• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

দুই জনগোষ্ঠী, এক দাবীঃ জনজাতিৰ মৰ্যাদা বিচাৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ আৰু কোচ ৰাজবংশীয়ে

ASSAMESE SECTION / Special Report

by Editor
September 13, 2025
in ASSAMESE SECTION, ASSAM, News, Special Report
Reading Time: 3 mins read
0
East Assam – West Assam : Moran and Koch Rajbongshi Communities are Protesting Simultaneously for ST Status
Share on FacebookShare on TwitterShare on LinkedIn

দুই জনগোষ্ঠী, এক দাবীঃ জনজাতিৰ মৰ্যাদা বিচাৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ আৰু কোচ ৰাজবংশীয়ে

দুই জনগোষ্ঠী, এক দাবীঃ জনজাতিৰ মৰ্যাদা বিচাৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ আৰু কোচ ৰাজবংশীয়ে

ধ্ৰুপদী বেজবৰুৱা

Dhrupadi photo
ধ্ৰুপদী বেজবৰুৱা

মৰাণ সকলে অসমৰ আটাইতকৈ পুৰণি খিলঞ্জীয়া জনজাতি হিচাপে অসমৰ ইতিহাসত উল্লেখযোগ্য স্থান দখল কৰিছিল। ত্ৰয়োদশ শতিকাত আহোম ৰাজ্যৰ আগমনৰ আগতে মৰাণসকলে ৰজা বদৌচাৰ নেতৃত্বত নিজা শাসন প্ৰতিষ্ঠা কৰিছিল । তেওঁলোকৰ ঐতিহাসিক প্ৰেক্ষাপট আৰু নিজা ৰীতি -নীতি তেওঁলোকৰ মূল তিৰ্ব্বতীয়-ৰ্বামী পৰম্পৰা আৰু পিছলৈ সংযোজিত বৈষ্ণৱীয় পৰম্পৰাৰ সৈতে সংমিশ্ৰিত হৈ এক ঐক্যবদ্ধ আৰু স্বকীয় সাংস্কৃতিক পৰিচয় গঢ় লৈ উঠিছে ।

সদৌ মৰাণ ছাত্ৰ সন্থা (আমছু)ৰ নেত্বতত বৰ্তমান চলি থকা এই আন্দোলন কেৱল এতিয়াৰ আন্দোলন নহয় ই দশক দশক ধৰি থকা মতানক্য আৰু বঞ্চনাৰ অন্তিম প্ৰতিফলন ৷ মৰাণসকলে দাবী কৰে যে তেওঁলোকক ঐতিহাসিকভাৱে আৰু অৰ্থ-সামাজিক ভাৱে সদায় বঞ্চনা কৰি আহিছে।
দুই জনগোষ্ঠী, এক দাবীঃ জনজাতিৰ মৰ্যাদা বিচাৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ আৰু কোচ ৰাজবংশীয়ে

“জনজাতিকৰণ”ৰ স্বীকৃতিৰ অবিহনে সমগ্ৰ জাতিটোৱেই তেওঁলোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰে বুলি সচেতন হৈ পৰিছে । জাতিটোৱে উল্লেখ কৰে যে তেওঁলোকৰ ২০২০ চনত স্থাপন হোৱা নিজা কাউন্সিলখনে কোনোধৰণৰ সাংবিধানিক অধিকাৰ লাভ নকৰাৰ বাবে তেওঁলোকেও এতিয়াও নিজা ভূমিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰিব পৰা নাই ।

শেহতীয়াকৈ তিনিচুকীয়াত ‘ৰেলী’ত ১০ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে চৰকাৰলৈ এই বাৰ্তা প্ৰেৰণ কৰে। শাসকীয় দলটোক ক্ষমতালৈ অহাৰ ১০০ দিনৰ ভিতৰত মৰাণকে ধৰি এছ টিৰ মৰ্যাদা ঐক্য প্ৰদান কৰাৰ ২০১৪ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দি আমছু (All Moran Students Union)ৰ নেতাসকলে চৰকাৰে লেওঁলোকক বিশ্বাসঘাতকতা কৰা বুলি প্ৰকাশ কৰিছে।

এটা দশকৰ পিছতো প্ৰতিশ্ৰুতিসমূহ পূৰণ নোহোৱাকৈয়ে আছে। প্ৰতিবাদকাৰীসকলে কঠোৰ আলটিমেটাম জাৰি কৰি যে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে অনিৰ্দিষ্টকালীনভাৱে অৰ্থনৈতিক অৱৰোধৰ সূত্ৰপাত ঘটিব। তেওঁলোকে অতি কৌশলগতভাৱে আন্দোলনটো প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত আৰম্ভ কৰিছে যাতে তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে কেন্দ্ৰৰ দৃষ্টিগোচৰ কৰিব পাৰে ম তেওঁলোকে এই সমস্যাসমূহৰ সমাধানৰ বাবে ৰাজনৈতিক প্ৰতিস্তুতিৰ পৰিৱৰ্তে তৎকালীন পদক্ষেপ ল’বলৈ চৰকাৰক দাবী জনায় ৷

আনহাতে, ঐতিহাসিকভাৱে শক্তিশালী কামতাপুৰ ৰাজ্যত শাসন কৰা কোচ ৰাজবংশীসকলৰো এক সুকীয়া ঐতিহাসিক সত্বা আছে যে জাতীয় সত্বাক তেওঁলোকে স্বীকৃতি দিব বিচাৰে । তেওঁলোকৰ ক্ষত্ৰিয়ৰ পৰিচয় স্পষ্ট কৰিবলৈ আৰু নিজকে জনজাতীয়ৰ পৰা পৃথক কৰিবলৈ ১৯ শতিকাত তেওঁলোকে ৰাজবংশী” শব্দটোৰ অৰ্থ “ৰাজ বংশধৰ” হিচাপে গ্ৰহণ কৰিছিল ৷ বৰ্তমান ৰাজবংশী লোকসকল অসম ,উত্তৰ বংগ ,বিহাৰ আৰু বাংলাদেশ আৰু নেপালৰ কিছু অংশলৈ বিস্তৃত হৈ আছে যদিও পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীৰ বাবে তেওঁলোক নিজা পৰিচয় আৰু সাংস্কৃতিক ঐক্যতাৰ বন্ধোনেৰে বান্ধ খাই আছে ।

“East Assam – West Assam : Moran and Koch Rajbongshi Communities are Protesting Simultaneously for ST Status”

সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা (AKRSU) ৰ নেতৃত্বত হোৱা এই আন্দোলনে বৰ্তমান উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে । ধুবুৰী জিলাত পৃথক ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত তেওঁলোকে কৰা এক টৰ্চলাইট ৰেলীৰ ওপৰত স্থানীয় পুলিছে কৰা লাঠি চালনাৰ ফলত ৫০ৰো অধিক প্ৰতিবাদকাৰী আহত হয় । উক্ত ঘটনাৰ খবৰ সকলোফালে প্ৰসাৰিত হৈ যোৱাৰ পিছতেই জনজাতিয় সমাজখন ক্ষুব্ধ হৈ পৰে ৷ গণতান্ত্ৰিকভাৱে চলোৱা শান্তিপূৰ্ণ প্ৰতিবাদৰ প্ৰতিবাদী লোকসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে দুজনকৈ আৰক্ষী বিষয়াক নিলম্বন কৰা হয় ।

দুই জনগোষ্ঠী, এক দাবীঃ জনজাতিৰ মৰ্যাদা বিচাৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ আৰু কোচ ৰাজবংশীয়ে

উল্লেখযোগ্য যে কোচ ৰাজবংশীসকলক কিছু পৰিমাণে ১৯৯৬ চনত জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰা হৈছিল যদিও অন্যান্য সৰু জনজাতিসকলে কোচ ৰাজবংশীসকলৰ দৰে এটি বৃহৎ জাতিক জনজাতিকৰণ কৰিলে তেওঁলোকৰ শিক্ষা আৰু নিযুক্তিৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’ বুলি কৰা আশংকাৰ ফলশ্ৰুতিত পৰিৱেশ কিছু হিংসাত্মক হৈ উঠে আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ স্বীকৃতি নোহোৱা কৰা হয় ।

অন্য অনুসূচিত জনজাতিৰ তুলনাত কোচ ৰাজবংশীসকলৰ অৰ্থ-সামাজিক উন্নয়নৰ বাবে ভাৰতীয় পঞ্জীয়ক সচিবেও বহুবাৰ তেওঁলোকৰ জনজাতিকৰণৰ দাবীক নাকচ কৰিছে । অৱশ্যে এক বৃহৎ সংখ্যাত থকা সত্ত্বেও কোচ ৰাজবংশী যিসকলো লোক বিশেষকৈ গাঁও অঞ্চলত বসবাস কৰি আছে তেওঁলোকে যথোপযুক্ত শিক্ষাৰ অভাৱ, দৰিদ্ৰতা আৰু নিযুক্তিগত বহু সমস্যাৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকৰ এই অভাৱ দূৰ কৰাৰ উদ্দেশ্যেই তেওঁলোকে জনজাতিকৰণৰ দাবী কৰিছে ।

মৰাণ আৰু কোচ ৰাজবংশীসকলে কৰা এই প্ৰতিবাদে অসমৰ জনজাতিয় প্ৰেক্ষাপটৰ এটি অতি সংবেদনশীল দিশ চুই গৈছে । বৰ্তমান চৰকাৰ বহুসময় ধৰি কৰি থকা এই জনজাতিসকলৰ দাবী আৰু ইতিমধ্যেই “জনজাতিকৰণ” ৰ স্বীকৃতি লাভ কৰা ক্ষুদ্ৰ জনজাতিসকলৰ বিৰোধিতাৰ মাজত বান্ধ খাই থকাৰ এক পৰিস্থিতিৰ সন্মুখীন হৈছে । কিয়নো এটা জনজাতিক সন্তুস্ত কৰিবলৈ তেওঁলোকে দিয়া “ অনুসূচিত জনজাতিকৰণ”ৰ স্বীকৃতিয়ে অন্য জনজাতিসমূহক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সূত্ৰপাত ঘটাব পাৰে ।

দুই জনগোষ্ঠী, এক দাবীঃ জনজাতিৰ মৰ্যাদা বিচাৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ আৰু কোচ ৰাজবংশীয়ে

অসমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিত এই জনজাতিসমূহে ৰাজনৈতিক দলসমূহক তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা দেখা যায় । মৰাণ আৰু কোচ ৰাজবংশী নেতৃত্বই কয় যে তেওঁলোকক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব আৰু তেওঁলোকক কেৱল “ভোট বেংক” হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে । তেওঁলোকে অবগত কৰে যে তেওঁলোকৰ এই প্ৰতিবাদ কেৱল মাত্ৰ ৰিৰ্জাভেচনৰ সুবিধাসমূহ লাভ কৰিবলৈ নহয় অথচ তেওঁলোকৰ নিজা পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ বাবেও ।

এই প্ৰতিবাদৰ ফলাফলে কেৱল জনজাতিসমূহৰ ভৱিষ্যত নিৰ্দ্ধাৰণেই বৰং এই কথাও নিৰ্দ্ধাৰণ কৰিব যে অসমৰ ভিন্ন জনজাতিয় লোকসকলৰ স্বীকৃতিৰ বাবে বৰ্তমানৰ চৰকাৰখনে এটা জটিল তথা সংবেদনশীল বিষয় কেনেকৈ সমাধান কৰিব । ছয় জনগোষ্ঠীৰ “জনজাতিকৰণ” ৰ এই দাবী এক ঐতিহাসিক ন্যায়ৰ বিষয় হৈ পৰিছে । কিয়নো তেওঁলোকে বিশ্বাস কৰে যে নিজা এক ঐতিহাসিক তথা সাংস্কৃতিক প্ৰেক্ষাপট থকাৰ পিছতো এই জনগোষ্ঠীয় লোকসকলে সন্মুখীন হৈ থকা অৰ্থ-সামাজিক সমস্যাসমূহ পূৰ কৰিবলৈ তেওঁলোকক সাংবিধানিক স্বীকৃতিৰ প্ৰয়োজন ৷

তেওঁলোকে লগতে উল্লেখ কৰে যে এই জনগোষ্ঠীসমূহৰ পৰম্পৰা আৰু ভাষাৰ প্ৰতি আহিব পৰা বিপদৰ পৰা ৰক্ষাৰ বাবে চলোৱা এই প্ৰতিবাদৰ দাবীসমূহ পূৰণ নকৰাটো চৰকাৰৰ এক ৰাজনৈতিক কৌশল । যাতে এই জনগোষ্ঠীসমূহক গক ৰাজনৈতিক অনিশ্চয়তাত ভুগাব পাৰি ৷

আনহাতে মৰাণ আৰু কোচ ৰাজবংশীসকলৰ দৰে দুটা বৃহৎ জনগোষ্ঠীক “জনজাতিকৰণ” কৰিলে বৰ্তমান স্বীকৃতি পোৱা জনজাতিসমূহে নিজৰ শৈক্ষিক ,নিযুক্তিগত আৰু ৰাজনৈতিক সুবিধাসমূহ হেৰুৱাৰ আশংকাত পথ অৱৰোধ কৰে ৷বৰ্তমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অন্যান্য জনজাতিসমূহৰ এই বিৰোধিতাইও চৰকাৰত চিন্তিত কৰি তুলিছে ৷

এইক্ষেত্ৰত চৰকাৰৰ লেঢেমীয়া সিদ্ধান্তই ৰাজনৈতিক লাভালাভৰ বাবে কৰা অংকক পৰিষ্কাৰ কৰি তুলাৰ দৰে এক প্ৰশ্নও আহি পৰে । এই জটিল সমস্যাৰ সমাধানৰ বাবে হয়তো চৰকাৰক পুংখানুপুংখ তথ্য ,ৰাষ্ট্ৰীয় পঞ্জীয়ক সচিবৰ অনুজ্ঞাপত্ৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ সন্মতি আদিৰ প্ৰয়োজন হ’ব । সেয়ে বৰ্তমান চৰকাৰে তাৎক্ষণিকভাৱে তেওঁলোকৰ অভাৱ অভিযোগৰ সমাধানৰ বাবে মন্ত্ৰীসকলে তেওঁলোকৰ সৈতে কথোপকথন কৰিছে কিন্তু ই তেওঁলোকৰ মূল দাবীসমূহ পূৰ কৰিব নোৱাৰে ।

বিভিন্নজন ৰাজনৈতিক বিশ্লেষক আৰু শিক্ষাবিদসকলৰ মতে এই বিষয়টোৰ ওপৰত এক সুষম আৰু উপযুক্ত সমাধানৰ দৰকাৰ । সেয়ে মৰাণ আৰু কোচ ৰাজবংশীসকলৰ এই জনজাতিকৰণৰ দাবী অন্য জনজাতিৰ অধিকাৰৰ ওপৰত হানিকাৰক নোহোৱাকৈ দুয়োটা জনগোষ্ঠীৰ বাবে এক বিশেষ শাখাৰ সৃষ্টি অথবা এক সুকীয়া সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে বুলি মত পোষণ কৰে৷

তেওঁলোকে ৰাজনৈতিক প্ৰতিশ্ৰুতিসমূহৰ উৰ্দ্ধত গৈ এক উচিত আৰু দীৰ্ঘম্যাদী সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিব বুলি আশা কৰে যিয়ে প্ৰতিটো জনগোষ্ঠীৰ উন্নয়নত সহায় কৰে আৰু লগতে সামাজিক সন্তুলন বৰ্তাই ৰখাত সহায়ক হয় ।

দুই জনগোষ্ঠী, এক দাবীঃ জনজাতিৰ মৰ্যাদা বিচাৰি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ আৰু কোচ ৰাজবংশীয়ে

12-09-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d