দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত শ্বহীদ সোঁৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতা
মহাবাহু দুলীয়াজান
দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত শ্বহীদ সোঁৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক কটন বিশ্ববিদ্যালয়ৰ শুভাশীষ দে
১৯৮০ চনৰ ১৮ জানুৱাৰীত দুলীয়াজানৰ ঐতিহাসিক তেল অৱৰোধ আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা চাৰিগৰাকী ছহিদ নগেন ডেকা,অজিত নেওগ, কুমুদ গগৈ আৰু নৃপেন বৰাৰ স্মৃতিত দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত তথা দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠিত ঊনবিংশতিতম বাৰ্ষিক শ্বহীদ সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয়-বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰূপে বিবেচিত হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ শুভাশীষ দে।
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অৱস্থিত কেইবাখনো গৰিমামণ্ডিত মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰা যোৱা২৬ ছেপ্তম্বৰত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল- “সদনৰ মতে, সামাজিক মাধ্যমৰ ওপৰত বিধিৱদ্ধ প্ৰশাসনিক নিয়ন্ত্ৰণে সামাজিক অস্থিৰতা হ্ৰাস কৰিব।” চৰকাৰী আৰু বিৰোধী পক্ষৰ তুমুল তৰ্কবিবাদৰ অন্তত অধ্যক্ষই বিৰোধী পক্ষৰ লগত সহমত প্ৰকাশ কৰি বিলখনৰ স্থগিতাদেশ জাৰি কৰে।
প্ৰতিযোগিতাখনত দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুঞ্জন ৰাজবংশীয়ে আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ববী বড়াই । আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে- গুঞ্জন ৰাজবংশী তথা অনল অংকুশ বড়াই।
এই উপলক্ষত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ১৯৮০ চনৰ বিদেশী বহিষ্কাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া চাৰিগৰাকী জাতীয় বীৰৰ প্ৰতিচ্ছবিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈ, কেইবাজনো জ্যেষ্ঠ অধ্যাপক অধ্যাপিকাৰ লগতে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা তথা কাৰ্যনিৰ্বাহকৰ কেইবাজনো সদস্যই বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰে।
তাৰপিছতেই অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত সদনৰ অধ্যক্ষৰ আসন গ্ৰহণ কৰি তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অচ্যুত বৰঠাকুৰে নিপুণতাৰে সদন পৰিচালনা কৰে। আনহাতে বিচাৰকৰ গুৰুদায়িত্ব পালন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক ড° সুৰজিৎ বৰকটকী, ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড° নাচমিন ফাৰহিন আখতাৰ তথা
অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্কৰক্ষী বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক শ্ৰীযুত জয়ন্ত বৰমুদৈয়ে।

বঁটা বিতৰণী অনুষ্ঠানৰ মুকলি সভাখনৰ আঁত ধৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ গগৈয়ে। শ্বহীদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাৰ এই অনুষ্ঠানটোত সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক সদস্য অনিল গগৈ, প্ৰাক্তন ছাত্ৰনেতা যদুমণি দত্ত, দীপাংকৰ গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰসন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰসন্থাৰ উপ-সভাপতি কনক গগৈ, কাৰ্যনিৰ্বাহক বুবুল তালুকদাৰ, দুলীয়াজান আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি দিগন্ত বৰাকে আদি কৰি বহু সদস্য উপস্থিত থাকে।
প্ৰতিযোগিতাৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত তৰ্কৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। আনহাতে ছাত্ৰ একতা সভাৰ মুখ্য তত্ত্বাৱধায়ক মৃন্ময় কুমাৰ বৰুৱাই ছাত্ৰ একতা সভা তথা দুলীয়াজান আঞ্চলিক ছাত্ৰসন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
27-09-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)