• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

দিহিং পাটকাই অভয়াৰণ্য

-গৌতম শৰ্মা

by Anjan Sarma
June 24, 2021
in Special Report
Reading Time: 1 min read
0
দিহিং পাটকাই অভয়াৰণ্য
Share on FacebookShare on TwitterShare on LinkedIn

-গৌতম শৰ্মা |

অফুৰন্ত প্ৰাকৃতিক সম্পদ আৰু জৈৱবৈচিত্ৰ্যতাৰ বাৰেৰহণীয়া সংস্কৃতিৰ উজ্জ্বল অনুপম নিৰ্দেশনেৰে সমৃদ্ধ দিহিং পাটকাই অভয়াৰণ্যখন। অসমৰ প্রথম আৰু বিখ্যাত বৰ্ষাৰণ্য হিচাপেও খ্যাত উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কিছু কিছু অঞ্চল সামৰি বুঢ়ীদিহিং নদীৰ দুয়োপাৰে বিস্তৃত এই অৰণ্যখন। এই অভয়াৰণ্যখনৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান (“The Amazon of the east”) বুলিও আখ্যা দিয়া হয়। উল্লেখযোগ্য যে, এই অঞ্চলটোৰ চহকী জৈৱবৈচিত্ৰ্যৰ উপৰিও ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ চিমেটেৰিসমূহ, ষ্টিলৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলশোধনাগাৰটিও অৱস্থিত। অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ তত্বাৱধানত থকা এই অৰণ্যখনক ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। প্ৰণিধানযোগ্য যে, এই অভয়াৰণ্যখন দিহিং পাটকাই হস্তী প্ৰকল্পৰো (Dehing-Patkai Elephant Reserve) এক অংশবিশেষ, লগতে ই অসমৰ এখন অতি উল্লেখযোগ্য বৰ্ষাৰণ্য।

         দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য খনৰ ভৌগোলিক অৱস্থিতিৰ দিশটো অতিশয় মন কৰিবলগীয়া। অৰণ্যখন মূল তিনিটা অংশৰে গঠিত হৈছে- জয়পুৰ (Jeypore), দিহিং নৈ (Dihing River) আৰু ডিৰক বৰ্ষাৰণ্য (Dirok Rainforest)৷ প্ৰকৃতপক্ষে ক’বলৈ গ’লে, এই অভয়াৰণ্য তথা বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিবসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷ এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। বাকী অংশ ডিব্ৰু-দেওমালি হস্তী প্ৰকল্প (Dibru-Deomali elephants reserve) ৰ অন্তৰ্ভুক্ত৷ এই বনাঞ্চল অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে৷ সমগ্ৰ অৰণ্যখন মিলি ই ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপে পৰিগণিত হৈছে৷ দিহিং পাটকাই অভয়াৰণ্যৰ বতৰ প্ৰায়ে ক্ৰান্তীয় সেমেকা৷ গড় বৰষুণৰ পৰিমাণ ৪,০০০ মিলিমিটাৰতকৈ বেছি হয়৷ বছৰৰ ১২ মাহৰ ৯ মাহেই ইয়াত বৰষুণ হয়৷ গ্ৰীস্মকালত ইয়াত গৰম আৰু আৰ্দ্ৰ হয় আৰু শীতকালত প্ৰায়ে ঠাণ্ডা পৰে৷

       পৰিবেশ সুৰক্ষাৰ লগতে পৰ্যটনৰ এক সম্ভাৱনাময় ক্ষেত্ৰৰূপে জনাজাত এই অৰণ্যখন বহুতো প্ৰাকৃতিক সম্পদৰে অত্যন্ত চহকী। এছিয়া মহাদেশৰ ভিতৰতেই পাঁচটা বিশেষ প্ৰজাতিৰ ধনেশ পক্ষীৰ বাবে বিশেষভাবে বিখ্যাত এই অৰণ্যখনত অন্যান্য বহু ভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায়। এইসমূহৰ ভিতৰত ধনেশ, দেওহাঁহ, দেওডৰিক, ভিন্ন প্ৰজাতিৰ বৰটোকোলা, হুদু, ফেঁচা, ডাউক, হয়কলি, কামচৰাই, কণামুচৰি, ধৃতৰাজ, মাছৰোকা, ভিন্ন প্ৰজাতিৰ বগলী, পানী কাউৰী, ৰাজশগুণ, শামুক ভঙা, মুগা ৰাজহাঁহ, চিলাহাঁহ, নেজাল হাঁহ, ঘিলাহাঁহ, চাকৈচকোৱা আদি। ভাৰতৰ ভিতৰতেই অৰণ্যখন কাঠনিৰ চৰাইৰ বাবে অতিকৈ বিখ্যাত। বন্যপ্ৰাণীৰ আৱাসথলী হিচাপে এই অৰণ্যখন ৪২ টাৰো অধিক প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ৪০ টাৰো অধিক প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপৰ লগতে বিভিন্ন কীট-পতংগ ইত্যাদিবোৰো ইয়াত পোৱা গৈছে। ৩০ টা প্ৰজাতিৰ পখিলাৰে সমৃদ্ধ এই অৰণ্যখনত পোৱা কেতবোৰ উল্লেখযোগ্য বন্যপ্ৰাণী হৈছে- নাহৰফুটুকী, গোধাফুটুকী, লতা মেকুৰী, হিমালয়ৰ ভালুক, ৰাংকুকুৰ, শৰ, বনগৰু, বনৰৌ, বনৰীয়া ম’হ, হাতী, উৰণীয়া কেৰ্কেটুৱা, কেটেলা পহু, জহামাল আদি। সাতটা প্ৰজাতিৰ বান্দৰ যেনে- হলৌ, লাজুকী, মলুৱা, অসমীয়া, টুপী মুৰীয়া, খৰানেজীয়া, গাহৰিনেজীয়া আদিবোৰো ইয়াত পোৱা যায়। বনমানুহ তথা হলৌ বান্দৰৰো আদৰ্শ বাসস্থান এই অৰণ্যখন।

       উদ্ভিদ প্ৰজাতিৰ ক্ষেত্ৰখনতো এই বনভূমিখন যথেষ্ট চহকী। বৰ্ষাৰণ্য হিচাপে এখন অৰণ্যত পোৱা আটাইকেইটা স্তৰৰ উদ্ভিদকেই ইয়াত পোৱা গৈছে। বিভিন্ন ঔষধি, ফল-মূল, অৰ্কিড আৰু লতাজাতীয় গছবোৰৰ লগতে হোলোং, তিতাচপা, মেকাই, নাহৰ, ধূনা, চাম, বৰপাত, বান্দৰডিমা, শিঙৰি, ৰুদ্ৰাক্ষ, কৌপাত, চোম, উৰিয়াম, চেগুণ, চিচু, বনৰীয়া কল, থেকেৰা, শাল, শিলিখা, চিৰিজ, বিভিন্ন ঢেকীয়া জাতীয় উদ্ভিদবোৰে অৰণ্যখনৰ নৈসৰ্গিক পৰিবেশটোক শোভাবৰ্ধন কৰি অহাৰ লগতে প্ৰাকৃতিকভাৱেও অৰণ্যখনক যথেষ্ট সমৃদ্ধিশালী কৰি গঢ়ি তুলিছে। অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ অভয়াৰণ্যখন অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াৰে ৭৯ বিধ epiphytic, ২১ বিধ স্থলজ আৰু এবিধ saprophyte৷ তদুপৰি পৰিবেশ বিজ্ঞানীসকলে, এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন (critically endangered), ১৫ বিধ বিপদসংকুল (endangered), ৫ বিধৰ সংকট আসন্ন (near threatened) আৰু ২৮ বিধ vulnerable হিচাপে শ্ৰেণীভক্ত কৰিছে৷ এই অৰ্কিডসমূহৰ ভিতৰত ”Thrixspermum acuminatissimum” নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে৷ আকৌ, ৯ বিধ অন্য অৰ্কিড যেনে Bulbophylum ebulbum, Chrysoglossum erraticum, C. robinsonii, Eria connate, E. pudica, Hetaeria affinis, Thelasis pygmaea, Taeniophyllum crepidiforme আৰু Zeuxine clandestine অসমত প্ৰথমবাৰৰ বাবে পোৱা গৈছে৷ যিটোৱে এই অৰণ্যখন বিশেষত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাক সদায় আমাক কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: দিহিং পাটকাই অভয়াৰণ্যষ্টিলৱেল পথ
Anjan Sarma

Anjan Sarma

Related Posts

backview of sad child waiting on a glass window
Special Report

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

by Pushpanjali Shivom Sarma
June 4, 2026
0

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে?  পুষ্পাঞ্জলি শিৱম শৰ্মা শিশুসকলৰ মন অতি দ্ৰুতগতিত বিভিন্ন কৌতূহলৰ মাজেৰে অৱস্থান কৰি গৈ থাকে। ...

Read moreDetails
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
Education Beyond Marks: AI, Employability, and the Crisis of Real Learning

Education Beyond Marks: AI, Employability, and the Crisis of Real Learning

May 20, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026
World Environment Day 2026: The Eastern Himalayas at a Crossroads

World Environment Day 2026: The Eastern Himalayas at a Crossroads

June 4, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d