসৰি দক্ষিণ চীন সাগৰৰ গৰ্ভত আছে ১১ বিলিয়ন বেৰেল তেল আৰু ১৯০ ত্ৰিলিয়ন ঘনফুট গেছ-সম্পদ। বিশ্বৰ ১০% মৎস্যসম্পদ মজুত আছে দক্ষিণ চীন সাগৰত। আমেৰিকাৰ চকু সেইবোৰতেই। চীনে যদি এই সাগৰৰ ৮০% সম্পদ নিজৰ দখলত ৰাখিব পাৰে, অদূৰ ভবিষ্যতে চীন সমগ্ৰ বিশ্বত‌ ১ নং শক্তি হৈ পৰিব বুলি আমেৰিকাই ভালদৰেই জানে আৰু সেইবাবেই দুবছৰ আগতে দক্ষিণ চীন সাগৰত যুদ্ধজাহাজ প্ৰেৰণ কৰি চীনক সতৰ্কবাণী শুনাইছিল আমেৰিকাই। সেই সময়ত চীনৰ বিশাল আকাৰৰ যুদ্ধজাহাজ নাছিল। আমেৰিকাৰ সাৱধানবাণী শুনাৰ পিছত চীনেও তিনিখন‌ বিশাল আকাৰৰ যুদ্ধজাহাজ নিৰ্মাণ কৰিছে তথা ঘোষণা কৰিছে যে আমেৰিকাৰ যি কোনো আক্ৰমণৰ উপযুক্ত উত্তৰ দিবলৈ চীন‌ এতিয়া সম্পূৰ্ণ প্ৰস্তুত। এতিয়া সচাই যদি যুদ্ধ আৰম্ভ হয়, আৰু সেই যুদ্ধ যদি তৃতীয় বিশ্বযুদ্ধত পৰিণত হয় – সেয়া হ’ব পাৰে দক্ষিণ চীন সাগৰক কেন্দ্ৰ কৰি। দক্ষিণ চীন সাগৰৰ বিষয়ক লৈ আমেৰিকাই ভাৰত, ইন্দোনেছিয়া, অষ্ট্ৰেলিয়া আদিকো সন্মোহিত কৰি ৰাখিছে। আনহাতে আকৌ সেই অঞ্চলত আমেৰিকাৰ সবাতোকৈ ডাঙৰ সামৰিক ঘাটি আছে গুৱাম দ্বীপত। তাৰোপৰি আমেৰিকাৰ সামৰিক ঘাটি আছে জাপান, ফিলিপাইন, চিঙ্গাপুৰ, ইন্দোনেছিয়া আদিকে ধৰি সাগৰৰ চাৰিওকাষে থকা বিভিন্ন প্ৰান্তত। অৰ্থাৎ দক্ষিণ চীন সাগৰ আমেৰিকাৰ সামৰিক নয়নৰ অন্তৰ্গত। সেইবাবেই চীনেও সৃষ্টি কৰিছে কৃত্ৰিম দ্বীপ! সেই দ্বীপবোৰত কেৱল মিছাইলেই বহুৱাই থোৱা নাই চীনে, বিমান উঠা-নমা কৰিবলৈ ‘এয়াৰ ষ্ট্ৰিপ’ আৰু যুদ্ধবিমানো মজুত কৰি থৈছে জৰুৰী ব্যৱহাৰৰ বাবে। অৰ্থাৎ দুয়োপক্ষই সাজু!

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: দক্ষিণ চীন সাগৰ
Admin

Admin

Related Posts

Are Controversies Produced in Bollywood?
Entertainment

Are Controversies Produced in Bollywood?

by Admin
August 11, 2022
0

Bollywood KAKALI DAS After attempting to boycott – Amazon, Zomato, Swiggy, Tanishq, Netflix etc., now we are all geared up...

Read more
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022
Bhupinder Singh: A Legendary singer with deep and soulful voice

Bhupinder Singh: A Legendary singer with deep and soulful voice

August 11, 2022
১০ আগষ্টঃ কেইটামান খবৰ

১০ আগষ্টঃ কেইটামান খবৰ

August 10, 2022
Statement on Arrest of VOA Freelance Journalist in Juba, South Sudan

Statement on Arrest of VOA Freelance Journalist in Juba, South Sudan

August 10, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

June 22, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Are Controversies Produced in Bollywood?

Are Controversies Produced in Bollywood?

August 11, 2022
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022
Bhupinder Singh: A Legendary singer with deep and soulful voice

Bhupinder Singh: A Legendary singer with deep and soulful voice

August 11, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    108 shares
    Share 43 Tweet 27
  • বিহাৰৰ ঘটনাই ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়!

    9 shares
    Share 4 Tweet 2
  • ১০ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • 6 Simple Self-Care Hacks For Women

    7 shares
    Share 3 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    12 shares
    Share 5 Tweet 3
  • Statement on Arrest of VOA Freelance Journalist in Juba, South Sudan

    6 shares
    Share 2 Tweet 2
  • Politics Around Population Explosion In INDIA

    6 shares
    Share 2 Tweet 2
  • ৯ আগষ্টঃ কেইটামান খবৰ

    9 shares
    Share 4 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • ১১ আগষ্টঃ কেইটামান খবৰ

    5 shares
    Share 2 Tweet 1
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: