দিল্লীবাদ
মানস প্ৰতিম কলিতা

এপিএছচিৰ পৰা অসমীয়া ভাষাৰ কাকত অসম চৰকাৰ অনুৰোধ, কিছুসংখ্যক প্ৰাৰ্থীৰ গোচৰ আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এতিয়াৰ পৰা আইনীভাৱে প্ৰত্যাহাৰ কৰা হ’ল।
ইয়াকে লৈ অসমত কিছু সচেতন ৰাইজৰ মৃদু হা-হুমুনিয়াহ, ভাষাপ্ৰেমীৰ কটাক্ষ, জাতিপ্ৰেমীৰ আপত্তি চকুত পৰিছে যদিও আন্দাৰপেন্ট ধোৱা চাবোন পানীৰ বুদবুদৰ লেখীয়াকৈ উৎপত্তিৰ কিছু মুহুৰ্তৰ ভিতৰতে নিজৰ অস্তিত্বৰ অন্ত ঘোষণা কৰি সেইসমূহ মহাশূন্যত বিলীন হৈ গৈছে।
অৱশ্যে, ইয়াত আপত্তিৰ কোনো থল নাই। কৰিবলৈওনো আছেইবা কিটো!
এই এপিএছচিত অসমীয়াৰ কাকত প্ৰত্যাহাৰ হোৱা, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 26 হাজাৰ পদৰ বাবে সদ্যঅনুষ্ঠিত বাছনি পৰীক্ষাত হিন্দীভাষাৰ অন্তৰ্ভুক্তিকৰণ, অসমত পৰীক্ষা দিবলৈ উপস্থিত বিহাৰ-উত্তৰ প্ৰদেশৰ সহস্ৰাধিক নিবনুৱা, নমামীত নদী পূজন, ভূমি পূজন, মহামৃত্যুঞ্জয় মন্দিৰ, নামনি সোৱণশিৰী বান্ধ, বাঘজান, মিকিৰ বামুণী, লাইকা-দধিয়া, CAA, বিমানবন্দৰৰ ব্যক্তিগতকৰণ, গেৰুৱাধাৰী কোনো ভণ্ড বাবাৰ প্ৰতিষ্ঠানৰ নামত পানীৰ দৰত কৃষিভূমি হস্তান্তৰকৰণ, সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি বিনষ্টকাৰী উপাদানৰ বিৰুদ্ধে বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ লজ্জ্বাজনক মৌনতা – এইবোৰ কি বিক্ষিপ্ত, অপ্ৰাসংগিক ঘটনাৰ কেতবোৰ উদাহৰণ নে সমৰৈখিক ঘটনাপ্ৰৱাহৰ এক অন্তহীন শৃংখলা?
স্বৰাজোত্তৰ কালৰে পৰা অসমে লাভ কৰা ৰাজনৈতিক পৰাধীনতা সম্পৰ্কে ন কৈ দোহৰাৰ প্ৰয়োজন নাই।

1947 চনৰে পৰা দুই- এক কাৰ্যকালক বাদ দি আশীৰ দশকৰ পিনে অসমৰ ৰাজনীতত দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা দ্ৰুতগতিত, ক’বলৈ গ’লে Exponential হাৰত বৃদ্ধি হোৱা যি দেখা গ’ল সেয়া আজিকোপতি বৰ্তি থাকিল আৰু আগলৈও বৰ্তি নথকাৰ কোনো মানেই নাই।
এটা প্ৰশ্নই আমাক প্ৰায়েই অবাক কৰি তোলে যে ইয়াণ্ডাবু সন্ধিৰ আগলৈকে মহা বিক্ৰমেৰে মূৰ তুলি জীয়াই থকা এনে এখন প্ৰদেশৰ ৰাজনীতি কেৱল দিল্লীয়ে নিয়ন্ত্ৰণ কৰিব, অসমৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে কথাই কথাই দিল্লীস্থ দৌতা ঈশ্বৰসকলৰ আজ্ঞাবাহী ভৃত্যৰ দৰে আচৰণ কৰিব, মুখ্যমন্ত্ৰী কোন হ’ব তাৰ বাবে কোনো উত্তৰ ভাৰতীয় ক্ষমতা বিন্যাসৰ অনুমোদনৰ বাবে বাট চাব, অসমে কেই টকা অনুদান পাব সেয়া এখন বৃহৎ সংসদে নিৰ্ণয় কৰিব (য’ত অসমক প্ৰতিনিধিত্ব কৰিব পৰা সংখ্যা অতি নিশকতীয়া) – এই Normalcy টো অসমৰ সমূহ জনগণৰ মগজুত কেনেদৰে শিপালে?

অসমৰ ৰাজনীতি দিল্লীৰ পৰা নিয়ন্ত্ৰিত হ’বই লাগিব – এই কথাটো এইখন প্ৰদেশৰ প্ৰায় তিনিকোটি জনগণে বিনাদ্বিধাই মানি ল’লে – এইটো ঘটিল কেনেকৈ? (এইখিনিতে অপ্ৰাসংগিক যেন লগা আৰু এটা প্ৰশ্ন- অসমৰ পৰা অদূৰ ভৱিষ্যতে কোনোবা এজন প্ৰধানমন্ত্ৰী হ’বগৈনে? ধৰা হ’ল ৰাভা উপাধিধাৰী কোনো এক ৰাজনীতিবিদে উত্তৰ ভাৰতৰ শাসন বিন্যাসটোৰ শীৰ্ষস্থানত উপনীত হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰিবনে? ইয়াৰ প্ৰত্যুত্তৰত ফখৰুদ্দিন আলী আহমেদৰ উদাহৰণ দি বাতুলামীৰ পৰিচয় নিদিয়াই শ্ৰেয়!)
ভাৰত নামৰ ৰাষ্ট্ৰখন গঢ় লওতে ভাষিক পৰিচয়ৰ ওপৰত গঠিত হোৱা প্ৰদেশসমূহৰ ৰাজনীতিৰ ৰেহৰূপ কি হ’ব সেয়া এক বিশুদ্ধ উত্তৰ-ঔপনিবেশিক ফলাফল আছিল। উত্তৰ ঔপনিবেশিক ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ পিনে মন দিলে আমি লক্ষ্য কৰিম যে প্ৰথম পৰ্যায়ত মূলতঃ বৃটেইনৰ অৰ্থনৈতিক লাভালাভৰ প্ৰতি সদাসচেষ্ট ভাৰতৰ ৰাজনীতিয়ে কালক্ৰমে প্ৰদেশসমূহৰ ক্ষমতা ক্ৰমান্বয়ে কৰ্তন কৰি আনি তাৰ সমূহ সম্পদ বিদেশী মালিকানাধীন কৰ্প’ৰেটগোষ্ঠীক গোটাই দিবলৈ বদ্ধপৰিকৰ হৈছিল।
নহ’লেনো স্বাধীন ভাৰতৰ তৈলক্ষেত্ৰ আৰু চাহ-উদ্যোগৰ প্ৰকৃত মালিকানা এতিয়াও বৃটেইনৰ হাততেই থাকি যোৱাৰ অন্য ব্যাখ্যা আৰু কি থাকিব পাৰে !
কেৱল নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক স্বাধীনতাৰ কথাৰেই গণতন্ত্ৰৰ উপৰুৱা ব্যাখ্যা প্ৰদান কৰি অৰ্থনৈতিক পৰাধীনতাৰ বিষয়টো জনগণৰ পৰা লুকুৱাই ৰখাৰ কূট কৌশলত আজি পৰ্যন্ত জনসাধাৰণ বিপৰ্যস্ত হৈ আহিছে। ভাৰতৰ অন্য প্ৰদেশসমূহতকৈ অসম অৰ্থনৈতিকভাৱে অধিক মাত্ৰাত শোষিত আৰু সেয়েহে ৰাজনৈতিক ক্ষেত্ৰত বাধ্যতামূলকভাৱে পৰমুখাপেক্ষী। উদাহৰণস্বৰূপে আমি আৰম্ভণিতে নামনি সোৱণশিৰী বান্ধৰ কথা উল্লেখ কৰিছিলো।

এই বান্ধটো অসমক জলবোমা এটাৰ সন্মুখভাগত ৰাখি মাত্ৰ দুই শতাংশ ৰয়েল্টিৰ বিনিময়ত উৎপন্ন সমুদায় বিজুলীশক্তি উত্তৰ ভাৰতলৈ লৈ যোৱাৰ এটা দেখ দেখ অন্যায়ৰ পৰিচায়ক।
অসমৰ বহ্নিমান নদী এখনৰ স্বাভাৱিক গতি ৰোধ কৰি হ’লেও সম্পদ লুন্ঠনৰ এনে দেখ দেখ উদাহৰণে কি সূচায়?

নক’লেও হয় যে অসমৰ শাসন ব্যৱস্থাটোত মন্ত্ৰী-বিধায়ক হ’বলৈ উত্তৰ ভাৰতীয় ক্ষমতা বিন্যাসৰ অনুমোদন লাগিবই আৰু নিৰ্বাচিত হোৱাৰ পিছত এই লবীটোৰ অৰ্থনৈতিক স্বাৰ্থৰ হকে উঠা বহা কৰিবই লাগিব। এইখিনিতে প্ৰশ্ন হয়, অসমৰ নিজস্ব আৰু স্বকীয় ৰাজনৈতিক পৰিচয় থাকিব পাৰেনে? ই সম্ভৱনে? উত্তৰটো আমাৰ বোধেৰে নেতিবাচক।
অৰ্থনীতি আৰু সম্পদৰ ওপৰত অধিকাৰহীন ভূ-খণ্ডৰ নিজস্ব ৰাজনৈতিক চৰিত্ৰ থাকিব নোৱাৰে। সেয়েহে অসম আৰু অসমীয়াৰ ভাগ্য উত্তৰ-ভাৰতৰ পৰা নিয়ন্ত্ৰিত দিল্লীস্থ দৌতা ঈশ্বৰে নিয়ন্ত্ৰণ কৰিব আৰু এই লবীয়ে নিজৰ স্বাৰ্থত অসম বা অইন প্ৰদেশৰ স্বকীয় ভাষা, সাংস্কৃতিক পৰিচয় তথা ঐতিহ্য, জনগাঁথনিৰ কৌশলপূৰ্ণ সালসলনিৰে মেৰুদণ্ডহীন মানুহৰ গোট সৃষ্টি কৰি থাকিব।
অসমৰ সাংস্কৃতিক চৰিত্ৰত সেয়েহে চৰকাৰী পৃষ্ঠপোষকতাত নদী পূজন, ভূমি পূজনৰ আমদানি ঘটিছে আৰু অসমীয়াৰ ন সাংস্কৃতিক চৰিত্ৰ হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰিবলৈ এক অহৰহ প্ৰয়াস চলিছে।

সম্পদৰ ওপৰত থকা খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰি তাক লুট কৰাটো সাম্ৰাজ্যবাদী আৰু ঔপনিবেশিক চৰিত্ৰৰ মুখ্য বৈশিষ্ট আৰু ইয়াৰেই যথোচিত প্ৰতিফলন ঘটিছে এপিএছচিৰ পৰা অসমীয়া ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা ঘটনাটোত।
আপাততঃ অপ্ৰাসংগিক যেন লাগিলেও এই বিশেষ হস্তক্ষেপটোৰ জৰিয়তে অসমৰ প্ৰশাসনিক ব্যৱস্থাটোত মূলতঃ অনা অসমীয়া কেডাৰৰ প্ৰত্যক্ষ অন্তৰ্ভুক্তিকৰণেৰে ভূ-সম্পদসমূহৰ বহিৰ্গমন ত্বৰান্বিত কৰাৰ ব্যৱস্থাটো সুদৃঢ় কৰি তোলা হ’ল। যদিওবা অসমৰ মানুহেৰে গঠিত প্ৰশাসনিক ব্যৱস্থা এটাই কেৱল অসমৰ হিতৰ বাবে কাম কৰিব বুলি ভবাটো তেনেই মূৰ্খামি, তথাপি কৰ্মসংস্থাপনৰ দৃষ্টিকোণেৰে চালে এপিএছচিৰ ঘটনাটো অসমৰ নিবনুৱাৰ বাবে এক দুঃসংবাদ।

উত্তৰ ভাৰতৰ জনসাধাৰণৰ কৰ্মসংস্থাপনহীনতা দূৰ কৰিবলৈ এতিয়া উত্তৰ ভাৰতৰ লবীয়ে অসমৰ নিৰ্বাচিত প্ৰতিনিধিক হেঁচা দিছে আৰু চকী নেহেৰুৱাবলৈ তেওঁলোকে অসমৰ যৎসামান্য চাকৰি কেইটামানৰ বাছনি পৰীক্ষাতো হিন্দী ভাষাত অৱতীৰ্ণ হ’বলৈ সুবিধা কৰি দিছে। দিবলৈ বাধ্য হৈছে।
সেয়েহে ঘৰৰ অৰ্থনীতিৰ লেকাম কাৰ হাতত আছে, সম্পদৰ ওপৰত নিজৰ অধিকাৰ অক্ষুন্ন ৰাখিবলৈ আমাৰ ৰাজনৈতিক কচৰৎ কেনে হোৱা উচিত, তাৰ বাচ-বিচাৰ নকৰি এপিএছচিত অসমীয়া নাথাকিল বুলি হায়ৈ বিয়ৈ কৰিলে আমাৰনো কিয়েই লাভ হব।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)