• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

দেউৰী বিহু

ASSAMESE SECTION / Culture / Bihu

by Editor
April 15, 2025
in ASSAMESE SECTION, Cultural
Reading Time: 4 mins read
0
দেউৰী বিহু
Share on FacebookShare on TwitterShare on LinkedIn

দেউৰী বিহু

ড° ৰামপ্ৰসাদ দেউৰী

Kopou 1

বিহু অসমীয়া জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰ। অসমীয়া মানুহৰ সিৰাই সিৰাই বিহু প্ৰৱাহিত হৈ আছে আৰু অসমীয়া মানুহবোৰ জীয়াই থকালৈকে প্ৰৱাহিত হৈ থাকিব।

এইটো নিঃসন্দেহে ক’ব পাৰি যে, প্ৰায় ১৯ শতিকাৰ আগভাগলৈকে বিহু উজনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ একচেটিয়া সংস্কৃতি আছিল। কাৰণ ঊনবিংশ শতিকাৰ ভালেমান উচ্চবৰ্ণৰ বুদ্ধিজীৱীয়ে বিহু সম্পৰ্কে যি মন্তব্য আগবঢ়াইছিল, সেইটো অতি দুখজনক আছিল।

কিছুসংখ্যক বুদ্ধিজীৱীয়ে বিহুক ইতৰ লোকৰ অশ্লীল অনুষ্ঠান বুলি হেয় জ্ঞান কৰিছিল। কিছুমানে এই উৎসৱক নিলাজৰ অনুষ্ঠান, গাঁৱলীয়া উৎসৱ আখ্যা দিছিল।

বিহু শব্দটো কোনে কেতিয়া আৰু ক’ত সৃষ্টি কৰিলে সেই বিষয়ে বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে। দেউৰীসকলে বিহুক বিছু বুলি কয়। অসমীয়া মানুহৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বিহু তিনিটা। মাঘ বিহু, ব’হাগ বিহু আৰু কাতি বিহু।

এই বিহু তিনিটা বছৰটোৰ বেলেগ বেলেগ মাহত পালন কৰা হয়। কাতি বিহুক কঙালী, মাঘ বিহুক ভোগালী আৰু ব’হাগ বিহুক ৰঙালী বিহু বুলি নামকৰণ কৰিছে।

macro shot of water drop on green textile

অসমৰ সকলো জনগোষ্ঠীয়ে আহিনৰ সংক্ৰান্তি, পুহৰ সংক্ৰান্তি আৰু চ’তৰ সংক্ৰান্তিৰপৰাই বিহু আৰম্ভ নকৰে। বিশেষকৈ দেউৰীসকলে আটাইকেইটা বিহু যথাক্ৰমে কাতি বিহু, কাতি মাহৰ প্ৰথম বুধবাৰে, মাঘ বিহু, মাঘৰ প্ৰথম বুধবাৰৰপৰা, ব’হাগ বিহু ব’হাগৰ প্ৰথম বুধবাৰৰপৰাহে বিহু উৎসৱ পালন কৰে। কাৰণ থান ঘৰত আৰাধ্য দেৱতাক পূজা-পাতল নিদিয়াকৈ দেউৰীসকলে বিহু পাতিব নোৱাৰে।

অৱশ্যে মাহটোৰ প্ৰথম বুধবাৰে পাতিব নোৱাৰিলে পিছৰ বুধবাৰে পাতিব পাৰে বা পাতে। তিনিচুকীয়া জিলাৰ আহোম, মৰাণ, মটক, সোণোৱাল কছাৰী আৰু চিৰিংসকলে দেউৰীসকলে পতা সময়তহে বিহু পাতে।

দেউৰীসকলৰ উৎসৱ-পাৰ্বণবোৰ ধৰ্মীয় নীতি-নিয়মৰ লগত জড়িত। তেওঁলোকৰ প্ৰধান উৎসৱ তিনিটা হৈছে— ব’হাগ বিহু, মাঘ বিহু আৰু শাওণীয়া পূজা। দিবঙীয়াসকলৰ মিদি গিগেঁ দাবেবা বা ৰাজকেবাং।

দেউৰীসকল বৃহৎ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বতধৰ্মী পৰিয়ালৰ লোক। এই পৰিয়ালৰ জনগোষ্ঠীসমূহৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম জনগোষ্ঠী দেউৰীসকলে শদিয়া অঞ্চলত কেতিয়া আহি বসবাস কৰিলে সেই বিষয়ে জনাৰ কোনো উপায় নাই। শদিয়া অঞ্চলত বসবাস কৰোতে দিবং নৈৰ পাৰত থকাসকলক দিবঙীয়া বুলি নামকৰণ কৰা হৈছে। দিবঙীয়াসকলে তেওঁলোকৰ আৰাধ্য দেৱতা কুণ্ডিমামাক থান ঘৰত পূজা-সেৱা কৰে।

টেঙাপানী নৈৰ কাষত থকাসকলক টেঙাপৰীয়া বুলি কয়। তেওঁলোকৰ আৰাধ্য দেৱতা বলিয়াবাবাক থান ঘৰত পূজা-সেৱা কৰে। বৰনৈৰ পাৰত থকাসকলক বৰগঞা বুলি কয়। তেওঁলোকে কেঁচাইখাতীক পূজা-সেৱা কৰে। বলিয়াবাবা আৰু কেঁচাইখাতী-কুণ্ডিমামাৰ (গিৰা-গিৰাচি) পুতেক আৰু জীয়েক। মান আক্ৰমণৰ আগতেই ওচৰ-চুবুৰীয়া আবৰসকলৰ লগত হাতী এটা মৰালৈ সংঘাতৰ সৃষ্টি হোৱাত দেউৰীসকলে অসমৰ ভৈয়ামলৈ নামিব লগা হ’ল।

ইয়াৰ উপৰি পাটৰ গঞাসকলে পাটৰশালত পূজা-পাতল দি পূজা-সেৱা কৰিছিল। কিন্তু তেওঁলোকৰ বিষয়ে এতিয়া বিশেষ একো জনা নাযায়। শদিয়াৰপৰা ভোৰত নামি আহোতে তেওঁলোকৰ ভোৰো কেনেবাকৈ হেৰালে বুলি কয়।

food wood nature summer

দেউৰীসকলৰ উৎসৱ-পাৰ্বণবোৰ ধৰ্মীয় নীতি-নিয়মৰ লগত জড়িত। তেওঁলোকৰ প্ৰধান উৎসৱ তিনিটা হৈছে— ব’হাগ বিহু, মাঘ বিহু আৰু শাওণীয়া পূজা। দিবঙীয়াসকলৰ মিদি গিগেঁ দাবেবা বা ৰাজকেবাং।

ব’হাগ বিহুৰ কাৰণে প্ৰায় চ’ত মাহৰ প্ৰথমৰপৰাই বা মাজৰপৰাই পূজাৰী বা সন্মানীয় ব্যক্তি এজনৰ ঘৰৰ চোতালত গধূলি ভাত খোৱাৰ পিছত ডেকা-গাভৰুহঁতে বিহু কৰেগৈ। দেউৰী ভাষাত বিহুক বিছু বুলি কয়। ব’হাগ বিহু মাহৰ প্ৰথম বুধবাৰে আৰু মাঘ বিহু মাঘ মাহৰ প্ৰথম বুধবাৰে আৰম্ভ হয়।

শাওণীয়া পূজাও শাওণ মাহৰ প্ৰথম বুধবাৰে পাতে। দিবঙীয়াসকলে ব’হাগৰ প্ৰথম বুধবাৰে গোটেই ৰাতি বিহু কৰি ৰাতি পুৱাই দিয়ে। ইয়াকে কুকুৰা ডাক দিওৱা বুলি কয়। কিন্তু টেঙাপনীয়া আৰু বৰগঞাসকলে মঙলবাৰে গোটেই ৰাতি বিহু কৰি ৰাতি পুৱাই দিয়ে। ইয়াৰ লগে লগে ৰাতি বিহু শেষ হয়।

দিবঙীয়াসকলৰ ব’হাগ বিহু আৰু টেঙাপনীয়া আৰু বৰগঞাসকলৰ ব’হাগ বিহুৰ নিয়ম-নীতিত কিবা অলপ পাৰ্থক্য দেখা যায়।

দিবঙীয়াসকলৰ ব’হাগ বিহু (চমু বিৱৰণ)

থান ঘৰত পূজা কৰিবৰ কাৰণে পৰীয়াই এসপ্তাহৰ আগতে কেঁচা কল কাটি পকোৱাই লয়। অন্য মানুহে কল কাটিব নোৱাৰে। পূজাৰীসকলে থান ঘৰত পূজা-সেৱা কৰি বিহুৰ কাৰণে অনুমতি লয়। দিবঙীয়াসকলৰ নিয়ম অনুসৰি বুধবাৰে থান ঘৰত পূজাৰীসকলে পূজা-পাতল দিয়া সামগ্ৰীৰপৰা কল এটোপোলা, কুকুৰা এজনী আৰু একলহ মদ ৰাতি বিহু কৰা ডেকা-গাভৰুজাকলৈ পঠিয়াই দিয়ে। তেওঁলোকে গোটেই ৰাতি বিহু কৰি ৰাতিপুৱাই দিয়ে।

বৃহস্পতিবাৰে ৰাতিপুৱা গৃহস্থই তামোল-পাণৰ শৰাই দি সেৱা কৰি ডেকা-গাভৰুহঁতৰপৰা আশীৰ্বাদ লয়। পূজাৰীয়ে থান ঘৰত মৰা মৃতকক দিয়াৰ পিছতহে গাঁৱত বিহু পাতিব পাৰে। তাৰ পিছত ডেকা-গাভৰুহঁতে নিজ নিজ ঘৰলৈ গৈ গা-পা ধুই বিহু খাবৰ কাৰণে যা-যোগাৰ কৰে। গাঁৱত লগে লগে বিহু গীত-মাতেৰে বিহু খোৱা আৰম্ভ হয়। পুৱা গা-পা ধুই কণী যুঁজোৱা পৰ্ব আৰম্ভ হয়।

বৃহস্পতিবাৰে আবেলি শুদ্ধ বগা কাপোৰ পিন্ধি থান ঘৰলৈ গৈ সেৱা কৰি বিহু আৰম্ভ কৰে। বৃহস্পতিবাৰৰপৰা অৰ্থাৎ বিহু আৰম্ভ হোৱা দিনাখনৰপৰাই থান ঘৰত প্ৰতিদিনে গৈ আবেলি আবেলি ডেকা-গাভৰুৱে বিহু কৰেগৈ। তাৰপৰা আহি পূজাৰী ঘৰত অলপ সময় বিহু কৰি ঘৰা-ঘৰি যায়।

পিছৰ বৃহস্পতিবাৰে অৰ্থাৎ বিহু উৰুৱা দিনাখন চাৰি দেউৰীয়ে থান ঘৰৰ দৰ্জা খোলে আৰু সেইদিনাখনেই দেও উঠে। যিগৰাকী দেও উঠে তেওঁক ডেকাহঁতে ঢোল, তাল, পেঁপা আদি বজাই বিহু কৰি কৰি থান ঘৰলৈ লৈ যায়। থান ঘৰত চাৰি দেউৰীয়ে গা-পা ধুৱাই নতুন কাপোৰ, পাগুৰি, ৰূপৰ ফুল আদি পিন্ধায়। এই সামগ্ৰীখিনি থান ঘৰৰ ভিতৰতে থাকে। তাৰ মাজতে ডেকাসকলে ঢোল লৈ থানৰ সন্মুখত দেও উঠা ছেওত ঢোল বাই থাকে।

এটা সময়ত দেও আহি ডেকাসকলৰ লগত নাচে। তাৰ মাজতে দেও আহি তামুলী ঘৰত বহে আৰু ৰাইজে তেওঁক বিভিন্ন বিপদ-আপদ আৰু বেমাৰ-আজাৰৰ বিষয়ে প্ৰশ্ন সোধে। দেওৱে সকলো প্ৰশ্নৰ সমিধান দিয়ে। এটা সময়ত দেওৱে নিজে কয়, ‘মোৰ যাবৰ সময় হ’ল।’ চাৰি দেউৰীয়ে তেতিয়া এখিলা কলপাত পাৰি দিয়ে। আৰু দেওৱে তাতে শোৱে আৰু অলপ পাছত উঠি গুচি যায়। তাৰ পিছত চাৰি দেউৰীয়ে দেওৰ সামগ্ৰীখিনি সামৰি থয়।

এইখিনি সময়তে ডেকাখিনিৰ বাহিৰে বাকীখিনি মানুহ থান ঘৰত সেৱা কৰি বাহিৰলৈ ওলাই গৈ বিহু কৰি থাকে। ডেকাখিনিয়ে লহ লেচাৰি গাই থান ঘৰৰ চাৰিওফালে ঘূৰি ঘূৰি নাচে। তাৰ পিছত থান ঘৰৰপৰা ওলাই আহি মৰং ঘৰত ডেকা-গাভৰুৱে একেলগে বিহু কৰে। মৰং ঘৰৰপৰা আহি ঘৰে ঘৰে বিহু কৰি গাঁৱৰ নামনিত এজোপা গছৰ চাৰিওফালে ঘূৰি ঘূৰি বিহু কৰি বিহু পেলাই থৈ আহেগৈ। বিহুত ব্যৱহাৰ কৰা টকামাৰি আদি পেলাই আহে।

গধূলি চাৰি দেউৰীয়ে থান ঘৰৰ পূব, পশ্চিম, উত্তৰে, দক্ষিণে খেৰ আৰু তুঁহ গুড়ি জ্বলায়।

ব’হাগত হুঁচৰি গাবলৈ হ’লে মাঘৰ পূজাৰ দিনাখনেই (বুধবাৰে) থান ঘৰত চাৰি দেউৰীৰ আগত শৰাই পাতি অনুমতি ল’ব লাগে। বিহু উৰুৱাৰ আগতেই হুঁচৰি গাই শেষ কৰিব লাগিব। হুঁচৰি সাধাৰণতে পূজাৰীজনৰ ঘৰতে আৰম্ভ হয়।

dew in green leaves
Photo by Caio on Pexels.com

মাঘ বিহুঃ মাঘৰ প্ৰথমটো বুধবাৰে পূজাৰীসকলে থান ঘৰলৈ ৰাতিপুৱা একো নোখোৱাকৈ যায় আৰু তাতে গা-পা ধুই শুদ্ধ বগা কাপোৰ পিন্ধি থান ঘৰত পূজা-পাতল দিয়ে। সেইদিনাখন গঞা ৰাইজে আবেলিৰপৰা মেজি সজাৰ কাম আৰম্ভ কৰে। থান ঘৰৰ পূজা কৰা সামগ্ৰীৰপৰা কুকুৰা এজনী, কল এটোপোলা আৰু মদ একলহ মেজি সজা মানুহখিনিলৈ পঠিয়াই দিয়ে। বৃহস্পতিবাৰে ৰাতিপুৱাই মেজি জ্বলোৱা হয়। মেজিত কড়াইগুৰি, আলু আদি দিয়া হয়। ৰাতিপুৱা মেজি ৰখীয়াসকলক মদ, মাংস আদি ৰান্ধি আনি বিপদ-আপদ নহ’বলৈ গাঁৱৰ মানুহে আহি সেৱা লয়। লগে লগে গাঁৱত বিহু আৰম্ভ হয়। মাঘ বিহুত থান ঘৰত বিহু কৰা নহয়। বিহু সাতদিনলৈকে থাকে বুলি কয় যদিও তিনিদিনতে প্ৰায় শেষ হয়। এইকেইদিনতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালী সকলোৱেই বিহু কৰি বিহু খাই ৰং-ৰহইচ কৰে।

টেঙাপনীয়া আৰু বৰগঞাসকলৰ ব’হাগ বিহু (চমু বিৱৰণ)ঃ টেঙাপনীয়া আৰু বৰগঞা ডেকা-গাভৰুহঁতে মঙলবাৰে গোটেই ৰাতি বিহু কৰি কৰি ৰাতি পুৱাই দিয়ে। ইয়াকে দেউৰীসকলে কুকুৰা ডাক দিওৱা বুলি কয়। বিহুত ঢোল, পেঁপা, তাল, বাঁহী আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে। বুধবাৰে পুৱা গৃহস্থই (সাধাৰণতে পূজাৰীজনেই) পাণ-তামোল, মদ এটেকেলি কাজি (ডাল শাক আদি) দি ডেকা-গাভৰুহঁতক সেৱা লয়। গাঁৱৰ আন মানুহে পুৱা মদৰ টেকেলি লৈ ডেকা-গাভৰুহঁতক আশীৰ্বাদ বিচাৰি সেৱা লয়। ইয়াৰ পিছত ডেকা-গাভৰুহঁতে ঘৰা-ঘৰি গুচি যায়। ঘৰলৈ গৈ গা-পা ধুই শুদ্ধ বগা কাপোৰ পিন্ধি থান ঘৰত পূজা-সেৱা আদি কৰি থাকে। এই সময়তে ডেকা-গাভৰুহঁতে থান ঘৰৰ মণিকূটৰ বাহিৰত চোতালত তামোল-পাণ দি সেৱা কৰেগৈ।

আবেলি পূজা-পাতল শেষ হোৱাৰ পিছত ডেকা-গাভৰুহঁতে ৰাতি বিহু কৰা ঠাইত গোট খাই বাৰিকৰ নিৰ্দেশ মতে ক্ৰমে বিহুতলীৰপৰা নাচ-ৰাগ কৰি বিহু নি থান ঘৰৰ চোতালত থৈ আহেগৈ। সেইদিনা সিমানতে বিহু কৰা পৰ্ব শেষ হয়। বিহু থওঁতে ঢোল, পেঁপা আদি বাদ্যযন্ত্ৰবোৰ থান ঘৰৰ চোতালত সুবিধা জেগাত থৈ আহে। বৃহস্পতিবাৰে আবেলি ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে থান ঘৰৰ চোতালত বিহু কৰেগৈ। শুকুৰবাৰেও একে ধৰণে বিহু কৰেগৈ। শুকুৰবাৰে দেওধানি উঠিলে দেওধানিৰ গীত-মাত গাই দেওধানিক নচুৱায়। সেইদিনা বোৱাৰী-জীয়ৰীহঁতে বেলেগে বিহু কৰে। গাঁৱত হুঁচৰি আৰম্ভ কৰে। থান ঘৰৰ হুঁচৰিৰ দল আহি প্ৰথমে চাৰি দেউৰীৰ ঘৰত হুঁচৰি মাৰে। তাৰ পিছত বাকীখিনি ঘৰত উজনিৰপৰা হুঁচৰি গাই মঙলবাৰৰ দিনা ৰাতি হুঁচৰি গোৱা শেষ কৰিবই লাগিব। শনিবাৰৰপৰা মঙলবাৰলৈ ডেকা-গাভৰুৱে থান ঘৰত বিহু নকৰি জিৰণি লয়, বৰগঞাসকলে শুকুৰবাৰ, শনিবাৰে থান ঘৰত বিহু নকৰে। দেওবাৰে আকৌ বিহু কৰে আৰু সোমবাৰে জিৰণি। কিন্তু গাঁৱত প্ৰথম দিনাৰপৰাই বিহু কৰি গীত-মাত গাই ৰং-ৰহইচৰ মাজেৰে ডেকা-গাভৰু, ল’ৰা-বুঢ়া সকলোৱে বিহু খাই আনন্দ কৰে। টেঙাপৰীয়া আৰু বৰগঞাসকলে পিছৰ বুধবাৰে থান ঘৰত পূজা-সেৱাৰে পিছ বিহু আৰম্ভ কৰে। বৃহস্পতিবাৰে গাঁৱৰ সকলো ৰাইজে থান ঘৰলৈ গৈ বলিয়াবাবাক (টেঙাপৰীয়াসকলে) আৰু কেঁচাইখাতীক (বৰগঞাসকলে) বছৰটো ভালে-কুশলে পঠিয়াবলৈ সেৱা কৰেগৈ।

(খিলঞ্জীয়াৰ সৌজন্যত; heading Image: sentinelassam.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: দেউৰী বিহু
Editor

Editor

Related Posts

group of people in public toilet using smartphones
Business

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

by Anjan Sarma
August 13, 2026
0

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন! TIMEPASS ECONOMY অঞ্জন শৰ্মা স্মাৰ্টফোন এতিয়া মাথো কেৱল যোগাযোগৰ সজুঁলি...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d