-গৌতম শৰ্মা |
অফুৰন্ত প্ৰাকৃতিক সম্পদ আৰু জৈৱবৈচিত্ৰ্যতাৰ বাৰেৰহণীয়া সংস্কৃতিৰ উজ্জ্বল অনুপম নিৰ্দেশনেৰে সমৃদ্ধ দিহিং পাটকাই অভয়াৰণ্যখন। অসমৰ প্রথম আৰু বিখ্যাত বৰ্ষাৰণ্য হিচাপেও খ্যাত উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কিছু কিছু অঞ্চল সামৰি বুঢ়ীদিহিং নদীৰ দুয়োপাৰে বিস্তৃত এই অৰণ্যখন। এই অভয়াৰণ্যখনৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান (“The Amazon of the east”) বুলিও আখ্যা দিয়া হয়। উল্লেখযোগ্য যে, এই অঞ্চলটোৰ চহকী জৈৱবৈচিত্ৰ্যৰ উপৰিও ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ চিমেটেৰিসমূহ, ষ্টিলৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলশোধনাগাৰটিও অৱস্থিত। অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ তত্বাৱধানত থকা এই অৰণ্যখনক ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। প্ৰণিধানযোগ্য যে, এই অভয়াৰণ্যখন দিহিং পাটকাই হস্তী প্ৰকল্পৰো (Dehing-Patkai Elephant Reserve) এক অংশবিশেষ, লগতে ই অসমৰ এখন অতি উল্লেখযোগ্য বৰ্ষাৰণ্য।
দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য খনৰ ভৌগোলিক অৱস্থিতিৰ দিশটো অতিশয় মন কৰিবলগীয়া। অৰণ্যখন মূল তিনিটা অংশৰে গঠিত হৈছে- জয়পুৰ (Jeypore), দিহিং নৈ (Dihing River) আৰু ডিৰক বৰ্ষাৰণ্য (Dirok Rainforest)৷ প্ৰকৃতপক্ষে ক’বলৈ গ’লে, এই অভয়াৰণ্য তথা বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিবসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷ এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। বাকী অংশ ডিব্ৰু-দেওমালি হস্তী প্ৰকল্প (Dibru-Deomali elephants reserve) ৰ অন্তৰ্ভুক্ত৷ এই বনাঞ্চল অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে৷ সমগ্ৰ অৰণ্যখন মিলি ই ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপে পৰিগণিত হৈছে৷ দিহিং পাটকাই অভয়াৰণ্যৰ বতৰ প্ৰায়ে ক্ৰান্তীয় সেমেকা৷ গড় বৰষুণৰ পৰিমাণ ৪,০০০ মিলিমিটাৰতকৈ বেছি হয়৷ বছৰৰ ১২ মাহৰ ৯ মাহেই ইয়াত বৰষুণ হয়৷ গ্ৰীস্মকালত ইয়াত গৰম আৰু আৰ্দ্ৰ হয় আৰু শীতকালত প্ৰায়ে ঠাণ্ডা পৰে৷
পৰিবেশ সুৰক্ষাৰ লগতে পৰ্যটনৰ এক সম্ভাৱনাময় ক্ষেত্ৰৰূপে জনাজাত এই অৰণ্যখন বহুতো প্ৰাকৃতিক সম্পদৰে অত্যন্ত চহকী। এছিয়া মহাদেশৰ ভিতৰতেই পাঁচটা বিশেষ প্ৰজাতিৰ ধনেশ পক্ষীৰ বাবে বিশেষভাবে বিখ্যাত এই অৰণ্যখনত অন্যান্য বহু ভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায়। এইসমূহৰ ভিতৰত ধনেশ, দেওহাঁহ, দেওডৰিক, ভিন্ন প্ৰজাতিৰ বৰটোকোলা, হুদু, ফেঁচা, ডাউক, হয়কলি, কামচৰাই, কণামুচৰি, ধৃতৰাজ, মাছৰোকা, ভিন্ন প্ৰজাতিৰ বগলী, পানী কাউৰী, ৰাজশগুণ, শামুক ভঙা, মুগা ৰাজহাঁহ, চিলাহাঁহ, নেজাল হাঁহ, ঘিলাহাঁহ, চাকৈচকোৱা আদি। ভাৰতৰ ভিতৰতেই অৰণ্যখন কাঠনিৰ চৰাইৰ বাবে অতিকৈ বিখ্যাত। বন্যপ্ৰাণীৰ আৱাসথলী হিচাপে এই অৰণ্যখন ৪২ টাৰো অধিক প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ৪০ টাৰো অধিক প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপৰ লগতে বিভিন্ন কীট-পতংগ ইত্যাদিবোৰো ইয়াত পোৱা গৈছে। ৩০ টা প্ৰজাতিৰ পখিলাৰে সমৃদ্ধ এই অৰণ্যখনত পোৱা কেতবোৰ উল্লেখযোগ্য বন্যপ্ৰাণী হৈছে- নাহৰফুটুকী, গোধাফুটুকী, লতা মেকুৰী, হিমালয়ৰ ভালুক, ৰাংকুকুৰ, শৰ, বনগৰু, বনৰৌ, বনৰীয়া ম’হ, হাতী, উৰণীয়া কেৰ্কেটুৱা, কেটেলা পহু, জহামাল আদি। সাতটা প্ৰজাতিৰ বান্দৰ যেনে- হলৌ, লাজুকী, মলুৱা, অসমীয়া, টুপী মুৰীয়া, খৰানেজীয়া, গাহৰিনেজীয়া আদিবোৰো ইয়াত পোৱা যায়। বনমানুহ তথা হলৌ বান্দৰৰো আদৰ্শ বাসস্থান এই অৰণ্যখন।
উদ্ভিদ প্ৰজাতিৰ ক্ষেত্ৰখনতো এই বনভূমিখন যথেষ্ট চহকী। বৰ্ষাৰণ্য হিচাপে এখন অৰণ্যত পোৱা আটাইকেইটা স্তৰৰ উদ্ভিদকেই ইয়াত পোৱা গৈছে। বিভিন্ন ঔষধি, ফল-মূল, অৰ্কিড আৰু লতাজাতীয় গছবোৰৰ লগতে হোলোং, তিতাচপা, মেকাই, নাহৰ, ধূনা, চাম, বৰপাত, বান্দৰডিমা, শিঙৰি, ৰুদ্ৰাক্ষ, কৌপাত, চোম, উৰিয়াম, চেগুণ, চিচু, বনৰীয়া কল, থেকেৰা, শাল, শিলিখা, চিৰিজ, বিভিন্ন ঢেকীয়া জাতীয় উদ্ভিদবোৰে অৰণ্যখনৰ নৈসৰ্গিক পৰিবেশটোক শোভাবৰ্ধন কৰি অহাৰ লগতে প্ৰাকৃতিকভাৱেও অৰণ্যখনক যথেষ্ট সমৃদ্ধিশালী কৰি গঢ়ি তুলিছে। অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ অভয়াৰণ্যখন অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াৰে ৭৯ বিধ epiphytic, ২১ বিধ স্থলজ আৰু এবিধ saprophyte৷ তদুপৰি পৰিবেশ বিজ্ঞানীসকলে, এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন (critically endangered), ১৫ বিধ বিপদসংকুল (endangered), ৫ বিধৰ সংকট আসন্ন (near threatened) আৰু ২৮ বিধ vulnerable হিচাপে শ্ৰেণীভক্ত কৰিছে৷ এই অৰ্কিডসমূহৰ ভিতৰত ”Thrixspermum acuminatissimum” নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে৷ আকৌ, ৯ বিধ অন্য অৰ্কিড যেনে Bulbophylum ebulbum, Chrysoglossum erraticum, C. robinsonii, Eria connate, E. pudica, Hetaeria affinis, Thelasis pygmaea, Taeniophyllum crepidiforme আৰু Zeuxine clandestine অসমত প্ৰথমবাৰৰ বাবে পোৱা গৈছে৷ যিটোৱে এই অৰণ্যখন বিশেষত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাক সদায় আমাক কয়।