• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

দীপাৱলীৰ আতচবাজী আৰু জীৱ-জগত : যত জীৱ জঙ্গম কীট পতঙ্গম / অগ নগ জগ তেৰি কায়া!

CLIMATE CHANGE / NATURE / ANIMAL

by Sanjeev Kumar Nath
November 1, 2024
in Climate Change, Nature, Opinion
Reading Time: 4 mins read
0
দীপাৱলীৰ আতচবাজী আৰু জীৱ-জগত : যত জীৱ জঙ্গম কীট পতঙ্গম / অগ নগ জগ তেৰি কায়া!
Share on FacebookShare on TwitterShare on LinkedIn

দীপাৱলীৰ আতচবাজী আৰু জীৱ-জগত : যত জীৱ জঙ্গম কীট পতঙ্গম / অগ নগ জগ তেৰি কায়া!

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

আমাৰ পৃথিৱীৰ জীৱন-কালক যদি ২৪ ঘন্টাৰ এটা দিন বুলি ধৰা হয় তেন্তে আমি, নিজকে জীৱ-শ্রেষ্ঠ বুলি কোৱা মানুহে, এই ধৰালৈ আহিছোঁ দিনটোৰ শেষ হোৱাৰ অর্থাৎ মাজৰাতিৰ ১২ বজাৰ দুই এক চেকেণ্ড আগতে।

সকলো উদ্ভিদ আৰু সকলো প্রাণী আমাতকৈ বহু আগেয়ে অহা।

সিহঁততকৈ বহু, বহু পিছত আহি আমি “জীৱ-শ্রেষ্ঠ”ৰ কাল্পনিক মানপত্র নিজকে নিজে দি, সিহঁতৰ বহুতক মাৰি, কাটি, বা সিহঁতৰ বাসস্থান ধ্বংস কৰি, সিহঁতক সবংশে এই ধৰাৰ পৰা বিদায় দিছোঁ। আমি জীৱ-শ্রেষ্ঠ। আমি থাকিম, পৃথিৱী ধ্বংস কৰিম, অন্য জীৱ-জন্তু, তৰু-তৃণ থাকক না নাথাকক। 
Diwali Crackers sound and affect on animals
Image : Powershift

 প্রায়ে আমি এটা মুহূর্তৰ বাবেও চিন্তা নকৰোঁ যে আমাৰ কামৰ বাবে সিহঁতৰ কষ্ট হৈছে নেকি, সিহঁতৰ কষ্টকৰ মৃত্যু হৈছে নেকি। ধৰক এজন জীৱ-শ্রেষ্ঠৰ চকুত পৰিল চহৰৰ কাষতে থকা এখন বিলত। এই জীৱ-শ্রেষ্ঠ জনে তেতিয়া চৰকাৰী অফিছৰ বা চৰকাৰৰ ঘৰৰ বিশেষ কোনো কোনো জীৱ-শ্রেষ্ঠৰ মনত আনন্দ দিব পৰাকৈ কিবা কিবি কৰিব…. জীৱ-শ্রেষ্ঠতো….সেই বিলৰ মাছ-কাছ বোৰৰ দৰে “মূর্খ” নহয়।

তাৰ পিছত এদিন দেখিব আমাৰ জীৱ-শ্রেষ্ঠই বিলৰ এটা অংশ বান্ধি এখন পকী বেৰ সৃষ্টি কৰাইছে। তাৰ পিছত জীৱ শ্রেষ্ঠ যাব পাহাৰ কাটি কাটি মাটিৰ যোগান ধৰা অন্য জীৱ-শ্রেষ্ঠ সকলৰ ওচৰলৈ। তেওঁলোকেও কোনো কোনো চৰকাৰী জীৱ-শ্রেষ্ঠক সুখী কৰি পাহাৰ একোটা কাটি সমান কৰাৰ কামত লাগি আছে।

পাহাৰ কটা জীৱ-শ্রেষ্ঠৰ কৃপাত বিলত বহুত লাখ কিলোগ্রাম মাটি পৰিব, বিলৰ মাছ, কাছ, ভেকুলী, বিভিন্ন প্রাণী, উদ্ভিদ কোনোৱে এই মহা প্রলয়ৰ পৰা বাচি নাযাব। পানীত সাঁতুৰি থকা অৱস্থাতে কোনোবাটো কণমানি মাছ পোত যাব বোকাত। উশাহ ল’ব নোৱাৰি, পানী নাপায়, ছটফটাই সি মৰিব।

একেই গতি হ’ব সেই বিলৰ বহু হাজাৰ প্রাণীৰ—যাতে এজন লোভী, চতুৰ জীৱ-শ্রেষ্ঠই অন্য লোভী, চতুৰ জীৱ-শ্রেষ্ঠৰ সহায়ত এসময়ত য’ত বিল আছিল তাত এটা ঘৰ সাজি টেলিভিজনত ডিস্কভাৰি চেনেলৰ জীৱ-জন্তুৰ বিষয়ে অনুষ্ঠান চাই আনন্দ উপভোগ কৰিব পাৰে।

 বনবাসৰ অন্তত, ৰামচন্দ্রৰ অযোধ্যালৈ প্রত্যাৱর্তনৰ আনন্দত হেনো অযোধ্যাৰ নাগৰিক সকলে প্রথম দীপাৱলী পাতিছিল। প্রতি বছৰে এই দিনত আমি দীপাৱলী পাতি আহিছোঁ। দীপাৱলীৰ আনন্দত মতলীয়া হৈ আমি প্রতি বছৰে প্রচণ্ড শব্দ কৰা আৰু ধোঁৱা উলিওৱা ফটকা ফুটাই বহু হেজাৰ নির্বোধ, নির্দোষী প্রাণীৰ অনিষ্ট কৰিছোঁ, সিহঁতৰ প্রাণ লৈছোঁ। ভগৱান ৰামচন্দ্রই বাৰু তেওঁৰ ভক্ত সকলে কৰা আতচবাজীৰ আতিশয্যৰ কথা কেনেকৈ লয়?

Ram 1

জীৱ-জন্তু, চৰাই-চিৰিকতি বোৰৰ প্রতি তেওঁৰ জানো মৰম চেনেহ নাই? তেওঁ যে সোণৰ হৰিণ ৰূপী মাৰীচক বধিবলৈ হাতত ধনু-কাঁড় লৈ দৌৰিছিল, তেওঁ বাৰু ধুনীয়া হৰিণ পোৱালীটো বধিবলৈ কিয় বিচাৰিছিল? তাৰ প্রাণটো ল’বলৈ তেওঁৰ বেয়া লগা নাছিলনে?

Ram

কোনো কোনোৱে চাগৈ ক’ব যে তেওঁ ভগৱান, গতিকে তেওঁ জানেই সি হৰিণ নহয়, মাৰীচহে বুলি। কিন্তু ৰামায়ণত ৰামে আৰু লক্ষ্মণে বহু বাৰ বহু জন্তু বধ কৰাৰ বর্ণনা নাই জানো?

কোনো কোনোৱে কয় যে ক্ষত্রিয় ৰাজকুমাৰে নিজৰ সমৰ-কলাৰ অভ্যাস কৰে সেইদৰে। সমৰ কলাৰ অভ্যাস? অৰণ্যৰ নির্দোষ জীৱ এটাক বধিহে সমৰ কলাৰ অভ্যাস কৰিব পাৰি নেকি? ভগৱানে আকৌ সমৰ কলাৰ প্রশিক্ষণ কিয় ল’ব লাগে বুলি যিদৰে প্রশ্ন কৰিব পাৰি মর্যদা পুৰুষোত্তমে অকাৰণ জীৱ-হত্যা কিয় কৰে বুলিও প্রশ্ন কৰিব নোৱাৰি জানো?

Diwali Crackers louder sound and affect on heart patients
Image: Powershift

 এইবোৰ প্রশ্নৰ উত্তৰ পোৱা সহজ নহয়। কিন্তু ৰাম-ভক্তিক সজোৰে প্রতিষ্ঠা কৰা তুলসীদাসেই কৈছে যে “হৰি অনন্ত, হৰি কথা অনন্তা”। ৰাম অনেক। কেৱল দশৰথ-নন্দন ৰামেই ৰাম নহয়। বিশ্বৰ বয়স এদিন বুলি ধৰিলে যে মানুহৰ আগমন সেই দিনটোৰ শেষৰ ঘন্টাৰ শেষৰ মিনিটটোৰ শেষৰ এক বা দুই চেকেণ্ডত ঘটে, সেই এক বা দুই চেকেণ্ডৰে এটা সৰু অংশত দশৰথ-নন্দন আহিল আৰু গ’ল।

কেৱল দশৰথ-নন্দন ৰামেই ৰাম নহয়। সমস্ত ব্রহ্মাণ্ডৰ সৃষ্টি-স্থিতি-প্রলয়কাৰীও ৰাম, প্রতি মনুষ্য, প্রতি জীৱৰ চৈতন্য-শক্তিও ৰাম। সেই ৰামৰ জন্ম, মৃত্যু, বনবাস, সমৰ-কলা অভ্যাস, প্রস্থান, আগমন নাই। আতচবাজী প্রদর্শন বা প্রতিযোগিতাৰে সেই ৰামক ভজিব নোৱাৰি। ভজিব পাৰি সকলো জীৱৰ প্রতি মৰম, শ্রদ্ধাৰ ভাবেৰে, ভজিব পাৰি এই বিচিত্র জগতত আমাৰ স্থান কি তাক বিনয়েৰে স্বীকাৰ কৰি।

Diwali 2
..বিনা দোষত কিমান কণমানি চৰাইৰ হৃৎ-যন্ত্র বিকল হৈ মৃত্যু হয় তাৰ হিচাপ নাই

ফটকাৰ শব্দ আমি মানুহে যিমান ডাঙৰকৈ শুনোঁ, বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকটিয়ে তাতকৈ কেবা গুণো বেছি ডাঙৰকৈ শুনে কাৰণ সিহঁতৰ শ্রৱণেন্দ্রিয়ৰ শক্তি আমাতকৈ বহু বেছি। কল্পনা কৰি চাওক। ভীষণ ডাঙৰ শব্দৰ ফটকাটোৰ শব্দ যদি আৰু চাৰিগুণ বা পাঁচগুণ বা দহগুণ হয়, কেনে লাগিব? সিহঁতৰ চেতনা আছে, সিহঁতেও শান্তিৰে জীয়াই থাকিব বিচাৰে; আৰু আনৰ অনিষ্ট সাধি “আনন্দ” লভাৰ কথা সিহঁতে বুজি নাপায়।

আৰু এই যে হঠাৎ বিছুমান ভয়ানক, বিকট শব্দ শুনি টোপনিত থকা চৰাইটো সাৰ পাই উঠে বা আৰামত বহি থকা কুকুৰটোৱে চঁক খাই জাপ মাৰি উঠে, সিহঁতেতো নাজানে যে কিছুমান মানুহে আনন্দ উল্লাসৰ নামতে এনে ভীষণ শব্দ কৰা ফটকা ফুটাই আছে। ঘণচিৰিকাৰ পৰিয়ালটোৱে যেতিয়া এটা প্রলয়ংকৰ শব্দত সাৰ পাই উধাতু খাই উৰি যায় আৰু ধোঁৱা এসোপাৰ মাজত সেমায়গৈ, সিহঁতে নাজানে যে কোনোৱে আনন্দৰ বাবেহে সেই শব্দ আৰু ধোঁৱা সৃষ্টি কৰিছে।

ভীষণ ভয়ত সিহঁতৰ বুকুৰ ধপধপনি বাঢ়ি যায়। অকণমানি হৃৎপিণ্ডৰ ধপধপনি বাঢ়ি গৈ ট্রেকিকার্ডিয়া হয় আৰু এটা সময়ত সৰু শৰীৰটোৰ শিৰা উপশিৰাত ৰক্ত-প্রবাহ চলাই থকা ক্ষুদ্র যন্ত্রটো বিকল হৈ যায়। কিছুমান মানুহে বিকট শব্দ শুনি, ধোঁৱাৰে বায়ু-মণ্ডল দুষিত কৰি ভাল পায় বাবে বিনা দোষত কিমান কণমানি চৰাইৰ হৃৎ-যন্ত্র বিকল হৈ মৃত্যু হয় তাৰ হিচাপ নাই।

Diwali Crackers sound and affect on heart patients
Image: Powershift

বহুতো দুর্বল, বয়সীয়াল ,অসুখীয়া মানুহৰো ত্রাস এই দীপাৱলীৰ উন্মত্ত আনন্দ। কফৰ অসুখ থকা মানুহ, টোপনি ভালদৰে নহা লোক, ডাঙৰ শব্দত বিচলিত হোৱা বিভিন্ন ধৰণৰ মানসিক অৱস্থাৰ মানুহ, সকলোৰে বাবে মহা ভয়ৰ দিন এই দীপাৱলী। চিকিৎসালয়ত দীপাৱলীৰ সময়ত এনে ৰোগীৰ সংখ্যা হঠাৎ বাঢ়ে।

লগতে ফটকাৰ পৰা হোৱা জুইৰ দুর্ঘটনা আছেই। হঠাতে ৰোগীৰ সংখ্যা বাঢ়িলে চিকিৎসালয়ত কাম কৰা ডাক্ত-নার্ছ-কর্মী সকলৰ কামৰ চাপ বাঢ়ে; তেওঁলোকো কেতিয়াবা ৰোগী হৈ পৰে। আৰু এই সমস্ত জঞ্জালৰ গুৰি ক’ত? দ্বাপৰ যুগত ৰামে কৰা গৃহ-প্রত্যাৱর্তনৰ নামত চলাই অহা আনন্দ-উল্লাসৰ অদ্ভূৎ কার্যক্রমত।

দেশৰ শাসন কর্তা সকলে মাজে মাজে কয় যে ইমান ডেচিবেলতকৈ বেছি শব্দ কৰা ফটকা ফুটাব নোৱাৰিব। কিন্তু কাগজৰ নিয়ম, আদেশ কাগজতে থাকে। শব্দ-ৰাক্ষস, প্রদুষণ-দৈত্য সকলৰ কাকো কেতিয়াও কোনো শাস্তি বিহা নহয়। তেওঁলোকে জানেই যে সেইবোৰ নীতি-নির্দেশনা কেৱল দেখুৱাবৰ বাবে।

Diwali 1

আমি জানো যে আমাৰেই মাজৰে কোনো কোনোৱে এই কামত লাগি আছে—দ’ম দ’ম ফটকা আনিছে, বেছি শব্দ কৰা ফটকা বিচাৰি বিচাৰি আনিছে, আৰু ফুটাই “আনন্দ” কৰিছে। মনে মনে কোনোৱে ভাবিছে যে “মই এই এলেকাত আটাইতকৈ বেছি শব্দ কৰা ফটকা আটাইতকৈ বেছি ফুটাম”। কোনোৱে ভাবিছে যে তেওঁ আটাইতকৈ দেৰীলৈকে একেৰাহে কেবা হেজাৰ ফটকা ফুটাব।

কোনোৱে ভাবিছে যে সকলোৰে ফটকা ফুটাই শেষ হ’ব যেতিয়া, অতি আত্যাচাৰীবোৰো শুবগৈ যেতিয়া, তেতিয়া তেওঁ এগাল মান ফটকাৰে বহু দেৰীলৈকে শব্দ কৰি থাকিব। আৰু এইবোৰ কাম কৰা সকলে ভাবে সে তেওঁলোকে আদর্শ ৰাম-ভক্তৰ কাম কৰিছে। তেওঁলোকে বাৰু বনবাসৰ পৰা ওভতা ৰামক আদৰিছে নে ৰামক বনবাসলৈ পঠাইছে?

Diwali 6

আৰু তেওঁলোক যদি ৰামভক্ত হয়, তেন্তে কোন জন ৰামৰ ভক্ত তেওঁলোক? প্রত্যেক প্রাণীৰ অন্তৰত যাৰ বাস, সেই ৰামক বাৰু তেওঁলোকে চিনি পায়নে?

যত জীৱ জঙ্গম কীট পতঙ্গম/ অগ নগ জগ তেৰি কায়া/ সবকহু মাৰি পূৰত ওহি উদৰ/ নাহি কৰত ভূতদায়া/ ঈশ স্বৰূপে হৰি সৱ ঘটে বৈঠহ/ যৈচন গগন বিয়াপি/ নিন্দাবাদ পৈশূন্য হিংসা হেৰি/ তেৰি কৰোহোঁ হামু পাপী/ কাকু শঙ্কৰ কৰ কৰহু কৰুণা নাথ/যো নো ছাড়হু ৰাম বাণী/ সব অপৰাধক বাধক তুৱা নাম/ তাহে শৰণ লেহু জানি….
Diwali 5

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep
Climate Change

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

by ADITI CHANDEL
August 17, 2026
0

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep What began with a simple question about where...

Read moreDetails
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d