• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 21, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

দৈত্য উভতি নাহিল

অঞ্জন শৰ্মা

by Admin
April 23, 2022
in Short Stories
Reading Time: 3 mins read
0
দৈত্য উভতি নাহিল
Share on FacebookShare on TwitterShare on LinkedIn

দৈত্য উভতি নাহিল

হঠাৎ, একেবাৰে হঠাৎ, পোনপ্ৰথমে এটি সুদৃশ‍্য দালান। দুমহলীয়া, চালে চকুৰোৱা দালান। তাৰ পিছত এখন সেউজীয়া ৰঙৰ ‘মাৰুতি জেন্‘- শীত-তাপ নিয়ন্ত্ৰিত। তাৰ পিছতেই ৰূপৰ জেউতি বৈ পৰা, হাঁহিত মুকুতা সৰা, চকুৰ চাৱনিৰে বুঢ়া-মেথাকো বিহ্বল কৰিব পৰা অপূৰ্ব সুন্দৰী অষ্টাদশী গাভৰুৰ পাণিগ্ৰহণ। ডিঙিত সোণৰ শকত চেইন আৰু হাতত ‘ইন্ডিয়া কিং’ চিগাৰেটৰ পেকেট। ইমান আচম্বিতে ঘটনাবোৰ ঘটিল যে সকলো অবাক, কিংকৰ্তব‍্যবিমূঢ় !!..

যোৱা পৰহিলৈ যিজন জয়দেৱ ডেকা আছিল সকলোৰে উপহাসৰ পাত্ৰ, যাক দেউতাকে দিছিল ‘এলাইবাদু’ উপাধি, ‘ক’ৰ চুককেইটাও যি জয়দেৱে চিনি নাপায়, ঘৰৰ কাম-কাজ একোকে নকৰি যি দিনৰ দিনটো দেৱেনৰ দোকানৰ সন্মুখত কেৰম খেলি থাকে, যাৰ নাই কোনোধৰণৰ উপাৰ্জনৰ এপইচা, যি শাসক দলৰো সদস্য নহয় অথবা সন্ত্ৰাসবাদী সংগঠন বা আত্মসমৰ্পণকাৰীৰ মুক্তিযোদ্ধাৰ তালিকাভুক্ত সদস‍্যও নহয় কিম্বা অসম লোকসেৱা আয়োগৰ দালালো নহয়, সেই গজমূৰ্খ জয়দেৱৰ হঠাৎ, একেবাৰে হঠাৎ, কিদৰে সম্ভৱ হ’ল এই বিপুল বৈভৱৰ গৰাকী হোৱাৰ?…

সকলোৰে আলোচনাৰ বিষয়বস্তু হৈ পৰিল জয়দেৱ ডেকা।

আগেয়ে দুমাহত একোবাৰকৈ বৰগছৰ তলত ‘পীৰালিয়ান’ বা ‘ইটালিয়ান’ চেলুনত নাপিতৰ কেচি-ক্ষুৰেৰে গাল দুখনৰ হাবি-জংগল আৰু মূৰৰ চুলি পৰিপাটি কৰা জয়দেৱৰ সুদৃশ‍্য দালানৰ সন্মুখৰ ল’নত এতিয়া সন্ধিয়া জ্বলে নিয়ন চাকি, বৈঠকখানাৰ ৰঙীণ টিভিত চলে হিন্দী বোলছবি আৰু দালানৰ পিছপিনে অহৰহ গৰ্জন কৰি থাকে এটা বিৰাট জেনেৰেটৰে। দালানৰ ভিতৰত এতিয়া সদায় ৰং-ৰহইচ, হাঁহি-খিকিন্ডালি। চকুচৰহা বুলি অসমীয়াক নিন্দা কৰি লাভ নাই। এনেবোৰ ঘটনা ঘটিলে মানুহ চকুচৰহা নহবই বা কিয়? যি আমগুৰি গাঁৱত টিনপাতৰ ঘৰ মাত্ৰ তিনিটা, য’ত আজিও যোৱা নাই অসম ৰাজ‍্যিক বিদ‍্যুত পৰিষদৰ খুটা, য’ত এখন স্কুটাৰৰ ছাঁটোও দেখিবলৈ নাই, দুখন কেৰম ব’ৰ্ড, তিনিখনমান লুডু, কেইযোৰমান তাচ আৰু এটামান ফুটবলেৰে যি আমগুৰিয়ে আজৰি সময় অতিবাহিত কৰে, যি আমগুৰিলৈ আজিও নাযায় বাতৰিকাকত- সেইহেন আমগুৰিৰ সবাতোকৈ অকৰ্মণ‍্য তথা ভোদা যুৱক জয়দেৱ ডেকাৰ এনে পৰিৱৰ্তন! জয়দেৱৰ বিষয়ে আলোচনা কৰি কৰিয়েই এতিয়া সময় অতিবাহিত হয় আমগুৰিত। জয়দেৱক সুধিলে যি উত্তৰ পোৱা যায়, তাতো সন্তুষ্ট নহয় চকুচৰহাৰ দল, কাৰণ জয়দেৱৰ উত্তৰ একেটাই-‘সকলো তেৰাৰ ইচ্ছাতেই সম্ভৱ হৈছে।’ কিন্তু কোন সেই ‘তেৰা’?……

“যোৱা পৰহিলৈ যিজন জয়দেৱ ডেকা আছিল সকলোৰে উপহাসৰ পাত্ৰ, যাক দেউতাকে দিছিল ‘এলাইবাদু’ উপাধি, ‘ক’ৰ চুককেইটাও যি জয়দেৱে চিনি নাপায়, ঘৰৰ কাম-কাজ একোকে নকৰি যি দিনৰ দিনটো দেৱেনৰ দোকানৰ সন্মুখত কেৰম খেলি থাকে, যাৰ নাই কোনোধৰণৰ উপাৰ্জনৰ এপইচা, যি শাসক দলৰো সদস্য নহয় অথবা সন্ত্ৰাসবাদী সংগঠন বা আত্মসমৰ্পণকাৰীৰ মুক্তিযোদ্ধাৰ তালিকাভুক্ত সদস‍্যও নহয় কিম্বা অসম লোকসেৱা আয়োগৰ দালালো নহয়, সেই গজমূৰ্খ জয়দেৱৰ হঠাৎ, একেবাৰে হঠাৎ, কিদৰে সম্ভৱ হ’ল এই বিপুল বৈভৱৰ গৰাকী হোৱাৰ?…”


বৰ্তমান সফল যুৱক জয়দেৱে পুৱাই আমগুৰি গাঁৱৰ পথত গাড়ীখন নিজে চলাবলৈ অহোপুৰুষাৰ্থ কৰে, কাষত বহি থাকে নবনিযুক্ত ড্ৰাইভাৰ কামিনী। পথৰ ধূলি উৰে। গাড়ী চলে, গাড়ী ৰৈ যায়, পুনৰ গাড়ী চলে, গিয়েৰ সলনি কৰা শব্দ শুনা যায়, হৰ্ণ বাজে-এক জাগৰিত পৰিৱেশ। পুৱাই সাৰ পায় আমগুৰিয়ে। জয়দেৱৰ চমৎকাৰ প্ৰত‍্যক্ষ কৰিবলৈ বোৱাৰী পুৱাৰ পূৰ্বেই শেতেলিৰ পৰা নামি পৰে বোৱাৰীসকল, নামি পৰে শহুৰ-শাহু, কণ কণ শিশু। আবেলিপৰত আকৌ আন এক দৃশ্য-এটা প্ৰকান্ড এল্চেচিয়ান  কুকুৰ বাওঁফালে আৰু অপূৰ্ব সুন্দৰী ঘৈণী সোঁফালে- জয়দেৱ ডেকা ফুৰিবলৈ যায় পহুমাৰা নৈৰ পাৰে পাৰে। সকলোৰে চকু থৰ। বিশ্বৰ সবাত’কৈ সফল যুৱক জয়দেৱ। কিন্তু কোন সেই ‘তেৰা’? ক’ত পালে জয়দেৱে সাতৰজাৰ ধন?

সত‍্যক সদায় ঢাকি ৰাখিব নোৱাৰি। সত্য এদিন উদ্ভাসিত হবই- মহা মহা মনীষীয়ে কোন কাহানিবাই কৈ গৈছে। এই কথা সঁচা। সেইবাবেই ‘তেৰা’ৰো ৰহস্য উদ্ধাৰ হ’ল। ওৰ ওলাল উৰহী গছৰ। কিন্তু চকুচৰহাৰ দলৰ চেষ্টাত নহয় দেই(সেইসকলে হয়তো এতিয়াও গমকেই পোৱা নাই), ওৰ ওলাল বেলেগ ধৰণেহে। জয়দেৱৰ ঘৈণীয়েকৰ ভায়েকৰ বন্ধু এজনৰ প্ৰেমিকাৰ ভনীয়েকৰ প্ৰেমিকৰ সুন্দৰী ভনীয়েকৰ কাতৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি জয়দেৱে ‘কাকো নকবা, তোমাকহে ক’লো’ বুলি ‘তেৰা’ৰ ৰহস্য ভাঙি-পাতি বেকত পিছত সেই সুন্দৰী গাভৰুৱে ‘কাকো নক’ব দেই’ বুলি ককায়েকৰ বন্ধু এজনক নিৰ্জন স্থানত অকলশৰে পাই কথাৰ ভান্ডাৰ শেষ হৈ যোৱাৰ পিছত অৱশেষত ‘তেৰা’ৰ ৰহস্য বেকত কৰি দিলত ময়ো স্বাভাৱিকতে উৰহীৰ ওৰ পালোহক(যুধিষ্ঠিৰে হেনো মাকক শাও দিছিল যে নাৰীয়ে কেতিয়াও পেটৰ কথা লুকুৱাই ৰাখিব নোৱাৰিব)।

দুমহলীয়া দালান, গাড়ীৰ মালিক হোৱাৰ পূৰ্বে তথা বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে জয়দেৱ আছিল ঘৰখনৰ চকুৰ কুটা দাঁতৰ শূল। অকৰ্মণ‍্য, ধোদৰ পচলা জয়দেৱে ইফালৰ খৰি এদাল সিফালে থবলৈ টান পাইছিল যদিও নিষ্ঠাসহকাৰে সময়ে সময়ে ঘৰৰ আটালত উঠিছিল তাত থকা বয়-বস্তু তললৈ নমাই আনিবলৈ। ঘটনা ঘটাৰ দিনাও আটালত জয়দেৱে উঠিছিল বকা-কোমোৰা এটা তললৈ নমাই আনিবলৈ। পিছে আটালত উঠি কোমোৰাটোৰ পিনে হাতখন মেলি দিয়াৰ লগে ক্ষীণ পোহৰত তেওঁৰ দৃষ্টিগোচৰ হ’ল যে কোমোৰাটোৰ নিচেই ওচৰতে পৰি আছে এটা বটল। সাঁফৰ মাৰি থোৱা এটা সুন্দৰ বটল। জয়দেৱে কোমোৰাটোৰ লগতে বটলটোও তললৈ নমাই আনিলে খুব সাৱধানে ভলুকা বাঁহৰ বলডালত খোপে খোপে খোজ দি দি।…

আমগুৰিৰ সকলোৰে প্ৰধান আলোচ‍্য বিষয়-জয়দেৱ ডেকাৰ ঐশ্বৰ্য্য-বিভূতিৰ আদি-মূল সেই বটলটোৱেই। জয়দেৱে বকাকোমোৰাটো ডাঙৰ ঘৰৰ মজিয়াত থৈ বটলটো হাতত লৈ নিজৰ কোঠাত সোমাল আৰু বটলটোৰ সাঁফৰখন খুলি পেলালে। অবিশ্বাস‍্য! অসম্ভৱ! অকল্পনীয়!

পাঠকসমাজ, মই শুনা কথা বিশ্বাস কৰক। আলাদিনৰ আচৰিত চাকিৰ পৰা দৈত‍্যৰ আৱিৰ্ভাব হোৱাৰ দৰেই বটলটোৰ ভিতৰৰ পৰাও ধোঁৱা ওলাবলৈ ধৰিলে আৰু ধোঁৱাই পকোৱা কুন্ডলীৰ মাজৰপৰা কিম্ভূতকিমাকাৰ চেহেৰাৰ বিৰাট বপুৰ এক দৈত্য জয়দেৱৰ সন্মুখত আৱিৰ্ভাব হ’ল। ভয়তে জয়দেৱ মূছকঁছ গ’ল। লগে লগেই দৈত‍্যই ‘ফু:ফু:’ মন্ত্ৰৰে জয়দেৱৰ জ্ঞান ওভতাই আনিলে আৰু আলাদিনৰ আচৰিত চাকিৰ দৈত‍্যৰ দৰে কোমল সুৰত নহয়, চকু ৰঙা কৰি ক্ৰুদ্ধ কন্ঠৰে ক’লে-‘জয়দেৱ ডেকা, মই এক ভয়ানক দৈত‍্য, কিন্তু মই কাৰো দাস নহয়। ঋষিৰ শাপত মই বন্দী। ঋষিৰ শাপমোচন তথা মুক্তিৰ বাবে মোৰ এতিয়া এটাই পথ আছে- মোক বটলৰপৰা মুক্ত কৰাৰ বাবে ঋষিবাক্য অনুসৰি মোক উদ্দেশ‍্যি আপোনাৰ মুখৰ পৰা নিৰ্গত হোৱা যিকোনো সৎ কামৰ দায়িত্ব পালন কৰিবলৈ মই দায়বদ্ধ। আপুনি যি সৎ কামকেই কৰিবলৈ কয়, মই তাকেই পালন কৰিম। কিন্তু ঋষিবাক‍্য অনুসৰিয়েই, আপুনি মোক কাম দিব নোৱাৰিলেই , অৰ্থাৎ মই এটা কাম কৰি দিয়াৰ পিছতেই অইন এটা কাম মোক দিব নোৱাৰিলেই মই আপোনাক কেঁচাই কেঁচাই চোবাই খাই মোৰ পেটত ভৰোৱাৰ লগে লগেহে মোৰ প্ৰকৃত মুক্তি সম্ভৱ হ’ব। গতিকে বিলম্ব নকৰি মোক কাম দিয়ক।’

জয়দেৱৰ অৱস্থা পাঠকসমাজে নি:সন্দেহে অনুমান কৰিব পাৰিছে। ভয়তে ঠক্ঠক্-কৈ কপিঁ কপিঁ তেওঁ দৈত‍্যক আদেশ দিলে-‘মহাৰাজ, দৈত‍্য মহাৰাজ, মোক সকলো সুবিধা থকা দুমহলীয়া দালান এটা সাজি দিয়ক।’


দৈত‍্যই জয়দেৱৰ ফালে চাই মিচিকিয়াই হাঁহিলে, আৰু ক’লে-‘ইও এটা কাম হ’লনে?’

মুখৰ ভিতৰতে বিৰ্-বিৰ্-কৈ কিবাকিবি মন্ত্ৰ গাই ‘ফু:’ বুলি দৈত‍্যই কোৱাৰ লগে লগেই জয়দেৱৰ খেৰীঘৰ অন্তৰ্ধান হৈ পৰিল আৰু সুদৃশ‍্য এক দুমহলীয়া দালানে ঠাইখিনিৰ শোভা এনেদৰে বৃদ্ধি কৰিলে যে সেই দৃশ্য চাই পুনৰ মূছঁকছ গ’ল জয়দেৱ। এইবাৰো দৈত‍্যই জয়দেৱৰ সম্বিত ঘূৰাই আনি ক্ৰুদ্ধভাৱে ক’লে-‘মূছঁকছ গ’লেই নহ’ব, মোক কাম লাগে, কাম দিব নোৱাৰিলেই মই আপোনাক খাম।’ জয়দেৱ বিবুধিত পৰিল। কি কৰা যায়!

যোৱা বছৰ বন্ধু এজনৰ লগত গুৱাহাটীৰ মেডিকেল কলেজৰ চিকিৎসালয়লৈ যাওতে এবিধ গাড়ী দেখা পাইছিল। নামটোও মনত আছে-‘মাৰুতি’। সেই মাৰুতি গাড়ী এখনকে লাগিব বুলি দৈত‍্যক ক’লে কেনে হয়? মৰসাহ কৰি জয়দেৱে দৈত‍্যক হুকুম দিলে- ‘এখন মাৰুতি গাড়ী লাগে’।

ক্ৰুদ্ধ দৈত‍্যৰ মুখত পুনৰ দেখা গ’ল দুৰ্লভ মিচিকিয়া হাঁহি। মাত্ৰ এখন! কোনখন? এল্টো, জেন, ছুইফ্ট, বেলেন’, ব্ৰীজা,…কোনখন?

জয়দেৱে ক’লে-‘জেন’।

পুনৰ বিৰ্ বিৰ্ মন্ত্ৰ উচ্ছাৰণ, আৰু ‘ফু:‘! জয়দেৱ ডেকাৰ গাড়ী হাজিৰ-এখন সেউজীয়া জেন্!

‘মোক কাম দিয়ক, সোণকালে কাম দিয়ক, নহলে আপোনাক খাম’-দৈত‍্যই জয়দেৱৰ ফালে চাই গৰজি উঠিল, কাৰণ তেওঁ গাড়ীখনৰ ফালে একেথৰে চাই থাকি বহু সময় নষ্ট কৰিছিল বাবে দৈত‍্য অধৈৰ্য হৈ পৰিছিল। কি কাম দিয়া যায়-জয়দেৱে চিন্তা কৰিলে।

‘দুহাতেৰে দাতাকৰ্ণৰ দৰে খৰছ কৰিলেও যাতে মই ধনৰ অভাৱত নপৰো তেনেকুৱা এটা ব‍্যৱস্থা কৰি দিয়ক’-দৈত‍্যৰ ফালে চাই জয়দেৱে হুকুম দিলে।

দৈত‍্যৰ মুখত পুনৰ হাঁহি বিৰিঙি উঠিল। কিবা এক মন্ত্ৰ পাঠ কৰি ‘ফু:’ বুলি কৈ দৈত‍্যই জয়দেৱৰ কাণত ফুচ্ফুচাই ক’লে-‘আপুনি মাটিত তিনিটা গোৰ মাৰি আপোনাৰ প্ৰয়োজনীয় ধনৰ বিষয়ে চিন্তা কৰিলেই আপোনাৰ হাতলৈ আপোনা-আপুনি ধনখিনি আহিব, কিন্তু এই কামটো বেলেগে দেখাকৈ নকৰিব, পৰীক্ষা প্ৰাৰ্থনীয়।’

জয়দেৱে মাটিত তিনিটা গোৰ মাৰি মনে মনে ১০০০০ টকাৰ কথা চিন্তা কৰাৰ লগে লগেই ২০০০ টকীয়া ৫ খন খম্-খমীয়া নোট তেওঁৰ হাতলৈ আচম্বিতে আহি গ’ল। আনন্দত তেওঁ উত্ৰাৱল হৈ পৰিল। ইও কি সম্ভৱ? জয়দেৱে মনৰ উলাহত কি কৰিব-কি নকৰিব ভাবি থাকোতেই দৈত‍্যই পুনৰ গৰজি উঠিল-‘মোক কাম দিয়ক, নহলে মই আপোনাক খাও আৰু যাওঁ।’ জয়দেৱ হতবুদ্ধি হৈ পৰিল। দুমহলীয়া সুদৃশ‍্য দালান, মাৰুতি গাড়ী, হাতত সাতৰজাৰ ধন, অথচ দৈত‍্যই ভোগ কৰিব নিদিয়ে। কাম, কাম, কাম, নহলে খাম, খাম, খাম! কি কৰা যায়? আৰুনো কি লাগে জয়দেৱ ডেকাক?

‘মোক বিশ্বসুন্দৰীতকৈও সুন্দৰী, বুদ্ধিমতী, অসমীয়া বুজি পোৱা আৰু ক’ব পৰা এজনী ঘৈণী আনি দিব লাগে আৰু বিবাহ কৰাই দিয়াৰ লগতে ফুলশয‍্যাৰ ব‍্যৱস্থাও কৰি দিব লাগে’- জয়দেৱৰ হুকুম।

“পদুম ফুলৰ পাপৰিৰ দৰে ওঁঠ, আল্-কাতৰাতকৈও ক’লা আৰু আঠুলৈ বৈ পৰা অবৰ্ণনীয় শোভাবৰ্ধক চুলি, আলপিনোন্নত উদ্ধত বক্ষ, উন্নত নিতম্ব, মুক্তাৰ দৰে দাঁত, কাশ্মীৰী আপেলৰ দৰে গাল, দুচকুৰ আটলান্টিকৰ নীলাত ডুবি যায় সহস্ৰ ডিঙা, খোজত নাচে হিয়া, সুগোল হাতদুখন যেন কেঁচা বাঁহ পুৰি উলিয়াই অনা ফেঁহু, আৰু নাভিৰ গভীৰত আছে এনে মাধ‍্যাকৰ্ষণ শক্তিৰোধী চুম্বক- যাৰ সন্মুখত নিষ্ক্ৰিয় হৈ যাব পাৰে আলেকজেন্ডাৰৰ তৰোৱাল-এনে এগৰাকী কঁকাল খামুচীয়া সুন্দৰীৰো সুন্দৰী , মহাসুন্দৰী ঘৈণী জয়দেৱ ডেকাৰ!!”

এই হুকুমো দৈত‍্যই ততাতৈয়াকৈ পালন কৰিলে আৰু এনে এগৰাকী সুন্দৰীৰো সুন্দৰী গাভৰু ক’ৰবাৰ পৰা আনি হাজিৰ কৰাই জয়দেৱৰ লগত গন্ধৰ্ব বিবাহ কৰাই দিলে যে সেইগৰাকী গাভৰুৰ ৰূপৰ জেউতিৰ সন্মুখত নিষ্প্ৰভ হৈ পৰিব উৰ্বশী, মেনকা, ৰম্ভা কিম্বা ঐশ্বৰ্য্য, প্ৰিয়ংকা, কেটৰিণা। বিবাহ সুকলমে সম্পন্ন হ’ল, ফুলশয‍্যা তৈয়াৰ কৰি দিয়াৰ লগতে ৰাতিপুৱালৈ জয়দেৱক ৰেহাই দি দৈত্য অন্তৰ্ধান হ’ল। অন্তৰ্ধান হোৱাৰ পূৰ্বে দৈত‍্যই কৈ গ’ল যে পুৱা ছয় বজাৰ লগে লগে দৈত‍্যক কাম দিব লাগিব, নহলে জয়দেৱৰ নিস্তাৰ নাই।

পদুম ফুলৰ পাপৰিৰ দৰে ওঁঠ, আল্-কাতৰাতকৈও ক’লা আৰু আঠুলৈ বৈ পৰা অবৰ্ণনীয় শোভাবৰ্ধক চুলি, আলপিনোন্নত উদ্ধত বক্ষ, উন্নত নিতম্ব, মুক্তাৰ দৰে দাঁত, কাশ্মীৰী আপেলৰ দৰে গাল, দুচকুৰ আটলান্টিকৰ নীলাত ডুবি যায় সহস্ৰ ডিঙা, খোজত নাচে হিয়া, সুগোল হাতদুখন যেন কেঁচা বাঁহ পুৰি উলিয়াই অনা ফেঁহু, আৰু নাভিৰ গভীৰত আছে এনে মাধ‍্যাকৰ্ষণ শক্তিৰোধী চুম্বক- যাৰ সন্মুখত নিষ্ক্ৰিয় হৈ যাব পাৰে আলেকজেন্ডাৰৰ তৰোৱাল-এনে এগৰাকী কঁকাল খামুচীয়া সুন্দৰীৰো সুন্দৰী , মহাসুন্দৰী ঘৈণী জয়দেৱ ডেকাৰ!!

কথাবোৰ বিশ্বাসেই নহয়। কিন্তু বিশ্বাস হওক বা নহওক, ফুলশয‍্যাখন ব‍্যৱহৃত হ’ল। নতুন দালানৰ স্নানাগাৰত থকা চেম্পু-চাবোনেৰে ঘৈণীয়েকে জয়দেৱক গা-পা ধুৱাই দিয়াৰ পিছত দুয়োৰে মধুৰ মিলনে তৃপ্ত কৰিলে দৈত‍্যই যোগান ধৰা ফুলশয‍্যাৰ ৰজনীগন্ধা। দুমহলীয়া দালানটোও যেন সাৰ্থক হ’ল।কিন্তু জয়দেৱৰ বাবে সুখ যেন ক্ষন্তেকীয়া। ৰাতিটো পুৱালেই দৈত‍্যক কাম দিব লাগিব। কিন্তু কি কাম দিয়া মায়? ঘৰ, গাড়ী, অফুৰন্ত ধন, সকলোবোৰেই হ’ল, আৰুনো কি লাগে মানুহক, জয়দেৱ ডেকাক! সাতৰজাৰ ধন হাতৰ মুঠিত। যি ইচ্ছা তাকেই কৰিব পাৰি। আমেৰিকা-ইউৰোপ ভ্ৰমণ তুচ্ছ কথা, ঘৰ-প্ৰাসাদ সজা তুচ্ছ কথা, মাছে-মঙহে দকচি খোৱা তুচ্ছ কথা। কি লাগে? কি লাগে আৰু? পুৱতি নিশালৈ কথাবোৰ মনতে পাগুলি থাকি জয়দেৱ কিংকৰ্তব‍্যবিমূঢ় হৈ পৰিল। কি কাম দিয়া যায় দৈত‍্যক?

জয়দেৱৰ এনে অৱস্থা ঘৈণীয়েকে মনে মনে লক্ষ‍্য কৰি আছিল। যদিও ঘৈণীয়েকে কহুঁৱা-কোমল কৰঙণ দুখনৰ মাজত জয়দেৱৰ এখন কৰঙণ সুমুৱাই লৈ নিশ্চিন্তে টোপনি অহাৰ দৰে শুই আছিল, আলেঙে আলেঙে তেওঁ দেখিছিল জয়দেৱৰ মুখমন্ডলত বিষাদ আৰু উদ্বিগ্নতাৰ চিন। তেওঁ লাহে লাহে টোপনি ভঙাৰ ভাও জুৰি জয়দেৱৰ হাত দুখন সুগোল বক্ষৰ মাজত সুমুৱাই লৈ ক’বলৈ ধৰিলে-‘স্বামী, আপুনি কি চিন্তাত পৰিছে মোকো কওকচোন, কিজানিবা কিবা কৰিব পাৰোৱেই।’

জয়দেৱে হাঁহিলে। শেঁতা হাঁহি।

ক’লে-‘ ডাৰ্লিং, তোমাক কোৱাত মোৰ অকণো আপত্তি নাই। তুমি যদি মোক সহায় কৰিব পাৰা, সেই সহায় তুমি তোমাকেই কৰাৰ দৰে হ’ব। কাৰণ মোৰ মৃত্যু মানে তুমিও বিধৱা হ’বা।’ এইবুলি কৈ জয়দেৱে সকলো বিৱৰি ক’লে।

সকলোবোৰ কথা শুনি জয়দেৱৰ পত্নীয়ে মিচিকিয়াই হাঁহিলে আৰু ক’লে-‘স্বামী, আপুনি মিছাই ভয় খাইছে। এতিয়া শান্তিৰে শোৱক। মই আপোনাৰ কপালখন আৰু ভৰি দুখন পিটিকি দিওঁ। ৰাতি পুৱালেই আপোনাৰ সমস্যা শেষ।’

জয়দেৱে হাঁহিলে।প্ৰসন্ন হাঁহি। ঘৈণীয়েকৰ বুদ্ধিটো শুনি প্ৰসন্নচিত্তে তেওঁ শৰীৰটো পুনৰবাৰ সঁপি দিলে শয‍্যা আৰু পত্নীক।

কথামতেই কাম। পুৱা ছয় বজাৰ লগে লগেই দৈত‍্যই ‘কলিং বেল’ নিৰন্তৰে বজাবলৈ ধৰিলে আৰু দুৱাৰতো ঢকিয়াবলৈ ধৰিলে। জয়দেৱে হামিয়াই-হিকটিয়াই ওলাই আহিল আৰু এঙামুৰি ভাঙিবলৈ ধৰোতেই দৈত‍্যই হুংকাৰ দিলে-‘মোক কাম দিয়ক।’

এইবাৰ জয়দেৱে মিচিকিয়াই হাঁহিলে আৰু ঘৈণীয়েকে শিকাই দিয়া মতে দৈত‍্যক হুকুম দিলে-‘মোৰ ভাইটোৱে বি-এ পাছ কৰাৰ আজি ৩ বছৰেই হ’ল, চাকৰি-বাকৰি নাই। আপুনি গুৱাহাটীৰ কাহিলীপাৰাৰ শিক্ষাবিভাগৰ কাৰ্যালয়লৈ গৈ মোৰ ভাইটোৰ বাবে শিক্ষকৰ চাকৰি এটা যোগাৰ কৰিব লাগ। কিন্তু চৰ্ত এটা আছে-আপুনি কাকো ঘোচ দিব নোৱাৰিব আৰু কাম শেষ নোহোৱাকৈ উভতি আহিব  নোৱাৰিব। যাওক এতিয়া।’

দৈত‍্যই এটা বেঁকা হাঁহি মাৰিলে আৰু ক’লে-‘ইও এটা কাম হ’লনে?’ দৈত‍্য অন্তৰ্ধান হ’ল।

দৈত‍্য অন্তৰ্ধান হ’ল যি হ’লেই। আজিলৈ দৈত‍্য উভতি অহা নাই। দৈত্য হয়তো কোনোকালে উভতি আহিবও নোৱাৰিব। গতিকে জয়দেৱ ডেকাৰ এতিয়া জয়জয় ময়ময়।

সকলো ‘তেৰা’ৰেই ইচ্ছা!!

# Heading Image: www.millersguild.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

 

RelatedPosts

Kaleidoscope of life & the Altering Hues  – A short story

Kaleidoscope of life & the Altering Hues – A short story

April 22, 2022
A Lesson Well Learnt

A Lesson Well Learnt

April 20, 2022
সৰাপাতৰ সাধু

সৰাপাতৰ সাধু

April 20, 2022

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: দৈত্য উভতি নাহিল
Admin

Admin

Related Posts

Kaleidoscope of life & the Altering Hues  – A short story
Short Stories

Kaleidoscope of life & the Altering Hues – A short story

by Admin
April 22, 2022
0

Kaleidoscope of life & the Altering Hues “What is your favourite cartoon character?” A random question from Neerja and a...

Read more
A Lesson Well Learnt

A Lesson Well Learnt

April 20, 2022
সৰাপাতৰ সাধু

সৰাপাতৰ সাধু

April 20, 2022
multicolored powder photo

কুঁহিৰ হোলি

March 18, 2022
ইতিহাসে ৰিঙিয়ায়ঃ  চিলাৰায় ক’ত, চিলাৰায়?

ইতিহাসে ৰিঙিয়ায়ঃ চিলাৰায় ক’ত, চিলাৰায়?

February 16, 2022
ঢৌ

ঢৌ

February 5, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
 Assamese women nominated in Crain’s New York Business Awards

 Assamese women nominated in Crain’s New York Business Awards

May 21, 2022
ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

May 21, 2022
কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

May 21, 2022
Why should Afghan girls suffer?

Why should Afghan girls suffer?

May 21, 2022

Popular Stories

  •  Assamese women nominated in Crain’s New York Business Awards

     Assamese women nominated in Crain’s New York Business Awards

    32 shares
    Share 13 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    306 shares
    Share 122 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    16 shares
    Share 6 Tweet 4
  • The Heaven on Earth: KASHMIR

    18 shares
    Share 7 Tweet 5
  • সংগীত : এক চিকিৎসা পদ্ধতি

    9 shares
    Share 4 Tweet 2
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    7 shares
    Share 3 Tweet 2
  • Women under Islamic Emirate of Taliban

    7 shares
    Share 3 Tweet 2
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    34 shares
    Share 14 Tweet 9
  • ভাৰতত ‘চিঙ্গল ইউজ’ প্লাস্টিক নিষিদ্ধ হ’বঃ ১ জুলাইৰ পৰা 

    6 shares
    Share 2 Tweet 2
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: