– ডা° সুকৃতি চৌধুৰী |
কেইদিনমান আগতে মোৰ ইউ পি ৰ এগৰাকী বান্ধৱীৰ সৈতে এটা কথাত ঘোৰ তৰ্ক হৈছিল৷ তাই অলপ ঠাট্টা কৰাৰ দৰে ক’লে : তহঁতৰ অসমততো কোন বয়ফ্ৰেণ্ডে মুৰত দা মাৰি দিব, ভয়েই লাগে৷ তাইক মই খং কৰিলো৷ তাইয়ো দহবাৰমান ক্ষমা খুজিলে৷ বিষয়টো অন্ত হ’ল৷ কিন্ত…..
আজি কেইদিনমান ধৰি মই আন এটা কথাত খঙত কঁপি আছো৷ ঘটনাটো এনে আছিল…
স্বামীৰ মৃত্যুৰ দুবছৰ হোৱা এগৰাকী নাৰী৷ মই বৰ্ণনা নিদিলেও সকলোৱে জানে যে এই অৱস্থাত এগৰাকী নাৰীৰ কি মানসিক অৱস্থা হয়৷ তেওঁৰ বয়স এইবাৰ ৩৫ বছৰ৷ কোলাৰ সন্তানটোক স্কুলত দিয়াৰ বয়স এইবছৰ হৈছিল যদিও কোভিদৰ বাবে সম্ভৱ হোৱা নাই৷ নাৰী গৰাকীয়ে অসম চৰকাৰৰ কোনো এটা অফিচত কেৰাণী চাকৰি কৰে৷ তেওঁৰ স্বামীও একে অফিচৰে কেৰাণী আছিল৷ কিন্তু দুদিন জ্বৰতেই তেওঁৰ অকাল মৃত্যু হ’ল৷ ইয়াৰ পিছত নাৰী গৰাকীৰ কি দুৰ্দশা হ’ব পাৰে সেয়াও বৰ্ণনা নকৰো৷ সকলোৱে উপলব্ধি কৰা কথা৷ কিন্ত এটা কথাই যোগ দিম যে এই নাৰী গৰাকীৰ দৰে সৰল-সহজ, অ’তি মৰমীয়াল, উদাৰ আৰু সংসাৰৰ বেছি আওভাও নোপোৱা মানুহ মোৰ জীৱনত দ্বিতীয় এগৰাকী পোৱা নাই৷ স্বামীয়েও তেওঁক খুউব মৰম কৰিছিল আৰু বাহিৰৰ পৃথিৱীখনৰ একো কৰিবলৈকে দিয়া নাছিল৷ এতিয়া যেন তেওঁ তপ্ত বলুকাৰে খোজ কাঢ়ে৷ দিনবোৰ গৈ আছিল……কিন্ত আজি অলপ দিনৰ পৰা নাৰীগৰাকীক এজন পুৰুষে এইদৰে অত্যাচাৰ কৰা আৰম্ভ কৰিছে যে শুনিলে খঙত আপোনাৰো কিবা লাগি যাব…
পুৰুষজন আছিল মৃত স্বামীৰ মোমায়েকৰ ফালৰ দুৰ সম্পৰ্কীয়৷ অহ্ , এইখিনিতে কৈ থওঁ, নাৰীগৰাকী শহুৰেকৰ ঘৰৰ পৰা ৫০ কিলোমিটাৰমান নিলগৰ সৰু টাউনখনত থাকি চাকৰি কৰে৷ বিভাগীয় কোৱাৰ্টাৰত তেওঁৰ কণমানিটো আৰু এগৰাকী সহায়কাৰী মহিলাৰ সৈতে থাকে৷ এতিয়া মূল কথালৈ আহো……
এই পুৰুষজনে নানা বাহানাৰে নাৰীগৰাকীৰ কোৱাৰ্টাৰলৈ অলপ-দিনৰ পৰা আহ-যাহ কৰিবলৈ লয়৷ সৰু-সুৰা ইটো-সিটো সহায়ো কৰি দিয়ে৷ নাৰীগৰাকীয়ে বিশেষ একো ভবা নাছিল৷ পুৰুষজনে কিন্ত চাকৰি বা ব্যৱসায় নকৰে দেই৷ কিবাকিবি এজেন্সী কৰে আৰু এটা চৰকাৰত নথকা ৰাজনৈতিক দলৰ যুৱ শাখাত লাগি ফুৰে৷ আচৰিত কথাটো হ’ল তেওঁৰ পকেটত প্ৰায়েই এটা পিস্তলো লৈ ফুৰে৷ বৈধ নে অবৈধ অস্ত্ৰ সেয়া ঈশ্বৰেহে জানিব৷ তেওঁ যদিও একো নকৰে কিন্ত টু হুইলাৰ আৰু ফ’ৰ হুইলাৰ চলাই ভাল কাপোৰ-কানি পিন্ধি যথেষ্ট ষ্টাইলত চলে৷ …..অলপ দিন আগতে ভীষণ অসুস্থ হোৱাৰ বাহানাৰে পুৰুষজন নাৰীগৰাকীৰ কোৱাৰ্টাৰলৈ আহিলে৷ মানে পুৰুষজনৰ গাওঁখনৰ পৰা নাৰীগৰাকী থকা টাউনৰ ডাক্তৰক দেখুওৱাবলৈ আহিছিল৷ পুৰুষজনৰ মাকে নাৰীগৰাকীক ফ’ন কৰি তেওঁক যাতে এৰাতি আশ্ৰয় দিয়ে সেয়া অনুৰোধ কৰিলে৷ অত্যন্ত সৰল আৰু উদাৰমনা নাৰীগৰাকীয়ে পুৰুষজনক তেওঁৰ কোৱাৰ্টাৰত আলহী কৰি ৰাখিলে৷ পুৰুষজনৰ চিকিৎসা চলিল৷ তেওঁ কিন্ত কেইবাদিনো থাকিল৷ এইদৰে তেওঁলোকৰ মাজত আৰু মুকলিকৈ কথা হোৱা হ’ল৷ ….কিন্তু তাৰ পিছৰ পৰা আৰম্ভ হৈ গ’ল পুৰুষজনৰ দাদাগিৰি…..নাৰীগৰাকীক আসৈ পাই নাম কাঢ়ি আৰু তই বুলি মাতিবলৈ ল’লে…..“ঐ তোৰ ঘৰত কাকো আহিব নিদিবি“…..ঐ তই বজাৰ কিয় গৈছিলি…..ঐ চাবি তই যদি কাৰোবাক ফ’ন কৰ…..ঐ তই মোৰ হৈ থাকিব লাগিব নহ’লে তোক কি কৰিম চাবি”…….মদ খাই উঠি ওৰে ৰাতি গালি-শপনি পাৰে……..অসভ্যালিৰ সকলো সীমা তেওঁ পাৰ কৰিলে…..
ইয়াৰ পিছত আৰম্ভ হ’ল ব্লেকমেইল কৰা…….“তই যদি আজি ৰাতি তোৰ ঘৰত থাকিব নিদিয় মই তোৰ ঘৰৰ আগত মদ খাই চিঞৰিম৷ মই চাম তোৰ ইজ্জত ক’ত থাকে”….
উপায় নাপাই এদিন আকৌ ৰাতি আশ্ৰয় দিলে৷ কিন্তু নাৰীগৰাকীৰ সৈতে তেওঁৰ কোনো যৌন সম্বন্ধ হোৱা নাছিল৷ মানে নাৰীগৰাকী এই ক্ষেত্ৰত সাৱধান হৈ নিজৰ ৰূমত দুৱাৰ বন্ধ কৰি সোমাই থাকিছিল৷ তাতে ঘৰুৱা সহায়কাৰী মহিলা গৰাকী আৰু কণমানি সন্তানটো আছিলেই৷
ইতিমধ্যে এই পুৰুষজনে নাৰীগৰাকীৰ পৰা আজি ৫০০ কাইলৈ ১০০০ কৰি কৰি বহু হাজাৰ টকা সৰকাইছিল৷
তাৰপিছত—–
নাৰীগৰাকীয়ে স্বামীৰ দুবছৰীয়া শ্ৰাদ্ধ কৰিবলৈ শহুৰৰ ঘৰলৈ আহিল৷ পুৰুষজনৰ ফ’ন আহিল—“তই কাক সুধি গিৰিয়েৰৰ ঘৰলৈ গ’লি? শ্ৰাদ্ধ কৰিব নোৱাৰ৷ কোৱাৰ্টাৰলৈ ঘুৰি আহ৷“ —-ওৰে ৰাতি বাৰে বাৰে ফ’ন কৰি অশ্ৰাব্য গালি-গালাজ দি থাকিল৷ শেষত অসহ্য হৈ নাৰীগৰাকীয়ে টানকৈ ক’লে৷ লগেলগে পুৰুষজন জাঙুৰ খাই উঠিল৷ তেওঁ –“তোক থিকচে দিম ৰহ“ বুলি মটৰ চাইকেল দৌৰাই নাৰীগৰাকীৰ শহুৰৰ ঘৰৰ ওচৰলৈকে গৈ উঠিল৷ “ঐ তই ওলাই আহিবি নে তোৰ শহুৰৰ ঘৰৰ আগত চিঞৰি বেইজ্জত কৰিম”——-সন্মান হানি হোৱাৰ ভয়ত মহিলাগৰাকী গেটৰ বাহিৰলৈ আহি ঠিয় দিওঁতে পুৰুষজনে এপাত কাণতলীয়া চৰ শোধালে আৰু অধিক মাৰ-পিট কৰাৰ ভয়ত মহিলাগৰাকী ভয়তে দৌৰি ঘৰৰ ভিতৰ সোমাল৷ তেনেতে বৃদ্ধ শহুৰেক ওলাই আহিল আৰু পুৰুষজন গ’লগৈ…..
ইয়াৰ পিছত নাৰীগৰাকীয়ে পুৰুষজনক ফ’নত ব্লক কৰি দি সাৱধানে আছে যদিও তেওঁ মানসিকভাৱে অস্থিৰ হৈ পৰিছে৷ সন্মানহানিৰ ভয়ে তেওঁক প্ৰতিপলে খুলি খাইছে৷ তেওঁ এটাই ভুল কৰিলে যে পুৰুষজনৰ মাকৰ কথাত তেওঁক দুদিনমান আলহী কৰি ৰাখিলে আৰু যথেষ্ট উদাৰতাৰে বন্ধুত্বসুলভ ভাৱে কথা ক’লে৷ মৰমেৰে টকাও ধাৰ দিলে৷
মহিলা গৰাকীৰ নিজৰ কোনো ভাই-ককাই নাই যি আহি পুৰুষজনক ধমকি দিব পাৰে৷
শ্ৰদ্ধাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোককেই সুধিছো, সমাজত নিজৰ সন্মান হানি নোহোৱাকৈ নাৰীগৰাকীয়ে এই অত্যাচাৰী দানৱৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰিব?