দুখৰ দুৰ্বিসহ জীৱন সাগৰত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ
[২৫ ব’হাগ (৮ মে’) ৰবীন্দ্ৰ জয়ন্তী উপলক্ষ্যে]
যুগান্ত বায়ন
নোবেল বঁটা লাভ কৰি বিশ্ব বিশ্ৰুত হৈ পৰা লোক এজনৰ জীৱনটোও যে এক দুৰ্বিসহ দুখ আৰু বেদনাৰে ভাৰাক্ৰান্ত হৈ থাকিব পাৰে, সেই কথা ভাবিলে জীৱনটো “সংগ্ৰাম”ৰ যে এক অন্য নাম সেই কথা সহজে অনুমান কৰিব পাৰি।
সুখ আৰু দুখৰ সংমিশ্ৰণত গঢ় লৈ উঠা জীৱন পৰিক্ৰমাৰ পৰা কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেও ৰেহাই পোৱা নাছিল।
কবিগৰাকীৰ সমগ্ৰ জীৱন সত্তাই এক কঠোৰ সংগ্ৰামৰ মুখামুখি হোৱাৰ তীব্ৰ যন্ত্ৰণাই কবিগুৰুক সময়ে সময়ে বিচলিত কৰি তুলিছিল যদিও নিজৰ সৃষ্টিকৰ্মৰ পৰা তেওঁ কোনো দিনে আঁতৰি অহা নাছিল।
নিজেই ওৰেটো জীৱন অনেক, অলেখ যন্ত্ৰণা কঢ়িয়াই লৈও নিজৰ অমূল্য ৰচনা সম্ভাৰেৰে মানৱ জাতিৰ উত্তৰণৰ বাবে এক সঠিক আৰু শুদ্ধ পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত তেওঁ কোনো দিনে কৃপনালি কৰা নাছিল। সেয়েহে তেওঁ হৈ পৰিছিল মানৱ দৰদী বিশ্বকবি।
মাত্ৰ ১৩ বছৰ বয়সতে মাতৃ হাৰা হোৱা কবিগুৰুই তেওঁৰ বিয়াৰ নিশাই ভনী-জোঁৱাইক হেৰুৱাব লগীয়া হৈছিল। এই দুৰ্বিসহ ঘটনাৰ চাৰি মাহ নওহওঁতেই জৰ প্ৰেৰণাত তেওঁ কবি হোৱাৰ অনুপ্ৰেৰণা লাভ কৰিছিল, সেইগৰাকী নতুন বৌ কাদম্বৰী দেৱীও স্বৰ্গগামী হৈছিল। ১৯০২ চনত ৰবীন্দ্ৰনাথৰ ৪১ বছৰ বয়সত তেওঁৰ পত্নী মৃণালিনী দেৱীও তেওঁৰ জীৱন যাত্ৰাত এক দুৰ্যোগৰ সৃষ্টি কৰি তেওঁৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল।
১৯০৫ চনত পিতা মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু ১৯০৭ চনত ১২ বছৰ বয়সত কলেৰা ৰোগত আক্ৰান্ত হৈ তেওঁৰ কণিষ্ঠ পুত্ৰৰো মৃত্যু হয়। ১৯১৩ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে “নোবেল বঁটা” লাভ কৰাৰ পিছত ১৯১৮ চনত তেওঁৰ ডাঙৰ জীয়ৰী বেলি গুৰুতৰভাৱে অসুস্থ হৈ পৰে।
যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে জীয়ৰী বেলিক হাতত ধৰি বিছনাত বহুৱাই পৰিচৰ্যা কৰাত ব্যস্ত থাকে, তেতিয়া ৰবীন্দ্ৰনাথৰ জোঁৱাইয়ে মেজৰ ওপৰত ভৰি তুলি চিগাৰেট হুপি থাকি তেওঁক ঠাট্টা-মস্কৰা কৰি থাকে তেতিয়া কবিগুৰুই কেনেদৰে দুৰূহ বেদনাৰ মাজেৰে জীৱন পাৰ কৰিছিল সেই কথা ভাবি এগৰাকী বিশ্ব-বিশ্ৰুত লোকৰ জীৱন বুৰঞ্জীও লোহাৰ দৰে কঠিন, সেয়া কল্পনাৰো অগোচৰ।
নিজৰ জোঁৱাইৰ পৰা তেনে অৰুচিকৰ, অমাৰ্জিত ব্যৱহাৰ পাই যেতিয়া জীয়ৰীৰ মৃত্যুৰ বাতৰি লাভ কৰিলে, তেতিয়া তেওঁ নিজ ঘৰতে নিজকে আৱদ্ধ কৰি ৰাখি তেওঁৰ দুখৰ বোজা কাকো দাঙিবলৈ নিদিলে। অসহ্য বেদনা আৰু অপমানৰ মাজত নিজ কন্যাক হেৰুওৱাৰ দুখ আৰু বেদনাক নিজৰ মাজতেই নিয়ন্ত্ৰণ কৰি ৰাখিলে।
কবিগুৰুৰ কনিষ্ঠা কন্যা মীৰাক পত্নীবৰণ কৰা নগেন্দ্ৰনাথক এগৰাকী কৃষি বিজ্ঞানী হিচাপে সমাজত প্ৰতিষ্ঠা কৰিবলৈ বিলাতত অধ্যয়ন কৰি থকাৰ সময়ত প্ৰতিমাহে ৫০০ টকা পঠিয়াই থকাৰ পিছতো পাছত হৈ অধিক টকাৰ বাবে নগেন্দ্ৰনাথে বাৰে বাৰে ৰবীন্দ্ৰনাথক “তাগিদা” দি থাকি তেওঁক বিচলিত কৰি তোলাত কবিগুৰুই জোঁৱাইক জনাই দিছিল যে, “জমিদাৰী” বৃত্তিৰ পৰা প্ৰতিমাহে পোৱা সমগ্ৰ ৫০০ টকা তোমালৈয়ে পঠিয়াই আছোঁ।
নিয়তিৰ কি পৰিহাস, সেই নগেন্দ্ৰনাথ যেতিয়া বিলাতৰ পৰা উভতি আহিল, তেতিয়া দুই সন্তানসহ পত্নী মীৰাক পৰিত্যাগ কৰি অন্য স্থান লৈ আঁতৰি যোৱাৰ ঘটনাই কবিগুৰুক অন্য এক যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়ে। কবিৰ তিনিগৰাকী জোঁৱাইয়ে প্ৰতিজনেই কিবা নহয় কিবা প্ৰকাৰে কবিগুৰুক দুখৰ অথায় সাগৰত পেলাই সমগ্ৰ জীৱনটোত প্ৰতিবাৰে অপমানিত আৰু উপেক্ষিত কৰি তুলিছিল।
আনকি, আৰ্জেণ্টিনাৰ কবি প্ৰেমী লেখিকা ভিক্টোৰিয়া উকাম্পৰ সৈতেও তেওঁৰ থকা সম্পৰ্কক কুৎসা ৰতনা কৰি সংবাদ পত্ৰসমূহেও বাতৰি পৰিৱেশন কৰি, কবিগুৰুক ৰাজহুৱাভাৱে অপদস্থ কৰিবলৈ এৰা নাছিল।
৬৪ বছৰ বয়সত “নোবেল বঁটা” লাভ কৰি যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববৰেণ্য সাহিত্যিক হিচাপে স্বীকৃতি লাভ কৰিছিল, তেতিয়াও সমাজৰ একাংশই তেওঁক নানান ধৰণে ব্যংগাত্মক মন্তব্যৰে ভাৰাক্ৰান্ত কৰি তুলিছিল। আনকি এইসকল লোকে চিঠি লিখি নোবেল বঁটা লাভ কৰাৰ টেকনিক জানিবলৈ টকাৰ প্ৰলোভন দিবলৈও এৰা নাছিল।
কোনোবাই শান্তিনিকেতনত কবিক লগ কৰিবলৈ আহি ক’লে, ৰবি বাবু, আপুনি এতিয়াও কবিতা লিখে নে নাই? মানে ইমান টকা পোৱাৰ পিছত কোনোবাই আকৌ লিখে! কিন্তু বহুতে নাজানে, প্ৰশান্ত চন্দ্ৰ মহলনবিছে যেতিয়া কবিক নোবেল বঁটাৰ খবৰ দিছিল, তেতিয়া কবিৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল, “বিশ্ব ভাৰতীৰ জলসিঞ্চনৰ খালবোৰ পুনৰ কৰিবলৈ পুৰস্কাৰৰ পৰা পোৱাৰ টকাৰে ব্যৱস্থা কৰা হ’ব”।
সকলো কবি বা সাহিত্যিকে সমাজৰ পৰা স্বীকৃতি বিচাৰে, কিন্তু ৰবীন্দ্ৰনাথে বঙালী সমাজৰ পৰা বহুদিন লৈ তেনেধৰণৰ স্বীকৃতি পোৱা নাছিল।গতিকে নোবেল বঁটা লাভ কৰাৰ পিছত যেতিয়া তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল, তেতিয়া তেওঁ কৈছিল, ‘মই এই সন্মান কঁকাললৈকে তুলি দিম কিন্তু ডিঙিলৈকে নহয়’।
মানুহ এগৰাকীৰ অন্তৰত কিমান দুখ আৰু লাজ থাকিলে এনে কথা ক’ব পাৰে। ভাবিলেই আচৰিত লাগে। ৰবীন্দ্ৰনাথে নিজেই কৈছিল, ‘যি পৃথিৱীলৈ আহি দুখ অনুভৱ নকৰে, সেই ব্যক্তিজনে ঈশ্বৰৰ পৰা সকলো লাভ কৰা নাই’। বাৰে বাৰে মৃত্যু-দুখ-অপমানে ৰবীন্দ্ৰনাথক সৃষ্টিৰ পথত জ্ঞানী কৰি তুলিছিল, পৃথিৱীত মোহভংগ কৰি তুলিছিল, মুহূৰ্তত নষ্টালজিক কৰি তুলিছিল।
গতিকে তেওঁ ক’ব পাৰিলে, “দুখ আছে, মৃত্যু আছে, মৃত্যু আছে।” তথাপিও শান্তি, তথাপিও আনন্দ, তথাপিও অনন্তকাল জাগ্ৰত’।
08-05-2024 [ যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯ ]
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)