• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

দেৱ শিশুৰ অমৃতসম মাতৃ দূগ্ধ

SPECIAL REPORT / Women

by Editor
September 19, 2025
in Special Report, Health, Women
Reading Time: 4 mins read
0
photo of woman breastfeeding her child

Photo by Wendy Wei on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

দেৱ শিশুৰ অমৃতসম মাতৃ দূগ্ধ

দেৱ শিশুৰ অমৃতসম মাতৃ দূগ্ধ

ডা:মনোজ কুমাৰ শইকীয়া

Dr Monoj Saikia
ডা:মনোজ কুমাৰ শইকীয়া

সন্তান প্ৰসৱৰ পিছত প্ৰলেক্টিন আৰু এড্ৰিনেল কৰ্টিক’ষ্টেৰইড নামৰ হৰমনে স্তনৰ এলভিঅলাৰ কোষত গাখীৰ উৎপাদন কৰে‌।

সন্তানে স্তনপান কৰিবলৈ লওঁতে স্পৰ্শৰ কাৰণে স্তনৰ উত্তেজনা আহে। উত্তেজনাৰ এই অনুভূতি স্তনবৃন্তৰ (nipple) পৰা কৃষ্ণমণ্ডল হৈ (areola) ভেগাচ নাৰ্ভৰে গতি কৰি পীযূষ গ্ৰন্থিৰ (pituitary gland) সন্মূখভাগ উত্তেজিত কৰে।

পীযূষ গ্ৰন্থিৰ সন্মূখভাগ উত্তেজিত হোৱাৰ লগে লগেই প্ৰলেক্টিন নামৰ ৰসায়নবিধ নি:সৰিত হৈ তেজত মিলিত হয় আৰু তৎক্ষণাত সৰ্বদেহত সঞ্চালিত হয়। তেতিয়া অধিবৃক্কীয় গ্ৰন্থিৰ (adrenal gland) উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এড্ৰিনেল কৰ্টিক’ষ্টেৰইড হৰমন নি:সৰণ হৈ তেজত মিহলি হয়। এইদৰেই প্ৰলেক্টিন আৰু এড্ৰিনেল কৰ্টিক’ষ্টেৰইড হৰমন নি:সৰণ হৈ তেজত মিলি স্তনৰ এলভিঅলাৰ কোষত গাখীৰ উৎপাদন কৰে।

নিজ সন্তানৰ প্ৰতি মাকৰ গভীৰ মৰম চেনেহ ভাৱ ওপজে। নিজ সন্তানক কোলাত লৈ স্তনপান কৰিবলৈ উদ্যত হওঁতে স্বাভাৱিকতে আনন্দত আত্মহাৰা হোৱাটো এক সুস্থ মানসিকতাৰ লক্ষণ।

অতিকৈ কোমল আৰু সংবেদনশীল স্তনত সন্তানে মুখ লগোৱাৰ লগে লগেই  সন্তানৰ প্ৰতি থকা মাতৃস্নেহৰ বাবে এক মৃদু উত্তেজনাৰ অনুভূতি সৃষ্টি হয়।

দেৱ শিশুৰ অমৃতসম মাতৃ দূগ্ধ

        এই উত্তেজনাৰ অনুভূতি ভেগাচ নাৰ্ভৰে গতি কৰি পীযূষ গ্ৰন্থিৰ পশ্বাদভাগ উত্তেজিত কৰি তোলাৰ লগে লগেই অক্সিটচিন নামৰ এবিধ ৰসায়ন নি:সৰিত হৈ তেজত মিলিত হয়। এইবিধ ৰসায়নে স্তনৰ এলভিঅলাৰ কোষৰ ওপৰত ক্ৰিয়া কৰাৰ বাবেই উৎপাদিত স্তনৰ গাখীৰ নি:সৰিত হবলৈ ধৰে।এইদৰে নি:সৰিত গাখীৰ শিশুৱে পান কৰে।

মাতৃদূগ্ধৰ উপকাৰীতা

 (১)সন্তান প্ৰসৱৰ পিছত তিনি-চাৰিদিন পৰ্যন্ত কল’ষ্ট্ৰামযুক্ত হালধীয়া বৰণৰ গাখীৰ নি:সৰিত হয়। ইয়ক আমি ফেহু গাখীৰ বুলি কওঁ।এইবিধ গাখীৰত অত্যাধিক পৰিমাণে প্ৰোটিন আৰু খনিজ পদাৰ্থ থাকে যদিও স্বাভাৱিক গাখীৰতকৈ কম পৰিমাণে স্নেহ আৰু শৰ্কৰা থাকে। কল’ষ্ট্ৰাম খোৱাৰ পৰা শিশুৱে সংক্ৰমণ আৰু এলাৰ্জী প্ৰতিৰোধ ক্ষমতা পায়।

 (২) প্ৰোটিন-স্তনৰ গাখীৰত থকা লেক্টোএলবুমিন আৰু লেক্টোগ্ল’বুলিন নামৰ প্ৰোটিনত কম পৰিমাণে চৰ্বি থাকে কাৰণে শিশুৱে সহজে হজম কৰিব পাৰে। কিন্তু শিশুৰ শৰীৰত হৰমন, পাচক ৰস , মস্তিষ্কৰ ৰসায়ন উৎপাদন তথা ৰোগ প্ৰতিৰোধ ক্ষমতা এই দুবিধ প্ৰোটিনৰ পৰা পোৱা যায়। ছাল, চুলি, নখ,হাড়,সংযোজক কোষ, মাংসপেশী, কোষৰ কলা আদিৰ কাৰ্যবোৰ প্ৰোটিনৰ বাবেই সুকলমে চলি থাকে। শিশুৰ শাৰীৰিক বিকাশ আৰু শক্তিৰ বাবে এই প্ৰোটিন দুবিধ অতিকৈ প্ৰয়োজন। স্তনৰ গাখীৰত থকা একগ্ৰাম প্ৰোটিনৰ পৰা শিশুৱে চাৰি কেলৰি শক্তি পায়।

 (৩) ভিটামিন-স্তনৰ গাখীৰত ভিটামিন-এ আৰু ডি কম পৰিমাণে আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে। শিশুৱে ভিটামিন-চি প্ৰয়োজন অনুসাৰে স্তনৰ গাখীৰৰ পৰা পায় বাবে শিশুৰ হাড়, সিৰা আৰু ধমনী সুগঢ়িতহয়। কোনো ধৰণৰ আঘাত পালে ৰক্তক্ষৰণত বাধা প্ৰদান কৰে আৰু ঘাঁ সোনকালে শুকায়। সাধাৰণতে আঠ মাহৰ পৰা দূবছৰ বয়সলৈকে শিশুৰ মাজত অধিকসংখ্যক হিচাপে দেখা দিয়া স্কাৰ্ভী নামৰ ৰোগ, শাৰীৰিক দূৰ্বলতা আৰু ৰক্তহীনতা আদি ভিটামিন-চি যুক্ত গাখীৰ খোৱা বাবে হব নোৱাৰে।

(৪) স্নেহ বা চৰ্বি– স্তনৰ গাখীৰত থকা স্নেহত কলেষ্টেৰল কম মাত্ৰাত থাকে কাৰণে শিশুৱে অতি সহজে হজম কৰিব পাৰে। এই গাখীৰত থকা একগ্ৰাম স্নেহৰ পৰা শিশুৱে ন কেলৰি শক্তি পায়। স্নেহে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে, মেদ বঢ়াই, আহাৰৰ পৰা ভিটামিন-এ,ডি,ই,কে শোষণ কৰিব পাৰে।

(৫) শৰ্কৰা বা কাৰ্বহাইড্ৰেত- স্তনৰ গাখীৰত থকা লেক্ট’জ নামৰ শৰ্কৰাবিধ লাহে লাহে শোষণ আৰু হজম হয়। এইবিধ শৰ্কৰাৰ বাবেই শিশুৰ কোষ্ঠ-কাঠিন্যতা নহয় আৰু শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ হয়। বৃহদান্ত্ৰত ই কোলাই নামৰ ৰোগৰ বীজাণু উৎপন্ন হয় আৰু আন্ত্ৰিক শোথ ৰোগৰ পৰা শিশু ৰক্ষা পৰে। একগ্ৰাম শৰ্কৰাৰ পৰা শিশুৱে চাৰি কেলৰি শক্তি পায়।

দেৱ শিশুৰ অমৃতসম মাতৃ দূগ্ধ

(৬) খনিজ পদাৰ্থ- স্তনৰ গাখীৰত কেলছিয়াম, মেগনেছিয়াম, ছ’ডিয়াম, পটাচিয়াম, ফচফৰাচ, লৌহ, তাম ইত্যাদি নানা তৰহৰ খনিজ পদাৰ্থ থাকে। এই খনিজ পদাৰ্থৰ কাৰণে শৰীৰৰ গঠন অধিক মজবুত আৰু সুদৃঢ় হয়, শৰীৰত স্বভাৱিক ৰক্ত উৎপাদন হয় আৰু শৰীৰৰ কোষত জলীয় অংশৰ ভাৰসাম্যতা ৰক্ষা কৰে।

 (৭)স্তনপানৰ দ্বাৰা মাতৃ আৰু সন্তানৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি উঠে। স্তনৰ গাখীৰ নিৰ্গত কৰা অক্সিটচিন নামৰ ৰসায়ন বিধে একে সময়তে জৰায়ুৰ ওপৰতো সঙ্কোচন ক্ৰিয়া কৰে। সেয়েহে সন্তানক স্তনপান কৰাওতে হোৱা এই ক্ৰিয়াৰ কাৰণে প্ৰসৱৰ পিছত জৰায়ুটোৱে স্বাভাৱিক স্থানত স্থিতি গ্ৰহণ কৰিব পাৰে।

(৮) অন্য গাখীৰতকৈ স্তনৰ গাখীৰত ফছফৰাচ কমকৈ থকা বাবে শিশুৰ আক্ষেপ (convulsions) হোৱাৰ সম্ভাৱনা নাথাকে। শাৰীৰিক গঠন আৰু মানসিক বিকাশ স্বাভাৱিক হয়।

(৯) স্তনৰ গাখীৰত ইমিউনো গ্ল’বুলিন -এ নামৰ চিৰাম প্ৰোটিন নি:সৰণ হৈ এন্টিবডি বহন কৰি ৰোগৰ বীজাণু ধ্বংস কৰে।

(১০) স্তনৰ গাখীৰ অতি সহজে আৰু বিনামূলীয়াকৈ পোৱা আহাৰ। ই সম্পূৰ্ণৰূপে বীজাণুমুক্ত আৰু শিশুৰ বাবে প্ৰয়োজনীয় উত্তাপত থাকে। সেয়েহে শিশুৰ ভোক লাগিলে নিমিষতে আহাৰ খাব পাৰে আৰু সহজে হজম কৰিব পাৰে। বীজাণুমুক্ত হোৱা বাবে এনে গাখীৰ খোৱাৰ পৰা শিশুৰ কোনো ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(১১) গৰু,ম’হ, ছাগলী আদিৰ গাখীৰ খীৰোৱা , পৰিবহন কৰা, গৰম কৰি শিশুক খুওৱালৈকে কেবাটাও পৰিবেশ আৰু পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়। সেয়েহে নানা তৰহৰ ৰোগৰ বীজাণু মিলিত হৈ গাখীৰ দূষিত কৰে। দূষিত গাখীৰ খোৱাৰ ফলত শিশুৰ যক্ষ্মা, টাইফইড,কলেৰা,ডায়েৰীয়া,ঘোঁৰা শলখা, যকৃত ৰোগ, নানা প্ৰকাৰৰ শ্বাস-প্ৰশ্বাস ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

 কিন্ত স্তনৰ গাখীৰ শিশুৱে প্ৰত্যক্ষ ভাৱে মুখ লগাই খাই বাবে কোনপধ্যে গাখীৰ দূষিত হব নোৱাৰে।

(১২) নিয়মীয়াকৈ সন্তানক স্তনপান কৰোৱাটো মাতৃসকলৰ পৱিত্ৰ আৰু মহান কৰ্তব্য। স্তনপানৰ দ্বাৰা স্ত্ৰী বহুতো ৰোগৰ পৰা ৰক্ষা পায়। সন্তান প্ৰসৱৰ পিছত তথাকথিত কিছুমান আধুনিক মহিলাই স্তনযুগলৰ সৌন্দৰ্য ৰক্ষাৰ বাবে স্তনপান কৰোৱাৰ পৰা বিৰত থাকে। ফলস্বৰূপে গাখীৰ নি:সৰণ হ’ব নোৱাৰা বাবে এলভিঅলাৰ কোষৰ অস্বাভাৱিক পৰিৱৰ্তন হৈ স্তন কেঞ্চাৰ উৎপন্ন কৰে।

কেতিয়াবা নি:সৰিত হোৱা স্তনৰ গাখীৰ স্ৰোতত আৱদ্ধ হৈ গোটমাৰি যায় আৰু পিছলৈ ইয়াৰ পৰা কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।মাতৃৰ গৰ্ভাৱস্থা, যক্ষ্মা ৰোগ, হৃদৰোগ,যৌনৰোগ, নেফ্ৰাইটিছ, টাইফইড, ব্ৰঙ্কোনিউমনীয়া, স্তনশোথ, স্তন টিউমাৰ আৰু কেঞ্চাৰ আদি ৰোগ হ’লে সন্তানক স্তনপান নকৰাব।

দেৱ শিশুৰ অমৃতসম মাতৃ দূগ্ধ

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মাতৃ দূগ্ধ
Editor

Editor

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d