-দীপজ্যোতি গগৈ |
এখন দেশ পৰিচালনাৰ বাবে সংবিধান অপৰিহাৰ্য, অন্যথা দেশ বিকল হৈ পৰিব।দেশৰ সংবিধানখন কোনো নিজীৱ নথি নহয়।ভাৰতীয় সংবিধানখন এখন পশ্চিমীয়া দেশৰ আৰ্হিত ৰচিত যদিও আধুনিক আৰু প্ৰগতিশীল।বিশ্বৰ বহু দেশৰ সংবিধান অধ্যয়নৰ পিছতহে ভাৰতৰ সমাজৰ ‘অনৈক্য মাজতো ঐক্য’ আৰ্হিৰে বিশ্বৰ বৃহত্তম লিখিত সংবিধানখন নিৰ্মাণ কৰা হৈছে।দেশৰ সংবিধান প্ৰণেতাসকল অতন্ত্য দূৰদৰ্শী আৰু উদাৰমনা আছিল বাবেই বিশ্বৰ আটাইতকৈ উপযোগী আৰু শ্ৰেষ্ঠ ব্যৱস্থা সংসদীয় গণতন্ত্ৰৰ যোগেদি এখন গণতান্ত্ৰিক ভাৰতবৰ্ষ গঢ়িছিল। সংবিধানত দেশৰ গৌৰৱজ্বল স্বাধীনতা আন্দোলনৰ প্ৰভাৱ সুস্পষ্ট।দেশৰ সংবিধানৰ ৰচনা স্বাৰ্থত যি সংবিধান সভা হৈছিল তাত ভৱিষ্যতৰ ভাৰতবৰ্ষৰ ৰূপৰেখা নিৰ্মাণৰ বাবে গম্ভীৰ আৰু গভীৰ সমালোচনা আৰু বিতৰ্ক পিছতহে এক অনন্য প্ৰস্তাৱনা গ্ৰহণ কৰা হৈছিল। দুটা গুৰুত্বপূৰ্ণ বিষয় সংবিধানৰ লগত জন্মৰে পৰা সংলগ্ন হৈছে-১)ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক,সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ ৰাষ্ট্ৰ ২) সকলোৱে বাবে সকলো ক্ষেত্ৰতে সমান অধিকাৰ প্ৰদান।দেশৰ মানুহে গীতাও পঢ়ক,কোৰানো পঢ়ক,বাইবেলো পঢ়ক বা অন্য নিজা নিজা ধৰ্মগ্ৰন্থও পঢ়ক কিন্তু এই সকলোবোৰতকৈ পবিত্ৰ আৰু একক সংবিধানখন পঢ়ক,তেতিয়া বহু কথা স্পষ্ট হ’ব। কাঢ়া আৰু স্পষ্ট নিয়ম নীতিৰে পৰিচালিত দেশৰ সংবিধান আৰু ই ভাৰতবৰ্ষৰ জনগণৰ মহান লক্ষ্য আৰু উদ্দেশ্য প্ৰতিফলিত কৰে ।এই গোটেই কথাবোৰ কোৱা অৰ্থই হ’ল দেশৰ সংবিধান ব্যক্তি আৰু সংগঠনৰ ঊৰ্ধত,সংবিধান কাৰোবাৰ কুটিল চক্ৰান্ত বাবে সলনি নহয় আৰু দেশৰ জনগণে হ’ব নিদিয়ে। কিন্তু কেইবছৰমানৰ পৰা সংবিধানখন সংকটত পৰিছে।চিধাচিধি ধুৰন্ধৰ শাসকপক্ষৰ পৰা আক্ৰমণ চলিছে। ভাৰতীয় সংবিধানৰ এটা অদ্বিতীয় চৰিত্ৰ হ’ল যে পৰিৱৰ্তিত পৰিস্থিতি আৰু সময়ৰ দাৱীত ইয়াক সংশোধনৰ ব্যৱস্থা আছে,সেইয়া তেতিয়াৰ সংবিধানৰ প্ৰণেতাসকলৰ দূৰদৰ্শীতাৰ ফচল।কিন্তু এচাম ধুৰন্ধৰ শাসকৰ হাতত পৰাত ‘সংশোধনী ব্যৱস্থা’ৰ সুবিধাক নিজৰ অভীষ্ট সিদ্ধি বাবে লেতেৰা উন্মাদনালৈ পৰিণত কৰিছে। বিজেপি ২০১৪ নির্বাচনত একক সংখ্যাগৰিষ্ঠ লাভ কৰা পিছত বহুদিনীয়া গোপন অভিসন্ধিক পূৰ্ণতা দিবলৈ উঠিপৰি লাগিল। তেওঁলোকৰ এই গোপন অভিসন্ধিনো কি তাক জানিবলৈ আপুনি কিছু ইতিহাস খুঁচৰিব লাগিব। তাৰ আগতে আমি এটা কথাত স্পষ্ট হ’ব লাগিব যে ভাৰতীয় জনতা পাৰ্টী,চমুকৈ বিজেপি হ’ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছ(RSS)ৰ ৰাজনৈতিক ৰূপ। অৰ্থাৎ আৰ এছ এছ য়ে হ’ল বিজেপিৰ পিতৃ,অভিভাৱক আৰু সবেসর্বা। যিহেতু আৰ এছ এছক জাতিৰ পিতা মহাত্মা গান্ধীক হত্যাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্রত্যক্ষ ৰাজনীতিৰ পৰা ইতিমধ্যে বাৰণ কৰা হৈছে,গতিকে তেওঁলোকে হাত সাৱটি বহি নাথাকি বিজেপি গঠন কৰি আগবঢ়াই দিয়ে। গতিকে আৰ এছ এছ য়ে যি বিচাৰে বিজেপিয়ে তাকে কৰিবলৈ বাধ্য। এতিয়া আহোঁ আৰ এছ এছে নো বিচাৰে কি? তাৰ বাবে অলপ থূলমূল ইতিবৃত্ত জনাটো দৰকাৰী।ভাৰতৰ স্বাধীনতা আন্দোলন সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ আছিল,ইয়াত ধর্মনিৰ্বিশেষে সৰ্বস্তৰৰ জনতা দেশৰ শত্ৰু ব্ৰিটিছৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল। তাৰ মাজতে কেইজনমান অতি উগ্ৰ হিন্দুত্ববাদী ব্যক্তিয়ে ১৯২৫ চনত এই আৰ এছ এছ জন্ম দিছিল,তেওঁলোকৰ উদ্দেশ্য আছিল ব্ৰিটিছৰ সহযোগত ভাৰতবৰ্ষক এখন একমাত্ৰ হিন্দুৰ দেশৰূপে গঢ়ি তোলা। সেইবাবেই ধৰ্মনিৰপেক্ষ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰাই নহয়,ব্ৰিটিছক আন্দোলনকাৰীসকলৰ গুপুত খবৰবোৰো যোগান ধৰিছিল।সেই সময়ৰ তেওঁলোকৰ নেতাবোৰে বৃটিছলৈ চিঠি প্ৰদান কৰি ভাৰতৰ লোকে ব্ৰিটিছৰ ক্ষয়ক্ষতি কৰা বাবে ক্ষমা বিচাৰিছিল।সেইসময়ৰ আৰ এছ এছৰ অন্যতম পিতামহ এম এছ গোলৱালকাৰে(M.S. Golwalkar) ১৯৩৯ চনত নিজৰ ‘We,or Our Nationhood Defined’ নামৰ গ্ৰন্থখনত ‘হিন্দু ৰাষ্ট্ৰ’ বৰ্ণনা দিছিল। তেওঁ তাত কৈছে যে ভাৰতৰ সংখ্যালঘু(মুছলিম,খ্ৰীষ্টান আদি) সকলে নিজকে হিন্দুৰ স’তে মিহলি(merge) কৰিব লাগিব ,অন্যথা মৰিব (perish) লাগিব। তেওঁ আৰু কৈছে যে অ-হিন্দু সকলক ভাৰতীয় বুলি গণ্য কৰা নহ’ব যদিহে তেওঁলোকে ‘পৰিষ্কাৰ'(purification) অৰ্থাৎ হিন্দুলৈ নিজকে ৰূপান্তৰ নকৰে। অতি ভয়ংকৰভাৱে গোলৱালকাৰে হিন্দু ভাৰতৰ ৰাষ্ট্ৰীয় জাতি(National Race) বুলি অভিহিত কৰি নাৰ্জীসকলে হিটলাৰৰ শাসনকালত কেনেকৈ নিজকে জাৰ্মানীৰ ৰাষ্ট্ৰীয় জাতি ৰূপে গণ্য কৰি ইহুদীসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিল,সেই বিষয়ে উনুকিয়াইছে। তেওঁ এই কথাটো ভাৰতৰ সংখ্যালঘুসকলক মনত পেলাই দিয়া দৰকাৰ বুলি একপ্ৰকাৰে ভাবুকি দিছে। কিমান পৰ্যায়ৰ লৈকে তেওঁলোক যাব পাৰে ভাৱক।আজি ভাৰতীয় জনতা পাৰ্টী যে সেই একে আদৰ্শতে বিশ্বাসী তাক চাগে দুনাই কোৱা প্ৰয়োজন নাই। শেহতীয়াকৈ দেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ সময়ত বিজেপিৰ সাংসদ,মন্ত্ৰী,বিধায়কৰ পৰা আদি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতৰ মুছলমানসকলক ‘পৰিষ্কাৰ’ৰ প্ৰয়োজন বুলি কৈ আহিছে।এই পৰিষ্কাৰ শব্দটো তেওঁ বিজেপিৰ পিতামহ দীনদায়ল উপাধ্যায়ে ব্যৱহাৰৰ কথা উদ্ধৃতি দিছিল। আকৌ দীনদায়ল উপাধ্যায়ে উক্ত শব্দটো হিন্দুত্ববাদী ডo পি এছ মনজে ( Dr. P S Moonje)ৰ ব্যৱহাৰৰ কথা উনুকিয়াইছিল,যিজনে ১৯২৩ চনত ‘পৰিষ্কাৰ’ মানে মুছলমান আৰু খ্ৰীষ্টানক হিন্দু ধৰ্মলৈ ৰূপান্তৰৰ বাবেহে ব্যৱহাৰ কৰিছিল।ইয়াৰ দ্বাৰা আপুনি আৰ এছ এছ আৰু বিজেপিৰ যি ‘হিন্দুত্ব’ তাক ধৰিব পৰিছেনে? অৰ্থাৎ তেওঁলোকে যি ‘হিন্দুত্ব’ কথা কয় সেইয়া এক ভণ্ড আৰু নিকৃষ্ট ধাৰণা। কিয়নো তেওঁলোকৰ আচৰণ আৰু পৃথিৱীৰ ঘৃণা আৰু অমানৱীয়তাৰ প্ৰতীক হিটলাৰৰ চিন্তা-চৰ্চা মাজত বৰ বিশেষ প্ৰভেদ নাই।তেওঁলোকৰ যি ‘হিন্দু ৰাষ্ট্ৰ’ ধাৰণা সেই সম্বন্ধে তাহানিৰ আৰ এছ এছৰ জন্মদাতা একেজন গোলৱালকাৰে নিজৰে গ্ৰন্থ ‘শ্ৰী গুৰুজী সমগ্ৰ’ত উল্লেখ কৰিছে। তেওঁ তাত কৈছে যে হিন্দু ৰাষ্ট্ৰ এমুঠিমান সৰ্বস্বত্যাগী তথা পৰিয়ালৰ মায়া মোহ বিসৰ্জন দিয়া কিছু নিৰ্দিষ্ট মানুহৰ দ্বাৰাহে পৰিচালিত হ’ব( পৃষ্ঠা ৭০-৭৫)। তেওঁলোকৰ কল্পনাৰ হিন্দু ৰাষ্ট্ৰত কোনোধৰণৰ গণতন্ত্ৰ নাথাকে,থাকিব একনায়ত্ত্ববাদী হিটলাৰী শাসন ব্যৱস্থা।দেশৰ শাসনভাৰ থাকিব কিছুমান ঋষি-মুনি দৰে তথাকথিত ভণ্ড হিন্দু মৌলবী হাতত। এইবোৰ কাজেই তেনে ৰাষ্ট্ৰত বিচৰাটো একপ্ৰকাৰ আবাস্তব কিয়নো আৰ এছ এছ নিজেই এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে পৰিচালিত সংগঠন। তেওঁলোকৰ প্ৰধান সকল কোনো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত নহয়, তেওঁলোকৰ মাজত ধৰ্মীয় মৌলবাদী চিন্তা-চৰ্চা সদাবিদ্যমান। আৰ এছ এছে ভাৰতবৰ্ষৰ সংবিধান যিদিনা পৰাই গ্ৰহণ কৰিছে,সেইদিনা পৰাই তেওঁলোক তাৰ ঘোৰ বিৰোধী। কিয় বিৰোধী? আৰ এছ এছে নিজেতো স্বাধীনতা আন্দোলনত জড়িত নাছিল,কিন্তু স্বাধীনতাৰ ঠিক পিছতেই যেতিয়া ব্ৰিটিছে সংবিধান প্ৰণয়নৰ বাবে ভাৰতৰ নেতাসকলক কৈছিল,সেই সময়ত আৰ এছ এছে নতুন সংবিধানৰ সলনি তেওঁলোকে ‘মনুস্মিতি'(Manusmriti)ক দেশৰ আইন হিচাপে প্ৰৱৰ্তনৰ দাবী কৰিছিল। আৰু আজিও তেওঁলোকে নিজৰ সভা-সমিতিয়ে সেই কথা পোষকতা কৰে। কিন্তু সেই সময়ত দেশৰ সংবিধান প্ৰণেতাসকলে ঋষি-মুনিৰ গোড়ামি ভৰা ধৰ্মগ্ৰন্থ কোনোপধ্যেই গুৰুত্ব দিয়া নাছিল,বৰং এখন আধুনিক আৰু প্ৰগতিশীল ভাৱধাৰাৰ সংবিধান গঠন কৰে। সেইবাবেই তেওঁলোক জ্ঞানী,দূৰদৰ্শী আৰু উদাৰমনা আছিল। আনকি দেশৰ সংবিধান ৰচনাৰ অন্যতম পুৰোধা ব্যক্তি ডo ভীমৰাও আম্বেদকাৰ অত্যন্ত বিতুষ্ট হৈ ‘মনুস্মিতি’খনৰ কপি দাহ কৰিছিল। আৰ এছ এছ তেতিয়াৰ পৰাই ভাৰতৰ সংবিধানখনৰ প্ৰতি বিতুষ্ট আৰু ঘোৰ শত্ৰু।তেওঁলোকৰ যিহেতু উদ্দেশ্য নফলিয়ালে,গতিকে সদায় সুযোগৰ অপেক্ষাত আছিল। তেওঁলোকে এইটো কথা অতি ভালদৰে জানে যে বহুভাষিক,বহু-সাংস্কৃতিক আৰু ঐতিহ্যৰে ভৰা ভাৰতবৰ্ষৰ সমাজ গাঁথনি তেওঁলোকৰ আদৰ্শৰ ঘোৰ বিৰোধী আৰু প্ৰত্যাহ্বানস্বৰূপ,গতিকে সংবিধানৰ ওপৰত আক্ৰমণ কৰা লগতে এই সমাজ গাঁথনি তথা বিন্যাসকো থানবান কৰা ষড়যন্ত্ৰত তাহানিৰ দিনৰে পৰাই লিপ্ত। তেওঁলোকৰ উদ্দেশ্য সিদ্ধি পথত আমাৰ সংবিধানখন, দেশৰ সংবিধানৰ প্ৰতি সদা সতৰ্ক উচ্চতম ন্যায়ালয়, দেশৰ গণতান্ত্ৰিক পৰম্পৰাক অক্ষুন্ন ৰখা স্বতন্ত্ৰ অনুষ্ঠান নিৰ্বাচনী আয়োগ,ভাৰতীয় ৰিজাৰ্ভ বেংক,চিবিআই আদি কৰি শৈক্ষিক প্ৰতিষ্ঠান,বৈজ্ঞানিক আৰু গৱেষণাৰ অনুষ্ঠানসমূহ যিহেতু বাধাৰ প্ৰাচীৰ ৰূপে থিয় দি আহিছে,গতিকে এই অনুষ্ঠান সমূহক দুৰ্বল কৰাত অহৰ্নিশে ব্যস্ত।এইবোৰ কাম ২০১৪ত কেন্দ্ৰত শাসন গাদীত বিজেপি অধিস্থিত হোৱা পিছত তীব্ৰতৰ হৈছে। এটা অট্টালিকাৰ যদি ভেঁটিটোক দুৰ্বল কৰা যায়,আপোনা-আপুনি গোটেই ঘৰটোৰ স্থিতি থৰক-বৰক হৈ পৰিব। সেইবাবেই আৰ এছ এছৰ প্রত্যক্ষ নিৰ্দেশৱলীত বিজেপিয়ে নানাপ্ৰকাৰে সংবিধানৰ মূল বুনিয়াদটোক আক্ৰমণ কৰিব ধৰিছে। তেওঁলোকে আজি দেশৰ ন্যায় খণ্ডকো কম-বেছি পৰিমাণে প্ৰভাৱিত কৰিছে। সৌ-সিদিনা মেঘালয়ৰ এজন ন্যায়াধীশে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ বুলি অসাংবিধানিক বক্তব্যই তাৰ জ্বলন্ত প্ৰমাণ।
এতিয়া আহোঁ মোদী চৰকাৰৰ শেহতীয়া কেইটামান অগণতান্ত্ৰিক কামকাজ যিবোৰ দেশৰ আইন-কানুন,সংবিধান নামানি নিজৰ পছন্দ আৰু খাম-খেয়ালিৰে কৰা হৈছিল। বিমুদ্ৰাকৰণ,জিএছটি আৰু ৰাফেল চুক্তি আদিত যে গণতান্ত্ৰিক নীতি-নিয়ম মনা হোৱা নাছিল,প্ৰমাণ হৈছে। CMIE(Centre for Monitoring Indian Economy) নামৰ সংস্থাটোৰ শেহতীয়া প্ৰতিবেদনত ২০১৮ বৰ্ষত ১১ মিলিয়ন লোকে চাকৰি হেৰুৱাইছে বুলি প্ৰকাশ পাইছে। বিজেপি এটা পুঁজিপতিৰ স্বাৰ্থত কাম কৰা দল,সেই কথা দুনাই কোৱা নিষ্প্ৰয়োজন। বিজেপিয়ে ‘সৱকা সাথ সৱকা বিকাশ’ কথা কৈ দেশৰ জনগণক ঠগি শাসনলৈ আহে।কিন্তু কেইদিনমান আগতে প্ৰকাশিত Oxfam Inequality Report,2019ত তাৰ ফোঁপোলা স্বৰূপ ওলাই পৰিছে।ৰিপৰ্টত কৈছে,অৰ্থনৈতিক বৈষম্যৰ ফলত সামাজিক বিন্যাসৰ প্ৰতি প্ৰচণ্ড ভাবুকি আহিছে,দেশৰ গণতন্ত্ৰৰ শক্তি আৰু সামৰ্থ বহুগুণে হ্ৰাস পাইছে।ৰিপৰ্টটোৰ মতে দেশৰ সৰ্বোচ্চ ৯ জন আঢ্যৱন্তৰ সম্পত্তি নিম্নস্থানৰ ৫০% মানুহৰ সম্পত্তি স’তে সমান। দেশৰ ধনী ১% লোকৰ সম্পত্তি ৩৯% বৃদ্ধি পোৱা বিপৰীতে নিম্নখাপৰ ৫০% লোকৰ সম্পত্তি মাত্ৰ ৩% হে বৃদ্ধি পাইছে।যোৱা বছৰ ১৮ জন নতুন বিলিয়নাৰ সংযোজনেৰে ভাৰতবৰ্ষৰ মুঠ বিলিয়নাৰৰ সংখ্যা ১১৯ জনলৈ বৃদ্ধি হয়,যিয়ে ২০১৮-১৯ বৰ্ষৰ মুঠ বাজেটৰ ধন(২৪,৪২২ বিলিয়ন)তকৈও অধিক সম্পদৰ গৰাকী।
বিজেপিয়ে নিজৰ শাসনকালত কিমান অগণতান্ত্ৰিক কাম কৰা নাই?তাৰ কোনো লেখ নাই!তেওঁলোকে হিটলাৰৰ পৰা অনুপ্ৰাণিত হৈ দেশৰ জনগণৰ সাংবিধানিক,গণতান্ত্ৰিক অধিকাৰ কাঢ়ি আনিব খুজিছে। নাগৰিকৰ ওপৰত ৰাষ্ট্ৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ অত্যাচাৰ বাঢ়িব ধৰিছে।যি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ১৯২২ চনত ব্ৰিটিছে মহাত্মা গান্ধীৰ ওপৰত জাপি দিছিল,সেই একেই ব্ৰিটিছৰ আৰ্হিৰে মোদী চৰকাৰে এই আইন জাপি দি কণ্ঠৰোধৰ বৃথা চেষ্টা কৰিছে। যাৰ পৰা অধ্যাপক,ৰাজহুৱা কৰ্মী,মানৱধিকাৰ কৰ্মী কোনো হাৰি যোৱা নাই।চৰকাৰৰ জনগণবিৰোধী নীতিক প্ৰতিবাদ কৰাজনক কঠোৰ আইন জাপি কাৰাৰুদ্ধ কৰা হৈছে। গোড়া হিন্দুত্ববাদী আদৰ্শৰ বিৰোধীসকলক ‘আৰ্বান নক্সাল’ বা ‘দেশদ্ৰোহী’ অপযশ জাপি দিছে । ই চৰকাৰ খনৰ ফেচিষ্ট আৰু হিটলাৰী চৰিত্ৰ প্ৰকট নকৰেনে? দেশত গো-ৰক্ষা নামৰ অদ্ভুত কিছুমান বস্তুৰ আর্ৱিভাবৰ ফলত ২০১৪-১৭লৈকে ৯৭% গো-ৰক্ষকজনিত হিংসাত্মক ঘটনা ঘটিল,য’ত হত্যাৰ ৮৬%ই মুছলমান। মোদী মন্ত্ৰীসভাৰ সদস্য ক্ৰমে অৰ্জুন ৰাম মেঘৱাল,জয়ন্ত সিনহা আৰু গিবিৰাজ সিঙে সৌসিদিনা কৈছিল, যিমানেই বেছি তেনেকুৱা হিংসাত্মক ঘটনা বাঢ়িব,সিমানেই মোদীৰ জনপ্ৰিয়তা বাঢ়িব। বাহ্ কি নিকৃষ্ট মানসিকতা!নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে হয়তু পাহৰি গৈছে যে ১৪ ৰ নিৰ্বাচনত ৬৯% নাগৰিকে বিজেপিৰ বিপক্ষে ভোটদান প্ৰদান কৰিছিল,গতিকে তেওঁলোকেই(বিজেপি) দেশৰ সৰ্বেসৰ্বা নহয়। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬) হৈছে সংবিধানৰ কাঠামোৰ ওপৰত স্বাধীনতাৰ পিছত বৃহত্তম প্ৰত্যক্ষ আক্ৰমণ।১৯৭৩ চনত কেশৱানন্দ ভাৰতী গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে কোনেও কাহানিও সংবিধানৰ মৌলিক চৰিত্ৰ আৰু বুনিয়াদত আঘাত সানিব নোৱাৰিব। কিন্তু বিজেপিয়ে চিধাচিধি সংবিধানৰ চৰিত্ৰ ‘ধৰ্মনিৰপেক্ষতা’ত একেবাৰে অস্বীকাৰ কৰিছে। তেওঁলোকে কৈছে দেশৰ সনাতনী হিন্দু ধৰ্ম ৫০০০ বছৰ পুৰণা কিন্তু সংবিধান ৭০ বছৰহে,গতিকে আমি হিন্দু ধৰ্মকহে প্ৰাধান্য দিম। কি মূৰ্খামি আৰু সাংঘাতিক বিপদজনক কথা!অসমৰ জনগণে এই মুহূৰ্তত এটা কথা মনত ৰখা দৰকাৰ যে এই বিধেয়ক মাথোঁ নিৰ্বাচনী ঢাল নহয়,ইয়াৰ স’তে আৰএছএছ আৰু বিজেপিৰ বৃহৎ গোপন ভয়ংকৰ পৰিকল্পনা সাঙোৰ খাই আছে।যদি এই বিধেয়ক কেনেবাকৈ আইনলৈ ৰূপান্তৰ ঘটে,তেন্তে ই হ’ব বিজেপি আৰু আৰ এছ এছৰ বহুদিনীয়া স্বপ্ন ‘হিন্দু ৰাষ্ট্ৰ’ গঠনৰ দিশে বৃহৎ অগ্ৰগতি। গতিকে অসমৰ জনগণে জাতি,মাতি,ভাষা ৰক্ষাৰ যুক্তিপূৰ্ণ দাবী লগতে এই কথাটো মন কৰিব লাগিব। বিজেপি আৰু আৰ এছ এছে সকলোৰে শ্ৰদ্ধাৰ সংবিধানখনকে মানিব নোখোজে,’অসম চুক্তি’ ক শ্ৰদ্ধা কৰিব বুলি ভাবিব পাৰিনে? গতিকে মূল বিপদটো আহিছে সংবিধানৰ প্ৰতিহে। ভাৰতবৰ্ষ আৰু অসমক দেশদ্ৰোহী, সাম্প্ৰদায়িক আৰু ফেচিষ্ট বিজেপি আৰু আৰ এছ এছৰ পৰা ৰক্ষা কৰক, অন্যথা বিপদ অনিবাৰ্য।