• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality

দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

দুৰ্গা পূজা

by Monoswini Sarmah
September 29, 2025
in Spirituality, Special Report, Spirituality
Reading Time: 4 mins read
0
Things to Learn in Navratri
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026

দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

মনস্বিনী শৰ্মা

manaswini Sarma
মনস্বিনী শৰ্মা

 শৰৎ কাল মানেই শাৰদীয় দুৰ্গা পূজা। ভাৰতৰ বৃহত্তৰ ধৰ্মীয় উৎসৱ হ’ল দুৰ্গা পূজা। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে।

ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয়। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। 

দুৰ্গা পূজা পালনৰ ইতিবৃত্ত
Photo by Kolkatar Chobiwala on Pexels.com

   দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা। দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত তেওঁক ভগৱান বিষ্ণুৰ অনন্ত মায়া হিচাপে আৰু শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়।

ঋগ্ বেদত দুৰ্গাদেৱীৰ বৰ্ণনা নাই যদিও ঋগ্বোক্ত দেৱীসুক্তক দুৰ্গাদেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়। ইয়াৰ উপৰিও কেণুপনিষদত বৰ্ণিত হৈমাৱতীকো দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে; ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে যি হৰি সহায়িনী তথা হৰি ভক্তি প্ৰদায়িনী।

এই সমূহৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ’ল কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী ইত্যাদি।

      মৰ্ত্যলৈ দুৰ্গা আগমণৰ দিনা অৰ্থাৎ মহালয়াৰ পাছৰ দিনটোৰ পৰা নৱৰাত্ৰি পালন কৰা হয়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

নৱৰাত্ৰি পালনৰ দেৱী দুৰ্গাৰ নটা ৰূপ হ’ল ক্ৰমে শৈলপুত্ৰী, ব্ৰক্ষ্মচাৰিণী, চন্দ্ৰঘণ্টা,কুষ্মাণ্ডা,স্কন্দমাতা, কাত্যায়নী,কালৰাত্ৰি,মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।হিমালয়ৰ কন্যা ৰূপে জন্মগ্রহণ কৰা বাবে এওঁৰ নাম শৈলপুত্রী। দেৱীৰ সোঁহাতত ত্রিশূল, বাওঁহাতত কমল পুষ্প। তেওঁ বৃষভৰ পিঠিত আৰোহিতা। তেওঁ প্রথমে শিৱপত্নী আছিল।দ্বিতীয়া তিথিত দেৱী তপশ্চাৰিনী বা ব্রহ্মচাৰিণী ৰূপে বিদ্যমান। তেওঁৰ সোঁহাতত জপমালাআৰু বাওঁহাতত কমণ্ডলু ধাৰণ কৰিছে।

দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

পার্বতীয়ে দ্বিতীয়বাৰ হিমালয়ৰ কন্যা ৰূপে জন্মগ্রহণ কৰাৰ পাছত শিৱক পতি হিচাপে পাবলৈ নাৰদৰ অনুৰোধত বহু হেজাৰ বছৰ তপস্যা কৰিছিল।দেৱীৰ মূৰত ঘণ্টাৰ আকাৰৰ অৰ্ধচন্দ্ৰ শোভিত হোৱা বাবে দেৱীক চন্দ্রঘণ্টা বোলা হয়। এই ৰূপত দেৱী দশভুজা। দহখন হাতত দশ অস্ত্ৰধাৰী, বাহন সিংহ।অন্ধকাৰাচ্ছন্ন পৃথিৱীত আৱির্ভূত হৈ দেৱীয়ে সমগ্ৰ পৃথিৱীত পোহৰ বিলায়।

এই অষ্টভুজা দেৱীৰ সাতখন হাতত কমণ্ডলু, ধনু, বাণ, পদুম ফুল, অমৃতৰ কলহ, চক্ৰ আৰু গদা থাকে। অষ্টমখন হাতত আছে সকলো প্ৰকাৰ সিদ্ধি আৰু নিধি প্ৰদানকাৰী জপৰ মালা। দেৱীৰ পূজাত অন্যান্য নৈবেদ্যৰ লগতে কুষ্মাণ্ড বা কোমোৰা বলি ৰূপে দিয়া হয় বাবে তেওঁক কুষ্মাণ্ডা বুলি কোৱা হয়।

কুমাৰ কাৰ্তিকৰ আন এটা নাম স্কন্দ। এই স্কন্দৰ মাতৃ হোৱা বাবে তেওঁৰ নাম স্কন্দমাতা। এওঁ চতুৰ্ভুজা। দেৱীয়ে ওপৰৰ হাতেৰে স্কন্দক ধৰি থাকে আৰু তলৰ হাতখন ওপৰফালে কৰি পদুম ফুল ধাৰণ কৰে।কাত্য গোত্ৰত জন্মগ্ৰহণ কৰা মহৰ্ষি কাত্যায়নে বহু বছৰ ধৰি তপস্যা কৰিছিল যাতে মা ভগৱতীয়ে তেওঁৰ কন্যা ৰূপে জন্মগ্ৰহণ কৰে।

durga1

তাৰ কিছু কাল পাছত দানৱ-অসুৰৰ উপদ্ৰৱত পৃথিৱী কম্পমান হোৱাত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে তেওঁলোকৰ তেজপুঞ্জৰ দ্বাৰা এক দেৱীৰ সৃষ্টি কৰে। সেই দেৱীকেই সৰ্বপ্ৰথমে কাত্যায়ন ঋষিয়ে আৰাধনা কৰিছিল বাবে দেৱীৰ অন্য এটি নাম কাত্যায়নী হ’ল।কালৰাত্ৰি দেৱীৰ সপ্তম ৰূপ। দেৱীৰ বৰণ ক’লা, আউল-বাউল কেশ, ডিঙিত বিদ্যুতৰ দৰে ফুলৰ মালা, ত্ৰিনেত্ৰ আৰু বাহন গাধ।

চতুৰ্ভুজা দেৱীৰ সোঁফালৰ ওপৰৰ হাত বৰদ মুদ্ৰা, তলৰ হাত অভয় মুদ্ৰাত থাকে।মহাগৌৰী দেৱীৰ অষ্টম ৰূপ। দেৱী গৌৰবৰ্ণা, বসন-ভূষণ শ্বেতবর্ণ, বৃষভ বাহন আৰু চতুৰ্ভুজা। দুহাতে ডম্বৰ আৰু ত্রিশূল ধৰি থাকে আৰু আন দুখন হাত অভয় মুদ্রা আৰু বৰদান মুদ্রাত থাকে। শিৱক পতিৰূপে পাবলৈ তেওঁ অতি কঠোৰ তপস্যা কৰিছিল বাবে তেওঁৰ শৰীৰ ক’লা পৰিছিল।

শিৱই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ পৱিত্ৰ গঙ্গাজলেৰে গা ধুৱাই দিছিল, তেতিয়া তেওঁ গৌৰ বৰ্ণৰ হৈ পৰে।দেৱীৰ নৱম ৰূপ সিদ্ধিদাত্ৰী। দেৱী পুৰাণ অনুসৰি এই দেৱীৰ কৃপাত শিৱই সকলো প্ৰকাৰৰ সিদ্ধি লাভ কৰিছিল। দেৱী চতুৰ্ভুজা, পদ্মাসনা আৰু সিংহবাহিনী। তেওঁৰ সোঁফালৰ হাতত চক্ৰ, ওপৰৰ হাতত গদা, বাওঁফালৰ তলৰ হাতত শংখ, ওপৰৰ হাতত পদুম ফুল বিৰাজমান।

Durga3

     শাৰদীয় দুৰ্গা পূজা পালন সম্পৰ্কে কেতবোৰ পৌৰাণিক আখ্যান আছে। ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়।দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে।

     দুর্গাপূজা চাৰিদিন ষষ্ঠী, সপ্তমী, অষ্টমী আৰু নৱমী পালন কৰা হয় আৰু দশমীৰ দিনা দেৱী বিসৰ্জন দিয়া হয়। ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে । হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্রকন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতি-গৃহলৈ গমন কৰিছিল । সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয় । 

     দেৱাদিদেৱ মহাদেৱ দুর্গাদেৱীৰ স্বামী । দুর্গাদেৱী ৰণচণ্ডী, কালী, কাপালী, নৃমুণ্ডমালিনী আদি বিভিন্ন নামেৰে অভিহিত । সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয় । মুনিৰ পৰামর্শ মতেই সুৰথৰজাই মধুময় বসন্তৰ পৰিৱেশত সর্বপ্রথম দুর্গাপূজা অনুষ্ঠিত কৰি দেৱীৰ প্ৰসাদ লভি শত্রুক পৰাভূত কৰে আৰু হৃত ৰাজ্য উদ্ধাৰ কৰে।বসন্তকালত অনুষ্ঠিত হােৱাৰ বাবে সেই পূজা বাসন্তী পূজা নামে অভিহিত হয় ।

3 Solapith Durga of Gauripur

কৃত্তিৱাসী ৰামায়ণৰ মতে ত্রেতাযুগৰ শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ শক্তি লাভৰ কাৰণে অকালতে শৰৎকালত দুর্গাদেৱীৰ পূজাৰ আয়ােজন কৰে । সেই সময়ৰ প্ৰচলিত বিধিৰ ব্যতিক্রম ঘটাই ৰামচন্দ্ৰই অকালতে দেৱীক আহ্বান জনােৱাৰ বাবে ৰামচন্দ্ৰই অনুষ্ঠিত কৰা শাৰদীয় পূজাকে অকালবােধন বুলি কোৱা হয় ।

       মৃত্যুৰ অধিপতি, তমোগুণীদেৱ মহাদেৱে ত্রিপুৰাসুৰকে বধ কৰিবলৈ শক্তি পূজা কৰিছিল। অমৰাৱতীতো দেৱেন্দ্ৰই দুৰ্বাশা ঋষিৰ শাপত পৰি স্বৰ্গ ৰাজ্য হেৰুৱাই ভক্তি ভাৱেৰে শক্তি পূজা কৰিছিল। তাৰ পাছত দেৱ-মনুষ্যসকলে দুর্গাক পূজিবলৈ লয়। 

      মহালয়াত ধৰালৈ আগমন ঘটা মা দুৰ্গা কৈলাশৰ পৰা নামি আহি ষষ্ঠীৰ দিনা বেল গছৰ তলত জিৰণি ল’বলগীয়া হয় । বোধনৰ পিছত বেল গছৰ তলত দুটা বেলেৰে দেৱীক পূজা কৰা হয় । বেল দুটা বৰণ কৰি অনাৰ পিছত দেৱী পূজা আৰম্ভ হয় ।বেল বৰণ কৰিবলৈ যাওঁতে জয়ন্তী ফুলৰ ডাল, ধানৰ পৰা আৰম্ভ কৰি কচুলৈ সকলো সামগ্ৰী লাগে ।

       সেইদৰে সপ্তমীৰ দিনা দুৰ্গামাক আহ্বান কৰি নৱপত্ৰিকা স্থাপনেৰে পূজাৰ আৰম্ভণি কৰা হয়। সপ্তমী পূজাৰ দিনাৰ পৰাই যুৰীয়া বেল আৰু নবপত্ৰিকাত দেৱী দুৰ্গাক আৰাধনা কৰা হয়। সপ্তমীৰ দিনা দেৱী দুৰ্গাক কালৰাত্ৰিৰ ৰূপত পূজা কৰি চণ্ডীপাঠ কৰা হয়।

majestic durga idol at kolkata durga puja festival
Photo by Kolkatar Chobiwala on Pexels.com

        দুৰ্গা অষ্টমী বা মহা অষ্টমী হৈছে পাঁচ দিন ব্যাপী চলা দুৰ্গা পূজাৰ মাজৰ এটি অন্যতম শুভ দিন। ভাৰতত এই পবিত্ৰ উৎসৱ উপলক্ষে বহু লোকে উপবাস গ্ৰহণ কৰে। কোনো কোনো লোকে এই উৎসৱত গৰ্বা নৃত্য কৰে আৰু ৰঙীন পোচাক পৰিধান কৰে। দুৰ্গা অষ্টমীৰ দিনটো অস্ত্ৰ পূজা হিচাপেও পৰিচিত। কাৰণ এই দিনটো দেৱী দুৰ্গাৰ অস্ত্ৰ সমূহৰ পূজা কৰা হয়।

বিভিন্ন অঞ্চলৰ বিশ্বাস অনুসৰি দুৰ্গা দেৱী নটা ৰূপৰ অন্যতম চামুণ্ডা দেৱী। অষ্টমীৰ দিনা মা দুৰ্গাৰ কপালৰ পৰা চামুণ্ডা দেৱীৰ আবিৰ্ভাৱ হৈছিল আৰু চণ্ড, মুণ্ড আৰু ৰক্তবিজ (মহিষাসুৰৰ সহযোগী দানব )ক বিনষ্ট কৰিছিল।চামুণ্ডাৰ আৱাসস্থল হ’ল শ্মশানভূমি বা দিমৰু গছ। আনুষ্ঠানিকভাবে পশুবলি দি আৰু মদ নিবেদন কৰি এই দেৱীৰ পূজা কৰা হয়। প্ৰাচীনকালত চামুণ্ডাৰ পূজাত নৰবলিও দিয়া হৈছিল।

অষ্টমীৰ দুৰ্গা অষ্টমীৰ সৈতে সম্পৰ্কিত এটি লোকবিশ্বাস হ’ল যে, এই উৎসৱ পালন কৰা লোক সকলে এই দিনটোত এক বিশেষ অনুষ্ঠানৰ দ্বাৰা ঋতুমতী নোহোৱা কন্যাৰ কুমাৰী পূজা কৰে। এই দিনটোত পাঁচৰ পৰা সাত গৰাকী আবিয়ৈ কন্যা শিশুক ঘৰলৈ আমন্ত্ৰণ জনাই তেওঁলোকৰ পূজন কৰা হয়। লোকবিশ্বাস অনুসৰি এই কন্যা সকলক পৃথিৱীত দুৰ্গা দেৱীৰ ৰূপ হিচাপে মান্যতা প্ৰদান কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে তেওঁলোকৰ পূজা অৰ্চনা কৰা হয়। 

festival decorative figurines with necklaces
Photo by Debendra Das on Pexels.com

     মহানৱমীৰ সৈতে নৱৰাত্ৰিৰ সমাপ্ত ঘটে। এই দিনটোত দেৱী সিদ্ধিদাত্ৰীৰ পূজা কৰাৰ বিধান আছে। সিদ্ধিদাত্ৰীক দেৱী দুৰ্গাৰ নৱম ৰূপ বুলি বিশ্বাস কৰা হয়। এই দিনটোত কন্যা পূজাও কৰাৰ নিয়ম আছে। বিশ্বাস মতে মহানৱমীৰ দিনটোত দেৱী সিদ্ধিদাত্ৰীৰ পূজা কৰিলে সিদ্ধি প্ৰাপ্ত কৰিব পৰা যায়। ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শিৱই সিদ্ধি প্ৰাপ্ত কৰিবলৈ দেৱী সিদ্ধিদাত্ৰীৰ উপাসনা কৰিছিল।

     দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। এই দিনা মহিলাসকলে সেন্দূৰ খেলে আৰু মা দুৰ্গাক বিসৰ্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয়।উত্তৰ, মধ্য আৰু পশ্চিম ৰাজ্যসমূহত এই উৎসৱক দুশ্বেৰা (লগতে দশেৰা, দশহেৰা) বুলি কয়। এই অঞ্চলবোৰত, ইয়াৰ দ্বাৰা ৰামলীলাৰ সমাপ্তি কৰা হয় আৰু ৰাৱণৰ ওপৰত ঈশ্বৰ ৰামৰ বিজয়ৰ কথা স্মৰণ কৰে। 

     প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে।অসমৰ প্ৰাচীন অনাৰ্যমূলীয় অধিবাসী সকলৰ মাজত দেৱীপূজা আৰু মাতৃপূজাৰ প্ৰচলন আছিল ৷ অসমত আহোম ৰাজত্ব কালৰ পৰাই বাসন্তী দূৰ্গা পূজাৰ প্ৰচলন আছিল। বসন্ত কালত পূজিতা দূৰ্গাক ভিন্ন নামেৰে জনা গৈছিল। সেয়া হ’ল কামাখ্যা, কেচাঁইখাইতী,তাম্ৰেশ্বৰী,দীঘেশ্বৰী,বাঘ্ৰেশ্বৰী, বুঢ়ীগোসানী,সিদ্ধেশ্বৰী,টুক্ৰেশ্বৰী,জয়ন্তশ্বৰী আদি। বিশ্বসিংহৰ দিনত দুৰ্গা পূজা পূৰ্ণ উদ্যমেৰে চলিছিল।

colorful goddess durga idol at kolkata festival
Photo by Kolkatar Chobiwala on Pexels.com

তেওঁৰ পাছতে মল্লদেৱে নৰনাৰায়ণ নাম লৈ ৰাজত্ব কৰি নৰকাসুৰে নিৰ্মাণ কৰি যোৱা কামাখ্যা মন্দিৰ ধ্বংসপ্ৰাপ্ত হোৱাত নতুনকৈ নিৰ্মাণ কৰি শক্তিপূজাৰ প্ৰচলন কৰে।কোঁচ ৰজা নৰনাৰায়ণে দেৱী পূজা কৰিছিল। কোঁচ ৰাজ্যৰ পৰা পূজা বিধি শিকি আহোম সকলৰ ভিতৰত পোন প্ৰথমে প্ৰতাপ সিংহ স্বৰ্গদেৱে মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজাৰ প্ৰচলন কৰিছিল।

দুৰ্গা পূজা অসমত হাজাৰ বছৰ পুৰণি উৎসৱ। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা দেৱী পূজা প্ৰচলন হৈ আহিছে। অতীতৰ অসম অনাৰ্য। তেওঁলোকৰ মুখ্য দেৱতা অনাৰ্য শিৱ, যাক কিৰাত বুলিও কোৱা হয়। মাতৃ প্ৰধান জনজাতি সমাজে দেৱী উপাসনাৰ কথা কামাখ্যা মন্দিৰৰ উপস্থিতিয়ে প্ৰমাণ কৰে। কালিকা পুৰাণ, যোগিনীতন্ত্ৰই প্ৰাচীন অসমৰ পূজাৰ আভাস দিয়ে।

অনুমান কৰা হয় যে অসমত নৱ বৈঞ্চৱ যুগৰ প্ৰচাৰ, বঙালী সম্প্ৰদায়ৰ পৰা নিজকে পৃথক কৰি ৰাখিবলৈ বিহুক কিছু সুকীয়া স্থানত ৰাখি দুৰ্গা পূজাৰ পৰিৱৰ্তে বিহুক জাতীয় উৎসৱৰ মৰ্যাদা দিলে। অসমৰ জনজাতি সকলৰ অধিক সংখ্যকে দেৱী উপাসনা কৰে।ভিন ভিন জাতিয়ে নিজা বিধি অনুযায়ী জীৱ, জন্তু, চৰাই আদি দেৱীৰ নামত বলি দি পূজা দিয়ে। ‌অতীতত অসমত মাটিৰ প্ৰতিমাৰ পূজাৰ প্ৰচলন নাছিল।

পিছলৈ কোঁচ ৰজা সকলৰ আৰ্হিত আহোম ৰজাৰ ৰাজত্ব কালত মাটিৰ দুৰ্গা প্ৰতিমাৰ পূজাৰ ব্যাপক হাৰত প্ৰচলন হ’ল। প্ৰাচীন কালৰ পৰা অসমত দুৰ্গা পূজাৰ প্ৰচলনৰ নিদৰ্শন বহন কৰি আছে কামাখ্যা মন্দিৰ,দেৱীদৌল, বুঢ়ীগোসা‌ঁনী দেৱালয়,কেচাইখাটি গোসাঁনী থান,দেওশাল, তাম্ৰেশ্বৰী মন্দিৰ,কালিকা থান, মহামায়া দেৱালয়, দেওধনী দুৰ্গা মন্দিৰ আদি মঠ-মন্দিৰসমূহে। 

      অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন আখ্যান, ৰীতি-নীতিৰে দুৰ্গা পূজা পালন কৰা হয়। শক্তি উপাসকসকলৰ বাবে দুৰ্গা পূজা এক আনন্দৰ উৎসৱ। দুৰ্গা পূজাৰ জড়িয়তে প্ৰতিফলিত হয় ভাৰতৰ হিন্দু ধৰ্ম-সংস্কৃতিৰ বহল ইতিহাস।

kamakhya

(মনস্বিনী শৰ্মা শিৱসাগৰ জিলাৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

man in black shorts sitting on floor
Lifestyle

Mental Flexibility: Working on the Core of it

by Parismita Goswami
May 16, 2026
0

Mental Flexibility: Working on the Core of it PARISMITA GOSWAMI If you’re anything like me, you’ve probably reached for your...

Read moreDetails
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

May 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d