দিনলিপি
হানিদ ৰঞ্জন ভূঁঞা
যোৱা বছৰৰ ডিচেম্বৰ মাহৰ কথা। সহকৰ্ম্মীৰ সতে বনভোজৰ আচিলাত পৰশুৰাম কুন্দলৈ যোৱাৰ সুযোগকণ পাইছিলো ।যাৱতীয় যা-যোগাৰ কৰি ইং ১১-১২-২০২১ তাৰিখে পুৱা ৬:৩০ মান বজাত ডিব্ৰুগড়ৰ পৰা এখন বাছেৰে অৰুণাচল অভিমুখে ৰাওনা হৈছিলো।
নামচাইৰ মসৃণ পথেৰে প্ৰায় তিনিঘন্টামানৰ যাত্ৰাৰ শেহত ৱাক্ৰ নামৰ অঞ্চলটোত উপনিত হওগৈ। ড্ৰাইভাৰে একেকোবে খৰস্ৰোতা নৈৰ থিয় গৰাৰ কাষৰ বনভোজস্থলীত বাছখন ৰখাই নিজৰ দায়িত্ব সামৰিলে। আমাৰ দৰে ঘৰগোণা দুই এজনৰ বাদে সৰহসংখ্যকেই এইবিলাকত কাহানিবাই ফুৰি চাকি গৈছে। দুই একে কথা পেলাব নোৱাৰিহে আহিছিল , অন্তত কাৰ্য্যালয়ৰ দৈনিক ব্যস্ততাক বাদ দি ক্ষন্তেক প্ৰকৃতিৰ আমেজ লব পাৰিব ।
পিছে আগভাগ লোৱা কেইটাৰ দিনটো বৰ আমোদজনক নহল। বনভোজস্থলীত ভৰি দিয়েই প্ৰথম কামটো আছিল দলটোৰ লগত যোৱা ৰান্ধনিৰ বাবে ঠাই এদোখৰ ঠিক কৰি দিয়া । কিন্তু পাহাৰৰ পৰা ইমানেই প্ৰচন্দ বতাহ বলিছিল যে লগত নিয়া টাৰপোলিনেৰে কেম্প তৰিবলৈ গৈ নিজেও বতাহত উৰি যাম যেন লাগিছিল। বেচেৰা ৰান্ধনিকেইটাই দহদালমান জুইশলাৰ কাঠি খৰচ কৰি শেহত গেছৰ বাৰ্নাৰকেইটা জ্বলালেহে হয়, চাহৰ বাবে কেটলিত পানী উতলে মানে আধাঘন্টা ওকলিল।
বোলো এই কথাই কথা নহয়, সন্ধিয়ালৈ আধাসিজা ভাত দাইল চোৱাইহে খাব লাগিব হয়তো। পিলিঙা কেইটাৰ কথা সুকীয়া, আমিবোৰে ল’ৰাপোৱালি লৈ আহিছো যেতিয়া দিনে পোহৰে খুৱাই মেলি সামৰিব লাগিব। তাতে বয়সস্থ কেইজনে সন্ধিয়া ভাওনাৰ বচন আওৰাব লাগিলে কাহিনী গৈ হেডকোৱাৰ্টাৰ পাবগৈ। কনিষ্ঠ সহকৰ্ম্মী এজনে সুধি মেলি ওখ অংশত অৱস্হিত এলানি পকাৰ ঘৰৰ মাজত এটা পৰিত্যক্ত কোঠালি বিচাৰি পালে, ওচৰতে পানীৰ সুবিধাও আছিল।
আৰ্জিলো যেতিয়া ভূঞ্জিব লাগিব বুলি গেছৰ চিলিন্দাৰৰ পৰা আৰম্ভ কৰি চাউলৰ বস্তালৈকে কঢ়িয়াই নি নতুন গৃহপ্ৰৱেশ কৰি পাতনি মেলোতে এবেলা গ’ল। সকলো থানথিত লগাই শেহত যেনিবা সপৰিবাৰে মিচিমি পাহাৰক সাক্ষী কৰি ফটো দুখনমান তুলিলো। তেতিয়ালৈকে চেহেৰাত বেহেৰাৰ স্পষ্ট আভাস ফূটি উঠিছিল। দলঙৰ ওপৰৰ পৰা কৰযোৰ কৰি দেও পৰশুৰামক জনালো দায়দোষ ক্ষমিবা ।
দলঙৰ তলেৰে কোবাল ধাৰাৰে বৈ গৈছিল লোহিত নদী। তাৰ পৰা চূণপোৰালৈকে মিলিত হৈছে উত্তৰ দিশেৰে কুন্দিল,দিগাৰু,পায়া আৰু দক্ষীণ দিশেৰে ন-দিহিঙ আদি কেইবাখনো উপনৈ । আগলৈ ধলা চৈখোৱাৰ ওচৰত দিবাঙ নদীৰ সৈতে মিলি বৈ গৈছে মহাবাহু ব্ৰক্ষ্মপুত্ৰ নামেৰে। এনে দুৰ্গম এলেকাত পথ-দলঙ নিৰ্মাণ সাধাৰণ কথা নহয় কিন্তু। লৌহিত্যৰ পানীত অৱস্থিত বিশাল শিলাখন্দক লৈ যি জনবিশ্বাস সেয়া সকলোৰে জ্ঞাত।
মাতৃহত্যা পাপৰ পৰা মুক্তিৰ বাবে এই অঞ্চলত উপনিত হৈছিল ভগৱান বিষ্ণুৰ অৱতাৰী পুৰুষ পৰশুৰামে। আৱদ্ধ হৈ থকা বিশাল জলধাৰা যি নামাংকীত হৈছিল ব্ৰক্ষ্মকুন্দ হিচাপে, সেয়া পৰশুৰামে নিজৰ কুঠাৰেৰে পাৰত খন্দিত কৰি মুকলি কৰি দিছিল। সেই বৈ যোৱা জলধাৰাত স্নান কৰি পাপমুক্ত হোৱাৰ ফলত পৰশুৰামৰ হাতৰ পৰা পিছলি পৰিছিল শাপগ্ৰস্থ কুঠাৰখন। নদীৰ বুকুত বাওকাষে অৱস্থিত সুবিশাল শিলাখন্দ হেনো সেই কুঠাৰখনৰে অন্য এক ৰূপান্তৰ মাথো।
অসমৰ পুণ্যতীৰ্থ সমুহৰ ভিতৰত অন্যতম এই স্থান। অতীজৰে পৰা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা অগণন সাধূ-সন্যাসীৰ পদব্ৰজে আগমণ ঘটিছিল এই গিৰিভূমিলৈ। স্হানীয় মিছিমি সকলেও এসময়ত বিশেষ মান্যতা প্ৰদান কৰিছিল এই জলকুন্দক। সেইদিনা আমাৰ লগত অহা দুজন জ্যেষ্ঠ কৰ্ম্মচাৰীয়েও (তাৰে এজন অৱসৰপ্ৰাপ্ত ) স্বৰ্গগামী পিতৃ-মাতৃৰ আত্মাৰ শান্তিৰ বাবে সেই শিলাখন্দৰ কাষত স্নান কৰিছিল। ব্ৰক্ষ্মাদেৱৰ পুত্ৰ এই বক্ষ্মপুত্ৰ। ৰক্তবৰ্ণৰ জলৰাশিৰ বাবে অন্য এক প্ৰচলিত নাম লোহিত্য বা লুইত।
অসম অৰুণাচল সীমাৰ পাহাৰসমুহত সিচৰিত পীঠস্থান সমুহত এনেধৰণৰ জনশ্ৰুতি যুগ যুগ ধৰি প্ৰচলিত হৈ আছে। একালত প্ৰাচীন চুতীয়া ৰাজ্যৰ অন্তৰ্গত এই দুৰ্গম অঞ্চলসমুহত প্ৰকৃতিকেন্দিক বলিবিধান সম্বলিত পূজাপাতলৰ সমান্তৰালভাৱে হিন্দুধৰ্মীয় দেৱদেৱীৰ উপাসনাইও প্ৰসাৰতা লাভ কৰিছিল। ঐতিহাসিক তথ্যৰ ভিত্তিত দেখা যায় অনুমানিক খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ মাজভাগৰ অসমভীন্ন নামৰ চুতীয়া নৃপতিয়ে নিজৰ সাতজন ভ্ৰাতৃৰ সৈতে কাাশিৰ ফালৰ অহা এজন ব্ৰাহ্মণ পন্দিতৰ দ্বাৰা হিন্দুধৰ্মত দিক্ষীত হৈছিল।
প্ৰাচীণ ও মধ্যযূগৰ অসমৰ ৰাজনৃপতি তথা সামন্তনেতাসকল হিন্দুধৰ্মত দিক্ষীত হোৱাৰ লগে লগে কেতবোৰ আখ্যাণ বা জনশ্ৰুতি প্ৰাণৱন্ত হোৱাৰ অলেখ উদাহৰণ পোৱা যায় । ইতিহাসে ঢূকি নোপোৱা সময়ৰে পৰা মানৱসমাজত ঠাইভেদে এনে অলেখ জনশ্ৰুতিৰ সংযোজন হৈছিল ,কেতিয়াবা যদি ধৰ্মীয় আখ্যানৰ ৰূপত নতুবা কেতিয়াবা গীত মালিতাৰ মাজেৰে ,আৰু কম বেছি পৰিমানে সেয়া বৰ্তমানেও বিৰাজমান।
কিন্তু পুৰাতন আখ্যানবোৰে মণ আছন্ন কৰি ৰখাৰ মাজতে কিছুমান ঘটনাৰাজি যোৱা শতিকাটোৰ আশে পাশে ঘটি গৈছে। যিবিলাকৰ সন্দৰ্ভত আমাৰ মা়জত চৰ্চ্চা তেনেই তাকৰ। মনলৈ এনে ভাৱ অহাৰ কাৰণটো হ’ল যাত্ৰাৰ কিছুদিন পুৰ্ব্বে পৰশুৰামকুন্দৰ বিষয়ে ৱাকিপেডিয়াত কিছু তথ্যৰ দৃষ্টিগোচৰ হৈছিল। উক্ত তথ্যনুসৰি ১৯৫০চনৰ ভুমিকম্পৰ ফলত এলানি ভৌগোলীক পৰিৱৰ্তন সংঘটিত হৈছিল হেনো এই পৰশুৰাম কুন্দত। সমগ্ৰ অসমৰ তুলনাত শদিয়াৰ আশে পাশে মিচিমি পাহাৰ আৰু কাষৰীয়া নদীসমুহত তাৰ ব্যাপক প্ৰভাৱ পৰিছিল। বৰভুইকপৰ প্ৰকোপত কুন্দৰ মূল শিলাখন্দ সোমাই গৈছিল হেনো। তাৰ স্থানত আন এডোখৰ আকাৰত কিছু সৰু শিলাখন্দৰ আৰ্ৱিভাৱ হৈছিল । আমি প্ৰত্যক্ষ কৰা ডোখৰ নতুনকৈ নিৰ্গত হোৱা। পুৰ্ব্বৰ শিলাখন্দ পাহাৰসম আছিল হেনো, কিন্তু যি বুজিলো সঠিক তথ্য পোৱাটো কঠিন।
বনভোজ স্থলিৰ পৰা উভতাৰ পিছত দুমাহমানলৈ দৈনন্দিন কাৰ্য্যালয়ৰ ব্যস্ততাই সকলো পাহৰাই দিছিল। এনেতে এদিন বায়ডাৰভাৰচিটি লাইব্ৰেৰী নামৰ (www.biodiversitylibrary.org) এটা অনলাইন চাইটত এখন পুৰনি ইংৰাজী পুথিৰ পি.ডি.এফ. ফাইল এটা পাই ডাউনলদ কৰি চালো। মোবাইল এপ’যোগে লুটিয়াই মেলি যি বুজিলো এয়া উইলিয়াম গ্ৰীফিট(১৮১০-১৮৪৪) নামৰ ইংৰাজ বিষয়া এজনৰ অসম ভ্ৰমনৰ কাহিনী। তেখেতৰ মৃত্যুৰ পিছত ১৮৪৭ চনত প্ৰকাশিত জাৰ্ণেল অব ট্ৰেভেলচ ইন আচাম, বাৰ্মা, বুটান(ভূটান) ,আফগানিস্তান এন্দ নেইগবাৰিং কাউনট্ৰিচ (Journals of Travels in Assam, Burma, Bootan, Affghanistan and the Neighbouring Countries) নামৰ এখন জাৰ্ণেলত গ্ৰীফিট চাহাবৰ অভিযানৰ সৱিশেষ বিৱৰণ সন্নিৱিষ্ট হৈছিল।
ইষ্ট ইন্দিয়া কোম্পানীৰ তৰফৰ পৰা উন্নত মানদণ্ডৰ বনৰীয়া চাহপাতৰ সন্ধানত অসমলৈ আগমন ঘটিছিল উইলিয়াম গ্ৰীফিটৰ। একেধাৰে চিকিৎসক, প্ৰকৃতিবিদ আৰু উদ্ভিদবিদজনে চাহপাতৰ লগতে অসমৰ অৰণ্য সমুহত অন্যান্য মূল্যৱান উদ্ভিদৰ নমুনা সংগ্ৰহ কৰিছিল। তাৰ লগতে যুগুত কৰিছিল এক ভৌগোলিক বিৱৰণ। তেখেতৰ দিনলিপিত ১৮৩৫ চনৰ চেপ্তেম্বৰ মাহত খাচীয়াপাহাৰৰ পৰা আৰম্ভ কৰি ১৮৩৬ চনৰ ফেব্ৰুৱাৰী মাহত উজনি অসমৰ ভূখন্দত প্ৰৱেশ কৰাৰ বিৱৰণ পোৱা যায়।
উত্তৰ-পুৱ ভাৰতৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত পুংখানু-পুংখভাৱে অধ্যয়ন কৰাৰ ক্ষেত্ৰত হয়টো গ্ৰীফিতেই বাটকতীয়া আছিল। উল্লেখযোগ্য যে তেখেতে যাত্ৰাপথত ডিব্ৰু নৈৰ পাৰৰ মটক ৰাজ্যৰ ৰাজধানী ৰঙাগড়াৰ আশে পাশে কিছুদিন পৰিভ্ৰমণ কৰিছিল। উক্ত সময়ছোৱাত মটক ভুখন্দৰ অধিপতি বৰসেনাপতিৰ ওচৰত কিছুদিন আতিথ্য গ্ৰহণ কৰি শদিয়ালৈ উজাই গৈছিল। হয়তো বাৰিষাৰ দিনকেইটা শদিয়াতে কটাই অক্টোবৰ মাহত চুনপোৰাৰ মাজেৰে ন-দিহিঙেদি নাৱত পাৰ হৈ চিংফৌ , খামতি আৰু মিচিমি গাঁওবোৰত ওলাইছিলগৈ। তেখেতে ইতিপুৰ্ব্বে ১৮২৩ চনত উজনি অসম পৰিভ্ৰমণ কৰা ৰব্ৰাট ব্ৰুচৰ তথ্যৰ ভিত্তিত বনৰীয়া চাহৰ নমুনা পৰীক্ষণ কৰিছিল। জিংচা নামৰ এখন মিচিমি গাওৰ পৰাই ব্ৰক্ষ্মকুন্দৰ আশে পাশে বনৰীয়া ফূল-পাতৰ লগতে চৰাই, সৰৃসীপ আদিৰ নমুনা সংগ্ৰহ কৰিছিল।
সেইজন গ্ৰীফিট চাহাবে ১৮৩৬ চনৰ ২২ অক্টোবৰৰ দিনলিপিত তেতিয়াৰ ব্ৰক্ষ্মকুন্দৰ গভীৰ জলধাৰাৰ মাজত ৫০ ফূট ওখ শিলাখন্দ প্ৰত্যক্ষ কৰাৰ স্পষ্ট বিৱৰণ দিছিল। এই যাত্ৰাত দুজন মিছিমি মুখীয়ালে তেঁওক সহযোগ আগবঢ়াইছিল। তেখেতে নিজৰ ডায়েৰীত লিখিত বিৱৰণৰ লগতে এলানি নিজে অঁকা চিত্ৰ সংলগ্ন কৰিছিল। সেইসময়ত অন্যান্য ইউৰোপীয়ান ভ্ৰমণকাৰীৰ দৰে গ্ৰীফিট চাহাবেও যিমানদুৰ সম্ভৱ ৱাটাৰ কালাৰ(watercolor) প্ৰয়োগ কৰিছিল।
লোহিত্যই ভৈয়ামলৈ ধাপলি মেলা অংশত সৃষ্টি হোৱা কুন্দটোৱেই হৈছে ব্ৰহ্মকুন্দ আৰু সেই কুন্দৰ মাজত এক পাহাৰসম শুভ্ৰ তিনিটা শৃংগযুক্ত এক শিলাখন্দ। গ্ৰীফিট চাহাবৰ তথ্যনুসৰি সেই শিলাখন্দৰ নাম ফকীৰ ৰক (ফকীৰ শিলা)। অসমীয়াত যোগীশিলা বুলি কব পাৰি হয়তো? গ্ৰীফিটৰ চিত্ৰসমুহৰ লগত বৰ্তমানৰ শিলাখন্দৰ ফটোৰ তুলনা কৰিলে শিলাখন্দৰ আকাৰৰ পাৰ্থক্য স্পষ্টৰূপে চকুত পৰে । গ্ৰীফিটে কুন্দত তীব্ৰ ঢলেৰে বোৱা সুঁতি দুটাক দেওপানী আৰু মৰিপানী বুলি চিহ্নিত কৰিছিল ।
তাতে অলপ খূদুৱনি থাকি গল? কিয়নো ৰয়িঙৰ ওচৰত বৈ অহা নদীখনকো দেওপানী বুলি কোৱা হয়। কিন্তু ভালকৈ লক্ষ্য কৰিলে দেখা যায় গ্ৰীফিটৰ লেখাৰ পাতনিতে মিছিমি পাহাৰৰ অঞ্চলটোৰ দ্ৰাঘীমা অক্ষ্যাংখৰ পৰিমাপ উল্লেখ কৰিছিল। বৰ্ণিত দ্ৰাঘীমা অক্ষ্যাংখৰ পৰিমাপৰ লগত গুগুল মেপৰ তুলনা কৰিলে সেয়া শুদ্ধই যেন লাগে।
তদুপৰি পৰিৱৰ্তি সময়ত মিচিমি পাহাৰ অভিযানৰ সময়ত ইংৰাজ বিষয়া সকলে প্ৰস্তুত কৰা মেপসমুহত ব্ৰক্ষ্মকুন্দক স্পষ্টকৈ চিহ্নিত কৰা দেখা যায়। সেই ব্ৰক্ষ্মকুন্দই পৰশুৰামক পাপমুক্ত কৰা জলকুন্দ, যাৰ জলৰাশিয়ে অনাদি অনন্ত কালৰ পৰাই বোৱাই আনিছে এক পুৰাতন ধাৰা। কেতিয়াবা যদি শান্তভাৱে, আন কেতিয়াবা উগ্ৰৰূপে। চিৰপ্ৰৱাহীত কল্লুধাৰাৰ দৰেই জীৱনৰ ক্ষণবোৰো পাৰ হৈ নেযায় জানো? ৰৈ যায় মাথো স্মৃতিৰ ৰেঙনি……… তাকো ধূসৰ বৰণীয়া।
[ শ্ৰীহানিদ ৰঞ্জন ভূঁঞা ,ডিব্ৰুগড় , চাবুৱা পিন-৭৮৬১৮৪, ফোন:৯১০১১৯২৮১৪]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.