• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 24, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

দেউৰী বিহু

ড৹ ৰামপ্ৰসাদ দেউৰী

by Admin
April 16, 2022
in Cultural
Reading Time: 3 mins read
0
দেউৰী বিহু
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

Stories in the Art of Terracotta

Stories in the Art of Terracotta

March 15, 2023
অসমৰ লোকসংস্কৃতি

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

March 14, 2023
Lal Ded: A Kashmiri Poetess

Lal Ded: A Kashmiri Poetess

March 14, 2023

বিহু

বিহু অসমীয়া জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰ। অসমীয়া মানুহৰ সিৰাই সিৰাই বিহু প্ৰৱাহিত হৈ আছে আৰু অসমীয়া মানুহবোৰ জীয়াই থকালৈকে প্ৰৱাহিত হৈ থাকিব। এইটো নিঃসন্দেহে ক’ব পাৰি যে, প্ৰায় ১৯ শতিকাৰ আগভাগলৈকে বিহু উজনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ একচেটিয়া সংস্কৃতি আছিল। কাৰণ ঊনবিংশ শতিকাৰ ভালেমান উচ্চবৰ্ণৰ বুদ্ধিজীৱীয়ে বিহু সম্পৰ্কে যি মন্তব্য আগবঢ়াইছিল, সেইটো অতি দুখজনক আছিল। কিছুসংখ্যক বুদ্ধিজীৱীয়ে বিহুক ইতৰ লোকৰ অশ্লীল অনুষ্ঠান বুলি হেয় জ্ঞান কৰিছিল। কিছুমানে এই উৎসৱক নিলাজৰ অনুষ্ঠান, গাঁৱলীয়া উৎসৱ আখ্যা দিছিল।

বিহু শব্দটো কোনে কেতিয়া আৰু ক’ত সৃষ্টি কৰিলে সেই বিষয়ে বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে। দেউৰীসকলে বিহুক বিছু বুলি কয়। অসমীয়া মানুহৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বিহু তিনিটা। মাঘ বিহু, ব’হাগ বিহু আৰু কাতি বিহু। এই বিহু তিনিটা বছৰটোৰ বেলেগ বেলেগ মাহত পালন কৰা হয়। কাতি বিহুক কঙালী, মাঘ বিহুক ভোগালী আৰু ব’হাগ বিহুক ৰঙালী বিহু বুলি নামকৰণ কৰিছে।

macro shot of water drop on green textile
Photo by Min An on Pexels.com

অসমৰ সকলো জনগোষ্ঠীয়ে আহিনৰ সংক্ৰান্তি, পুহৰ সংক্ৰান্তি আৰু চ’তৰ সংক্ৰান্তিৰপৰাই বিহু আৰম্ভ নকৰে। বিশেষকৈ দেউৰীসকলে আটাইকেইটা বিহু যথাক্ৰমে কাতি বিহু, কাতি মাহৰ প্ৰথম বুধবাৰে, মাঘ বিহু, মাঘৰ প্ৰথম বুধবাৰৰপৰা, ব’হাগ বিহু ব’হাগৰ প্ৰথম বুধবাৰৰপৰাহে বিহু উৎসৱ পালন কৰে। কাৰণ থান ঘৰত আৰাধ্য দেৱতাক পূজা-পাতল নিদিয়াকৈ দেউৰীসকলে বিহু পাতিব নোৱাৰে। অৱশ্যে মাহটোৰ প্ৰথম বুধবাৰে পাতিব নোৱাৰিলে পিছৰ বুধবাৰে পাতিব পাৰে বা পাতে। তিনিচুকীয়া জিলাৰ আহোম, মৰাণ, মটক, সোণোৱাল কছাৰী আৰু চিৰিংসকলে দেউৰীসকলে পতা সময়তহে বিহু পাতে।

দেউৰীসকলৰ উৎসৱ-পাৰ্বণবোৰ ধৰ্মীয় নীতি-নিয়মৰ লগত জড়িত। তেওঁলোকৰ প্ৰধান উৎসৱ তিনিটা হৈছে— ব’হাগ বিহু, মাঘ বিহু আৰু শাওণীয়া পূজা। দিবঙীয়াসকলৰ মিদি গিগেঁ দাবেবা বা ৰাজকেবাং।

দেউৰীসকল বৃহৎ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বতধৰ্মী পৰিয়ালৰ লোক। এই পৰিয়ালৰ জনগোষ্ঠীসমূহৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম জনগোষ্ঠী দেউৰীসকলে শদিয়া অঞ্চলত কেতিয়া আহি বসবাস কৰিলে সেই বিষয়ে জনাৰ কোনো উপায় নাই। শদিয়া অঞ্চলত বসবাস কৰোতে দিবং নৈৰ পাৰত থকাসকলক দিবঙীয়া বুলি নামকৰণ কৰা হৈছে। দিবঙীয়াসকলে তেওঁলোকৰ আৰাধ্য দেৱতা কুণ্ডিমামাক থান ঘৰত পূজা-সেৱা কৰে। টেঙাপানী নৈৰ কাষত থকাসকলক টেঙাপৰীয়া বুলি কয়। তেওঁলোকৰ আৰাধ্য দেৱতা বলিয়াবাবাক থান ঘৰত পূজা-সেৱা কৰে। বৰনৈৰ পাৰত থকাসকলক বৰগঞা বুলি কয়। তেওঁলোকে কেঁচাইখাতীক পূজা-সেৱা কৰে। বলিয়াবাবা আৰু কেঁচাইখাতী-কুণ্ডিমামাৰ (গিৰা-গিৰাচি) পুতেক আৰু জীয়েক। মান আক্ৰমণৰ আগতেই ওচৰ-চুবুৰীয়া আবৰসকলৰ লগত হাতী এটা মৰালৈ সংঘাতৰ সৃষ্টি হোৱাত দেউৰীসকলে অসমৰ ভৈয়ামলৈ নামিব লগা হ’ল। ইয়াৰ উপৰি পাটৰ গঞাসকলে পাটৰশালত পূজা-পাতল দি পূজা-সেৱা কৰিছিল। কিন্তু তেওঁলোকৰ বিষয়ে এতিয়া বিশেষ একো জনা নাযায়। শদিয়াৰপৰা ভোৰত নামি আহোতে তেওঁলোকৰ ভোৰো কেনেবাকৈ হেৰালে বুলি কয়।

food wood nature summer
Photo by Sharath G. on Pexels.com

দেউৰীসকলৰ উৎসৱ-পাৰ্বণবোৰ ধৰ্মীয় নীতি-নিয়মৰ লগত জড়িত। তেওঁলোকৰ প্ৰধান উৎসৱ তিনিটা হৈছে— ব’হাগ বিহু, মাঘ বিহু আৰু শাওণীয়া পূজা। দিবঙীয়াসকলৰ মিদি গিগেঁ দাবেবা বা ৰাজকেবাং।

ব’হাগ বিহুৰ কাৰণে প্ৰায় চ’ত মাহৰ প্ৰথমৰপৰাই বা মাজৰপৰাই পূজাৰী বা সন্মানীয় ব্যক্তি এজনৰ ঘৰৰ চোতালত গধূলি ভাত খোৱাৰ পিছত ডেকা-গাভৰুহঁতে বিহু কৰেগৈ। দেউৰী ভাষাত বিহুক বিছু বুলি কয়। ব’হাগ বিহু মাহৰ প্ৰথম বুধবাৰে আৰু মাঘ বিহু মাঘ মাহৰ প্ৰথম বুধবাৰে আৰম্ভ হয়। শাওণীয়া পূজাও শাওণ মাহৰ প্ৰথম বুধবাৰে পাতে। দিবঙীয়াসকলে ব’হাগৰ প্ৰথম বুধবাৰে গোটেই ৰাতি বিহু কৰি ৰাতি পুৱাই দিয়ে। ইয়াকে কুকুৰা ডাক দিওৱা বুলি কয়। কিন্তু টেঙাপনীয়া আৰু বৰগঞাসকলে মঙলবাৰে গোটেই ৰাতি বিহু কৰি ৰাতি পুৱাই দিয়ে। ইয়াৰ লগে লগে ৰাতি বিহু শেষ হয়।

দিবঙীয়াসকলৰ ব’হাগ বিহু আৰু টেঙাপনীয়া আৰু বৰগঞাসকলৰ ব’হাগ বিহুৰ নিয়ম-নীতিত কিবা অলপ পাৰ্থক্য দেখা যায়।

দিবঙীয়াসকলৰ ব’হাগ বিহু (চমু বিৱৰণ)

থান ঘৰত পূজা কৰিবৰ কাৰণে পৰীয়াই এসপ্তাহৰ আগতে কেঁচা কল কাটি পকোৱাই লয়। অন্য মানুহে কল কাটিব নোৱাৰে। পূজাৰীসকলে থান ঘৰত পূজা-সেৱা কৰি বিহুৰ কাৰণে অনুমতি লয়। দিবঙীয়াসকলৰ নিয়ম অনুসৰি বুধবাৰে থান ঘৰত পূজাৰীসকলে পূজা-পাতল দিয়া সামগ্ৰীৰপৰা কল এটোপোলা, কুকুৰা এজনী আৰু একলহ মদ ৰাতি বিহু কৰা ডেকা-গাভৰুজাকলৈ পঠিয়াই দিয়ে। তেওঁলোকে গোটেই ৰাতি বিহু কৰি ৰাতিপুৱাই দিয়ে। বৃহস্পতিবাৰে ৰাতিপুৱা গৃহস্থই তামোল-পাণৰ শৰাই দি সেৱা কৰি ডেকা-গাভৰুহঁতৰপৰা আশীৰ্বাদ লয়। পূজাৰীয়ে থান ঘৰত মৰা মৃতকক দিয়াৰ পিছতহে গাঁৱত বিহু পাতিব পাৰে। তাৰ পিছত ডেকা-গাভৰুহঁতে নিজ নিজ ঘৰলৈ গৈ গা-পা ধুই বিহু খাবৰ কাৰণে যা-যোগাৰ কৰে। গাঁৱত লগে লগে বিহু গীত-মাতেৰে বিহু খোৱা আৰম্ভ হয়। পুৱা গা-পা ধুই কণী যুঁজোৱা পৰ্ব আৰম্ভ হয়।

বৃহস্পতিবাৰে আবেলি শুদ্ধ বগা কাপোৰ পিন্ধি থান ঘৰলৈ গৈ সেৱা কৰি বিহু আৰম্ভ কৰে। বৃহস্পতিবাৰৰপৰা অৰ্থাৎ বিহু আৰম্ভ হোৱা দিনাখনৰপৰাই থান ঘৰত প্ৰতিদিনে গৈ আবেলি আবেলি ডেকা-গাভৰুৱে বিহু কৰেগৈ। তাৰপৰা আহি পূজাৰী ঘৰত অলপ সময় বিহু কৰি ঘৰা-ঘৰি যায়। পিছৰ বৃহস্পতিবাৰে অৰ্থাৎ বিহু উৰুৱা দিনাখন চাৰি দেউৰীয়ে থান ঘৰৰ দৰ্জা খোলে আৰু সেইদিনাখনেই দেও উঠে। যিগৰাকী দেও উঠে তেওঁক ডেকাহঁতে ঢোল, তাল, পেঁপা আদি বজাই বিহু কৰি কৰি থান ঘৰলৈ লৈ যায়। থান ঘৰত চাৰি দেউৰীয়ে গা-পা ধুৱাই নতুন কাপোৰ, পাগুৰি, ৰূপৰ ফুল আদি পিন্ধায়। এই সামগ্ৰীখিনি থান ঘৰৰ ভিতৰতে থাকে। তাৰ মাজতে ডেকাসকলে ঢোল লৈ থানৰ সন্মুখত দেও উঠা ছেওত ঢোল বাই থাকে। এটা সময়ত দেও আহি ডেকাসকলৰ লগত নাচে। তাৰ মাজতে দেও আহি তামুলী ঘৰত বহে আৰু ৰাইজে তেওঁক বিভিন্ন বিপদ-আপদ আৰু বেমাৰ-আজাৰৰ বিষয়ে প্ৰশ্ন সোধে। দেওৱে সকলো প্ৰশ্নৰ সমিধান দিয়ে। এটা সময়ত দেওৱে নিজে কয়, ‘মোৰ যাবৰ সময় হ’ল।’ চাৰি দেউৰীয়ে তেতিয়া এখিলা কলপাত পাৰি দিয়ে। আৰু দেওৱে তাতে শোৱে আৰু অলপ পাছত উঠি গুচি যায়। তাৰ পিছত চাৰি দেউৰীয়ে দেওৰ সামগ্ৰীখিনি সামৰি থয়। এইখিনি সময়তে ডেকাখিনিৰ বাহিৰে বাকীখিনি মানুহ থান ঘৰত সেৱা কৰি বাহিৰলৈ ওলাই গৈ বিহু কৰি থাকে। ডেকাখিনিয়ে লহ লেচাৰি গাই থান ঘৰৰ চাৰিওফালে ঘূৰি ঘূৰি নাচে। তাৰ পিছত থান ঘৰৰপৰা ওলাই আহি মৰং ঘৰত ডেকা-গাভৰুৱে একেলগে বিহু কৰে। মৰং ঘৰৰপৰা আহি ঘৰে ঘৰে বিহু কৰি গাঁৱৰ নামনিত এজোপা গছৰ চাৰিওফালে ঘূৰি ঘূৰি বিহু কৰি বিহু পেলাই থৈ আহেগৈ। বিহুত ব্যৱহাৰ কৰা টকামাৰি আদি পেলাই আহে।

গধূলি চাৰি দেউৰীয়ে থান ঘৰৰ পূব, পশ্চিম, উত্তৰে, দক্ষিণে খেৰ আৰু তুঁহ গুড়ি জ্বলায়।

ব’হাগত হুঁচৰি গাবলৈ হ’লে মাঘৰ পূজাৰ দিনাখনেই (বুধবাৰে) থান ঘৰত চাৰি দেউৰীৰ আগত শৰাই পাতি অনুমতি ল’ব লাগে। বিহু উৰুৱাৰ আগতেই হুঁচৰি গাই শেষ কৰিব লাগিব। হুঁচৰি সাধাৰণতে পূজাৰীজনৰ ঘৰতে আৰম্ভ হয়।

dew in green leaves
Photo by Caio on Pexels.com

মাঘ বিহুঃ মাঘৰ প্ৰথমটো বুধবাৰে পূজাৰীসকলে থান ঘৰলৈ ৰাতিপুৱা একো নোখোৱাকৈ যায় আৰু তাতে গা-পা ধুই শুদ্ধ বগা কাপোৰ পিন্ধি থান ঘৰত পূজা-পাতল দিয়ে। সেইদিনাখন গঞা ৰাইজে আবেলিৰপৰা মেজি সজাৰ কাম আৰম্ভ কৰে। থান ঘৰৰ পূজা কৰা সামগ্ৰীৰপৰা কুকুৰা এজনী, কল এটোপোলা আৰু মদ একলহ মেজি সজা মানুহখিনিলৈ পঠিয়াই দিয়ে। বৃহস্পতিবাৰে ৰাতিপুৱাই মেজি জ্বলোৱা হয়। মেজিত কড়াইগুৰি, আলু আদি দিয়া হয়। ৰাতিপুৱা মেজি ৰখীয়াসকলক মদ, মাংস আদি ৰান্ধি আনি বিপদ-আপদ নহ’বলৈ গাঁৱৰ মানুহে আহি সেৱা লয়। লগে লগে গাঁৱত বিহু আৰম্ভ হয়। মাঘ বিহুত থান ঘৰত বিহু কৰা নহয়। বিহু সাতদিনলৈকে থাকে বুলি কয় যদিও তিনিদিনতে প্ৰায় শেষ হয়। এইকেইদিনতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালী সকলোৱেই বিহু কৰি বিহু খাই ৰং-ৰহইচ কৰে।

টেঙাপনীয়া আৰু বৰগঞাসকলৰ ব’হাগ বিহু (চমু বিৱৰণ)ঃ টেঙাপনীয়া আৰু বৰগঞা ডেকা-গাভৰুহঁতে মঙলবাৰে গোটেই ৰাতি বিহু কৰি কৰি ৰাতি পুৱাই দিয়ে। ইয়াকে দেউৰীসকলে কুকুৰা ডাক দিওৱা বুলি কয়। বিহুত ঢোল, পেঁপা, তাল, বাঁহী আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে। বুধবাৰে পুৱা গৃহস্থই (সাধাৰণতে পূজাৰীজনেই) পাণ-তামোল, মদ এটেকেলি কাজি (ডাল শাক আদি) দি ডেকা-গাভৰুহঁতক সেৱা লয়। গাঁৱৰ আন মানুহে পুৱা মদৰ টেকেলি লৈ ডেকা-গাভৰুহঁতক আশীৰ্বাদ বিচাৰি সেৱা লয়। ইয়াৰ পিছত ডেকা-গাভৰুহঁতে ঘৰা-ঘৰি গুচি যায়। ঘৰলৈ গৈ গা-পা ধুই শুদ্ধ বগা কাপোৰ পিন্ধি থান ঘৰত পূজা-সেৱা আদি কৰি থাকে। এই সময়তে ডেকা-গাভৰুহঁতে থান ঘৰৰ মণিকূটৰ বাহিৰত চোতালত তামোল-পাণ দি সেৱা কৰেগৈ।

আবেলি পূজা-পাতল শেষ হোৱাৰ পিছত ডেকা-গাভৰুহঁতে ৰাতি বিহু কৰা ঠাইত গোট খাই বাৰিকৰ নিৰ্দেশ মতে ক্ৰমে বিহুতলীৰপৰা নাচ-ৰাগ কৰি বিহু নি থান ঘৰৰ চোতালত থৈ আহেগৈ। সেইদিনা সিমানতে বিহু কৰা পৰ্ব শেষ হয়। বিহু থওঁতে ঢোল, পেঁপা আদি বাদ্যযন্ত্ৰবোৰ থান ঘৰৰ চোতালত সুবিধা জেগাত থৈ আহে। বৃহস্পতিবাৰে আবেলি ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে থান ঘৰৰ চোতালত বিহু কৰেগৈ। শুকুৰবাৰেও একে ধৰণে বিহু কৰেগৈ। শুকুৰবাৰে দেওধানি উঠিলে দেওধানিৰ গীত-মাত গাই দেওধানিক নচুৱায়। সেইদিনা বোৱাৰী-জীয়ৰীহঁতে বেলেগে বিহু কৰে। গাঁৱত হুঁচৰি আৰম্ভ কৰে। থান ঘৰৰ হুঁচৰিৰ দল আহি প্ৰথমে চাৰি দেউৰীৰ ঘৰত হুঁচৰি মাৰে। তাৰ পিছত বাকীখিনি ঘৰত উজনিৰপৰা হুঁচৰি গাই মঙলবাৰৰ দিনা ৰাতি হুঁচৰি গোৱা শেষ কৰিবই লাগিব। শনিবাৰৰপৰা মঙলবাৰলৈ ডেকা-গাভৰুৱে থান ঘৰত বিহু নকৰি জিৰণি লয়, বৰগঞাসকলে শুকুৰবাৰ, শনিবাৰে থান ঘৰত বিহু নকৰে। দেওবাৰে আকৌ বিহু কৰে আৰু সোমবাৰে জিৰণি। কিন্তু গাঁৱত প্ৰথম দিনাৰপৰাই বিহু কৰি গীত-মাত গাই ৰং-ৰহইচৰ মাজেৰে ডেকা-গাভৰু, ল’ৰা-বুঢ়া সকলোৱে বিহু খাই আনন্দ কৰে। টেঙাপৰীয়া আৰু বৰগঞাসকলে পিছৰ বুধবাৰে থান ঘৰত পূজা-সেৱাৰে পিছ বিহু আৰম্ভ কৰে। বৃহস্পতিবাৰে গাঁৱৰ সকলো ৰাইজে থান ঘৰলৈ গৈ বলিয়াবাবাক (টেঙাপৰীয়াসকলে) আৰু কেঁচাইখাতীক (বৰগঞাসকলে) বছৰটো ভালে-কুশলে পঠিয়াবলৈ সেৱা কৰেগৈ।

(খিলঞ্জীয়াৰ সৌজন্যত; heading Image: sentinelassam.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: দেউৰী বিহু
Admin

Admin

Related Posts

Stories in the Art of Terracotta
Cultural

Stories in the Art of Terracotta

by Admin
March 15, 2023
0

Art of Terracotta Paddaja Roy Paddaja Roy “We are all storytellers. We all live in a network of stories. There...

Read more
অসমৰ লোকসংস্কৃতি

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

March 14, 2023
Lal Ded: A Kashmiri Poetess

Lal Ded: A Kashmiri Poetess

March 14, 2023
ৰাভা জনজাতি আৰু প্ৰকৃতি

ৰাভা জনজাতি আৰু প্ৰকৃতি

March 11, 2023
মায়াৱী কুকুৰা

মায়াৱী কুকুৰা

March 2, 2023
ডালমাচিয়ান কুকুৰ

ডালমাচিয়ান কুকুৰ

February 26, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
woman crossing on bridge

ইক’থেৰাপি

March 23, 2023
london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
Paper Leak in Recruitment Exams in the Country!

Paper Leak in Recruitment Exams in the Country!

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    772 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: