ভিয়েটনাম
অৰবিন্দ ৰাভা
দক্ষিণ-পূব এছিয়াত স্বচ্ছ শক্তিলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত ভিয়েটনামে নেতৃত্ব দিছে; কিন্তু ভিয়েটনামে এতিয়াও কয়লাৰ পৰা সম্পৰ্ক ত্যাগ কৰাৰ প্ৰয়োজন আছে।
জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বৰ আটাইতকৈ দুৰ্বল স্থানসমূহৰ ভিতৰত দক্ষিণ-পূব এছিয়া হ’ল অন্যতম। তথাপিও দক্ষিণ-পূব এছিয়াই ধোঁৱাময় অঞ্চলটোৰ পৰা জীৱাশ্ম ইন্ধন পৰিত্যাগ কৰাত আগ্ৰহী যেন নালাগে। কিন্তু এতিয়া এই দক্ষিণ-পূবৰেই কুঁৱলীৰ দৰে ক’লা ৰঙৰ মানচিত্ৰত ভিয়েটনামো হ’ল এক উজ্জ্বল স্থান।
২০২১ চনলৈকে চাৰি বছৰত ভিয়েটনামত সৌৰশক্তিৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ অংশ কাৰ্যতঃ একোৱেই নথকাৰ পৰা প্ৰায় ১১%লৈ বৃদ্ধি পাইছে। কেৱল পৃথিৱীৰ প্ৰায় আন ঠাইতকৈ এনেদৰে বৃদ্ধিৰ হাৰ দ্ৰুত হোৱাই নহয়, ফ্ৰান্স বা জাপানৰ দৰে বৃহৎ অৰ্থনীতিয়ে পৰিচালনা কৰাতকৈও ই অধিক বৃহৎ অংশ।
যোৱা বছৰলৈকে ভিয়েটনাম বিশ্বৰ দশম বৃহত্তম সৌৰশক্তি উৎপাদক দেশ হিচাপে পৰিগণিত হৈছিল। শক্তি পৰিৱৰ্তনৰ প্ৰতি নিজৰ দেশৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনে নৱেম্বৰ মাহত কয়লা চালিত নতুন উদ্যোগ নিৰ্মাণ বন্ধ কৰাৰ লগতে ২০৫০ চনৰ ভিতৰত নিজৰ দেশৰ নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
নিজৰ নিজৰ ধোঁৱাময় পৰিৱেশ উন্নত কৰাৰ আশা সঁচাকৈ কৰা দক্ষিণ-পূব এছিয়াৰ আন দেশসমূহে ভিয়েটনামৰ পৰা কেইটামান শিক্ষা ল’ব পাৰে। কাৰণ ২০১৯ চনৰ পৰা ভিয়েটনামৰ বায়ু ক্ষমতা আৰু সৌৰ ক্ষমতা চাৰিগুণ বৃদ্ধি পাইছে।
এই “অসাধাৰণ কৃতিত্ব” মূলতঃ ৰাজনৈতিক ইচ্ছাশক্তি আৰু বিশ্বৰ বজাৰৰ প্ৰৰোচনাৰ ফল বুলি অষ্ট্ৰেলিয়াৰ নেচনেল ইউনিভাৰ্চিটিৰ পল বাৰ্ক আৰু থাং ড’, আৰু আনসকলে কৰা এক অধ্যয়নত প্ৰকাশ পাইছে।
২০১৭ চনত চৰকাৰে সৌৰশক্তি যোগানকাৰীসকলক তেওঁলোকে গ্ৰীডলৈ ডেলিভাৰী কৰা প্ৰতিটো কিলোৱাট-ঘণ্টাৰ বাবে ৯.৩৫ আমেৰিকান চেণ্টৰ নিৰ্দিষ্ট হাৰৰ “ফিড-ইন শুল্ক” দিবলৈ আৰম্ভ কৰে, যিটো নীতি উদাৰ আছিল; যিহেতু খৰচ সাধাৰণতে ৫ৰ পৰা ৭ৰ ভিতৰত হয় প্ৰতি কিলোৱাট-ঘণ্টাত । ফলত ২০১৯ আৰু ২০২০ চনত বিভিন্ন দালান, ভৱনৰ ছাদৰ ওপৰত এক লাখ সৌৰ পেনেল স্থাপন কৰা হয়, যাৰ ফলত দেশৰ সৌৰ ক্ষমতা বৃদ্ধি পায় ১৬ গিগাৱাট। দক্ষিণ-পূব এছিয়াৰ আন আন দেশসমূহে ফিড-ইন টেৰিফৰ চেষ্টা কৰিছে যদিও ভিয়েটনামৰ দৰে হব পৰা নাই ।
ভিয়েটনামত বিদেশী বিনিয়োগকাৰীয়ে ব্যৱসায় কৰিবলৈ নীতিসমূহ একেবাৰে সহজ কৰি তোলা সংস্কাৰেও এইক্ষেত্ৰত বহুত সহায় কৰিছে। ভিয়েটনামৰ শক্তি প্ৰতিষ্ঠান ভিয়েটনাম ইলেক্ট্ৰিচিটি (evn)ৰ ঘৰুৱা উৎপাদনৰ ওপৰত একচেটিয়া অধিকাৰৰো এই নতুন সংস্কাৰী নীতিয়ে অন্ত পেলাইছে। ইয়াৰ বিপৰীতে দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশত বিদেশী বিনিয়োগকাৰীসকলে প্ৰায়ে ব্যৱসায়ৰ বাবে লবলগীয়া অতি আৱশ্যকীয় পদক্ষেপ সমূহ ৰঙা ফিটাৰে আবদ্ধ হৈ থকা দেখা পায়, আৰু সেইবোৰ দেশত ঘৰুৱা জীৱাশ্ম ইন্ধন সংস্থাসমূহৰ বিৰুদ্ধেও প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগে, যিবোৰে ৰাজসাহায্য লাভ কৰে।
কিন্তু ২০৫০ চনৰ ভিতৰত যদি ভিয়েটনামে নেট-জিৰ’ নিৰ্গমন লাভ কৰাৰ আশা কৰিছে, তেন্তে দেশখনে আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। দেশখনত শক্তিৰ চাহিদা যোৱা দশকত বছৰি প্ৰায় ১০% বৃদ্ধি পাইছে বুলি ভিয়েটনামৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান দেজান শ্বিৰাই প্ৰকাশ কৰিছে। ইয়াৰ অধিক সংখ্যক চাহিদা কয়লাৰ সহায়েৰে পূৰণ কৰা হৈছে। লণ্ডনৰ শক্তি সম্পৰ্কীয় থিংক-টেংক এম্বাৰে কয় যে ২০২১ চনলৈকে ভিয়েটনামত পাঁচ বছৰত লেতেৰা বস্তুৰ পৰা উৎপন্ন হোৱা বিদ্যুতৰ অংশ ৩৩%ৰ পৰা ৫১%লৈ বৃদ্ধি পাইছে ।
ভিয়েটনামৰ চৰকাৰে এইটোও নিশ্চিত কৰিব লাগিব যে অৰ্থনীতিৰ উত্থান অব্যাহত থাকিব লাগিব— যিদৰে কোভিড মহামাৰীৰ পূৰ্বে ই প্ৰতি বছৰে ৫-৭% বৃদ্ধি পাইছিল— আনকি দেশখনে কয়লাৰ পৰা নিজকে শক্তি যোগাই থকাৰ সময়তো।
চৰকাৰী পৰিকল্পনাকাৰীসকলে “বতাহ আৰু সৌৰশক্তি অতি দ্ৰুতভাৱে ৰেম্প আপ কৰিব লাগিব, বছৰৰ ভিতৰত, বছৰৰ বাহিৰত”, মিষ্টাৰ পল বাৰ্কে এনেদৰে কয়। তেওঁলোকে এই কাম কেনেকৈ কৰিব সেয়া এতিয়াও স্পষ্টকৈ কোৱা নাই। দশকটোত এবাৰ প্ৰকাশ পোৱা মাষ্টাৰ প্লেনখনত দেশখনে কেনেকৈ শক্তি উৎপাদন কৰিব তাৰ ৰূপৰেখা দাঙি ধৰা মাষ্টাৰ প্লেনখন ইতিমধ্যে সংশোধন কৰা হৈছে, আৰু হয়তো এই জুলাই মাহতেই প্ৰকাশ কৰা হ’ব। ভিয়েটনামৰ নবীকৰণযোগ্য শক্তিৰ পৰা আহৰণ কৰা অধিকাংশ বিদ্যুৎ বৰ্তমান জলবিদ্যুৎ বান্ধৰ পৰা আহে।
পৰিকল্পনাকাৰীসকলে গ্ৰীডটোৰ বিষয়েও বিবেচনা কৰিব লাগিব, যিটো সম্প্ৰসাৰণ আৰু উন্নীত কৰিব লাগিব যাতে ই সমগ্ৰ দেশখনকে সামৰি লয় আৰু নবীকৰণযোগ্য শক্তিৰ দ্বাৰা যোগান ধৰা শক্তিৰ মাজে মাজে হোৱা প্ৰকৃতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয়। আনকি ভিয়েটনামে বৰ্তমান উৎপন্ন কৰি থকা সকলো নবীকৰণযোগ্য শক্তি শোষণ কৰাৰ ক্ষমতাও দেশখনৰ নাই।
হানয়ৰ এজন বিশ্লেষকে কয় যে, “গ্ৰিড উন্নত কৰাটো অত্যন্ত ব্যয়বহুল হ’ব, প্ৰায় নিশ্চিতভাৱে চৰকাৰে ব্যক্তিগত বিনিয়োগ বিচাৰিব লাগিব।” কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ চিন্তিত নীতি নিৰ্ধাৰকসকলে ব্যক্তিগত খণ্ডক ডাঙৰ ডাঙৰ ট্ৰেন্সমিছন সম্পত্তি অৰ্পণ কৰিবলৈ অনিচ্ছুক। বিশ্লেষকজনে কয়, “মানসিকতা সলনি হ’ব পাৰে, কিন্তু লাহে লাহে হ’ব।” নিজৰ লক্ষ্যত উপনীত হ’বলৈ ভিয়েটনামে তেওঁলোকক খৰখেদাকৈ আগবঢ়াই নিব লাগিব।
16-07-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)