ঈশ্বৰপুত্ৰৰ সান্নিধ্যত
আপোনাৰ মুখচ্ছায়া নহয়
যেন কোনো দিব্য সৰোবৰৰ চন্দ্ৰালোকত
পাহ মেলা শুভ্ৰ শতদলৰ পাপৰি;
টোপ টোপ নিয়ৰ সৰা শব্দেৰে
[আপুনি যেন কথা নকয়]
উচ্চাৰিত হয় ঋষজ সত্তাৰ বেদধ্বনি।
মোক বিমুগ্ধ কৰি
আপুনি প্ৰথমবাৰৰ বাবে হাঁহিছে;
আৰু মই শুনিছোঁ
দুগ্ দুগ্ ডম্বৰুৰ অকাল বোধন আদৰণি।
মোৰ বাবে আপুনি জীৱন্ত সন্মোহন
[ইমান নিৰহংকাৰী !! ]
যেন নিৰন্তৰ সাধনাত নিমগ্ন
আপোনভোলা আদিযোগী।
[আথেবেথে তুলি ধৰিবলৈ
বুকুত জাগা অদম্য হেঁপাহৰ
স্নিগ্ধ বকুল একাঁজলি।]
মই সেই বাটেৰে খোজ দিব খোজোঁ
যি বাটে সামৰে আপোনাৰ বুটা-বচা খোজ;
সেই খোজত খোজ থৈ
হব খোজোঁ শৃংখলিত নৈ
বাতিব খোজোঁ আত্মজ সময়।
স্বয়ংক্ৰিয় ভাবে নতজানু হৈ…..
আপোনাৰ পদধূলিৰে সজাব খোজোঁ
মোৰ শিৰৰ ৰিক্ত সেওঁতা;
সেই সাঁচতে সাঁচ লৈ
নিৰ্মাণ কৰিব খোজোঁ জীৱন গাথা ।
আপোনাৰ প্ৰজ্ঞাৰ হোমাগ্নিত
আত্মজাহ দি, হেৰুৱাব খোজোঁ নিজক;
জী উঠিব খোজোঁ
আপোনাত অহৰহ গুণগুণাই থকা
প্ৰাণমুগ্ধ সামৰ্থ্য-আশিসত;
[মৃতমুক্ত কৰিব পৰাকৈ যি মূৰ্ত্ত;]
অংগুলিমালকো বুদ্ধত্ব
প্ৰদান কৰিব পৰা সেই বোধিবৃক্ষ।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)