• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

দীপৰ বিলৰ সংৰক্ষণ

ASSAMESE SECTION / Climate Change / Pollution / Environment

by Nilim Kashyap Barthakur
September 19, 2025
in Climate Change, ASSAMESE SECTION, Environment, Nature
Reading Time: 4 mins read
0
Preserving Deepor Beel
Share on FacebookShare on TwitterShare on LinkedIn

দীপৰ বিলৰ সংৰক্ষণ

দীপৰ বিলৰ সংৰক্ষণ

নীলিম কাশ্যপ বৰঠাকুৰ

NILIM Kashyap
নীলিম কাশ্যপ বৰঠাকুৰ

ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গুৱাহাটী মহানগৰীৰ পৰা ১৮ কিলোমিটাৰ পশ্চিম কোণত অৱস্থিত দীপৰ বিল অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য।

পৃথিৱীৰ মানচিত্ৰত দীপৰ বিল ২৬°০৩ উত্তৰৰপৰা ২৭°০২ উত্তৰ অক্ষাংশ আৰু ৯২°৩৯ পূবৰ পৰা ৯২°৫৫ পূর্ব দ্রাঘিমাংশত অৱস্থিত। সাগৰপৃষ্ঠৰপৰা দীপৰ বিলৰ উচ্চতা ১৬৫-১৮৬ ফুট।

১৯৮৯ চনত অসম চৰকাৰে ৪.১৪ বর্গ কিলোমিটাৰ অঞ্চল সাঙুৰি দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰে।

১৯৮৯ চনৰ ১২ জানুৱাৰীত অসম চৰকাৰে এক অধিসুচনাৰ দ্বাৰা ৪.১৪ বর্গ কিলোমিটাৰ মাটিকালি সামৰি দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। তাৰ পাছত ২০০২ চনৰ নৱেম্বৰত উত্তৰ পূৰ্বাঞ্চলৰ ‘ৰামচৰ অঞ্চল’ হিচাপে চৰকাৰে ঘোষণা কৰে।

দীপৰ বিলৰ সংৰক্ষণ

এখন অতি গুৰুপূর্ণ জলাহভূমি হিচাপে দীপৰ বিল আন্তর্জাতিকভাৱে স্বীকৃত।দীপৰ বিলক চৰকাৰে পক্ষী অভয়াৰণ্য ঘোষণা কৰাৰ পাছত তাত গুলীচালনা আৰু চৰাই ধৰাটো আইন অনুসৰি নিষিদ্ধ। অভয়াৰণ্যখনত চৰাই নিৰীক্ষণ আৰু নিৰাপত্তাৰ উদ্দেশ্যে বিলৰ পাৰত এটা ৱাটচ টাৱাৰ স্থাপন কৰা হৈছে ৷


দীপৰ বিল জৈৱিক আৰু প্ৰাকৃতিক দুয়ো ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ, ই হ’ল প্ৰাকৃতিকভাৱে পানী সংৰক্ষিত এলেকা। তদুপৰি জৈৱিক জীৱ, প্ৰব্ৰজনকাৰী চৰাইৰ লগতে কিছুমান প্ৰজাতিৰ চৰাই দীপৰ বিললৈ অহা দেখা যায়। বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে।

বশিষ্ঠ নদী, কালমনি নদী আৰু বৰষুণৰ পানীয়েই দীপৰ বিলৰ পানীৰ প্ৰধান উৎস। খনাজান বাহিনীয়ে দীপৰ বিলক ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোগ কৰাইছে। জলবায়ুৰ উষ্ণতা ১০.৬ ডিগ্ৰী ছেলছিয়াছৰ পৰা ৩২ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত থাকে। শীত কালত দীপৰ বিলৰ পৰিসৰ কমি যোৱাৰ ফলত স্থানীয় বাসিন্দা সকলে বিলৰ পলসুৱা মাটিত খেতি কৰে।

“বর্তমান দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্রায় ২৭০বিধ প্রজাতিৰ চৰাই দেখিবলৈ পােৱা যায়। ইয়াৰে ৭০বিধমান প্রবজনকাৰী চৰাই। বিভিন্ন প্রজাতিৰ চৰাইসমূহৰ ভিতৰত পানীডুবি, ভেলা, কৈলাঙি, দৈকলা, পানীকাউৰী, মণিয়ৰী, গােবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাকচৰাই, আজান, কণামুচৰি, ইটাগুড়ীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকোলা, হাড়গিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাহ, দীঘলনেজী, খন্তীয়াহহ, ৰঙামূৰী হাঁহ, বামুণীহাহ, মটীয়া চিলনী, গােধূচিলনী, শগুন, বিভিন্ন প্রজাতিৰ মাছৰোকা, ডাউক, দলপুঙা, সেঁকৰ, কামচৰাই, দলম’ৰা, বালিঘোঁৰা, গংগাচিলনী, ৰামপাৰ, কেঁচু, বালিমাহী আদি উল্লেখযোগ্য।”

ইতিহাসৰ পাতত থকা অনুসৰি আহোম ৰাজত্বত আৰু মোগলৰ অধীনত থকা সময়ত দীপৰ বিলত জাহাজ মেৰামতি আৰু বস্তুবাহানি উঠা নমোৱা কৰা হৈছিল।মোগলসকলে ইয়াক নৌবাহৰ হিচাপেই ব্যৱহাৰ কৰিছিল।

দীপৰ বিলৰ চৌপাশে প্ৰায় চৈধ্যখন গাঁও অৱস্থিত। এই গাঁৱৰ বাসিন্দাসকল খিলঞ্জীয়া লোক। প্ৰায় ১২০০ মান পৰিয়াল এই বিলখনৰ ওপৰতেই নিৰ্ভৰশীল। তেওঁলোকে মাছ ধৰি বিক্ৰী কৰে, বড়ো ধানৰ খেতি কৰে আৰু বিলত উৎপন্ন ‘মাখানা’ সংগ্ৰহ কৰিও বিক্ৰী কৰে।

বর্তমান দীপৰ বিলত জাবৰ-জোঁথৰ পেলাই বিলখনলৈ সংকত নমাই অনাৰ লগতে এচামে বিল খন পুতি অট্টালিকা সাজিবলৈ চেষ্টা কৰিও ভাবুকি কঢ়িয়াই আনিছে। তদুপৰি বিলখনত মানুহে মাছমাৰি আৰু কাষেৰে যোৱা ৰে’লেও পক্ষীবোৰক অনবৰতে ভয় লগাই আহিছে। এনেস্থলত ইহঁতৰ বংশবৃদ্ধিতো বাধাস্বৰূপ হৈছে।

আনহাতে ৰে’লপথ পাৰ হৈ বিলখনলৈ অহা বহু হাতীৰ ৰে’লৰ খুন্দাত মৃত্যু হৈছে। দীপৰ বিলত ৰে’লৰ খুন্দাত মৃত্যু হোৱা এটা হাতীৰ আলম লৈয়ে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে ইবচন লাল বৰুৱাই ৰচনা কৰিছিল ‘দীপৰ বিলৰ পাৰে পাৰে’ শীর্ষক দৃশ্য-শ্ৰব্য গীত।

এই হ্ৰদটোৱে সমগ্ৰ বিশ্বৰ বহু দৰ্শনাৰ্থীক আকৰ্ষিত কৰি আহিছে।বিভিন্ন প্ৰান্তৰ লোকসকলে প্ৰায়ে দীপৰ বিলত বিশুদ্ধ বতাহ ল’বলৈ আহে আৰু ভূ-প্ৰকৃতিৰ নিশ্চিন্ততাত ডুব যায়। কিন্তু এই অনন্য জৈৱ বৈচিত্ৰ্য স্থানটোৰ প্ৰতি সংৰক্ষণৰ ভাবুকি বৃদ্ধি পোৱাৰ কঠিন বাস্তৱতাসমূহ দৰ্শনীয় দৃশ্যৰ তলিত লুকাই আছে। বহু বছৰ আগতে সংশ্লিষ্ট বিভাগে কৰা জৰীপত দীপৰ বিলত ২১৯টা প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ উপস্থিতি পোহৰলৈ আহিছিল ।

সমান্তৰালকৈ সেই সময়ত বিলখনত ৫০টা প্ৰজাতিৰ মাছ, ৩৮টা প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী, ৪৪৮টা প্ৰজাতিৰ উদ্ভিদৰ উপস্থিতি জৰীপত প্ৰকাশ পাইছিল ।

অৱশ্যে ইয়াৰ নতুনকৈ জৰীপ হোৱা নাই যদিও গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত অসম ৰাজ্যিক জৈৱ-বৈচিত্ৰ্য পৰিষদৰ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনে চলিত বৰ্ষত চলোৱা চৰাইৰ জৰীপত দীপৰ বিলৰ পৰা দেশী-বিদেশী পৰিভ্ৰমী চৰাই অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহে।গুৱাহাটীৰ গাতে লাগি থকা এই বিলৰ সমীপতে আনকি ২০০৫ চনৰ পৰা গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা পেলোৱাৰ বাবে ‘ডাম্পিং গ্ৰাউণ্ড’ স্থাপন কৰিছে ৷

২০০৫ চনৰ আগৰে পৰাই পামহী কেনেলৰে গুৱাহাটীৰ বৰ্জিত আৰু দূষিত পানীভাগ দীপৰ বিলত পেলাই অহা হৈছে, ফলত দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদূষিত হৈ পৰিছে ।

দীপৰ বিলৰ সংৰক্ষণ

বর্তমান দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্রায় ২৭০বিধ প্রজাতিৰ চৰাই দেখিবলৈ পােৱা যায়। ইয়াৰে ৭০বিধমান প্রবজনকাৰী চৰাই।

বিভিন্ন প্রজাতিৰ চৰাইসমূহৰ ভিতৰত পানীডুবি, ভেলা, কৈলাঙি, দৈকলা, পানীকাউৰী, মণিয়ৰী, গােবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাকচৰাই, আজান, কণামুচৰি, ইটাগুড়ীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকোলা, হাড়গিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাহ, দীঘলনেজী, খন্তীয়াহহ, ৰঙামূৰী হাঁহ, বামুণীহাহ, মটীয়া চিলনী, গােধূচিলনী, শগুন, বিভিন্ন প্রজাতিৰ মাছৰোকা, ডাউক, দলপুঙা, সেঁকৰ, কামচৰাই, দলম’ৰা, বালিঘোঁৰা, গংগাচিলনী, ৰামপাৰ, কেঁচু, বালিমাহী আদি উল্লেখযোগ্য।

চৰাইৰ উপৰি দীপৰ বিল ৰৌ, ভকুৱা, শ’ল, কান্ধুলি, বৰালি, পুঠি, খলিহনা, কাৱৈ, মাগুৰ আদি বিভিন্ন জাতৰ মাছেৰে পৰিপূৰ্ণ। সাপ, কাছ, ভেকুলী, পোক-পৰুৱা, শামুক, শেলুক আদিও এই অভয়াৰণ্যৰ সম্পদ। ৷একেদৰে শৰপহু, গাহৰি, নাহৰফুটুকী বাঘ আদিও অভয়াৰণ্যখনলৈ আহে।

অভয়াৰণ্যখনৰ উদ্ভিদৰাজিৰ ভিতৰত ঘাইকৈ জলজ উদ্ভিদেই প্রধান। অভয়াৰণ্যখনৰ দক্ষিণ-পশ্চিমফালে কিছু পৰিমাণে অৰণ্য দেখিবলৈ পোৱা যায়। জলজ উদ্ভিদসমূহৰ ভিতৰত মেটেকা, সৰু পুণী, শিঙৰী, ভেট, হেলচী, কলমৌ আদি প্রধান।

দীপৰ বিলৰ সংৰক্ষণ

স্মাৰ্ট চিটিৰ প্ৰস্তাৱ অনুসৰি নগৰ উন্নয়ন মন্ত্ৰালয়ক দাখিল কৰা নথিপত্ৰৰ পিচত মন্ত্ৰালয়ে দীপৰ বিল আঁচনিৰ বাবে ২৫০ কোটি টকা অনুমোদন দিছিল । কিন্তু পৰিতাপৰ কথা যে এই আঁচনিখন চৰকাৰী ফাইলতে বছৰ বছৰ ধৰি আৱদ্ধ হৈ আছে । উল্লেখ্য যে যোৱা ২০২২ চনৰ ১২ মাৰ্চত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে দীপৰ বিল পৰিভ্ৰমণ কৰিছিল । লগতে দীপৰ বিলৰ পাৰত এখন সভাতো উপস্থিত হৈছিল ।

সভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ বাবে এখন মাষ্টাৰ প্লেন যুগুত কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ বাবে গুৱাহাটী আই আই টিক দায়িত্ব দিয়াৰ বাবে সভাত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছিল । ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তিনিমাহৰ অন্তৰে অন্তৰে নিৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও এই সভাতে উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনৰ শুনানি অনুসৰি দীপৰ বিলৰ পাৰৰ হাতী কৰিডৰটো ৰে’লৰ পৰা সুৰক্ষিত হ’ব। এই সিদ্ধান্ত লোৱাৰ বাবে দায়িত্ব দিয়া হৈছিল অসম চৰকাৰক। এই ক্ষেত্ৰত ৰে’লৱে বিভাগ আৰু অসম চৰকাৰো সৈমান হৈছিল।বিশেষজ্ঞৰ মতামত লৈ হাতীৰ ক্ষতি নোহোৱাৰ বাবে ৰে’লৱে বিভাগক বিকল্প ব্যৱস্থাৰ সন্ধান কৰি হাতী কৰিড’ৰ ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনে দিছিলে বিশেষ নিৰ্দেশনা।

দীপৰ বিলৰ সংৰক্ষণ

এই ক্ষেত্ৰত পূৰ্বৰ পৰাই বাহাল থকা নিয়ম হৈছে ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, ৰে’লৰ যাত্ৰাকালো নিৰ্ধাৰন কৰিবলৈ আহ্বান জনাইছিল ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনে। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনে স্পষ্ট ভাৱে কৈছিল যে পৃথিৱীখন মানুহৰ লগতে আন জীৱ জন্তুৰ বাবেও সুৰক্ষিত হ’ব লাগিব।

বিভিন্ন সময়ত চৰকাৰক সজাগ কৰিবৰ বাবে প্ৰকৃতিপ্ৰেমী সকলে লৈছে বিশেষ ব্যৱস্থা। প্ৰকৃতিপ্ৰেমী সকলেও ইতিমধ্যে বেদখল ৰোধৰ বাবে চৰকাৰক জনাইছে আবেদন।কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ বাবে উদ্বিগ্ন হোৱা দেখিবলৈ পোৱা গৈছে প্ৰকৃতিপ্ৰেমীসকলক। একাংশ প্ৰকৃতিপ্ৰেমীয়ে এনেদৰেও মন্তব্য কৰিছে যে চৰকাৰে বিধানসভাত বিধায়কৰ প্ৰশ্নৰ উত্তৰ হিচাপে দীপৰ বিল সংৰক্ষণৰ যিমানেই প্ৰতিশ্ৰুতি নিদিয়ক লাগে বাস্তৱত সেয়া হোৱা নাই।

এখন বিল অথবা এটা অঞ্চলৰ সম্ভাব্যপূৰ্ণ পৰিৱেশক লৈ গঢ়ি উঠে কোনো এটা জাতি। সময়ৰ সৈতে একাত্ম হৈ দীপৰ বিলৰ পাৰত বাস কৰা ১২শ পৰিয়ালেও জীৱন নিৰ্বাহৰ বাবে নিৰ্ভৰ কৰে দীপৰ বিলৰ ওপৰত। অবৈধ বেদখল বন্ধ কৰিবলৈ চৰকাৰে শীঘ্ৰে ব্যৱস্থা লোৱাৰ পোষকতা কৰিছে বহুলোকে।

Climate Template 1

ডাঙৰ ডাঙৰ অট্টালিকা,ফেক্টৰীৰ পৰা পেলোৱা যাবৰৰ ফলত দীপৰ বিলৰ পানী সাংঘাতিক পৰিমানে দূষিত হৈছে যাৰ ফলত তাত থকা মাছবোৰো মৰিবলৈ লৈছে।পৰ্যটনৰ বাবে যোৱা লোক সকলেও তাত জাবৰ-জোঁথৰ পেলাই পৰিৱেশ বিনষ্ট কৰা দেখা যায় সেই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱা উচিত।

দীপৰ বিলৰ সংৰক্ষণৰ বাবে সচেতন মহলে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে। দীপৰ বিলত তিনি দিনীয়াকৈ অনুষ্ঠিত কৰে দীপৰ বিল মহোৎসৱ।পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়াৰ লক্ষ্যৰে দীপৰ বিল মহোৎসৱ অনুষ্ঠিত কৰাৰ লগতে পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমিত যাতে কোনো ধৰণৰ শব্দ প্ৰদূষণে অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে প্ৰচাৰ চলাব মহোৎসৱ সমিতিয়ে৷ অসম বন বিভাগে দীপৰ বিলৰ পাৰত এটা পক্ষী নিৰীক্ষণ কেন্দ্র স্থাপন কৰিছে। বর্তমান দীপৰ বিল পর্যটকৰ এক অন্যতম আকর্ষণৰ কেন্দ্ৰৰূপে গঢ় লৈ উঠিছে।

শেষত,দীপৰ বিলৰ বহনক্ষম সংৰক্ষণৰ ব্যৱস্থা কৰি পৰিৱেশ সুস্থ কৰি তুলিলে ই অসমৰ পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হৈ পৰিব যাৰ ফলত তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ অৰ্থনীতিৰ লগতে পৰিৱেশ তথা জৈৱ বৈচিত্ৰৰ উৎকৰ্ষ সাধনত সহায় হ’ব।ইয়াৰ বাবে চৰকাৰে গুৰুত্ব সহকাৰে পদক্ষেপ লোৱাৰ প্ৰয়োজন।

দীপৰ বিলৰ সংৰক্ষণ

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Nilim Kashyap Barthakur

Nilim Kashyap Barthakur

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d