• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

দেশভক্ত তৰুণ ৰাম ফুকনৰ আদৰ্শ

ASSAMESE SECTION / Inspiration

by Gautam Sarmah
July 28, 2025
in ASSAMESE SECTION, Inspiration
Reading Time: 3 mins read
0
দেশভক্ত তৰুণ ৰাম ফুকনৰ আদৰ্শ
Share on FacebookShare on TwitterShare on LinkedIn

দেশভক্ত তৰুণ ৰাম ফুকনৰ আদৰ্শ

গৌতম শর্মা

Gautam Sarma 1
গৌতম শর্মা

২৮ জুলাই, “দেশভক্তি দিৱস”। অসমৰ ইতিহাসৰ এটি উজ্জ্বল নক্ষত্ৰ দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি।

১৮৭৭ চনৰ ২২ জানুৱাৰীত গুৱাহাটীৰ এখন সম্ভ্রান্ত কামৰূপীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী বিদগ্ধ চিন্তাবিদ, ৰাষ্ট্ৰভক্ত নেতা, সমাজ সংস্কাৰক আৰু সাহিত্যিকে বিংশ শতিকাৰ আগভাগত অসম আৰু অসমীয়াৰ আত্মচেতনাক জ্যোতি বিলাই গৈছিল।

দেশভক্ত তৰুণ ৰাম ফুকনৰ আদৰ্শ
উচ্চ শিক্ষাৰ বাবে প্ৰথমে কটন কলেজিয়েট স্কুল, পাছত ক’লকাতাৰ প্ৰেছিডেঞ্চি কলেজত অধ্যয়ন কৰি পিছত লণ্ডনৰ ইনাৰ টেম্পল’ত আইনৰ শিক্ষাগ্ৰহণ কৰি ‘বাৰ’ৰ ডিগ্ৰীও লাভ কৰিছিল। উচ্চ শিক্ষা লাভ কৰি ঘূৰি অহাৰ পাছত তেওঁ আইনক পেচা হিচাপে লৈ কিছুদিন ক’লকাতা উচ্চ ন্যায়ালয়তো প্ৰবক্তা হিচাপে কৰ্মৰত হৈছিল।

১৯২০ চনত গান্ধীৰ আহ্বানত প্ৰভাৱিত হৈ তেওঁ নিজৰ লাভজনক পেচা ত্যাগ কৰি স্বাধীনতা আন্দোলনলৈ নিজৰ জীৱন উৎসৰ্গা কৰে। ১৯২১ চনত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন হোৱাত তেওঁ প্ৰথম ইয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু তৎকালীন অসমৰ ৰাজনৈতিক জাগৰণৰ মুখ্য স্থপতিবিদ হিচাপে আত্মপ্ৰকাশ কৰে। অসম প্ৰদেশৰ পৰা দেশৰ স্বাধীনতা আন্দোলনত সুদৃঢ় নেতৃত্ব বহন কৰা এইগৰাকী বীৰে অসহযোগ আন্দোলনৰ সময়ত কাৰাবাসো খাটিছিল।

     ৰাজনৈতিক নেতৃত্বৰ সিপাৰে সমাজসেৱা আৰু সাহিত্য জগততো তেওঁ নিজকে আত্মনিয়োগ কৰিছিল। গুৱাহাটী পৌৰসভাৰ সভাপতি হিচাপে তেওঁ ৰাজহুৱা স্বাস্থ্য, পঢ়া-শুনা, আৰু সমাজসেৱামূলক বহু প্ৰকল্প আৰম্ভ কৰিছিল। কুষ্ঠ ৰোগীসকলৰ বাবে আশ্ৰম স্থাপন, অনাথ শিশুৰ সহায়, নাৰী শিক্ষাৰ প্ৰচাৰ, খাদী ব্যৱহাৰৰ ব্যাপক প্ৰচলন, আৰু অস্পৃশ্যতা বিৰোধী আন্দোলন আদিৰ জৰিয়তে অসমৰ সমাজ জীৱনত এক আধুনিক চেতনাৰ জন্ম দিছিল। সাহিত্যিক হিচাপে তৰুণ ৰাম ফুকনৰ সৃষ্টিবোৰে তেওঁৰ চিন্তাধাৰাৰ গভীৰতা আৰু চিন্তাশীল ব্যক্তিত্বৰ প্ৰতিফলন ঘটাইছিল। 

স্তুতিমালা নামৰ তেওঁৰ ভক্তিমূলক কবিতাৱলী, নিংনি ভৱাৰিয়াৰ গীত নামৰ ব্যংগধাৰাৰ কাৰাগাৰৰ অভিজ্ঞতাসমৃদ্ধ গীত, মোৰ চিকাৰ কাহিনী নামৰ চিকাৰ অভিজ্ঞতা ভিত্তিক ৰচনা, আৰু চেক্সুৱেল থিয়ৰী নামৰ বিবাহিত জীৱনক লৈ প্ৰস্তুত কৰা গ্ৰন্থসমূহে তেওঁৰ বিস্তৃত দৃষ্টিভংগী আৰু পাৰদৰ্শিতাক প্ৰকাশ ঘটাইছিল। তেওঁ ১৯২৭ চনত অসম সাহিত্য সভাৰ সভাপতি আৰু ১৯২৮ চনত অসম ছাত্র সন্মিলনৰ সভাপতি হিচাপেও নির্বাচিত হৈ কাৰ্যনিৰ্বাহ কৰিছিল।

এইগৰাকী বহুমুখী প্ৰতিভাৰ গৰাকী দেশভক্ত তৰুণ ৰাম ফুকনৰ আদৰ্শৰ প্ৰাসংগিকতা কিমান, তাক জনাটো আজি খুবেই প্ৰয়োজন হৈ পৰিছে। যি আদৰ্শৰ বুকুত ত্যাগ, আত্মনিবেদন, সমাজৰ প্ৰতি দায়িত্ববোধ আৰু ৰাষ্ট্ৰভক্তিৰ উজ্জ্বল দৃষ্টান্তসমূহ উহ্য হৈ আছিল। অকল সেয়াই নহয়, এই আদৰ্শ আজিৰ আত্মকেন্দ্ৰিক আৰু সুবিধাবাদী যুগত নতুন প্ৰজন্মৰ লগতে ৰাষ্ট্ৰ, সমাজ ব্যৱস্থা নিৰ্মাণৰ স্বাৰ্থত কেনেদৰে পথ-প্ৰদর্শক হ’ব পাৰে তাৰ প্ৰতিও চিন্তা-চৰ্চা কৰাৰ সময় আহি পৰিছে। যিটো উদ্দেশ্যক আগত ৰাখি আমি সমালোচনাত্মক দৃষ্টিভংগীয়ে কেইটামান কথা মুকলিকৈ উল্লেখ কৰিব বিচাৰিছোঁ।

      দেশভক্ত তৰুণ ৰাম ফুকন আছিল এজন দূৰদৰ্শী দেশপ্ৰেমিক, নীতিবান স্বাধীনতা সংগ্ৰামী লগতে নৈতিক চৰিত্ৰৰে সমুজ্জ্বল ৰাজনীতিক। যাৰ উত্তৰাধিকাৰ আজিও সময়ৰ সীমা অতিক্ৰমী অনুৰণিত হৈ আছে। স্বতন্ত্ৰতা, সংস্কৃতি আৰু শিক্ষাৰ এক নিৰৱ নিঃস্বাৰ্থ সাধক হিচাপে ফুকনে নিজৰ জীৱনক উৎসৰ্গা কৰি এজন জনমুখী নেতা ৰূপে আত্মপ্ৰকাশ কৰি, আধুনিক ভাৰতৰ জাতি গঠনৰ নৈতিক আধাৰক নিৰ্মাণ কৰি গৈছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিস্তৃত বৰ্ণনাত তৰুণ ৰাম ফুকনে এক সুকীয়া স্থান অধিকাৰ কৰি আছে। কেৱল আন্দোলনৰ বাবেই নহয়, বৰং এজন ন্যায়সংগত, সমাৱেশমুখী, সমাজৰ সু-চিন্তাশীল আৰু নৈতিক ভিত্তি নিৰ্মাণকাৰী হিচাপেও তেওঁৰ নাম ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে খোদিত হৈ আছে। অসমৰ মাটিত গঢ় লোৱা, কিন্তু ভাৰতৰ ৰাষ্ট্ৰীয় স্পন্দনৰ সৈতে এক গভীৰ সুৰ মিলোৱা, ফুকনৰ চিন্তা, চেতনাত আঞ্চলিক সংবেদনশীলতা আৰু ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ এক অপূৰ্ব সংমিশ্ৰণ দেখিবলৈ পোৱা যায়।

পৰিৱৰ্তিত সময়ৰ ৰাজনৈতিক আৰু ধৰ্মীয় সংকট, ভাষাগত সংঘাত, নাগৰিকৰ নৈতিকতাৰ অৱক্ষয়ৰ চাকনৈয়াত ফুকনৰ সহিষ্ণুতা, সততা আৰু জনসেৱাৰ আদৰ্শ পুনৰ এক অতি প্রয়োজনীয় দিশ নিৰ্দেশক হৈ পৰিছে। তেওঁক এতিয়া স্মৰণ কৰা মানেই কেৱল শ্ৰদ্ধা জনোৱা নহয়; এক সময়োপযোগী আহ্বানকো আঁকোৱালি লোৱাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে। য’ত তেওঁ চিন্তাধাৰাৰ আলমত ৰাষ্ট্ৰক অধিক একত্ৰিত, সমতা-ভিত্তিক আৰু সোদাৰ্য্যপূৰ্ণ ৰূপত গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব পাৰি।

       ফুকনৰ আটাইতকৈ দীঘলীয়া আৰু গম্ভীৰ ধ্বনি হৈছে আঞ্চলিক পৰিচয়ক ৰাষ্ট্ৰীয় একতাৰ আধাৰ হিচাপে বিবেচনা কৰাৰ চিন্তা। যিখিনি সময়ত ভাৰতীয় জাতীয় কংগ্রেছ এখন বাস্তৱিকভাৱে অন্তৰ্ভুক্তিমূলক মঞ্চলৈ উন্নীত হোৱা নাছিল, তেতিয়া ফুকনে নিশ্চিত কৰিছিল যে অসমৰ ভাষাগত আৰু সাংস্কৃতিক অভিজ্ঞানসমূহক উপেক্ষা কৰা নহ’ব। তেওঁ এখন সংবিধানিক ভাৰত, য’ত অসমৰ দৰে অঞ্চলবোৰক কেৱল প্ৰশাসনিক গুৰুত্ব দিয়াই নহয়, এক সন্মানজনক স্থান প্ৰদান কৰা অতি দৰকাৰ বুলিও মতপোষণ কৰিছিল।

আজিৰ ভাৰতত, য’ত কেন্দ্রীকৰণ বনাম আঞ্চলিক স্বায়ত্ত্ব শাসনৰ বিতৰ্ক দিনক দিনে বেছি হৈছে, সেই সময়ত ফুকনৰ এই সহযোগিতামূলক সাংবিধানিক ভাৰতৰ পৰিকল্পনা এক অতি প্ৰাসংগিক বিকল্প হিচাপে চিহ্নিত হৈছে। তেওঁ মতে, “আঞ্চলিক গৰিমাই ৰাষ্ট্ৰ গঠন শক্তিশালী কৰে, দুর্বল নহয়।” ভাষা আৰু সংস্কৃতিৰ ৰূপান্তৰক্ষম শক্তিত ফুকনে গভীৰ বিশ্বাস ৰাখিছিল।

দেশভক্ত তৰুণ ৰাম ফুকনৰ আদৰ্শ
তৰুণ ৰাম ফুকন

১৯২৭ চনত অসমৰ সাহিত্য সভাৰ সভাপতি হিচাপে, তেওঁ অসমীয়াৰ ভাষা আৰু সাহিত্যৰ বিকাশক স্ব-সন্মান আৰু সামাজিক অগ্ৰগতিৰ এক মুখ্য বাহক হিচাপে নিজকে প্ৰতিপন্ন কৰিছিল। ভাষাগত জাতীয়তাবাদৰ বিভাজনমূলক ৰূপৰ বিপৰীতে ফুকনৰ দৃষ্টিভংগী সবল আৰু ব্যতিক্ৰম আছিল। তেওঁ বিশ্বাস কৰিছিল, নিজৰ মাতৃভাষাৰ প্ৰতি সন্মান নিজৰ আত্ম-গৰিমাৰ আধাৰ। আজিৰ ভাৰতত, য’ত ভাষাগত বৈচিত্ৰ্যতাই নানান সমস্যা আৰু সংঘাতৰ উৎস হৈ পৰিছে, সেই ক্ষণত ফুকনৰ ভাষা-অধিকাৰ, স্থানীয় শিক্ষাৰ প্ৰচাৰ আৰু বহুভাষিক ঐক্যৰ চিন্তাধাৰা বিশেষভাবে সময়োপযোগী হৈ পৰিছে।

      নাগৰিক হিচাপে তেওঁৰ দায়িত্ব আৰু চৰকাৰৰ অংগ হিচাপেও তেওঁ আগবঢ়োৱা অৱদানো বহুদিশৰ পৰা গুৰুত্বপূৰ্ণ। গুৱাহাটী পৌৰসভাৰ সভাপতি হিচাপে তেওঁ বাস্তৱিক উন্নয়ন আৰু পৰিষ্কাৰ পৰিচালনাৰ দ্বাৰা মানুহৰ জীৱনমানৰ উন্নতি কৰিব বিচাৰিছিল। সজীৱ বক্তৃতাৰ পৰিৱৰ্তে, তেওঁ চৰকাৰী কাম-কাজ আৰু প্ৰতিষ্ঠানগত শুদ্ধতাৰ জৰিয়তে পৰিৱৰ্তন অনাত বিশ্বাস কৰিছিল।

আজি যি সময়ত মহানগৰসমূহত নাগৰিক সেৱা ব্যৱস্থাসমূহ ব্যৰ্থতা বহন কৰিছে, সেই সময়ত ফুকনৰ সামাজিক সম্পদৰ সু-ব্যৱস্থাপনা আৰু সক্ৰিয় নাগৰিক অংশগ্ৰহণৰ সু-ব্যৱস্থাসমূহ অতি প্ৰাসংগিক হৈছে। ফুকনে শিক্ষাকতাক সমাজ পৰিৱর্তনৰ এক নৈতিক উপায় হিচাপে গণ্য কৰিছিল।

তেওঁ স্থানীয় ভাষাত শিক্ষা প্ৰচাৰত, কটন কলেজৰ দৰে প্ৰতিষ্ঠানৰ বিকাশত সহায় কৰিছিল। লগতে যুৱপ্ৰজন্মক আত্ম-সমালোচনাত সক্ষম, সংস্কৃতিসজাগ আৰু সমাজ-সেৱামুখী নাগৰিক হিচাপে গঢ় দিবলৈ আহ্বান জনাইছিল। আজিৰ সময়ত শিক্ষা অধিক ৰাজহমুখী আৰু সামাজিক মূল্যবোধৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। এইখিনি সময়ত ফুকনৰ দৃষ্টিভংগী পুনৰ শিক্ষাৰ উদ্দেশ্য পুনঃসংশোধনৰ আহ্বান হিচাপে বিবেচিত হ’ব পাৰ। তেওঁ বিশ্বাস কৰিছিল, শিক্ষাই এজন সু-ব্যক্তিকহে গঢ়ি তোলা উচিত, কেৱল দক্ষ কৰ্মচাৰীক নহয়।

Tarun Phukan

        তেওঁৰ নৈতিকতা আৰু মধ্যপন্থী নেতৃত্বৰ মডেল সুকীয়াভাবেই উজ্জ্বল আছিল। যেতিয়া ৰাজনৈতিক মতভেদ উগ্রতালৈ গৈছিল, ফুকনে বাচিছিল নৈতিক মধ্যপন্থাৰ পথ। তেওঁ এহাতেদি গান্ধীৰ অসহযোগ আন্দোলনত অংশ লৈছিল, অন্যহাতেদি গণতান্ত্ৰিক সংবিধানবাদ, সংলাপ আৰু সংস্কাৰৰ ওপৰতো বিশ্বাস কৰিছিল। ক্ষমতাৰ লোভত কেতিয়াও নিজকে বিলীন কৰা নাছিল। তেওঁক সকলো মতবাদৰ মানুহে সন্মান কৰিছিল।

কাৰণ তেওঁৰ চৰিত্ৰ আছিল পূৰ্ণ সততা, দায়িত্ব আৰু বিবেকৰ প্ৰতিচ্ছবি। আজিৰ দিনত, ৰাজনীতি প্ৰায়েই বিভাজন আৰু উচ্চ-উচ্চাৰণৰ নাটক হৈ পৰিছে। ফুকনে তেতিয়াই দেখুৱাই গৈছিল, নীৰৱ কিন্তু নৈতিক নেতৃত্বইহে সঁচা ৰূপত সমাজ গঢ়িব পাৰি। আজিৰ চঞ্চল ৰাজনৈতিক পৰিৱৰ্তনৰ যুগত, তৰুণ ৰাম ফুকনৰ আদৰ্শবোৰ হৈ পৰিছে এক দৃঢ় আৰু দীঘলীয়া ভিত্তি। যিবোৰ শাসন আৰু ৰাষ্ট্ৰীয় সংহতিৰ বাবে অতীব প্ৰয়োজন হৈ পৰিছে।

তেওঁ বিশ্বাস কৰিছিল, উন্নয়ন উচ্চাৰণত নহয়, ন্যায়, সাংস্কৃতিক মৰ্যাদা, আৰু উত্তৰদায়ী চৰকাৰৰ সময়োচিত কৰ্মতহে নিহিত। যেতিয়া গণতান্ত্ৰিক প্ৰতিষ্ঠানবোৰ চাপত থাকে, লোকপিয়লৰ দৰে আলোচনাবোৰো আৱেগৰ আগত হাৰি যায় তেনে সময়ত ফুকনৰ যুক্তিনিষ্ঠ বিতৰ্ক, নাগৰিক হিচাপে আগবঢ়াই যোৱা দায়িত্ব আৰু নৈতিক সততাৰ ওপৰত আৰোপিত দৃষ্টিভংগীসমূহ অধিক প্ৰাসংগিক হৈ পৰে। 

      পৰিৱৰ্তনৰ জটিল সন্ধিক্ষণত থিয় হোৱা দেশখনক আজি তৰুণ ৰাম ফুকনৰ এনে ধৰণৰ সহানুভূতিশীল, মানুহ-কেন্দ্ৰিক চিন্তাইহে এখন অধিক অন্তৰ্ভুক্তিমূলক, নৈতিকভাৱে ভিত্তিশীল আৰু অংশগ্ৰহণমূলক গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰে। তেওঁৰ ধাৰণা কেৱল অতীতত নহয়, ভৱিষ্যতৰ বাবেও গঠনমূলক আছিল।

এই সময়ত তৰুণ ৰাম ফুকনৰ জীৱন আৰু আদৰ্শসমূহ কেৱল এজন স্বাধীনতা সংগ্ৰামী বা জননেতাৰ জীৱনগাথা নহয়, ই হৈছে ভাৰতীয় ৰাষ্ট্ৰগঠন আৰু নাগৰিকসকলৰ বাবে নৈতিকতাৰ এক গভীৰ পাঠ। তেওঁ যি মূল্যবোধেৰে চলিছিল সেয়া সহিষ্ণুতা, ন্যায়, সততা, ভাষা আৰু সংস্কৃতিপ্ৰেম, স্থানীয় শাসনত বিশ্বাস, শিক্ষাৰ নৈতিক দিশ, আৰু জনসেৱাৰ নীৰৱ উদাহৰণৰ ওপৰত ভিত্তি কৰি চলিছিল। যিবোৰ আজিৰ যুগত অধিক প্ৰাসংগিক হৈ পৰিছে। তেওঁ দেখুৱাইছিল, উন্নয়ন মানে মাথোঁ আৰ্হি বা প্ৰকল্প নহয়, ই হৈছে এক জনমুখী কাম, শুদ্ধ অভিপ্ৰায় আৰু দূৰদৰ্শিতাৰ সমন্বয়।

         ভাৰতৰ গণতান্ত্ৰিক দিশচিহ্ন যেতিয়া বহুক্ষেত্ৰতে পথভ্ৰষ্ট হোৱাৰ পথত আগবাঢ়ে, সামাজিক ভেদাভেদ আৰু মঞ্চমুখৰ ৰাজনীতিয়ে যেতিয়া জনচেতনাৰ মূল আত্মাক ঢাকি পেলাই তেতিয়াই তৰুণ ৰাম ফুকনৰ দৰে নেতাৰ আদৰ্শ আমাৰ বাবে এটা নৈতিক দিশ, মাইলৰ খুটি হৈ পৰে।

আজি আমি যি সময়ত আহি উপনীত হৈছোঁহি, তাত ভাষা, ধৰ্ম আৰু অঞ্চলক ৰাজনৈতিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হৈছে; য’ত শিক্ষাই নৈতিকতা হেৰুৱাই গাণিতিক নম্বৰলৈ সীমাবদ্ধ হৈছে; য’ত ৰাজনীতি অধিক গলা-চিঞৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ খেল হৈ পৰিছে। সেই সময়ত ফুকনে দেখুৱাই যোৱা নীৰৱ অথচ প্ৰভাৱশালী নেতৃত্বকেই আদৰ্শ হিচাপে গ্ৰহণ কৰাটো প্ৰাসংগিক বিষয় হৈ পৰিছে।

Climate Template

তেওঁ ভৱিষ্যতৰ বাবে সততা, সহানুভূতি, আৰু আত্মিক দায়বদ্ধতাৰে ভৰপূৰ নেতৃত্বৰ মাপকাঠিৰ জন্ম দি গৈছিল। স্মৰণীয় যে, দেশভক্ত শব্দটো কেৱল স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত নাছিল। ই এক জীৱনদৰ্শন, যি নাগৰিকৰ পৰা নেতালৈকে সকলোৰে বাবে প্ৰযোজ্য। এইক্ষেত্ৰত তৰুণ ৰাম ফুকনে যি মডেল আগবঢ়াই গৈছিল, সি আমাক শিক্ষা দিয়ে যে দেশভক্তি মানে কেৱল বিক্ষোভ, মিছা অপবাদ বা প্ৰতিবাদ নহয়; ই হৈছে সংযম, নৈতিকতা, আৰু কৰ্মৰ মাজেৰে দেশৰ প্ৰতি দায়িত্ব পালন। 

      তেওঁৰ আদৰ্শৰ পৰাই আমি জানোঁ, বুজি পাওঁ যে সত্য, সহানুভূতি, আৰু সাংস্কৃতিক আত্মপৰিচয়ৰ ওপৰত আধাৰিত ৰাষ্ট্ৰইহে দীৰ্ঘ সময়লৈকে টিকি থাকিব পাৰে। আজি আমি যদি গণতন্ত্ৰ, বৈচিত্ৰ্য, আৰু ন্যায়ৰ ওপৰত বিশ্বাস ৰাখোঁ, তেন্তে ফুকনৰ আদৰ্শ অনুসৰণ কৰাটো কেৱল এটা বিকল্পই নহয় বহু প্রয়োজনীয়।

আজি সেয়েহে তৰুণ ৰাম ফুকনক স্মৰণ কৰাটো কেৱল অতীতলৈ চোৱা নহয়; ই হৈছে এক আত্মসমীক্ষাৰ আহ্বান। যি আত্মসমীক্ষাই আমি ক’লৈ গৈ আছো, কেনেধৰণৰ সমাজ গঢ়ি তুলিবলৈ বিচাৰোঁ আৰু আমি কিমান দূৰলৈ তেওঁৰ দিশ-নির্দেশনা অনুসৰণ কৰি আগবঢ়া উচিত এই কথাবোৰক কয়।

তেওঁৰ দৰে দেশভক্তৰ আদৰ্শতহে নিহিত আছে ভৱিষ্যতৰ নৈতিক মানচিত্ৰ, যি আমাক এক অধিক সংহত, চিন্তাশীল, আৰু ন্যায়সংগত সমাজলৈ আগবঢ়াই নিব পাৰিব। আমাৰ আশা, দেশভক্ত তৰুণ ৰাম ফুকনৰ আদৰ্শৰ আৰু প্ৰাসংগিকতাৰ মূল্য সঠিকৰূপত হওক।

লেখকৰ ফোন: ৯৯৫৪০-০০২০০; (লেখক হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহঃ অধ্যাপক।)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 19, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

July 17, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d