‘দ্যা টেমপেষ্ট‘ৰ ক্যালিবানৰ বোবা আৰ্তনাদ

অঞ্জন শৰ্মা
সমুদ্ৰৰ লুণীয়া গোন্ধ লৈ তুমি এই দ্বীপৰ বুকুলৈকে আহিছিলা, হে প্ৰস্পেৰ’!
তোমাৰ জহি-খহি যোৱা নাওখনত তোমাৰ অনাহাৰী শৰীৰটোৰ
গাতত সোমোৱা দুচকুৰ ধূসৰ শূণ্যতা আতৰাই,
এই নিবিড় বননিৰ
সুমিষ্ট বনৰীয়া ফল ময়েই
এই ক্যালিবানেই জানো
তুলি দিয়া নাছিলো তোমাৰ হাতত?
মিৰাণ্ডাৰ হাতত?
তোমাৰ শুকান, ফটা ওঁঠত
আমাৰ বননিৰ শীতল পানীৰ জুৰিটি
ময়েই লগাই দিয়া নাছিলো জানো?
তেতিয়া মই জানো ভুলতেও ভাবিছিলো-
তোমাৰ যাদুৰ শক্তিৰ দ্বাৰা মোৰ মুক্ত জগতখন
এদিন এনেদৰে ভাঙি ছিঙি চুৰমাৰ হ’ব!
আৰু মোৰেই মৰমৰ ছাঁত গোপনে গঢ় লৈ উঠিব গভীৰ ষড়যন্ত্ৰ
দাসত্বৰ এক কৰুণ ইতিহাস!
আজি সাগৰৰ নীলা বুকুখন মথি তোমাৰ মন্ত্ৰেৰে সৃষ্টি কৰিছা
এক বিধ্বংসী ধুমুহা
এৰিয়েলৰ অদৃশ্য ডেউকাত কঁপনি তুলি
দিগন্তৰ সকলো পোহৰ যেন স্তব্ধ কৰি দিছা
কিন্তু তোমাৰ সেই ধুমুহাতকৈও এক আদিম,
গভীৰ অন্ধকাৰ ঘূর্ণিৰ চক্ৰ এতিয়াও মোৰ বুকুৰ ভিতৰতেই ঘূৰি আছে ঘূৰি ঘূৰি ঘূৰি আছে।
তোমাৰ জিলিকি থকা যাদুদণ্ড আৰু ভয়ানক ৰক্তাক্ত চাবুকৰ সন্মুখত,
মোৰ জন্মভূমিতেই আজি মই
হৈ পৰিছো এক শিপাহীন বৃক্ষ, সৰি পৰা হালধীয়া পাত, গোলাম।
তুমি আৰু মিৰাণ্ডাই, কৃপা কৰাৰ দৰে অভিনয় কৰি
বলপূৰ্বক জাপি দিয়া তোমাৰ সেই ভাষাটো-
আজি মোৰ কণ্ঠনলীত বিষাক্ত তীক্ষ্ণ
কাঁচৰ টুকুৰা হৈ সোপা মাৰি ধৰিছে!
শুনা প্ৰস্পেৰো,
মোক তুমি ‘অসভ্য’ বুলিছিলা
মোক ‘সভ্য’ কৰিবলৈ ভাষা শিকাইছিলা
গতিকে আজি
তোমাৰ সেই ভাষাৰেই মই তোমাক দিম অভিশাপ ,
তোমাৰ বৈভৱ, তোমাৰ ক্ষমতাক।
প্ৰস্পেৰো,মই মাথো বিচাৰিছিলো মানুহৰ মৰমৰ স্পৰ্শ, বনৰীয়া ঘাঁহ আৰু আদিম বতাহৰ সান্নিধ্য
তোমাক সেয়ে দিছিলো আশ্ৰয়
কিন্তু এই উকা দ্বীপটোত আজি মই তোমাৰ এক দাস, স্তব্ধ হৈ ৰোৱা ইতিহাসৰ ট্ৰেজিক চৰিত্ৰ।
বাহিৰত সাগৰৰ গৰ্জন আৰু কুঁৱলীৰ নদী পাৰ হৈ ভাঁহি আহিছে এৰিয়েলৰ সুৰ
তুমি হয়তো উভতিবা কাহানিবা
তোমাৰ মিলানৰ সিংহাসনলৈ,
অগাধ সাগৰৰ বুকুত বুৰাই থৈ তোমাৰ যাদুৰ পুথি-
কিন্তু এই ভগ্ন, বিধ্বস্ত দ্বীপটোত চিৰকাল সাৰে ৰ’ব
কেৱল নিঃশব্দতা, তেজৰঙা কুঁৱলী আৰু শিপাৰ পৰা ওলাই অহা
খিলঞ্জীয়া এই ক্যালিবানৰ
আদিম বোবা আর্তনাদ।
১১-০৯-২০২৬
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















