মহাদেৱলৈ আদালতৰ চমন
• অৰবিন্দ ৰাভা
ৰায়গড় ( চট্টিশগড়)ৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি চৰকাৰী সম্পত্তি দখল কৰি ৰখাৰ অপৰাধত স্বয়ং দেৱাদিদেৱ মহাদেৱক আদালতত হাজিৰ হ’বলৈ চমন জাৰী কৰিছে আদালতে! যিহেতু ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ দৰে আইন-আদালতৰো দুয়োটা চকু বন্ধা, সেইবাবেই এনে চমন জাৰী কৰা হৈছে! স্বয়ং দেৱাদিদেৱ মহাদেৱক আদালতত হাজিৰ হ’বলৈ চমন জাৰী কৰাৰ লগতে সময়মতে উপস্থিত নহ’লে ১০০০০ টকাৰ জৰিমণা বিহা হ’ব বুলিও উল্লেখ কৰা হৈছে।
হয়, এনে অদ্ভুত কান্ড সংঘটিত হৈছে চট্টিশগড়ত। মানুহে মন্দিৰলৈ গৈ নিজৰ মনোকামনা পূৰণ কৰিবলৈ প্ৰয়াস কৰে, সাধু-সন্ন্যাসীসকলে বছৰৰ পাছত বছৰ ধৰি দেৱাদিদেৱ মহাদেৱৰ দৰ্শন পাবলৈ পৰ্বতত, গুহাত, অৰণ্যৰ মাজত ধ্যানমগ্ন হৈ থাকে; কিন্তু সেই মহাদেৱকেই আদালতৰ মজিয়াত হাজিৰ হ’বলৈ চমন জাৰী কৰা হৈছে ৰায়গড় জিলাৰ নায়েব তহশিলদাৰ ( নিম্ন আদালত) কোৰ্টৰ পৰা! হোলিৰ আগে আগে এনে অদ্ভুত কান্ড সংঘটিত হোৱাত ভীষণ অস্বস্তিত পৰিছে চট্টিশগড়ৰ ৱাঘেলা চৰকাৰ।
ৰায়গড় চহৰৰ ২৫ নং ৱাৰ্ডৰ কাউকুন্ডা এলেকাত এটা শিৱ মন্দিৰ আছে। সুধা ৰাজৱাৰ নামৰ এগৰাকী মহিলাই বিলাসপুৰ উচ্চ ন্যায়ালয়ত এখন পিটিশ্যন দাখিল কৰি কয় যে সেই শিৱ মন্দিৰ সহকাৰে ট্ৰাস্টৰ ১৬ জনে চৰকাৰী ভূমি দখল কৰিছে, আৰু আদালতে ব্যৱস্থা লব লাগে।

উচ্চ ন্যায়ালয়ে সেই গোচৰৰ শুনানী লোৱাৰ পিছত ৰাজ্য চৰকাৰৰ লগতে সংশ্লিষ্ট তহশিল অফিচক সমগ্ৰ ঘটনাৰ তদন্ত কৰি প্ৰতিৱেদন জমা দিবলৈ কয়। অভিযোগৰ পটভূমিত উপৰুৱাকৈ তদন্ত চলাই তহশিল আদালতে অভিযুক্ত ১৬ জনৰ ১০ জনক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰী কৰে। আশ্বৰ্যকৰভাৱে ট্ৰাস্টিৰ নামত চমন জাৰী কৰাৰ সলনি মন্দিৰৰ পুৰোহিতৰ নামত চমন প্ৰেৰণ কৰা হয়। সেই চমন পুৰোহিতৰ হাতত পৰাৰ পিছত দেখা যায় যে অভিযুক্তৰ তালিকাখনৰ ৬ নং স্থানত জ্বলজ্বলকৈ জিলিকি আছে ভগৱান শিৱৰ নাম এনেদৰে – ‘ শিৱ মন্দিৰ তথা শঙ্কৰ ভগৱান’!
শঙ্কৰ ভগৱান সহকাৰে ১০ জন অভিযুক্তক সময়মতে আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে, অন্যথা ১০০০০ টকা জৰিমণা বিহা হ’ব বুলি উল্লেখ কৰা হৈছে। দেৱাদিদেৱ মহাদেৱক উদ্দেশ্য কৰি নোটিচত লেখা হৈছে – চত্তিশগড়ৰ ভূমি ৰাজস্ব আইন আপুনি উলংঘা কৰিছে আৰু সেইবাবে আপুনি ১০০০০ টকা জৰিমনা আদায় দিয়াৰ লগতে অবিলম্বে চৰকাৰী ভূমি খালী কৰি দিব লাগিব। অহা ২৩ মাৰ্চ, ২০২২ তাৰিখে গোচৰৰ শুনানী লোৱা হ’ব। নোটিচ পঠোৱা তাৰিখৰ পৰা শুনানীৰ তাৰিখলৈ উক্ত ভূমিত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য নচলিব। আইন উলংঘা কৰিলে আইন অনুসৰি সংশ্লিষ্ট অভিযুক্ত সকলক উৎখাত কৰা হ’ব।
এতিয়া ২৩ মাৰ্চ, ২০২২ তাৰিখলৈসকলোৱে অপেক্ষা কৰিছে – ভগৱান ভোলানাথে কি বা কৰে!!