দুৰ্গাপুজাৰ ইতিহাস: আৰু কামৰূপৰ ধাৰ্মিক স্বকীয়তা
নিৰ্মালী আৰ্য্য

কামৰূপং মহাপীঠং গুহ্যাদগুহ্যতমং পৰংসদা চ সংস্থিত স্তত্ৰ পাৰ্বত্যাসহ শংকৰঃ ॥
(কামৰূপ পৰম গোপনীয় মহাপীঠ য’ত শংকৰ সদায় উমাসহিতে বিদ্যমান ।)
প্ৰতিষ্ঠিত সত্যমতে কামৰূপত মধ্যযুগৰ পৰাই বামাচাৰ বা তন্ত্ৰৰ সাধনা কৰা হৈছিল বুলি পোৱা যাই যদিও সম্ভৱত তাৰ বহু আগৰেপৰাই ইয়াক কুমাৰী তথা প্ৰকৃতি আৰাধনাৰ পবিত্ৰপীঠ ৰূপে গণ্য কৰা হৈছিল ।
কামৰূপ নামটো তান্ত্ৰিকতাৰ প্ৰভাবত সৃষ্ট বুলি নিৰ্মলপ্ৰভা বৰদলৈয়ে মতপ্ৰকাশ কৰে । তেখেতৰ ভাষাত কামদেৱে ন-ৰূপ পোৱা কাহিনীটো এক ৰূপক মাথোন । শৈৱসম্প্ৰদায়ৰ সতে শাক্ত সম্প্ৰদায় সন্মিলিত হোৱা অৰ্থত, কামদেৱক শক্তিৰ প্ৰতীক ৰূপে শিৱৰ হাতত ন-ৰূপ পোৱা বুলি তুলি ধৰাটোৱেই সান্ধ্যভাষাৰ উদ্দেশ্য ।বামাচাৰৰ প্ৰভাৱতেই জনজাতীয় প্ৰকৃতি আৰাধনা পিচৰ পৰ্যায়ত কুমাৰী সাধনাত সন্নিবিষ্ট হ’ল ।।
আনহাতে বৌদ্ধধাৰণাৰ তিনি জগত কাম, ৰূপ আৰু অৰূপ, আৰু তাৰে প্ৰথম দুখন কামৰূপৰ লগত সংযুক্ত হোৱাৰ ফালৰপৰাও কামৰূপ নামটোৰ উৎপত্তিৰ আন এক পথ দৃষ্টিলৈ আহে । যিহেতু ‘প্ৰাগজ্যোতিষ‘ নাম সৃষ্টিৰ তিনি হাজাৰ বছৰ পিচত বৌদ্ধযুগতহে কামৰূপ নামৰ উৎপত্তিৰ উল্লেখ পোৱা যায় ।
প্ৰাগ-ঐতিহাসিক কালত এই ঠাইত মহিৰঙ্গ দানৱৰ ৰাজশাসনৰ বিষয়ে সৰ্বজনবিদিত । কামাখ্যা মন্দিৰৰ দক্ষিণে স্থিত মৈৰাং পৰ্বতে বহুদিনলৈ ইয়াৰ অস্তিত্ব বহন কৰি আহিছিল । মৈৰাং শব্দটো বড়ো ভাষাৰ শব্দ বুলি সততে দাবি কৰি অহা ধাৰণাটোক খাছী পণ্ডিত ড° হেমলেট বাৰেহে তথ্য সহকাৰে নস্যাৎ কৰিছে।
এতিয়া আহিল কামৰূপলৈ প্ৰব্ৰজিত যোনিপুজা সংস্কৃতিৰ প্ৰসংগ । যোনিপুজাৰ ইতিহাস চাবলৈ গলে ভুমধ্য সাগৰৰ আশে পাশে খোজ থোৱাৰ প্ৰয়োজন আহি পৰে.. ভূমধ্য সাগৰীয় বাইৰ্গো(virgo) দেৱীয়েই দুৰ্গাৰ প্ৰাচীন ৰূপ ।
কনকলাল বৰুৱাৰ মতে কামৰূপী সংস্কৃতি ভূমধ্যসাগৰীয় উপাদানেৰে সৃষ্ট । সিন্ধু উপত্যাকাত তাম্ৰপ্ৰস্ত সভ্যতা গঢ়ি তোলা এইজাতিৰ জনপদৰ, অষ্ট্ৰিক সকলৰ পিচে পিচেই কামৰূপলৈ প্ৰব্ৰজন ঘটিছিল ।

লিংগ আৰু যোনিপুজা তথা “জিন আবেস্তাত” উল্লেখিত নাৰীৰ ঋতুকালীন সামাজিক পৰম্পৰা আছিৰীয় সভ্যতা গৰকি অহা উপৰোক্ত জনপদৰ আমদানি হেতুকে, নৰকৰ প্ৰাগজ্যোতিষ আগমনক মাতৃশক্তি উপাসনাৰ পিচৰ ধাৰাকেই ধৰা উচিত হব । বসুধানন্দন নৰকে বহন কৰা “কাত্যায়নী” ধাৰা, জনজাতীয় প্ৰকৃতি উপাসনাৰ প্ৰথম ধাৰাটোৰ লগত একাকাৰ হোৱাতো তেনেই স্বাভাৱিক সত্য ।
শেষৰজন নৰকে কামৰূপলৈ দ্বিজ সকলক বৰি অনাৰ পিচতো, একেজন নৰকেই নতুন ধাৰাৰ বাহক ঋষি বশিষ্ঠক কামাখ্যা দৰ্শনত বাধা দিয়াৰ কাহিনীটোৱেই অবৈদিক স্থানীয় দেৱীৰ ওপৰত সনাতনী আচাৰৰ আচোৰ নপৰাৰে ইংগিত বহন কৰে ।
নৰকৰ সময়ৰে পৰাই সনাতন সন্ধালনীৰূপে বৈ আছিল যদিও বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ মতে “ব্ৰহ্মপালৰ” পিচৰপৰাইহে বৈদিক শাক্তধৰ্ম কামৰূপৰ ৰাজধৰ্ম হয় আৰু ৰাজপৃষ্ঠপোষকতাত কামাখ্যাত বলিবিধান যাদুবিদ্যা মনসাপুজা দুৰ্গাপুজা (আজিৰ ধৰণেৰে মৃন্ময় মৃত্তিকা মূৰ্ত্তি সাজি নহয়) কালিপুজা আৰু জগদ্ধাত্ৰীপুজা বাৰ্ষিক উৎসৱৰূপে ক্ৰমান্বয়ে সংযোজিত হয় ।

এই বৈদিক-অবৈদিক পৰম্পৰাৰ সংমিশ্ৰনকে “যোগিনী-তন্ত্ৰ”ত কৈৰাতজ ধৰ্ম বোলা হ’ল । ইয়াৰ পিচে পিচে আহে দ্বাদশ শতিকাৰ চুতিয়াৰাজ বীৰপালৰ কামৰূপত শাক্তসোঁত প্ৰবাহিত ৰখাৰ অবদান কেছাইখাতী গোসাঁনীৰ গোড়া শাক্ত উপাসনা, যত নৰবলি প্ৰথা চলিছিল ।
১২ শতিকামানত ৰচিত “আদিচৰিত” নামৰ পুথিত চণ্ডীমন্ত্ৰ তথা দশভূজা দুৰ্গামন্ত্ৰ “ধাতু তাম্ৰাক্ষৰী“ত উদ্ধাৰ হোৱা কাৰ্য্যই ভুঞা সকলৰ মাজত দেৱীপুজাৰ প্ৰচলনৰ সাক্ষ্য বহন কৰে ।
“লক্ষীপুৰে কামপুৰে দুভাই ৰৈলন্ত লক্ষীপুৰে শান্তনুৱে দুৰ্গাক পুজন্ত” -(আদিচৰিত)॥
শংকৰদেৱৰ শিশুকালত ঘৰত শিলৰ চণ্ডিকামূৰ্ত্তি পুজাৰ ব্যবস্থা থকা তথা শংকৰী বা প্ৰাক্ শংকৰী যুগৰ ৰচনাত ৰণচণ্ডী দুৰ্গাৰ নামৰ উল্লেখ মন কৰিবলগীয়া । মাধৱ কন্দলী প্ৰমুখ্যে সেই সময়ৰ ৰচনাত “অষ্টমীৰ ছাগ” এক কৌতুকপূৰ্ণ উপমাৰূপে ব্যৱহৃত হোৱালৈ চাই বা কথা-চৰিতত মাধৱদেৱে শাৰদীয় পুজাত বলি-বিধানৰ বাবে গোটোৱা দুটা বগা ছাগৰ উল্লেখ থকাৰপৰা সেই সময়ৰ দুৰ্গা পুজাৰ সম্যক ধাৰণা এটা স্পষ্ট ৰূপত চকুত পৰে ।
মৈৰাং, ভৌম-বৰ্মন, শালস্তম্ভ, পাল, চুটিয়া, জিতাৰীৰ পৰা সৰ্বশেষ কোচসকললৈ, হাজাৰ বছৰীয়া দুৰ্গা পুজাৰ প্ৰচলন স্বকীয় কামৰূপী পৰম্পৰাৰেই বৰ্ত্তি আছিল ।

আনহাতে আজিৰ ধৰণেৰে সাৰ্ব্বজনীন উৎসৱৰূপে অসমত শক্তিপুজাৰ প্ৰচলন হয় আহোমৰজা চুখাম্ফাৰ সময়ৰপৰা । ৰাজভাতৃ ছগাম কোৱৰে কোঁছবেহাৰৰ আৰম্বৰপুৰ্ণ দুৰ্গোৎসৱ গড়গাৱতো কৰিবলৈ মনস্থ কৰি, মৰঙ্গীয়াল খনিকৰক মৃন্ময় মূৰ্তি সজা শিকিবলৈ কোছঁবেহাৰলৈ পথাইছিল । প্ৰতাপসিংহই আমদানি কৰা দুৰ্গা পুজাৰ পৰিণতি স্বৰূপেই সৌমাৰত দেৱীদ’ল নিৰ্মিত হ’ল ।
১৬৩৬ শকত শিৱসিংহই কৃষ্ণৰাম ন্যায়বাগীশক আমন্ত্ৰণ কৰে আৰু শাক্তদীক্ষামন্ত্ৰ গ্ৰহণ কৰি দুৰ্গোৎসৱক ৰাজস্বীকৃতি প্ৰদানৰ লগতে নৰকৰ যুগৰপৰা নিজ স্বকীয়তা ৰক্ষা কৰি অহা প্ৰাচীন কামৰূপৰ দৌল-দেৱালয়-পীঠ সমুহ কৃষ্ণৰাম ন্যায়বাগীশ (পৰ্বতীয়া গোঁসাই) ৰ হাতত অৰ্পণ কৰি গোড়া হিন্দুধৰ্ম অসমলৈ আমদানি কৰে।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)