–মানস প্ৰতিম কলিতা |
দালালি বন্ধ হ’ব লাগে। দালালবোৰক গ্ৰেপ্তাৰ কৰিব লাগে। সোপাকে কালাপানীলৈ এত্তিয়াই নিৰ্বাসন দিব লাগে। দালালেই খাই পেলালে সোণৰ অসম, হীৰাৰ ভাৰতখন।
পিছে, দালাল কোন?
দালাল বোলোতে আমাৰ গাঁৱৰ, চুবুৰীৰ অষ্টম, নৱম শ্ৰেণীলৈ পঢ়া, খুব বেছি মেট্ৰিক পাছ, ধদুৱা, পালোৱান চেহেৰা কেইটামানেই মনলৈ আহিছে নিশ্চয়! নাহিবনো কিয়? ডকা হকা দি, গাঁৱৰ অজলা খেতিয়কক ফুচুলাই বিঘা একলাখত কিনি কোনো হিন্দীভাষী শেঠক পঞ্চাশ লাখত বিক্ৰী কৰিলে কোনেনো সহ্য কৰিব? এতেকে, উচিত কামকেই কৰিছে চৰকাৰে। ( ইনকে লীয়ে তালি বজটি ৰেহনী চ্ছাহিয়ে! )
হেৰি নহয়, অ’লাৰ নাম শুনিছে? য়ুবাৰৰ? ৰেপিড’ ? অয়ো? স্বীগী? জমেট’? বম্বে ষ্টক এক্সেইনজ?
গাড়ী তোমাৰ, ড্ৰাইভাৰ তুমি, টায়াৰৰ খৰছ তোমাৰ, পেট্ৰ’ল ডিজেল তোমাৰ, ইঞ্চিয়ৰেন্স তোমাৰ। মাজতে কাষ্টমাৰ আৰু তোমাৰ মাজত সংযোগ স্থাপন কৰাই দিয়াৰ বাবদ আধা পইচা মোৰ। নমস্কাৰ মোৰ নাম অ’লা। খানা তোমাৰ, ৰান্ধিবা তুমি, ঘৰত দি থৈ আহিব তোমালোকৰেই কোনোবাই। মাজতে মোৰ কমিশ্যন। নমস্কাৰ মোৰ নাম স্বীগী।
নব্য উদাৰবাদী অৰ্থনীতি মানে মধ্যভোগীৰ লুটনৰ চৰকাৰী লাইচেন্স। ইয়াত এজনেই ঈশ্বৰ। মধ্যভোগী। মিডিয়েটৰ। এই হীৰাৰ দেশখনত ‘সেৱাখণ্ড’ত মধ্যভোগী বিনে গতি নাহি আৰ। কথা হ’ল, গাঁৱৰ নদাই ভদাইৰ দালালিয়ে বৃহৎ আৰু একচেটিয়া পুঁজিৰ বাটত অকণ অকণ বাধাৰ সৃষ্টি কৰিছে। এইবোৰ আতৰ কৰিব লাগে। বৃহৎ পুঁজি অসমলৈ আহি আছে। ইয়াৰ বাবে ভূমি আবন্টন দিব লাগে, ৰাজহ বিভাগৰ বিভিন্ন বেমেজালি সোনকালে আতৰ কৰিব লাগে। আদানি আহি যদি আৰু গাঁৱৰ দালালবিলাকৰ লগত ‘ডীল’ কৰি থাকিবলগীয়া হয়, ধমক খাব। সেয়েহে বিভাগটোৰ ‘আধুনিকীকৰণ’ আৰু ‘আপদ আতৰ’ অভিযান চলিছে। ৰাইজেও ভাল পাইছে। পাবৰে কথা। দালালৰ ক্ষেত্ৰত ভকেল ফৰ লোকেল নচলে হ’ব পায়। চুলাই মদ ছেই ছেই, ব্লেণ্ডাৰছ প্ৰাইড আহ, আহ !
পিছে, গাঁৱৰ নদাই ভদাই বাৰু আতৰ হ’ব, তাৰ ঠাই লবহি ভূমি কিনা বেচা কৰা ব্যক্তিগত খণ্ডৰ বিভিন্ন ফাৰ্মে, মানে ছুট টাই পিন্ধা, কৰ্পৰেট দালালে। মাত্ৰ সিহঁতে ইংৰাজীত কথা ক’ব। এটিকেট ফলো কৰিব।
হাতীচোৰ আগে আগে যায়, বেঙেনা চোৰক ধৰি কিলায়।।