• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, November 14, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

দীপৰ বিলৰ পাৰৰ ৰেলআলিৰ বৈদ্যুতিকৰণ-কৰ্মত বাধা বনবিভাগৰ

নেকিব আলি শইকীয়া

by Anjan Sarma
June 4, 2022
in Environment, Nature
Reading Time: 2 mins read
0
দীপৰ বিলৰ পাৰৰ ৰেলআলিৰ বৈদ্যুতিকৰণ-কৰ্মত বাধা বনবিভাগৰ
Share on FacebookShare on TwitterShare on LinkedIn

দীপৰ বিলৰ পাৰৰ ৰেলআলি


নেকিব আলি শইকীয়া

গুৱাহাটীৰ দীপৰ বিলখনৰ পাৰেৰে আৰু কিছু অংশত মাজেৰে যোৱা আজাৰা-কামাখ্যা ৰেলআলিত ৰেল বিভাগে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ ( NGT)ৰ নিৰ্দেশ উলংঘা কৰি তথা বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ আওকাণ কৰি পুনৰ বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰা বিষয়টোক লৈ ৰেল বিভাগ আৰু বন বিভাগৰ মাজত সংঘাত সৃষ্টি হৈছে বুলি শুনা গৈছে।

RelatedPosts

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

November 11, 2025
Beyond Decarbonization: Why India Needs a Two-Track Climate Strategy

Beyond Decarbonization: Why India Needs a Two-Track Climate Strategy

November 10, 2025

ইতিপূৰ্বে যোৱা কেইটামান বছৰত দীপৰ বিলৰ পাৰেৰে যোৱা ৰেলআলিত ৰেলগাড়ীৰ খুন্দাত ১৫ টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে অইন বহুসংখ্যক বনৰীয়া জীৱ-জন্তুৰ প্ৰাণহানি হৈছে। তাৰেই পটভূমিত ৰাইজৰ মাজত দেখা দিয়া গভীৰ অসন্তুষ্টি আৰু প্ৰৱল প্ৰতিবাদৰ বাবে হাতীৰ লগতে অইন জীৱ- জন্তুৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিলৈ লক্ষ্য কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰেল বিভাগক বৈদ্যুতিকৰণ তথা ৰেলআলি দ্বৈতকৰণৰ কাম দীপৰ বিলৰ পাৰত থকা অংশত, সেই বিষয়টোৰ চূড়ান্ত নিষ্পত্তি নোহোৱালৈকে, স্থগিত ৰাখিবলৈ যোৱা বছৰেই এক নিৰ্দেশ দিছিল।

সেই নিৰ্দেশৰ ভিত্তিত বন বিভাগৰ বাধাৰ বাবে বিগত কেইটামান মাহত ৰেলআলিৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকৰণৰ কাম বন্ধ আছিল যদিও যোৱাকালি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ জলাঞ্জলি দি দীপৰ বিলৰ পাৰৰ মিকিৰপাৰাত ৰেল বিভাগে পুনৰ ৰেলআলিৰ বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰিবলৈ ধৰাত দীপৰ বিলৰ সমীপত থকা বন বিভাগৰ বিষয়া ধনেশ্বৰ দলেৰ নেতৃত্বত বনবিভাগৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ ৰেল বিভাগৰ বৈদ্যুতিকৰণৰ কাম বন্ধ কৰিবলৈ কয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশৰ পটভূমিত ৰেল বিভাগে তথা বন বিভাগে ইতিপূৰ্বে লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰায়।

বন বিভাগৰ বিষয়া ধনেশ্বৰ দলেৰ পৰা অৱগত হৈ ৰেল বিভাগৰ দলটোৱে কাম বন্ধ কৰি প্ৰস্থান কৰিবলৈ বাধ্য হয়। বন বিভাগৰ এনে তৎপৰতাক স্থানীয় ৰাইজে বাৰুকৈয়ে প্ৰশংসা কৰিছে আৰু দীপৰ বিলৰ সংলগ্ন সেই অঞ্চলত থকা ‘এলিফেন্ট কৰিডৰ’ যাতে কোনোপধ্যে বাধাগ্ৰস্ত নহয় – সেই সম্পৰ্কে স্থানীয় ৰাইজেও অনবৰতে লক্ষ্য ৰাখিব বুলি মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে দীপৰ বিলৰ পাৰৰ ৰেলআলিৰ বৈদ্যুতিকৰণ-কৰ্ম বিগত ২৫ জুন, ২০২১ তাৰিখৰ পৰাই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশৰ পটভূমিত বন্ধ হৈ আছিল। এই বছৰৰ ৩০ এপ্ৰিল তাৰিখেও ৰেল বিভাগে সেই স্থানত ৰেলআলিৰ কাম আৰম্ভ কৰিবলৈ ধৰাত স্থানীয় ৰাইজে বাধা প্ৰদান কৰিছিল। তাৰপিছত যোৱাকালি পুনৰ একেই ধৰণে কাম আৰম্ভ কৰিবলৈ গৈ বন বিভাগৰ দ্বাৰা বাধাপ্ৰাপ্ত হয়। 

এই সম্পৰ্কে ৰেল বিভাগৰ মুখ্য জনসম্পৰ্ক বিষয়া ( CPRO) সব্যসাচী দে-ই কৈছে, ‘ আজাৰা-কামাখ্যা পথছোৱাৰ বৈদ্যুতিকৰণৰ কাম আধৰুৱা হৈ আছে আৰু সেয়া ৰেল বিভাগে এতিয়া পুনৰ আৰম্ভ কৰিব। ইতিমধ্যে ৰেল বিভাগে Ministry of Environment, Forest and Climate Change( MoEFCC)ৰ সেউজ সংকেত যোৱা ২৪ এপ্ৰিল তাৰিখে লাভ কৰিছে আৰু সেই মৰ্মে ৰেল বিভাগৰ ভূমিত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই। কিন্তু অসমৰ বন বিভাগে সেই সম্পৰ্কে হয়তো এতিয়াও অৱগত হোৱা নাই।

দীপৰ বিলৰ পাৰৰ ৰেলআলিৰ বৈদ্যুতিকৰণ-কৰ্মত বাধা বনবিভাগৰ
দীপৰ বিলৰ পাৰৰ বনাঞ্চল

তেওঁ কয়, MoEFCCৰ নিৰ্দেশত কোৱা হৈছে,’ All zonal railways who had earlier sought tree cutting permission, permission for diversion of forest land and wildlife clearance for railway projects on railway owned land within the railway’s right of way should now approach the concerned field offices of forest and wildlife department and apprise them of the content of the MoEFCC letter dated March 10, 2022, and specify that the railway would be going ahead with the extension of railway works for which now no permission is required from the state forest/wildlife department. However, mitigation measures shall be provided on mutual consent, “the MoEFCC said in a letter on April 24, 2022,” the order stated.’

তেওঁ পুনৰ কয়, ““NFR will take up the matter with PCCF as we do not have to take any clearance from the forest/wildlife department to do railway work on railway land as per the new directives.” 

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ হস্তক্ষেপ সম্পৰ্কীয় বিষয়টো ৰেল বিভাগে এৰাই চলিব বিচাৰিছে আৰু পুনৰ কাম আৰম্ভ কৰিবলৈ বিচাৰিছে। অসমৰ বনৰীয়া হাতীৰ মৃত্যু বা অইন বনৰীয়া জীৱ-জন্তুৰ মৃত্যুক লৈ ৰেল বিভাগে মূৰ ঘমোৱা পৰিলক্ষিত হোৱা নাই। এনে স্থলত অসমৰ বন বিভাগৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলি স্থানীয় ৰাইজে মত পোষণ কৰিছে।

০৪-০৬-২০২৩

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

COP30 Brazil: Is this year’s Summit truly an Implementation COP?
Climate Change

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

by Kakali Das
November 14, 2025
0

COP30 Brazil: Is this year’s Summit truly an Implementation COP? KAKALI DAS Kakali Das Brazil, which holds the presidency, has...

Read moreDetails
Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

November 11, 2025
Beyond Decarbonization: Why India Needs a Two-Track Climate Strategy

Beyond Decarbonization: Why India Needs a Two-Track Climate Strategy

November 10, 2025
SMILY’s South-South Cooperation: a new era of shared growth

SMILY’s South-South Cooperation: a new era of shared growth

November 6, 2025
How India’s Rajesh, Meena, Renu, Arjun Face Climate Change?

How India’s Rajesh, Meena, Renu, Arjun Face Climate Change?

November 5, 2025
Global Biodiversity : SB8j-1 Concludes in Panama City

Global Biodiversity : SB8j-1 Concludes in Panama City

November 1, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16345 shares
    Share 6538 Tweet 4086
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    868 shares
    Share 347 Tweet 217
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3157 shares
    Share 1263 Tweet 789
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8257 shares
    Share 3303 Tweet 2064
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2827 shares
    Share 1131 Tweet 707
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1221 shares
    Share 488 Tweet 305
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    720 shares
    Share 288 Tweet 180
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    561 shares
    Share 224 Tweet 140
  • জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

    134 shares
    Share 54 Tweet 34
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    3650 shares
    Share 1460 Tweet 913
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d