দিহিং-পাটকাইঃ কিছু প্ৰাসংগিক, কিছু অপ্ৰাসংগিক
পাহাৰী বৰুৱা
দিল্লী-মুম্বাইৰ মানুহে অসমৰ ভূগোলৰ বিষয়ে ভালকৈ নাজানে, গুৱাহাটী ক’ত বুলি সোধে বুলি প্ৰায়ে আপত্তি কৰি থকা কোনোবা এজনেই এবাৰ মোক সুধিছিলঃ
• বিহুত ঘৰলৈ যাবা নে? তিনিচুকীয়া নহয় জানো?
•• নহয়, দুলীয়াজান।
• একেই আৰু, মানে তিনিচুকীয়াতে দুলীয়াজান নাই জানো!
•• নহয়, তিনিচুকীয়া বেলেগ ঠাই, দুলীয়াজান বেলেগ ঠাই।
• অ’ দুলীয়াজান ডিব্ৰুগড় হে!
•• নহয়, দুলীয়াজান দুলীয়াজানেই।
• মানে ‘আপাৰ আচাম’ আৰু গোটেইখিনি মুঠতে।
•• হয় দিয়ক।
আমাৰ ঘৰ ক’ত কোৱাৰ পিছত এনেকুৱা প্ৰশ্নৰ বহুবাৰ সন্মুখীন হৈছো। নকওঁ যে মই নিজে নামনিৰ সকলো ঠাই ভালকৈ চিনি পাওঁ, কিন্তু সৰুতে দেশ-বিদেশৰ মেপ আৰু আজিকালি গুগুল-মেপ চাই থকাৰ অভ্যাস এটা আছে মোৰ। তথাপিও নাজানিলে সকলো একেই বুলি কৈ থোৱাতকৈ সুধি জানিবলৈ চেষ্টা কৰো।

দুলীয়াজান তিনিচুকীয়া একেই ঠাই বুলি ভবা বহুতেই দিহিং –পাটকাইৰ নাম যে আগতে শুনিছে মনে নধৰে, কিন্তু ফেচবুকত সকলোৰে এইকেইদিন পোষ্টবোৰ দেখি কিবা এটা ভাল লাগিছে। অন্তঃত মানুহে গম যে পাইছে, কোনোবাই হয়তো মানচিত্ৰখন খুলিও চাইছে – ক’তনো আছে বুলি! উজনিৰ ঠাইবোৰৰ লগত চিনাকি হৈছে।
আজিকালি পিছে বহুতেই ঘৰ দুলীয়াজান বুলি কোৱাৰ পিছত ডিব্ৰু-ছৈখোৱা, মেৰবিল, নামফাকে গাওঁ, বৰডুবি টিলিঙা মন্দিৰ, ষ্টিলৱেল ৰ’ড, ভাণ্টে বাবাৰ আশ্ৰম আদিৰ কথা সোধে। ভাল লাগে নিজৰ ঠাইৰ কথা কোনোবাই সুধিলে। ঘৰ উজনিত কাৰণেই চাগে, উজনি অসমৰ ঠাইবোৰ বেছি ধুনীয়া, বেছি মনমোহা যেন লাগে।
ঘৰলৈ গ’লে ডিগবৈ, লিডু, মাৰ্ঘেৰিটা, ডুমডুমা, জয়পুৰ, নামৰূপ, আজিকালি শদিয়া আদি ঠাইবোৰ এনেই ফুৰিব যাওঁ। সেউজীয়াবোৰ ভাল লাগে। তাৰ আৰু অলপ আগলৈ গ’লে আৰু ধুনীয়া ধুনীয়া ঠাই আছে, সেইখিনি অৰুনাচলত পৰে যেনিবা।
বাৰু যি কি নহওঁক এই যে দিহিং-পাটকাইৰ কয়লা খননৰ কথাটো ওলাইছে, মাৰ্ঘেৰিটা- লিডুৰ ফালে কয়লা খনি আছে বুলি সৰুৰে পৰা শুনি আহিছো, কয়লাৰ দমবোৰ দেখিছো। লগতে শুনি আহিছো অবৈধ খনন কাৰ্য্যবোৰৰ বিষয়ে, কিদৰে বহু প্ৰভাৱশালী ব্যক্তিয়ে ব্যক্তিগত ভাৱে খনন কাৰ্য্য চলাই আহিছে আৰু স্থানীয় লোকে আপত্তি কৰে যদিও তেওঁলোকৰ মাতবোৰ দমাই ৰখা হয়।
আমি স্কুলত থাকোতে ‘নেচাৰ্চ বেকন’ (তেতিয়া নামটো জনা নাছিলো)নামৰ সংগঠনটোৰ হেঁচাত দিহিং-পাটকাইক চৰকাৰে অভয়াৰণ্যৰ মৰ্যদা দিছিল বুলি শুনিছিলো; যদিও তেওঁলোকৰ দাবী হেনো তাতোকৈও বৃহৎ অঞ্চল এটাক ‘জয়দিহিঙ’ নামেৰে অভয়াৰণ্য ঘোষণা কৰাটোহে আছিল।
সেই অনুষ্ঠানটোৰ ফালৰ পৰা আজি দুদিনমান আগতে দিহিং-পাটকাইত চৰকাৰে কোনো খনন কাৰ্য্য কৰিবলৈ অনুমতি দিয়া নাই বুলি ষ্পষ্ট কৰা হ’ল। যিহেতু সেই অনুষ্ঠানটোৱেই কোনেও দিহিং পাটকাইৰ কথা ভালকৈ নাজানোতেই দিহিং-পাটকাইৰ সংৰক্ষণৰ চেষ্টা কৰি আছিল, তেওঁলোকৰ এই ষ্পষ্টীকৰণটোৱে ৰাইজক অলপ সকাহ দিলে।
কিন্তু লগতে এইটো কথা নুই কৰিব নোৱাৰি যে এই বিষয়ত আলোচনা কৰা হৈছিল, যিখন মিটিংৰ কাৰ্যবিৱৰণী ফেচবুকত দেখিছো। গতিকে প্ৰশ্ন এতিয়াও আছে দিহিং-পাটকাইত নহ’লেও তাৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰত খনন কাৰ্য্যৰ অনুমতি দিছে নেকি? এতিয়া নাই দিয়া যদিও যিহেতু এই বিষয়ত আলোচনা হৈছে, আগলৈ দিয়া সম্ভাৱনা আছে নেকি? চৰকাৰে যদি চৰকাৰি উদ্যোগক অনুমতি দিয়ে খনন কৰিবলৈ, ইমান বছৰে চলি থকা অবৈধ কাৰ্যকলাপ বোৰ বন্ধ হ’বনে?

বা নিদিলেও এইবোৰ কেতিয়া বন্ধ হ’ব? আৰু বছৰ-বছৰ ধৰি ইতিমধ্যে যিখিনি ক্ষতি হ’ল, তাৰ কিবা ব্যৱস্থা লোৱা হৈছে বা হ’বনে? দিহিং-পাটকাই বুলিয়েই নহয় কাজিৰঙাকে আদি কৰি যে আন বনাঞ্চলবোৰত অবৈধ নাগৰিকক বসতি প্ৰদান কৰাৰ বাবেই হওঁক বা আন উদ্দেশ্যতেই হওঁক হাবি-বনবোৰ কাটি যে নষ্ট কৰা হৈছে, তাৰ কি হ’ব?
কেৱল চৰকাৰক অন্ধভাৱে সমৰ্থন কৰিবলৈ গৈ চিধাই একো চিন্তাৰ কাৰণেই নাই বুলি কৈ দিয়া আৰু কেৱল চৰকাৰক অন্ধভাৱে বিৰোধিতা কৰিবলৈ গৈ মিছা তথ্যৰে মছলা মিহলি কথাবোৰৰ উৰ্দ্ধত হ’ব লাগিব প্ৰকৃতি সংৰক্ষণৰ প্ৰতি আমাৰ চিন্তাধাৰাবোৰ। প্ৰকৃতি বচাওঁক বুলি কৈ আমি প্ৰকৃতিৰ ওপৰত একো দয়া কৰা নাই, আচলতে আমিহে চিৰদিন প্ৰকৃতিৰ ওচৰত শৰণাপন্ন।
ক’ভিড – ১৯ নামৰ এটা অদৃশ্য ভাইৰাছে গোটেই বিশ্বত যি অৱস্থা কৰিছে, মানুহ প্ৰকৃতিৰ আগত কিমান ‘শক্তিশালী’ – তাতোকৈ ভাল উদাহৰণ কি হ’ব পাৰে। যিসকলে মাল্টিপ্লেক্স, বিল্ডিং, শ্বপিং-মল অকল এইবোৰতহে উন্নয়ন দেখা পায়, কৰ’নাই আৰু কিমানদিনলৈ এইবোৰ বন্ধ কৰি থয় তাৰে একো উৱাদিহ নাই।
দিহিং-পাটকাই বুলিয়েই নহয়, #’ respect and co-exist with nature ‘ হে আমাৰ উদ্দেশ্য হ’ব লাগে। নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি, ঘৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ, নিজৰ থকা ঠাইডোখৰৰ, ৰাজ্যখনৰ, দেশখনৰ প্ৰকৃতি, বনাঞ্চল, বন্যপ্ৰাণী সকলোৰে সংৰক্ষণৰ প্ৰতি আমি যদি এতিয়াই সজাগ নহওঁ, আহি থকা দিনবোৰ বৰ ভাল হ’ব বুলি আশা নকৰাই ভাল।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.
















