• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

দুৰ্ভিক্ষত,শ্মশানত, আৰু ৰাষ্ট্ৰৰ সংকটত কাষত থকা জনহে বন্ধু

ASSAMESE SECTION / India Pakistan Conflict / Kashmir

by Rezaul Karim
May 11, 2025
in News
Reading Time: 4 mins read
0
দুৰ্ভিক্ষত,শ্মশানত, আৰু ৰাষ্ট্ৰৰ সংকটত কাষত থকা জনহে বন্ধু
Share on FacebookShare on TwitterShare on LinkedIn

দুৰ্ভিক্ষত,শ্মশানত, আৰু ৰাষ্ট্ৰৰ সংকটত কাষত থকা জনহে বন্ধু

দুৰ্ভিক্ষত,শ্মশানত, আৰু ৰাষ্ট্ৰৰ সংকটত কাষত থকা জনহে বন্ধু

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

দেশত এতিয়া যুদ্ধ সদৃশ পৰিৱেশ বিৰাজ কৰিছে।

এই পৰিৱেশৰ অভিকেন্দ্ৰ ভূ স্বৰ্গ বুলি খ্যাত কাশ্মীৰৰ পেহেলগামৰ বৈচাৰণ উপত্যকাত যোৱা ২২ এপ্ৰিল তাৰিখে সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰীহ পৰ্যটকৰ ২৬ জনক ধৰ্মৰ ভিত্তিত গুলীয়াই নিৰ্মমভাৱে হত্যা কৰা ঘটনা। এই ঘটনা অকল বৰ্বৰেই নাছিল ই আছিল সমগ্ৰ বিশ্বৰ মুছলমানক লজ্জানত কৰা এটা ঘৃণনীয় ঘটনা।

বাস্তৱিকতে এই বৰ্বৰতাৰ প্ৰথম নিন্দা কৰিব লাগিছিল মুছলমান সকলে। অৱশ্যে মই এটা পোষ্টত কৈছিলো যে অকল মুছলমানেই কিয় ইয়াৰ প্ৰতিবাদ কৰিব লাগে। সকলোৱে মিলি ইয়াৰ উপযুক্ত প্ৰতিবাদ কৰিব লাগে। এইদৰে কোৱাৰ কাৰণ আছিল যে মই নিজকে কাহানিও প্ৰথমে মুছলমান বুলি পৰিচয় নিদিও। ধৰ্মটো মোৰ ব্যক্তিগত পৰিচয়।
দুৰ্ভিক্ষত,শ্মশানত, আৰু ৰাষ্ট্ৰৰ সংকটত কাষত থকা জনহে বন্ধু

যিয়েই নহওক সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে বুলি আমি কও। কিন্তু দুৰ্ভাগ্যবশত সমগ্ৰ বিশ্বত ‘ ইছলামিক সন্ত্ৰাসবাদ ‘ বুলি এটা সুকীয়া পৰিচয় সন্ত্ৰাসবাদীসকলেই গঢ়ি তুলিছে। পাকিস্তানো এই ক্ষেত্ৰত পিছ পৰি থকা নাই। সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা কোনো দেশৰ সাধাৰণ নাগৰিক সুখী নহয়। পাকিস্তানৰ আৰ্থিক অৱস্থা আৰু প্ৰগতি ভাৰতৰ সৈতে তুলনা কৰিব নোৱাৰি। ভৱিষ্যতে পাকিস্তান এখন উন্নত ৰাষ্ট্ৰ হ’ব পাৰিব বুলি কল্পনাও কৰিব নোৱাৰি।

ধৰ্মৰ ভিত্তিত ভাগ হোৱা দেশখন কিয় ভাৰতৰ সমানে সমানে আগুৱাব পৰা নাই। প্ৰায় সকলোখিনি লোক মুছলমান হোৱা সত্বেও আজিলৈকে ভাৰতৰ পৰা যোৱা মুছলমানখিনিক কিয় সমান চকুৰে নাচাই মোহাজিৰ বুলি কোৱা হয়? পৃথিৱীৰ কোনখন ইছলামিক দেশ বিশ্বমানৰ তথ্য প্ৰযুক্তিত আগবঢ়া কোনোবাই ক’ব পাৰিবনে? বৰ্তমান বিশ্বত থকা ইছলামিক দেশবোৰৰ মাজত কোনো ঐক্য আছেনে ?

নাই, কাৰণ দেশ এখন ইছলামিক বুলি ঘোষিত হ’লেও সকলো দেশৰ সভ্যতা সংস্কৃতি সুকীয়া। দেশৰ নাগৰিকে ধৰ্মটো পালন কৰোতেও নিজৰ ভৌগোলিক, সাংস্কৃতিক আৰু পৰম্পৰাক অগ্ৰাধিকাৰ দিহে পালন কৰে। গতিকে সকলোৰে প্ৰথম পৰিচয় নিজৰ দেশৰ সৈতেহে। তাৰ পাছতহে ধৰ্ম। সেইবাবে বিশ্বত প্ৰচলিত ইছলামিক ভাতৃত্ববোধৰ ধাৰণাটো আক্ষৰিক অৰ্থত এটা কাল্পনিক ধাৰণাহে। নহলে পেলেষ্টাইনৰ সমস্যাৰ কাহানিবাই সমাধান হ’লহেঁতেন।

আন্তঃৰাষ্ট্ৰীয় ঘটনাবোৰ বাদ দি নিজৰ ৰাজ্যখনৰ কথাকে ক’ব পাৰো। অসমত থকা মুছলমান লোক সকল বিভিন্ন সামাজিক সাংস্কৃতিক ভাগত বিভক্ত। প্ৰত্যেকৰে স্বাভিমান নিৰ্ভৰ কৰে ভাষা সংস্কৃতিৰ দ্বাৰা। ধৰ্ম এডাল যোগসূত্ৰ হ’ব পাৰে যদিও ই সামাজিক আৰু সাংস্কৃতিক ঐক্যত সহায় নকৰে। ইয়াৰ বিপৰীতে ধৰ্ম একে হোৱা সত্বেও সাংস্কৃতিক ক্ষেত্ৰত আৰু অনেক সময়ত আধ্যাত্মিকাৰ ক্ষেত্ৰতো বিৰোধৰ সৃষ্টি কৰিব পাৰে।

এখন উন্নত দেশৰ নাগৰিকে ধৰ্ম বৰ্ণ নিৰ্বিশেষে দেশৰ শিক্ষা, প্ৰযুক্তি বিদ্যা, অৰ্থনৈতিক সা সুবিধা অবাধে গ্ৰহণ কৰিব পাৰে যিবোৰ কোনো এক বিশেষ ধৰ্মীয় দেশৰ সেই ধৰ্মাৱলম্বী নাগৰিকে নোৱাৰিব পাৰে যদিহে দেশখন পিছ পৰা হয়। আজি ভাৰতৰ মুছলমান লোকে ভাৰতত থকা উন্নত শিক্ষা ব্যৱস্থা, তথ্য প্ৰযুক্তি বিদ্যা লাভ কৰি অকল ভাৰততে নহয় বিশ্বৰ অন্যান্য উন্নত দেশত সেৱা আগবঢ়োৱাৰ সুবিধা পাব পাৰে। এই সুবিধা লবলৈ কষ্ট আৰু চেষ্টা কৰিব লাগিব।

এই একে মানদণ্ডৰ উচ্চ শিক্ষা ইছলামিক দেশ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ মুছলমান নাগৰিকে নাপাব পাৰে। কাৰণ সেই দেশবোৰত এনে মানদণ্ডৰ উচ্চ শিক্ষানুষ্ঠান নাই বা নাথাকিব পাৰে। গতিকে নাগৰিক হিচাপে ভাৰতৰ মুছলমানসকল উল্লিখিত দেশৰ মুছলমান সকলতকৈ অধিক আগবঢ়া আৰু গৰ্বিত। পাকিস্তানে ভাৰতৰ কাশ্মীৰত সন্ত্ৰাসবাদক উচতনি দি ভাৰতৰ আভ্যন্তৰীণ পৰিবেশ অস্থিৰ কৰি ৰাখিব খোজে।

ভাৰতৰ সামৰিক শক্তিৰ কথা জানিও তেওঁলোকৰ এই প্ৰচেষ্টা মূৰ্খামীৰ বাহিৰে আন একো নহয়। কাৰণ ভাৰতৰ ভিতৰত কাশ্মীৰতে মুছলমান লোক সৰহ। পাকিস্তানে কাশ্মীৰৰ বিচ্ছিন্নতাবাদীক সমৰ্থন কৰিব গৈ যি সন্ত্ৰাসবাদ মেলি দিছে সেই সন্ত্ৰাসবাদে সামগ্ৰীক ভাৱে ভাৰতৰ মুছলমানক আৰু বিশেষকৈ কাশ্মীৰৰ মুছলমানক বিপদগ্ৰস্থ কৰিছে। তেওঁলোকক অনগ্ৰসৰতাৰ বিপদজনক ঠেক গণ্ডীৰ মাজত নিক্ষেপ কৰিব।

সন্ত্ৰাসবাদৰ বাবে কাশ্মীৰৰ নৱ প্ৰজন্মই শিক্ষা দীক্ষাত আগবাঢ়িব পৰা নাই, অৰ্থনৈতিক উন্নয়নৰ মুখ দেখা নাই আৰু সামগ্ৰিকভাৱে ভাৰতৰ সকলো মুছলমান সন্দেহ আৰু ঘৃণাৰ পাত্ৰ হৈছে। ভাৰতৰ মুছলমানক এই অৱস্থালৈ ঠেলি দিয়া দেশখনেই হৈছে পাকিস্তান আৰু বিশ্বত পিয়াপি দি থকা ইছলামিক সন্ত্ৰাসবাদ। এই সন্ত্ৰাসবাদ ভাৰতৰ মুছলমানৰ প্ৰগতিৰ প্ৰধান শত্ৰু।

বিশ্বৰ সৈতে ফেৰ মাৰিব নোৱাৰা এনে দেশবোৰ সহজে মৌলবাদৰ দ্বাৰা প্ৰভাৱিত হয়। অস্থিৰ ৰাজনীতি আৰু ভঙ্গুৰ অৰ্থনীতিৰ বাবে মৌলবাদীৰ কৱলত পৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান আমাৰ চুবুৰীয়া দেশ। এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে তেওঁলোকে প্ৰচাৰ কৰা মৌলবাদৰ দ্বাৰা একাংশ ভাৰতীয় মুছলমান প্ৰভাৱিত হোৱা নাই।

AFGHAN WOMEN

ধৰ্মৰ শ্লোগানবোৰ শিয়ালৰ হোৱা। ই কোনো সভ্য মানুহক প্ৰভাৱান্বিত কৰিব নোৱাৰে। বিশ্বৰ মুছলমান দেশ সমূহত নাৰীৰ বাক স্বাধীনতা কিদৰে হৰণ হৈছে আৰু নাৰী সমাজ মৌলবাদীৰ গ্ৰাসৰ পৰা কিদৰে মুক্তি লভিবলৈ অহৰহ প্ৰয়াস কৰি আছে এই বিষয়ে অসমৰ পৰা প্ৰকাশিত অন লাইন আলোচনী মহাবাহু পঢ়িলেই উপলব্ধি কৰিব পাৰি। আফগানিস্তান, লিবিয়া,চিৰিয়া, চুদান আৰু মধ্যপ্ৰাচ্যৰ অনেক দেশৰ মহিলা লিখকে লিখা কথাবোৰ বাক স্বাধীনতা আৰু নাগৰিক স্বাধীনতাৰ বিষয়ে লিখা একো একোটা দলিল স্বৰূপ হৈ পৰিছে।

Iran women

যি ধৰ্মৰে নহওঁক কিয় ধৰ্মীয় শ্লোগান দিয়া আৰু ধৰ্মৰ দ্বাৰা সঁচাই মিছাই প্ৰভাৱিত হোৱা লোকসকল এখন সভ্য সমাজৰ বাবে বিপদজনক। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানে ধৰ্মৰ নামত ভাৰতৰ মুছলমানকে ধ্বংস নকৰিব জানো ? যি সকল মুছলমানে ধৰ্মৰ নামত অন্ধ হৈ বৰ্তমানৰ পৰিস্থিতিত শত্ৰু পক্ষৰ সমৰ্থনত থাকে বা আছে তেওঁলোক অকল দেশৰেই নহয় ইছলামৰো শত্ৰু।

এই মুহূৰ্তত দেশ প্ৰথম। দেশ মানে ভাৰত। দেশৰ যিকোনো সংকটৰ সময়ত আমি প্ৰথমে ভাৰতীয় হিচাপে ঐক্যবদ্ধ। ইয়াত কোনো হিন্দু মুছলমান নাই। অতি আবেগ আৰু তাৎক্ষণিক আবেগিক প্ৰতিক্ৰিয়া বুদ্ধি ভ্ৰষ্টৰ লক্ষণ। যুদ্ধ মানে আনন্দ উল্লাস নহয়।

Climate Template

যুদ্ধৰ সৈতে ধ্বংস আৰু বিষাদৰহে সম্বন্ধ। শত্ৰু দেশৰ ক্ষেত্ৰতো একেই কথা। চতুৰ সকলে আবেগৰ বান্ধোনেৰে বান্ধি স্বাৰ্থ সিদ্ধি কৰে। ধ্বংস আৰু মৃত্যু তেওঁলোকৰ বাবে বিজ্ঞাপন। ৰাজনীতি, ধৰ্ম আৰু বেপাৰী সকলে যাতে যুদ্ধৰ নামত আবেগ সৃষ্টি কৰি স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰে সেই সম্পৰ্কে অতি সচেতন হৈ থাকিব লাগিব।

মনত ৰাখিব লাগিব যে, দুৰ্ভিক্ষত, শ্মশানত আৰু ৰাষ্ট্ৰৰ সংকটকালত যিজন কাষত থাকে তেওঁ হে প্ৰকৃত বন্ধু।

দেশৰ সন্ত্ৰাসবাদ সমূলি ধ্বংস হওঁক, সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া দেশে সমুচিত শিক্ষা পাওক এই মুক্ত চিন্তাৰে আমি ঐক্যবদ্ধ। এই ঐক্যৰ ধাৰা পৰৱৰ্তী সময়তো বাহাল থাকক।

Sindoor

09-05-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Rezaul Karim

Rezaul Karim

Related Posts

Understanding Visual Culture: Its Evolution and Social Influence
Culture

Understanding Visual Culture: Its Evolution and Social Influence

by Pradakshina Sarmah
July 19, 2026
0

Understanding Visual Culture: Its Evolution and Social Influence PRADAKSHINA SARMAH In an increasingly image-driven world, visual culture plays a crucial...

Read moreDetails
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Cockroaches, Comedians, and Criminals

Cockroaches, Comedians, and Criminals

July 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d