• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

দুৰ্গা পূজাত আপোন মানুহ আৰু এজনী ছোৱালী

ৰেজাউল কৰিম

by Anjan Sarma
October 24, 2023
in Travel, Special Report
Reading Time: 3 mins read
0
durga figurine

Photo by Debendra Das on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

দুৰ্গা পূজাত  আপোন মানুহ আৰু এজনী ছোৱালী

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

আমাৰ গাঁওখনত দুৰ্গা পূজা কৰা মানুহ নাই। ওচৰৰ গাঁওখনত দুৰ্গা পূজা হয়। গাঁওখনৰ নাম কোকিলা।

কোকিলা এখন বঙালী হিন্দু সম্প্ৰদায়ৰ বসতি প্ৰধান গাওঁ। কালি মই আমাৰ অতি ঘনিষ্ঠ অধ্যাপক দেৱান আব্দুল গফুৰ ছাৰক দেখা কৰিবলৈ তেখেতৰ ঘৰলৈ গৈছিলো। তেখেতৰ ঘৰলৈ গলে কোকিলা গাওঁখনৰ মাজেৰে যাব লাগে।

RelatedPosts

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026

গফুৰ ছাৰৰ লগত প্ৰায় দুঘন্টামান কথা পাতিছিলো। তেখেত আমাৰ অঞ্চলৰ অতীত আৰু বৰ্তমানৰ অনেক কথা জানে। কথা প্ৰসংগত মই কোকিলা গাওঁখনৰ মানুহখিনিৰ খবৰো ললো। প্ৰায় ডেৰশ ঘৰমান মানুহৰ গাওঁখনত এতিয়া এশ ঘৰমান মানুহহে আছে।

এটা সময়ত ঠাইখনৰ সৈতে  যোগাযোগ বৰ বেয়া আছিল । গাওঁখনৰ মানুহখিনিৰ বেছিভাগেই ব্যৱসায়ৰ লগত জড়িত আছিল। ধনী আৰু শিক্ষিত, চাকৰী কৰা মানুহখিনিয়ে আন ভাল ঠাইত মাটি কিনি ইয়াৰ পৰা গুছি গৈছে। এতিয়া কিছু দুৰ্বল মানুহখিনিহে আছে।

মোৰ মনলৈ কোকিলাৰ পুৰণি মানুহখিনিৰ কথা মনলৈ আহিবলৈ ধৰিলে। নাৰায়ণ সাহা, নিমাই সাহা, গৌৰ কুণ্ডু, যোগেন সাহা, কেদাৰ ডাক্তৰ, বেনাৰ্জী ডাক্তৰ, ক্ষিতিশ সাহা, দুলাল বসাক, ফটিক কৰ্মকাৰ আদি কৰি যিমান মানুহৰ নাম মোৰ মনলৈ আহিছিল সকলোৰে কথা তেওঁক সুধিছিলো। গাওঁখনৰ নৱকুমাৰ সাহা আৰু বিমল কুণ্ডু মোৰ সহপাঠী আছিল। এই গাওঁখনৰ দুটা কথাই মোক আজীৱন আকৰ্ষণ কৰি আহিছে।

 এটা হৈছে অতি সাধাৰণ এই মানুহখিনিয়ে ন্যুনতম সামৰ্থৰে একেবাৰে সৰুকৈ আৰম্ভ কৰা এটা ব্যৱসায়ৰ দ্বাৰা নিজকে প্ৰতিষ্ঠা কৰা সংগ্ৰামত জয়ী হৈছে। উদাহৰণ হিচাপে কব পাৰি যে গাঁৱে গাঁৱে মুৰিৰ লাড়ু বিক্ৰি কৰি ফুৰা মানুহজনৰ সন্তানে আজি লেখত লবলগীয়া ব্যৱসায়ী হৈছে।

এই সাফল্যৰ ধাৰা সকলোৰে ভাগ্যত নাছিল। দুৰ্ভগীয়া সকলৰ মাজত আছিল এটা দুৰ্ভগীয়া পৰিয়ালৰ এজনী দুৰ্ভগীয়া ছোৱালী। মই তেতিয়া হাইস্কুলত পঢ়ো।  1972 – 73 চন মানৰ কথা। সাপ্তাহিক বজাৰত তেতিয়া প্ৰায়েই কোকিলাৰ  এজনী নিশকতীয়া ছোৱালীয়ে বজাৰত ধান কিনা দেখিছিলো।

তাই ধান কিনি সেই ধানৰ পৰা চাউল কৰি বজাৰত বেছি পৰিয়াল চলাইছিল। মাক দেউতাক অসুখীয়া আছিল।  ভায়েক এজন আছিল মানসিকভাৱে অসুস্থ। চৰম দৰিদ্ৰতাৰ মাজত আছিল পৰিয়ালটো। এনে দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাবলৈ এজন পুৰুষেই সাহস কৰিব নোৱাৰে। তেনে অৱস্থাত সৰু ছোৱালী এজনীয়ে কেনেকৈ সাহস কৰিছিল। তাইৰ জীৱনৰ আৰম্ভণিতে দৰিদ্ৰতাই তাইৰ  সৰ্বস্ব কাঢ়ি নিছিল। ছাত্ৰাৱস্থাত দেখা সেই দৃশ্যটোৱে মোক সদায়েই আমনি কৰিছিল।

দ্বিতীয় কথাটো হৈছে মোৰ জেঠা আৰু বাবাহঁতৰ সৈতে থকা কোকিলাৰ মানুহখিনিৰ সম্পৰ্কৰ কথা। আমি সৰু থাকোঁতেই দেখিছিলো যে জেঠাই দিনটোৰ অধিক সময় কটাইছিল কোকিলাৰ মানুহখিনিৰ লগত। জেঠা ঘৰত নাই মানে তেওঁ কোকিলাত আছে। এই কথা তেতিয়া সকলোৱে জানিছিল। জেঠাৰ কেন্সাৰ ৰোগ হৈছিল। ৰোগ শয্যাত তেওঁক দেখি কোকিলাৰ পুৰুষ মহিলা সকলে হিয়া ঢাকুৰি কন্দা দৃশ্য মোৰ আজিও চকুৰ আগত ভাহি আছে।

কিমান আত্মীয়তা থাকিলে মানুহে এজনে আনজনৰ প্ৰতি এনেকুৱা আচৰণ কৰিব পাৰে সেইটো দেখিলেহে বিশ্বাস কৰিব পাৰি।

বাবাই সৰুতে কোকিলাত গৈ তেওঁৰ সমনীয়াৰ লগত ফিল্ডত ফুটবল খেলা কথা আৰু তেওঁৰ বন্ধু সকলৰ সৈতে আজীৱন বন্ধুত্ব বজায় ৰখা কথা  কৈছিল। কোকিলাৰ এটা দুখীয়া পৰিয়ালৰ ল’ৰা আছিল শিবু। শিবুৰ মাকে বাবাক ভাই বনাইছিল। যিকোনো অভাৱ অসুবিধা হলে বাবাৰ ওচৰলৈ আহিছিল। কি যে মধুৰ সম্পৰ্ক আছিল তেওঁলোকৰ।  শিবুৰ মাক আজি নাই।  বাবাও নাই।  কিন্তু তেওঁলোকৰ মধুৰ সম্পৰ্কৰ কথা আজিও মাৰ মুখত শুনি আপ্লুত হও।

দুৰ্গা পূজাত আপোন মানুহ আৰু এজনী ছোৱালী
কোকিলাৰ দুৰ্গাপূজা

দেৱান গফুৰ ছাৰৰ সৈতে কথা পাতোতে আজি প্ৰায় পঞ্চাছ বছৰৰ পিছতো সেই ছোৱালীজনীৰ মুখখনে মোক আমনি দিছিল । মই দেৱান ছাৰক মোৰ এই অনুভূতিৰ কথা কৈছিলো।

তেওঁ মোক কৈছিল যে সেই দৰিদ্ৰ পৰিয়ালটোৰ শেষ পৰিণতি আৰু কৰুণ আছিল। কাৰণ ছোৱালীজনীয়ে অতি কষ্টেৰে পৰিয়ালটোৰ পোহপাল দি থাকোতেই এদিন তাই ঢুকাই থাকিল। তাৰ পাছত হয়তো দৰিদ্ৰতাৰ মুখামুখি হব নোৱাৰি ভায়েক জনে আত্মহত্যা কৰিছিল। মই যেতিয়াই দৰিদ্ৰতাৰ কথা ভাবো তেতিয়াই কোকিলাৰ সেই ছোৱালীজনীৰ কথা মনলৈ আহে।

অনেক বছৰৰ পিছত কোকিলাৰ দুৰ্গাপূজাৰ কথা মনলৈ আহিল। আমি সৰু থাকোতে গাওঁখনত বেচ ধুমধামেৰে দুৰ্গা পূজা হৈছিল। মই দেৱান গফুৰ ছাৰৰ ঘৰৰ পৰা উভতি আহোতে সন্ধিয়া হৈছিল। ভাবিলো পূজাৰ পয়োভৰ চাই যাওঁ। চিনাকী মানুহবোৰ এতিয়া নাই।  শিক্ষিতচামে গাওঁ এৰিছে। মোৰ সহপাঠী নৱকুমাৰ সাহা আজিকালি মহাৰাষ্ট্ৰৰ বাসিন্দা। বিমল কুণ্ডুক লগ পাই যাব পাৰো।  এখোজ দুখোজকৈ মই দুৰ্গাপূজাৰ মণ্ডপৰ সমুখত গৈ উপস্থিত হ’লো।

নাই ভিতৰত মানুহৰ বিশেষ ভীৰ নাই। মণ্ডপৰ ভিতৰত সোমাই গ’লো। কাষৰ চকীত তিনিজনমান মানুহ বহি আছিল। মই কাকোৱেই চিনি নাপালো। তেখেত সকললৈ এবাৰ চাওতে এজনে মোৰ নাম কাঢ়ি মাতিলে। মই মানুহজনলৈ ভালদৰে চালো। নাই,  চিনি পোৱা নাই দেখোন। মই তেখেতৰ একেবাৰে কাষ চাপি গৈ ভালদৰে নীৰিক্ষণ কৰি থতমত খাই গ’লো। এয়া দেখোন বিমল কুণ্ডু। কি চেহেৰা আছিল, কি চেহেৰা হৈ গৈছে।

মই বিমল বুলি মতাৰ লগে লগে এক আনন্দৰ লহৰ বৈ গ’ল। দুয়ো একেলগে বহিলো।  ক’লে খিচিৰি খাবিনে  ?

মই ক’লো ‘কিয় নাখাম‘। পৰম তৃপ্তিৰে খিচিৰি আৰু পায়স খালো। কিছু সময় মন খুলি কথা বতৰা পাতিলো। কোকিলাত পূজা আছে, জাকজমকতা নাই। বিমলৰ ভাষাত মন্দা ব্যৱসায়িক অৱস্থাৰ মানুহখিনিয়ে আড়ম্বৰপূৰ্ণ পূজা পাতিব নোৱাৰে। অথচ এইখন পূজাৰ বয়স আজি প্ৰায় এশ বছৰ হবৰ হৈছে।  আৰু মাত্ৰ তিনিবছৰৰ পাছত এইখন পূজাথলিয়ে এশ বছৰ পূৰ্ণ কৰিব।

দুৰ্গা পূজাত আপোন মানুহ আৰু এজনী ছোৱালী
মই বিমল বুলি মতাৰ লগে লগে এক আনন্দৰ লহৰ বৈ গ’ল

এটা সময়ত বিমল আছিল সংখ্যালঘু মুছলমান অধ্যুষিত আৰু চৰ অঞ্চলত অসম গণ পৰিষদ কৰা নেতা। ভেন্সাৰ স্কুলত চাকৰি কৰিছিল। স্কুলখন নহ’ল। ভূপেন ৰয় আৰু ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ আছিল। নিষ্ঠাবান কৰ্মী আছিল বিমল। আজি ৰাজনীতি সলনি হৈছে। বিমলৰ আগৰ সেই দিনবোৰ নাই।  আছে মাথো স্মৃতি।

মই সুধিলো, ‘কেনেদৰে চলি আছা?‘ মোৰ কথাৰ উত্তৰত বিমলে কলে, ভগৱানে চলাই আছে যেনেতেনে। সৰু ভাইটোৱে চলায় বিমলক।  তাৰ কোনো খেদ নাই। ধেমালিৰ সুৰত সি এবাৰ ক’লে ‘তঁহত আছ নহয় বিপদ আপদত চাবলৈ ‘। কথাষাৰ শুনি মনটো কৰবাত বিষাদেৰে ভৰি পৰিল। মই ভালদৰেই জানো সি অভাৱী, কিন্তু কেতিয়াও কালৈকো সহায় বিচাৰি নাহে।

অহাৰ সময়ত বিমলে ক’লে অনেক বছৰৰ মূৰত তোক লগ পাই আপোন মানুহ লগ পোৱা যেন লাগিল। এইটোৱেই পূজাৰ আনন্দ। এৰা হয়তো। এইবাৰৰ দুৰ্গা পূজা মোৰ বাবেও আপোন মানুহ এজনক লগ পোৱাৰ আনন্দৰে ভৰি পৰিল।

সকলোলৈ দুৰ্গাপূজাৰ শুভেচ্ছা জনালো। সকলোৱে কুশলে থাকক।

23-10-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout
World

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

by PAHARI BARUAH
January 19, 2026
0

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout PAHARI BARUAH The 2025–2026 Iranian protests, which...

Read moreDetails
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

January 15, 2026
Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

January 14, 2026
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

January 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests: Why has fear finally failed in Iran’s 2026 Nationwide Protests?

January 19, 2026
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d