• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

দুটা অসমীয়া ভেকুলী!

ASSAMESE SECTION / Assam / Nature

by Manas Pratim Dutta
November 20, 2025
in ASSAMESE SECTION, ASSAM, Nature
Reading Time: 3 mins read
0
দুটা অসমীয়া ভেকুলী!
Share on FacebookShare on TwitterShare on LinkedIn

দুটা অসমীয়া ভেকুলী!

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

অসমীয়া ভেকুলী — কথাটো শুনিলেই কিবা আচহুৱা যেন লগা নাইনে! ৰ’ব তাৰ আগতে এটি সৰু ঘটনাৰ কথা উনুকিয়াই লও। দুটামান বছৰৰ আগৰ কথা। এটি চৰকাৰী বিজ্ঞাপনত এটা অসমীয়া বান্দৰ (Macaca assamensis)ৰ ছবি নামৰ সৈতে ফটো ছপা হ’ল। ফটো দেখা পায়ে সামাজিক মাধ্যমযোগে বহুলোকে এনেকুৱা নামৰ বান্দৰেই পোৱা নাযায় বুলি উপলুঙা কৰিবলৈ আৰম্ভ কৰিলে। এয়া জানো অজ্ঞতাৰ পৰিচয় নহয়! বাৰু, সেয়া যি কি নহওক, আজি আমি অসমৰ নামৰ সৈতে সংযুক্ত হৈ থকা দুটা ভেকুলী প্ৰজাতি – অসমীয়া নিজৰা বেং আৰু অসমীয়া বেলুন বেঙৰ বিষয়ে আলোচনা কৰিম। 

দুটা অসমীয়া ভেকুলী

   অসমৰ পাহাৰীয়া অঞ্চলত পোৱা বিভিন্ন প্ৰাণীৰ ভিতৰত অসমীয়া নিজৰা বেং (Amolops assamensis) এক অনন্য উভচৰ প্ৰজাতি। ইংৰাজীত Assamese Cascade Frog বুলি জনাজাত এই বেংবিধ অসমৰ জৈৱ বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। 

     ২০০৮ চনত বিজ্ঞানী সব্যসাচী সেনগুপ্তা, বি. হুছেইন, পি.কে. চৌধুৰী, জে. গগৈ, এম.এফ. আহমেদ আৰু এন.কে. চৌধুৰীৰ দলে এই ভেকুলী প্ৰজাতিটো আৱিষ্কাৰ কৰাৰ তথ্য পোৱা যায়। এই প্ৰজাতিটো Ranidae পৰিয়ালৰ Amolops গণৰ অন্তৰ্ভুক্ত। Amolops গণত প্ৰায় ৭২টা প্ৰজাতি আছে। এই প্ৰজাতিবোৰ মূলতঃ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ খৰস্ৰোতা নদী-নলাত বাস কৰে। অসমীয়া নিজৰা বেঙে অসমৰ স্থানীয় প্ৰজাতি হিচাপে স্বীকৃতি লাভ কৰিছে।

এই বেংটোৰ আকাৰ যথেষ্ট ডাঙৰ। পুৰুষ বেংবোৰৰ দৈৰ্ঘ্য (নাকৰ পৰা পিছফাললৈ) ৫২.৮০ৰ পৰা ৬১.৫০ মিলিমিটাৰ, আনহাতে মাইকীবোৰৰ ৮২.৫০ৰ পৰা ৯৪.৪০ মিলিমিটাৰলৈকে হয়। চকু ডাঙৰ আৰু ইয়াৰ ব্যাস মূৰৰ দৈৰ্ঘ্যৰ প্ৰায় আধা। নাকৰ ফুটা চকুতকৈ নাকৰ আগলৈ অলপ ওচৰত থাকে। কাণৰ পৰ্দা (tympanum) চকুতকৈ সৰু আৰু চকুৰ পৰা অলপ দূৰত থাকে। আগ ঠেঙত পতা নাই যদিও পাছঠেঙত আছে। 

    ভৰিৰ আঙুলি সম্পূৰ্ণৰূপে জালীযুক্ত (webbed), যাৰ ফলত দ্ৰুত পানীৰ সোঁতত সাঁতুৰিবলৈ সুবিধা হয়। ছালখন উখহা গুটিৰে ভৰপূৰ হৈ থাকে আৰু পিঠিত সৰু সৰু গাঁঠি থাকে। ৰং সাধাৰণতে সেউজীয়া, পেটৰ ওচৰত পাতল হালধীয়া-বগা আৰু পিঠিত বাদামী দাগ থাকে। 

     অসমীয়া নিজৰা বেংটো মূলতঃ অসম আৰু মেঘালয়ৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। ইয়াৰ প্ৰধান বাসস্থান হৈছে ঘন জংঘলযুক্ত অঞ্চলৰ খৰস্ৰোতা নলা আৰু নদীবোৰ। ইহঁতে নলাৰ পানীৰ ছিটিকনিত তিতি থকা শিলত থাকি ভাল পায়। সমুদ্ৰপৃষ্ঠৰ পৰা ৮০ৰ পৰা ১৫৮০ মিটাৰ উচ্চতাত পোৱা যায়।

    অসমীয়া নিজৰা বেঙৰ পতাবোৰে পিছল শিলত খামুচি ধৰাত সহায় কৰে।

   এতিয়া, আমি আলোচনা কৰিব বিচাৰিছো অসমীয়া বেলুন বেঙৰ বিষয়ে। ইয়াৰ বৈজ্ঞানিক নাম Kaloula assamensis । Assamese Balloon Frog বুলি কোৱা হয়। এই প্ৰজাতিৰ বেং অসম, অৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগৰ কিছু অঞ্চলত দেখা পোৱা যায়। 

Assamese Frog1

অসমীয়া বেলুন বেং Microhylidae পৰিয়ালৰ অন্তৰ্গত এটা সৰু আকাৰৰ বেং। ইয়াৰ শৰীৰ তেনেই সৰু। সাধাৰণতে শৰীৰটো ৩৫-৪৫ মিলিমিটাৰৰ ভিতৰৰ হয়। ইয়াৰ বৰণ ডাঠ বাদামী ৰঙৰ হয়। নাকৰ পৰা পায়ুলৈকে এডাল দীঘল উজ্জ্বল হালধীয়া ৰেখা থাকে। আগঠেঙৰ আঙলিত পতা নাই। কিন্তু পিছঠেঙৰ আঙলিত প্ৰায় আধালৈকে পতা থকা দেখা যায়। ইয়াৰ উৰুৰ পিছফালে আৰু কাষত স্তৰীয় ৰঙৰ নক্সা দেখা যায়, যিয়ে ইয়াক প্ৰকৃতিৰ মাজত ছদ্মবেশ ধৰাত সহায় কৰে। পেটৰ অংশ ক্ৰীম ৰঙৰ।

     ভয় খালে ই শৰীৰটো ফুলাই বেলুনৰ দৰে কৰি দিয়ে। শৰীৰৰ এনে গঠনৰ বাবে ইয়াক “বেলুন বেং” বুলি কোৱা হয়। এই কৌশল ইয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এক অংশ, যাৰ দ্বাৰা ই চিকাৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।

     এই বেং সাধাৰণতে আৰ্দ্ৰ অৰণ্য, জলাশয়ৰ কাষৰ অঞ্চল, আৰু তৃণভূমিত বাস কৰে। ইহঁত প্ৰধানকৈ ভূমিত বাস কৰে। আৰ্দ্ৰ পৰিৱেশতেই সিহঁতৰ জীৱনচক্ৰ সম্পন্ন হয়।

   অসমীয়া বেলুন বেং পতংগভোজী প্ৰাণী। ইয়াৰ খাদ্যৰ মুখ্য উৎস হৈছে পোক-পৰুৱা, আৰু অন্যান্য সৰু কীট-পতংগ। ইহঁতৰ খাদ্যাভ্যাসত myrmecophagy (পৰুৱা বা উঁই পৰুৱা খোৱাৰ অভ্যাস) দেখা যায়। ইহঁত প্ৰধানকৈ নিশাচৰ হয় আৰু দিনৰ ভাগত গছৰ পাতৰ তলত বা মাটিৰ ফাঁকত লুকাই থাকে। ইহঁতৰ চলা-ফুৰাৰ ধৰণো সুকীয়া। ইহঁত দীঘলীয়া জাঁপ দিয়াৰ পৰিৱৰ্তে সৰু সৰু জাঁপ মাৰি গতি কৰে, যিয়ে ইহঁতক শক্তি সঞ্চয় কৰাত সহায় কৰে। সৰু সৰু জলাশয় বা পুখুৰীত ইহঁতে কণী পাৰে।

Mahabahu Climate Logo
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d