– পল্লৱী কৌশিক শৰ্মা |
~ হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলোঁ মই। আচলতে কি কৰোঁ ,কি নকৰোঁ সিদ্ধান্ত এটা ল’বলৈ অসুবিধা হৈছে মোৰ । বাৰে বাৰে চকুৰ আগত হস্পিটেলৰ বেড’ত ৰঙা কম্বলখনে আৰু বেছি শেঁতা কৰি তোলা মুখ এখন আৰু গালৰ হনু দুটাৰ সৈতে গাঁতত পোত খোৱা অনুজ্জ্বল চকু এযুৰি হে ভাঁহি আহিছে ।
হাতখন দাঙি ঘড়ীটোত চকু থ’লোঁ । পৰীৰ স্কুল চুটি হ’বলৈ এতিয়াও এঘণ্টা বাকী। অংগীম কলেজৰ পৰা বাহিৰে বাহিৰে হস্পিটেললৈকে যোৱাৰ কথা। ৰাতিপুৱা সোমাই আহোতে ও এটাকো লগ নাপালো। এবাৰ লগ কৰি যাব পৰা হ’লে ভালেই আছিল! পিচে অফিচত গৈ হেড এচিষ্টেণ্টকো লগ কৰিব লাগিব! পৰীৰ মামীয়েকে অত্যন্ত জৰুৰী বুলি ফোন নকৰা হ’লে অফিচৰ ইমানবোৰ কামৰ মাজত আজি চুটি লৈ অহা কোনোপধ্যেই সম্ভৱ নাছিল।চেহ.. ! বৰ দোধোৰ মোধোৰ অৱস্থা এটাত পৰিলো!
~ খোজৰ গতিবেগ কমাই ৰিক্সা এখনকে লৈ বাছ ষ্টেণ্ডলৈ যোৱাই ভাল হ’ব বুলি মই হস্পিটেলৰ কাষতে থকা ৰিক্সা ষ্টেণ্ডটোলৈ গ’লোঁ । মোক দেখি কেইবাটাও ৰিক্সাৱালাই একেলগে চিঞৰি উঠিল… ” বাইদেউ, ক’ত যাব আহক আহক..।”
ওচৰতে যিখন ৰিক্সা পালোঁ গন্তব্য স্থানৰ কথা জনাই সেইখনতে উঠি দিলোঁ মই। পেডেল মাৰি ৰিক্সাৱালাজনে ৰিক্সাখন চলাওতে তিনিটা চকা সংযোগ কৰি ৰখা চেইন ডালে এটা অদ্ভুত শব্দ কৰি গৰজি উঠিল । যিমানেই ৰিক্সাখন আগলৈ গৈছে, সেই কেৰ-কেৰ শব্দটোৰ প্ৰাৱল্যও যেন সিমানেই বাঢ়ি গৈছে । হঠাৎ সেই কৰ্কশ শব্দটোৱে মোৰ ভাৱনাত য’তি পেলাই কান দুখনত অশান্তি দিবলৈ ধৰিলে ।
লগে লগে ইমান সময়ে মগজুত ক্ৰিয়া কৰি থকা হস্পিটেলখন , সাধাৰণ ৱাৰ্ডটোত দহ জন বেমাৰীৰ লগতে অকলে দুৱাৰ মুখলৈ চাই উদাস মনেৰে ৰঙা কম্বলখন উৰি পৰি থকা মোৰ একমাত্ৰ বেমাৰী দাদাজন, দাদাৰ দুই সন্তান.. পৰী আৰু অংগীমৰ মুখ কেইখনৰ পৰা মই বাস্তৱলৈ ঘূৰি আহিলোঁ ।
সাধাৰণতে হস্পিটেলৰ সন্মুখৰ এই পথছোৱাত অনবৰতে ভিৰ এটা লাগিয়েই থাকে । কিন্তু যান জ’টৰ সমস্যা খুব কমেই হে দেখা যায় । এইখিনিৰ ৰিক্সাৱালা কেইটাই হওঁক বা টেম্প’ চালক কেইটাই হওঁক এই ভিৰ ফালি এটা নিৰ্দিষ্ট গতিৰে লাহে লাহে তেওঁলোকৰ বাহন কেইখন আগুৱাই নিয়াত অভ্যস্ত হৈ পৰিছে ।বাছ ষ্টেণ্ড ঠিক পাও পাও হওঁতেই ৰিক্সাৱালাজনে জোৰেৰে ব্ৰেক মাৰি চলন্ত গতিত থকা ৰিক্সাখন ঠাইতে ৰখাই দিলে । বেগটো খুচৰি ৰিক্সা আৰু গাড়ীৰ ভাড়াৰ বাবে বহন কৰিব লগা সমূদায় পইচা কেইটা মিলাই থাকোতে, গমেই নাপালো মই সন্মুখত নো কি ঘটি আছে ! ৰিক্সাখন সেইদৰে ঘপহকৈ ৰখাই দিয়াত সন্তুলন হেৰুৱাই চিটটোৰ পৰা পিচলি, কৰ্ফাল খাই পৰাৰ উপক্ৰমেই হৈছিলোঁ । যেনেতেনে ৰিক্সাৱালাজনৰ ঘামেৰে জেপজেপিয়া হৈ থকা গেঞ্জিটোতে খামুচি ধৰি নিজকে পৰাৰ পৰা বচাই সন্মুখলৈ চকু দিলোঁ মই ।
~ আগত এটা বিৰাট মানুহৰ জুম আৰু সেই জুমটোৰ পৰা হুলস্থূলৰ মাজতো চিটিকি অহা এটা দুটা স্পষ্ট শব্দৰ উমান লৈ গম পালো, সেইখিনি ঠাইত কেইটামান মুহূৰ্তৰ আগতে এটা দুৰ্ঘটনা সংঘটিত হৈছে । মনটোৱে উচপিচাই উঠিল জানিবলৈ, কাৰ বা কি হ’ল ? অগত্যা ৰিক্সাখনৰ পৰা নামি জুমটোত সোমাই পৰিলোঁ মই ।
~ এজনী বুঢ়ী.. (দেখাত ভীক্ষাৰী যেনেই অনুমান হ’ল) মলিয়ন কাপোৰ এসাজেৰে ,আউলি বাউলি মৰাপাট হেন চুলি একোচাৰে কান্দি কান্দি এখন মাৰ্চিডিজ ব্ৰেণ্ডৰ গাড়ীৰ তলত পৰি আছে । ড্ৰাইভাৰজনে পিছলৈ নাচাই গাড়ী ঘূৰাওতেই বুঢ়ী চকাৰ তলত সোমাল । ভাগ্যে মহতিয়াই নিনিলে । এজন সচেতন যুৱকৰ চিঞৰ বাখৰত বুঢ়ীৰ ভৰিৰ ওপৰত গাড়ীখন উঠোতেই ড্ৰাইভাৰজনে গাড়ীখন ৰখাবলৈ সক্ষম হ’ল ।
ড্ৰাইভাৰজন পলাবলৈ উদ্যত হৈছিল যদিও,সফল নহ’ল সি । গাড়ীৰ মালিকে ৰিক্সাতে উঠাই বুঢ়ী গৰাকীক হস্পিটেল নিয়াৰ ব্যৱস্থা কৰিলে । পিছে তাত গোট খোৱা মানুহবোৰে প্ৰতিবাদ কৰাত অৱশেষত চোচোৰাই মেলি সেই দামী গাড়ীখনতে যেনেতেনে বুঢ়ীক উঠোৱা হ’ল । মই ও সহায় কৰো বুলি আগবাঢ়ি গৈছিলো যদিও ,প্ৰচণ্ড আঘাটত গাৰ কাপোৰতে মল-মূত্ৰ ত্যাগ কৰা মানুহৰাকীক চুবলৈ মনটোৱে যেন বাধা দিলে মোক । বুঢ়ীৰ ফালে আগবঢ়াই দিয়া মোৰ হাতখন আপোনা আপুনি কোচ খাই আহিল ।সেইখিনিতে অনুভৱ কৰিলোঁ… ” এয়া , মানৱতা নামৰ অনুভূতিটোৰ মৃত্যু ঘটালোঁ মই এই মুহূৰ্তত।”
মানুহগৰাকীক সহায়ৰ হাতখন আগবঢ়োৱা মোৰ জানো কৰ্তব্য নাছিল ? কিন্তু কিয় নোৱাৰিলোঁ মই তেনে কৰিব? আজি সেই দুৰ্ভগীয়া মানুহগৰাকীৰ ঠাইত মই নিজেই যদি এইদৰে গাড়ীৰ চকাৰ তলত পৰি থাকিলো হয়!
~ বেগটো খুচৰি পইচা কেইটামান বিচাৰিলোঁ তাকেই দি সহায় কৰোঁ বুলি । গাড়ীৰ ভাড়াটো বাদ দি অতিৰিক্ত বিশটকাহে হাতত আছিল । সেইকেইটাৰে এপাচি শাকত এটা জলকীয়াৰ দৰে দিয়াৰ নামটো কেনেকৈ কৰোঁ ? মই ভাবি চিন্তি থাকোতেই মানুহগৰাকীকক গাড়ীখনত উঠাই ড্ৰাইভাৰজন হস্পিটেল অভিমুখে ৰাওনা হ’ল । গাড়ীখন যোৱালৈ চাই ভিৰৰ মাজৰ পৰা কোনোবা এজনে তাচ্ছিল্য পূর্ণ হাঁহি এটাৰে অশ্লীল শব্দ এটাৰ প্ৰয়োগেৰে কৈ উঠিল .. ” অ’ই (…..) ভীক্ষাৰী বুঢ়ীৰ ভাগ্য চা না বে ।মাৰ্চিডিজত উঠিহে হস্পিটেল যায় ।”
~ ৰিক্সাৱালাজনক প্ৰাপ্য ধন কেইটা আদায় দি মই পেচেঞ্জাৰৰ অপেক্ষাত ষ্টাৰ্ট দি হৰ্ণ বজাই বজাই ৰৈ থকা লাইন বাচ এখনত খৰখেদাকৈ উঠি ল’লোঁ আৰু খিৰিকীৰ কাষৰে খালি চিট এটা দেখি তাতে বহি পৰিলোঁ । চোকা ৰ’দ এজাক খিৰিকীৰ আইনা ভেদি মোৰ মুখতে পৰাত, হাতত থকা বেগটো মূৰৰ ওপৰত দাঙি ধৰি বাচখন চলালে অপেক্ষা কৰি ৰ’লোঁ । বাচৰ ভিতৰতো বুঢ়ী গৰাকীৰ এক্সিডেন্টৰ ঘটনাটো মুখ্য আলোচ্য বিষয় হৈ পৰা পৰিলক্ষিত হ’ল। কোনোৱে গাড়ীখন বুঢ়ীগৰাকীৰ গাতে উঠিল বুলিয়েই ক’লে । কোনোৱে আকৌ মুৰ ফাটি তেজৰ নৈ বোৱাৰ অতিৰঞ্জিত বৰ্ণনা কৰিলে। কোনোৱে বুঢ়ীয়ে টকা দাবী কৰাৰ অভিপ্ৰায় মনত ৰাখি জোখতকৈ বেছি একটিঙ কৰা বুলিয়েই কাৰোবাক বুজোৱা শুনিলো ।
মুঠতে সেই অলপ সময়ৰ ভিতৰতে বিচিত্ৰ মানুহৰ, বিচিত্ৰ মনৰ পৰিচয় পালোঁ মই । কোনোবাই যদি ঠাইতে মানুহগৰাকী ঠাইতে নিহত হ’ল বুলিও ক’লে হয় , তাতো আচলতে আচৰিত হ’ব লগা একো নাছিল মোৰ বাবে ।
~ যথা সময়ত গন্তব্য স্থানত উপস্থিত হৈ অফিচলৈ বুলি খোজ পোনালোঁ । আধা ঘণ্টাৰ সেই যাত্ৰাটোৱে ইমানেই বিৰক্তি দিলে যে অফিচত গৈ বৰবাবুক লগ কৰাৰ ইচ্ছা সমূলি নোহোৱা হৈ গ’ল ।একমাত্ৰ দাদা জীৱন মৃত্যুৰ সংকটত অকলশৰে পৰি আছে। তাতে সেই ভীক্ষাৰী গৰাকীৰ দুর্ঘটনাটো , কিবা অলপ সহায় কৰিম বুলি ও কৰিব নোৱাৰা মোৰ অসহায় অৱস্থাটো আৰু বাছৰ ভিতৰত মানুহবোৰৰ অতিৰঞ্জিত সমালোচনাবোৰ ! উফফ.. দিনটো যে কেনেকৈ পাৰ কৰিছোঁ !
~ বৰবাবুক লগ কৰি দৰকাৰী ফাইলটো হাতত লৈ মোৰ অফিচ অলমাৰীটোত ভৰাবলৈ লওঁতেই বৰবাবুয়ে আদেশৰ সুৰত কৈ উঠিল..
:- আৰু কাৰো বেমাৰ আজাৰ হ’ব লগা নাই নহয় ! চাবা দেই বহুত কাম পেণ্ডিঙ হৈ ৰৈছে তোমাৰ। আৰু চুটি মঞ্জুৰ কৰা নহ’ব ।
বৰবাবুৰ কথা কেইটাই মোৰ বিৰক্তিবোৰক প্ৰচণ্ড খঙলৈ পৰিৱৰ্তিত কৰিলে। কাৰোবাৰ বেমাৰ ,বিয়া বাৰু বা সকাম নিকাম নহয় যে দিন বাৰ চাই আহিব । মই দাদাৰ ওচৰত উপস্থিত হোৱাৰ ঠিক আগমুহূৰ্তত ,কঠুৱা মাতেৰে নাৰ্ছ এগৰাকীয়ে… ” এটেনডেন্স কেতিয়া আহিব আপোনাৰ ? এনেকৈ চোৱা-চিতা কৰি ৰাখিব নোৱাৰো দেই আমি । মানুহ নাই যদি ঘৰতে পৰি থাকিব ।”…. বুলি কোৱা কথাষাৰ মনত পৰি বুকু খন বিষাই গ’ল মোৰ ।সেই নাৰ্ছ গৰাকী আৰু বৰবাবুৰ মাজত কিবা পাৰ্থক্য আছে নে? নিজকে প্ৰশ্ন কৰি চালোঁ মই । আকৌ এবাৰ অনুভৱ হ’ল… ‘ এয়া মানৱতাৰ মৃত্যু ঘটিছে । ‘
~ ঘৰ গৈ পাওঁতে সন্ধ্যা লাগি ভাঙিছিল । এওঁ পদূলি মুখতে ৰৈ মোলৈকে বাট চাই আছিল । কিবা এটা প্ৰশান্তি নামি আহিছিল মোৰ ভাগৰুৱা দেহাটোলৈ । আপোন জনৰ সান্নিধ্যই সঁচাই লাঘৱ কৰি দিয়ে দুখ কষ্টবোৰক । এওঁক চকুৰ আগত দেখিয়েই পুনৰ প্ৰাণৱন্ত হৈ পৰিছিলোঁ মই ।গাটো ধুই ল’লোঁ । দিনটোৰ অৱসাদবোৰ উটুৱাই দিবলৈ যত্ন কৰিলোঁ আচলতে। এওঁ তেনেকুৱাতে চাহ দুকাপ কৰি আনিলে আৰু আগ্ৰহেৰে সুধিলে মোক দাদাৰ খবৰ । এজন মৃত্যুমুখী মানুহৰ ভাল বেয়া বুলি কি আছে নো ? তথাপিও জনালো… ” আছে হস্পিটেলতে পৰি। ব্লাড দিব লগা হ’ব পাৰে । তেজত হিম’গ্লবিন একেবাৰে কমি গৈছে । “
থুলমুলকৈ কথা কেইটা কৈ চাহৰ কাপ দুটা উঠাই লৈ ৰাতিৰ সাঁজৰ যোগাৰ কৰোঁ বুলি পাকঘৰত সোমালোঁ মই । ভাত কেইটা গেছত উঠাই ডায়েৰীখনো উলিয়াই মাহটোৰ হিচাপ নিকাচবোৰ কৰিবলৈ বহিলোঁ। কেনেকৈ যে জোৰা-টাপলি মাৰি সংসাৰখন চলাব লগা হৈছে ..!যি সামান্য টকাকেইটা দৰমহাৰ বাবদ পাও এওঁৰ দোকানখনৰ বাবে লোৱা ল’নৰ টকা কেইটা মাহে মাহে পৰিশোধ কৰোতেই আধা খিনি শেষ হয় । বাকী অৰ্ধাংশ খোৱা-বোৱা অফিচ অহা-যোৱাৰ বাবে লাগে। অতিৰিক্ত কিবা এটা কৰিব বিচাৰো যদি মাহৰ বাজেট কোনো ৰকমে নিমিলে ।আজি বুঢ়ী গৰাকীৰ হাতত মন থকা স্বত্তেও টকা এশ গুজি দিব নোৱাৰাত আৰু গাড়ীখনত উঠাবৰ সময়ত মানুহগৰাকীক চুবলৈ বাধা দিয়া মোৰ মনটোৰ বাবে আত্মগ্লানিত ভূগিব ধৰিলোঁ মই ।
সেইদিনাও মই এইদৰে অস্থিৰ হৈ পৰিছিলোঁ, যি দিনা মা দেউতাৰ অৱৰ্তমানত মোক ডাঙৰ দীঘল কৰি বিয়া দি নিজেইও সংসাৰৰ মায়াত সোমাই পৰা মোৰ দাদা আৰু দুবছৰীয়া পৰী আৰু পাঁচ বছৰীয়া অংগীমক চিৰদিনৰ বাবে এৰি মোৰ একমাত্ৰ বৌজনীয়ে এই পৃথিৱীৰ পৰা বিদায় লৈছিল ।মোৰ বুকুখনে সেইদিনাও হাহাকাৰ কৰি উঠিছিল যি দিনা উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত ভৰি এখন হেৰুৱাই চাকৰিৰ পৰা অব্যাহতি লোৱা , মোৰ মিলিটেৰী স্বামীৰ অৰ্থনৈতিক দুৰৱস্থাই পৰী আৰু অংগীমক আমাৰ ঘৰলৈকে একেবাৰৰ বাবে লৈ অহাত বাধা দিছিল । সিহঁত দুটা আজি মোমায়েক-মামীয়েকৰ তত্ত্বাৱধানত তেওঁলোকৰ ঘৰতে থাকি স্কুল-কলেজ পালেগৈ । বেমাৰী দেউতাকৰ যত্ন ল’ব পৰা হ’ল ।
বৌ ঢুকোৱাৰ পিছতেই দাদাইও নিজৰ ঠিকনা সলাইছিল । ৰেলৱে’ত কৰ্মৰত দাদাৰ টকাৰ অভাৱ নাছিল যদিও আপোনজনক হেৰুৱাৰ বেদনাত চটফটাবলৈ ধৰিছিল তেওঁ । বৌৰ লগত একেলগে সোণোৱালী ভৱিষ্যতৰ সপোন দেখি অহা দুই সন্তান পৰী আৰু অংগীমৰ কলৱৰত মুখৰিত হোৱা দুকোঠালীৰ ঘৰটো এৰি , ৰেলৱে’ৰ এটা কোৱাটাৰত থাকিবলৈ লৈছিল দাদা ।কেতিয়াবা বৌৰ স্মৃতি বিজড়িত ঘৰখনৰ আগেদি অহা যোৱা কৰিব লগা হ’লেও , সেইফালে মুৰ তুলি চাবলৈ ও যেন সাহস হোৱা নাছিল তেওঁৰ। দিন বাগৰাৰ লগে লগে দাদাৰ নামৰ পিছত আৰু এটা উপাধি লগ হ’ল.. ” কনক মদপী..। “
মদ খাই মদৰ নিচাত বৌৰ নামটো লেবাই লেবাই উচ্চাৰণ কৰিবলৈ যত্ন কৰে তেওঁ । মুখৰ পৰা নিগৰ্ত হোৱা অকটা গোন্ধত মানুহৰ পৰা আঁতৰি থাকিব লগা হয় তেওঁ । আৰু এতিয়া লিভাৰত পানী জমা হৈ ফুলা পেট আৰু ভৰি কেইটাৰে অলৰ-অচৰ হৈ পৰি আছে মোৰ একমাত্ৰ দাদা ৰেলৱে’ৰ চিকিৎসালয়ত ।
চকুৰ কোণ দুটা অজানিতে তিতি আহিল। গেছৰ ষ্ট’ভত ওফন্দি পৰি যোৱা ডাইলৰ ফেনখিনি দেখি দাদাৰ পেটতোলৈ হে মনত পৰিল মোৰ । চেলাইনৰ পাইপৰ দৰে মিহি পাইপ এডাল দাদাৰ পেট আৰু পুৰণা চেলাইনৰ বটল এটা সংযোগ কৰি লগাই থোৱা আছিল । পাইপ ডালৰ এটা মূৰত বেজী এটা লগাই বেজিটো দাদাৰ পেটৰ ভিতৰত আধাখিনি খুচি থোৱা হৈছিল । পাইপ ডালেৰে হালধীয়া পানীবোৰ লাহে লাহে ওলাই আহি তলৰ বটলটোত গোট খাইছিল । দাদাই মাজে মাজে পেটটো হেঁচি দিয়া দেখিছিলো । তেতিয়া পাইপ ডালৰ ভিতৰত পানীৰ গতি বেগো অলপ বৃদ্ধি হৈছিল । মই বুজিবলৈ যত্ন কৰিছিলো, এইদৰে কৰোতে দাদাই ভুগি থকা কষ্টবোৰৰ লাঘৱ হৈছিল নে , এইয়া দাদাৰ সোনকালে সুস্থ হৈ উঠাৰ হাবিয়াস আছিল !
ৰাতি বিচনাত পৰি চটফটাই উঠিলোঁ মই । এয়াই জীৱৰ গতি! নিজকে খুব অসহায় যেন অনুভৱ কৰিলোঁ । কোৱা শুনো বোলে..” মন থাকিলেই চন.. বাকৰি মাটিটো ধন..। ” পিছে মন থাকিও ধনৰ অভাৱত মই যে তিল তিলকৈ মৰিবলৈ সাজু হৈ থকা মানুহজনক হাত সাৱটি বহি বহি চাই আছোঁ , যি দৰে আজি সেই বুঢ়ী গৰাকীক চাই চাইয়েই গুচি আহিলোঁ।
:- দাদা আৰু বেছি দিন জীয়াই নাথাকে ।
নিজকে কৈ উঠা কথাষাৰত মোৰ কাষতে চিলমিলকৈ টোপনি অহা মোৰ মানুহজন উঠি বহিল। অলপ সময় মোলৈ চাই থাকি মনৰ ভিতৰতে গুণা-গঁথা কৰি হঠাৎ কৈ উঠিল তেওঁ ..
:- অহা দেওবাৰে দাদাক আমাৰ ঘৰলৈকে লৈ আহোঁ ব’লা । শেষৰ দিন কেইটা আপোন কোনোবাজনক কাষতে পাওক । নিজৰ ঘৰ এখনত থকাৰ সুখক’ণ অনুভৱ কৰক । বৌৰ মাকৰ ঘৰখনে বহুত কৰিছে । দাদাৰ প্ৰতি আমাৰ জানো দায়িত্ব নাই ? আমাৰ অভাৱবোৰৰ মাজতো দুটা পেটৰ ভোক গুচিছে যদি , আৰু এটা পেটলৈ নুযুৰিব নে ? মোৰ সামান্য জ্বৰ কাহ অলপ হ’লেই তোমাৰ পৰা ইমান যত্ন পাওঁ যে , আৰু কেইদিনমান বেমাৰ হৈ পৰি থাকিবলৈ হে মন যায় । কিন্তু দাদা আজি নিশ্চিত মৃত্যুৰ বিষয়ে অৱগত হৈ ও কিমান যাতনা বুকুতে বান্ধি চিৰদিনলৈ উশাহটো বন্ধ হোৱালৈ অপেক্ষা কৰি অকলে অকলে পৰি আছে চোৱাচোন ! বৌলৈ চাগৈ কিমান মনত পৰিছে তেওঁৰ !এইমাহৰ দোকানৰ বস্তুখিনি নানো দিয়া। সেইকেইটা টকাৰে গাড়ী এখন ভাড়া কৰি দাদাক হে ইয়ালৈ অনাৰ ব্যৱস্থা কৰোঁ । তুমি অংগীমহঁতক খবৰ দিয়া। দুদিনমান সিহঁতো একেখন ঘৰতে দেউতাকৰ লগতে থাকি যাওক হি । ভৰিখন নোহোৱা হোৱাৰে পৰা ঘৰখনৰ দায়িত্ববোৰ তুমিয়েই মুৰ পাতি লৈছা । তোমাৰ সুখৰ বাবে , দাদাৰ হকে মই যদি সামান্য কিবা এটা কৰিব নোৱাৰো চিৰদিনলৈ অনুতপ্ত হৈ ৰ’ম ।
এওঁৰ বুকুলৈ কুৰুকি কুৰুকি সোমাই গ’লোঁ মই । দুচকুৰে সুখ অলপ বোৱাই দিলোঁ । এওঁ বুজে মোৰ মনটোক । মোৰ সুখ-দুখবোৰৰ খবৰ ৰাখে । আলফুলে মোৰ মুৰতে হাত ফুৰাই দিলে মোৰ মনৰ মানুহজনে। স্পৰ্শখিনিক হৃদয়ৰে অনুভৱ কৰি মনতে পুনৰ যুকিয়াই ল’লোঁ মাহেকীয়া বাজেটখন ।” হ’ব মিলাম যেনে-তেনে। খোজ কাঢ়িয়েই অফিচলৈ অহা-যোৱা কৰিম । ৰিক্সা ভাড়াটো অন্তত বাচিব । দাদাক আনিবলৈ গ’লে বুঢ়ীগৰাকীৰো খবৰ এটা লৈ , টকা কেইটামান দি থৈ আহিম ।”
হস্পিটেলৰ বিচনাত পৰি থকা দাদাৰ শেঁতা মুখখন চকুৰ আগলৈ পুনৰ ভাঁহি আহিল । এইবাৰ দাদাৰ ক্ৰমান্বয়ে হালধীয়া পৰা মুখখন, চকুত বিয়পাই লোৱা হাঁহিটোয়ে যেন উজ্জ্বলাই তুলিলে।