-দীপজ্যোতি গগৈ |
(সতৰ্কীকৰণ-যিসকলে পঢ়িব,তেওঁলোকৰ অলপ সময় খৰছ হ’ব)
বিজেপি নেতৃত্বাধীন চৰকাৰে জম্মু আৰু কাশ্মীৰক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) ধাৰা দ্বাৰা দিয়া একক আৰু বিশেষ মৰ্যাদা বাতিল কৰিলে। আপুনি তাক সমৰ্থন কৰক বা বিৰোধিতা কৰক- নিজস্ব কথা। আটাইতকৈ পৰিতাপৰ কথাটো হৈছে যিসকলে বিলোপ ঘটোৱা প্ৰক্ৰিয়াটো বিৰোধিতা কৰিছে,সেইসকলক ‘দেশদ্ৰোহী’ বুলি ছচিয়েল মিডিয়াতে অকল কোৱাই নহয়,অখিল গগৈৰ বিৰুদ্ধে গোচৰ পর্যন্ত ৰুজো কৰিছে। সিদিনা ফেচবুকৰ যোগেদি মই সমগ্ৰ প্ৰক্ৰিয়াটোক অগণতান্ত্ৰিক আখ্যা দি বিৰোধিতা কৰিছিলোঁ, মানে আমিও দেশদ্ৰোহী হ’লোঁগৈ? এটা কথা জনাটো দৰকাৰ যে ৩৭০,৩৫(ক) ভাৰতবৰ্ষৰ জম্মু-কাশ্মীৰৰ প্ৰতি মৰমতে দিয়া উপহাৰ নাছিল-সেইয়া আছিল তেওঁলোকৰ প্ৰাপ্য,যিদৰে ৩৭১(ক-ঝ) অসমৰ দৰে ৰাজ্যসমূহৰো প্ৰাপ্য। যিসকলে ৩৭০ আৰু ৩৭১(ক-ঝ) অনুচ্ছেদ সম্পূৰ্ণ পৃথক বুলি কৈছে, প্ৰকৃতাৰ্থতঃ দুয়োটা ক্ষেত্ৰতে মৌলিক চৰিত্ৰ আৰু প্ৰাথমিকতা একেই। দুয়োৰে নিজস্ব ঐতিহাসিক ভিত্তি আছে, কিন্তু আজি জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত যি হ’ল-সম্পূৰ্ণৰূপে ইতিহাসক চৰম উপেক্ষা আৰু ভেঙুচালি কৰিলে। যদি ইতিহাসক এনেকৈ মোহাৰি ধূলি লগত মিহলি কৰি দিব পাৰি,আমি ইতিহাস অধ্যয়নে বা কৰিব লাগে কিয়? তোমালোকে স্বাধীনতা সংগ্ৰামক অস্বীকাৰ কৰিব পাৰিবা? যি স্বাধীনতা সংগ্ৰামৰ ওপৰতে ভিত্তি কৰি সংবিধানৰ মৌলিক কাঠামো গঠিত হৈছে,সেইখন সংবিধানত জম্মু-কাশ্মীৰৰ স্বকীয়তা কি যুক্তিত প্ৰতিফলিত হৈছিল? আৰু এতিয়া কেনেদৰে প্ৰতিফলিত হ’ব? আনকি অসমৰ ক্ষেত্ৰত কি হৈছিল,অৱগত নে? ১৯৪৬ৰ ১৬ মে’ “The Majestic Declaration”ৰ ১৫ দফা অনুযায়ী অসমক গ্ৰুপ ‘গ’ত সাঙুৰি পাকিস্তানৰ লগত মিলাব খুজিছিল য’ত জাতীয় কংগ্ৰেছে অনুমোদন দিছিল। তেতিয়া গোপীনাথ বৰদলৈয়ে কৈছিল অতি গুৰুত্বপূৰ্ণ কথা এষাৰ-“আমি কংগ্ৰেছত যোগ দিছিলো অসমৰ স্বাধীনতাৰ লগতে ভাৰতবৰ্ষৰ স্বাধীনতা বাবে।তাকে নিৰ্ণয় কৰিবলৈহে তোমালোক ক্ষমতাপ্ৰাপ্ত,আমাক পৃথক কৰি মৰুদেশলৈ ঠেলি পঠিয়াবৰ বাবে নহয়।” বৰদলৈয়ে তেতিয়া এটা প্ৰস্তাৱ লৈছিল- “অসম আৰু অসমীয়াৰ বাবে সংবিধান ৰচনা কৰা কাৰো অধিকাৰ নাই।” এই প্ৰস্তাৱক ড০ অমলেন্দু গুহৰ “Planter Raj to Swaraj” নামৰ গ্ৰন্থত “স্বাধীনতাৰ প্ৰস্তাৱ” বুলি আখ্যা দিছিল। এইবোৰ হ’ল প্ৰকৃত ইতিহাস,কাশ্মীৰৰ ইতিহাস পিছে আৰু সতেজ, আৰু সজীৱ। ড০ গোহাঁই ছাৰে ১০ আগষ্ট তাৰিখে “অসমীয়া খবৰ” কাকতত সুন্দৰকৈ কাশ্মীৰৰ ইতিহাস থুলমূলকৈ বৰ্ণনা কৰিছে। মই নতুনকৈ বৰ্ণনা নকৰোঁ। অন্য কিছু কথা উনুকিয়াব খুজিছোঁ- ভাৰতৰ সংবিধানৰ কথালৈ। Indian Independence Act,1947ৰ মতে বিট্ৰিছৰ উত্তৰাধিকাৰী সূত্ৰেহে ভাৰতবৰ্ষই স্বাধীনতা পাইছিল,চৰ্তহীন স্বাধীনতা নাছিল( Transfer of Powers) আনকি যি সময়ত এই চুক্তি স্বাক্ষৰিত হৈছিল,তেতিয়াও ইংৰাজৰ সৈন্যবাহিনীৰ বৃহৎ অংশ ভাৰতত মজুত আছিল। কিন্তু ফ্ৰান্সে লেবাননক স্বাধীনতা চুক্তিৰ সময়ত ফ্ৰান্সৰ সৈন্য লেবাননত উপস্থিত থকাটো ঘোৰ বিৰোধিতা কৰিছিল বৃটিছ চৰকাৰে। দুখন দেশৰ ক্ষেত্ৰত দুটা পৃথক চৰিত্ৰ বৃটিছৰ।এতিয়া প্ৰশ্ন উঠিব পাৰে- বৃটিছৰ দৰে ভাৰতবৰ্ষইও ঔপনিবেশিক চৰিত্ৰ অটুট ৰাখিলে নেকি? ভাৰতবৰ্ষৰ সংবিধানত জম্মু-কাশ্মীৰে বা উত্তৰ-পূৰ্বৰ ৰাজ্য কেইখনৰ নিজস্ব স্বকীয়তা,অখণ্ডতা প্ৰতিফলিত হৈছেনে? অসমীয়া দৰে সৰু-বৰ জাতি-জনগোষ্ঠীবোৰ ভাৰতীয় সংবিধানক সাৰথি কৰি টিকি থাকিবগৈনে? এইবোৰ প্ৰশ্ন সুধিলেই মই বিছিন্নতাবাদী উগ্ৰপন্থী গোটক প্ৰশ্ৰয় দিয়া নুবুজায়। তোমালোকে যদি তথাকথিত মহাকাব্য,আখ্যানত লিখা কথাকে ‘ইতিহাস’ ৰূপে তৈয়াৰ কৰি সংবিধান খনকে সলনি কৰিব পাৰা,তোমালোকতকৈ অধিক সতেজ আৰু বাস্তৱ ইতিহাসক সাৰথি কৰি ভাৰতীয় সংবিধানৰ ওপৰত প্ৰশ্ন কিয় কৰিব নোৱাৰিম হে? ক’ৰবাত পঢ়িছিলোঁ- “সংবিধানৰ বয়স বঢ়া লগে লগে ৰাজ্যসমূহ Enclose Economy ৰূপেহে বৰ্তি থাকিব,সেই অৰ্থনীতি বৰ্তাই ৰাখিবলৈ ভৱিষ্যতে ভাৰতবৰ্ষই ফৌজৰ সহায়ত চেষ্টা কৰিব।” উত্তৰ পূৰ্বাঞ্চলততো সেনাক বিশেষ ক্ষমতা দিছেই, কাশ্মীৰো শেহতীয়াকৈ তেনে কৰ্মকাণ্ডৰে বলি হ’ল নেকি? সংবিধানখনৰ মূল আৰু মৌলিক কাঠামোটো আহিছিল- নেহেৰুৱে আগবঢ়োৱা “The Objective Resolution”ৰ দ্বাৰা। তাত ” Residuary power”(অৱশিষ্ট ক্ষমতা) ৰাষ্ট্ৰৰ হাতত ৰাখিলেও কানাডাৰ আৰ্হিৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কথা লিপিবদ্ধ আছিল। কিন্তু স্বাধীনতা প্ৰাপ্তি পিছৰে পৰা এটা শক্তিশালী কেন্দ্ৰ বনাবলৈ অৰ্হিনিশে চেষ্টা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি চৰকাৰ দ্বিতীয় বাৰলৈ আহি সমগ্ৰ “যুক্তৰাষ্ট্ৰীয়”(Federal) ব্যৱস্থাক নসাৎ কৰিবলৈ আৰম্ভ কৰিলে। তথাকথিত অখণ্ড ভাৰতবৰ্ষৰ কথা কোৱা বিজেপিৱে ভাৰতবৰ্ষৰ diversityক মানিব নোখোজে,নহ’লে ধৰ্ম ভিত্তিত দেশ গঠন ক’ৰ পৰা কৰিব পাৰিব! ১৯৩৯ চনত আৰ এছ এছৰ এম এছ গোৱালকাৰে “We or Our Nationhood Defined” গ্ৰন্থত লিখিছে- ভাৰতবৰ্ষত এটাই জাতি থাকিব-সেইটো হ’ব হিন্দু জাতি, তেওঁ হিন্দুক “National Race” ৰূপে আখ্যা দিছে(হিটলাৰৰ সময়ত নাৰ্জী সকলৰ দৰে) তেন্তে আমাৰ অসমীয়া লগতে অন্যান্য জাতিবোৰৰ কি হ’ব? কোনোবাই ক’ব আজিৰ ঘটনাৰ লগত সেইবোৰ কথা সামঞ্জস্য নাই। মহাশয়/মহাশয়া,এইবোৰ বিজেপিৰ আজিৰ পৰিকল্পনা নহয়,ফেচিষ্ট কাৰবাৰবোৰ একেদিনাই গঢ়ি নুঠে-মাথোঁ সুযোগৰ সন্ধানত আছিল ইহঁত। Indian Independence Act,1947ত সন্ধিপত্ৰ স্বাক্ষৰ কৰি ভাৰতৰ লগত চামিল হোৱা অঞ্চলবোৰৰ সন্মুখত তিনিধৰণৰ option ৰাখিছিল-১)স্বাধীন ৰূপে বৰ্তি থকা ২)ভাৰতবৰ্ষৰ সৈতে চামিল হোৱা ৩) পাকিস্তানৰ লগত চামিল হোৱা। জম্মু-কাশ্মীৰৰ তেতিয়াৰ ৰজা মহাৰজা হৰি সিঙে ১ নং option নিৰ্বাচন কৰিছিল। ইয়াৰ পিছৰ কাহিনী আকৌ ইতিহাস,ড০ গোহাঁইয়ে সিদিনা এই কাহিনী বৰ্ণনা কৰিছে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং ৩ ত লিখা আছে-“Provided that no bill for the purpose shall be introduced in either house of Parliament except on the recommendation of the President and unless,where the proposal contained in the bill affects the area, boundaries or name of any state,the bill has been referred by the President to the legislature of that for expressing its views thereon within such period..” এইবোৰ কথা সম্পূৰ্ণৰূপে ওলাই কৰি কেন্দ্ৰীয় চৰকাৰে না জম্মু-কাশ্মীৰৰ বিধানসভাৰ লগত আলোচনা কৰিলে,না তাৰ জনগণৰ লগত। জনগণক সম্পূৰ্ণৰূপে আবদ্ধ কৰি ৰাখি,গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিক গ্ৰেপ্তাৰ কৰি চূড়ান্ত স্বৈৰচাৰীৰে বিশ্বৰ অন্যান্য খবৰৰ পৰা বঞ্চিত কৰি তোমালোকে জম্মু-কাশ্মীৰৰ ভাগ্য নিৰ্ধাৰণ কৰিলা! তোমালোক হ’লে জনপ্ৰতিনিধি,জম্মু-কাশ্মীৰৰ বোৰ নহয়? মই এটা কথা একেবাৰে বুজি পোৱা নাই-কি যুক্তিৰ খাতিৰত জম্মু-কাশ্মীৰক ‘ৰাজ্য’ৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চললৈ নমাই আনিলে? ভাৰতত তেনে ঘটনা কেতিয়া আগতে ঘটিছিল? লাডাখক কেন্দ্ৰীয় শাসিত ৰূপে স্বীকৃত দিলা,সেইয়া বাৰু বুজিলো। কিন্তু ৩৭০ বা ৩৫(ক) বাতিলৰ অৰ্থ ৰাজ্যৰ “statehood” ধ্বংস কৰা নুবুজায়। ই যুক্তৰাষ্টীয় ব্যৱস্থাৰ চুড়ান্ত ভেঙুচালি নহয় নে? ১৯৭৩ত কেশৱানন্দ ভাৰতী গোচৰত federalism ভাৰতীয় সংবিধানৰ মৌলিক কাঠামো বুলি অভিহিত কৰিছিল। একেটা কথাকে ১৯৯৪ৰ S.R Boomai ৰায়দানতো বাহাল ৰাখিছিল। না,এইবোৰ এতিয়া আৰু গুৰুত্ব নাই! মোক আৰু এটা কথা বুজাই দিবা- ‘আলফা’ই সশস্ত্ৰ পন্থাৰে ক’লে বুলিয়ে তোমালোকে অসমৰ ইতিহাসক মোহাৰি দিব পাৰিবা?তাৰ সত্যসত্যা অস্বীকাৰ কৰিব পাৰিবা?(ব্যক্তিগত ভাৱে মই স্বাধীন অসম সমৰ্থন নকৰোঁ) কোনোবাই যদি গণতান্ত্ৰিক পন্থাৰে এই ইতিহাসৰ আধাৰত প্ৰশ্ন তোলে,তোমালোকে ‘দেশদ্ৰোহী’ আখ্যা দিলেই খেলা খটম নেকি? গণতান্ত্ৰিক প্রশ্নক গণতান্ত্ৰিক পন্থাৰে উত্তৰ নিদি,ক্ষমতা প্ৰয়োগ কৰি কিহৰ সংবিধান,গণতন্ত্ৰ কথা কোৱাহে? কাশ্মীৰত এটা অংশই সশস্ত্ৰ পথ লৈছে,পাকিস্তানে তাৰ সম্পূৰ্ণ সুযোগ লৈছে, তাকে বুলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজস্ব স্বকীয়তা ইতিহাসৰ আধাৰত দাবী কৰি অহাক সৈন্য প্ৰয়োগ কৰিয়েই দমাই ৰাখিলেই,তেওঁলোকৰ ইতিহাসক নাকচ কৰিব নোৱাৰা।তাৰ জনগণে সঁচাকৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মানি ল’বনে,তাৰ বাবে পূৰ্বেই কিয় গণতান্ত্ৰিক পন্থা নল’লা? ইমান বৃহৎ সৈন্যবাহিনী সহায়েৰে ল’ব পাৰিলাই,তেন্তে কিয় গণতান্ত্ৰিক প্ৰক্ৰিয়া অটুট ৰাখিব নোৱাৰিলা? ঔপনিবেশিক চৰিত্ৰ কথা পুনৰ আহিব ইয়াত। উগ্ৰপন্থীক নিঃশেষ কৰক,কিন্তু গণতন্ত্ৰক ধ্বংস কৰি এখন ৰাজ্যৰ সমূহ স্বকীয়তা কাঢ়ি লোৱা তোমালোক আৰু উগ্ৰপন্থীৰ মাজত পার্থক্য কি থাকিলে গৈ ? বৃহৎ সৈন্য-সামন্তৰে,বৃহৎ ক্ষমতাৰে যিকোনো ক্ষুদ্ৰ অঞ্চল,ক্ষুদ্ৰ জাতিক কাবু কৰি তোমালোকে যিকোনো সিদ্ধান্ত জাপি দিবা,তাৰ প্ৰতিবাদ কৰিলে “দেশদ্ৰোহী” হয় ন! যি সকল অসমীয়াই সৈন্য বাহিনীৰ ক্ষমতা অপপ্ৰয়োগৰ সৈতে অৱগত নহয়,তেওঁলোকলৈ ড০ গোহাঁই লিখিছে-” আলফা দমনৰ নামত অসমত কি হৈছিল,মনত আছে নে? নে বিহু গাই,নাম গাই,আমি পাহৰি পেলালোঁ?” জম্মু-কাশ্মীৰৰ বাহিৰৰ আমি ৩৭০,৩৫(ক) বাতিল কৰাক ভাল পোৱা বা বেয়া পোৱা সিদ্ধান্ত তাৰ স্থানীয় মানুহৰ বাবে গুৰুত্বপূৰ্ণ নহয়,গুৰুত্বপূৰ্ণ হৈছে তেওঁলোকৰ নিজা মতামতহে। অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে লোৱা সিদ্ধান্ত এটাক(লাগিলে সিদ্ধান্তটো তুমি আদৰণি নজনোৱা কিয়) যদি তোমালোক ইয়াৰ অগণতান্ত্ৰিক ৰূপটোক প্ৰতিবাদ নকৰা, তোমালোকৰ গণতন্ত্ৰৰ ওপৰত ফটা লেক্সাৰ বন্ধ কৰা! খালি মনত ৰাখিবা যে কেতিয়াবা ইতিহাসৰ চকৰি ওলোটাকৈও ঘূৰে!