দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি
শোভিতকমল বৰা
পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ এতিয়া আৰু গণতন্ত্ৰ হৈ আছে নে? নে গণতন্ত্ৰ সংবিধানৰ পৃষ্ঠাত সজাই থোৱা এক আদৰ্শহে মাত্ৰ ! ভাৰতীয় সংবিধানৰ পিতৃ বি. আৰ. আম্বেদকাৰৰ মতে গণতন্ত্ৰ কেৱল শাসন ব্যৱস্থা বা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ মাজতেই সীমাবদ্ধ নহয়, গণতন্ত্ৰ হৈছে সমতা, স্বাধীনতা আৰু ভাতৃত্বৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এক জীৱনধাৰা।
কিন্তু সম্প্ৰতি ভাৰতবৰ্ষত দিনে দিনে এনে ঘটনা ঘটি আছে যিয়ে ভাৰতীয় নাগৰিকক ভাবিবলৈ বাধ্য কৰাইছে যে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হয় নে? এতিয়া সোনম ৱাংচুকৰ ঘটনাই এই প্ৰশ্নকে প্ৰকট কৰি তুলিছে – গণতন্ত্ৰত নাগৰিকৰ কণ্ঠ কেতিয়া শুনা যায়, শুনা যায় নে?
এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে লাডাখৰ বিজ্ঞানী , অভিযন্তা , পৰিবেশবিদ, শিক্ষা সংস্কাৰক সোনম ৱাংচুকে।

হিমেৰে আৱৰি থকা লাডাখৰ বিশাল পৰ্বতমালা আৰু অন্তহীন লীলা আকাশৰ মাজত বাস কৰা এই ব্যক্তি জনে জীৱনত সাহস, সহমৰ্মিতা আৰু সৃষ্টিশীলতাৰ মাজেৰে অসম্ভৱকো সম্ভৱ কৰাৰ সপোন দেখি আহিছে। তেওঁ সঁচা অৰ্থত এজন সচেতন নাগৰিক যিয়ে বিশ্বাস কৰে যে প্ৰকৃত পৰিৱৰ্তন মানুহৰ চিন্তা আৰু অংশগ্ৰহণৰ পৰাই আৰম্ভ হয়।
লাডাখৰ এখন দূৰৱৰ্তী গাঁৱত তেওঁৰ জীৱনৰ আৰম্ভণি। বিদ্যালয়ত মাতৃভাষাৰ সলনি আন ভাষাত পাঠদান হোৱাৰ বাবে শিক্ষা গ্ৰহণত তেওঁ বাধাৰ সন্মূখীন হৈছিল । কিন্তু এই ব্যৰ্থতাক তেওঁ নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰি সেই সমাজৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ বিকল্প পথ হিচাপে প্ৰতিষ্ঠা কৰিলে SECMOL অৰ্থাত ‘ STUDENTS EDUCATIONAL AND CULTURAL MOVEMENT OF LADAKH’ । যাৰ জৰিয়তে তেওঁ এনে এক শিক্ষা পদ্ধতি গঢ়ি তুলিলে য’ত শিক্ষাৰ মূল উদ্দেশ্য কেৱল মুখস্থ বিদ্যা নহয়। বৰং চিন্তা কৰা , উদ্ভাৱন কৰা আৰু বাস্তৱ সমস্যাৰ সমাধান কৰা।
তেওঁৰ আইছ স্তুপ (Ice stupa) প্ৰকল্পই বিশ্ববাসীক দেখুৱালে যে বিজ্ঞান আৰু প্ৰকৃতি যদি একেলগ হয় তেন্তে কঠিন পৰিৱেশটো জীৱনৰ নতুন সম্ভাৱনা সৃষ্টি কৰিব পাৰি। বৰফৰ স্তুপত পানী সংৰক্ষণ কৰি বসন্তত কৃষকৰ খেতিত পানী যোগান ধৰাৰ এই অভিনৱ পদ্ধতিয়ে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে ।
সৌৰশক্তি চালিত মাটিৰ ঘৰ তেওঁৰ উদ্ভাৱনীয়তাৰ শক্তিশালী উদাহৰণ।তেওঁ ভাৰতীয় সেনাৰ বাবে পৰিৱেশ অনুকূল, কম খৰচী আৰু স্থানান্তৰ যোগ্য সামৰিক তম্বু সাজি উলিয়াইছিল । মানুহ আৰু প্ৰকৃতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ “Roman Magsaysay Award(2018), Global Award for Sustainable Architecture (2017)আদি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা তথা খ্যাতি অৰ্জন কৰে।
এতিয়া চৰম সংকটপূৰ্ণ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ স্বাৰ্থত জীৱন মৰণৰ সৈতে যুঁজি আছে এইজন বিজ্ঞানীয়ে । বিজ্ঞানী হিচাপে কেৱল বিজ্ঞানৰ আৱিষ্কাৰৰ মাজতে সীমাবদ্ধ নাথাকি শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱনলৈও ভ্ৰুক্ষেপ নকৰি ২৮ জুন ৰ পৰাই অনাহাৰে তেঁও দিল্লীৰ যন্তৰ- মন্তৰত আমৰণ অনশনত বহিছিল। উদ্দেশ্য অতি নিকা ,দেশৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী ।
কিয়নো বাৰে বাৰে শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে । পৰীক্ষাৰ “পেপাৰ লিক্” কৰাটো যেন শিক্ষা বিভাগৰ অভ্যাসত পৰিণত হৈছে । পৰীক্ষা ব্যৱস্থাত দেখা দিয়া এনে চৰম বিসংগতিৰ বাবে বহু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে, নিজৰ জীৱনেই ত্যাগ কৰিলে বহুজনে। অথচ কিঞ্চিতো সৰৱ নহয় সংশ্লিষ্ট কৃৰ্তপক্ষ ।
শিক্ষাৰ দৰে সংবেদনশীল ক্ষেত্ৰত বাৰে বাৰে উচ্চস্তৰীয় পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো কোনো স্বাভাৱিক ঘটনা নহয়। NEET-ৰ দৰে কেন্দ্ৰীয় পৰীক্ষাৰ ক্ষেত্ৰত ব্যৱস্থাটো কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনত থকা NTA-য়েই পৰিচালনা কৰে আৰু সেই ব্যৱস্থাৰ সফলতা বা ব্যৰ্থতাৰ বাবে NTA আৰু শিক্ষা মন্ত্ৰালয়-দুয়োটাই জবাবদিহিৰ আওতাত আহে।
ভাৰতত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় (Ministry of Education)-ৰ চূড়ান্ত ৰাজনৈতিক কৰ্তৃত্ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ হাতত থাকে। শিক্ষা মন্ত্ৰী মন্ত্ৰীসভাৰ সদস্য আৰু তেওঁ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কাম কৰে। গতিকে পৰীক্ষা পৰিচালনা সংস্থা আৰু তদন্তকাৰী সংস্থাসমূহৰ লগতে চৰকাৰৰ ওপৰত অধিক জবাবদিহি আৰু ফলপ্ৰসূ সংস্কাৰৰ দাবী উঠাটো গণতান্ত্ৰিক দেশত সম্পূৰ্ণ যুক্তিপূৰ্ণ।
তেনে পৰিপ্ৰেক্ষিততে যন্তৰ মন্তৰত সুচনা হৈছিল এনে প্ৰতিবাদী কাৰ্যসূচী। মহাত্মা গান্ধীৰ অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদ নীতিত বিশ্বাসী ৱাংচুকে অহিংসা নীতিৰে ২১ দিন অনশনত বহিল। সৰৱ হৈ পৰিল সমগ্ৰ দেশবাসী। কিন্তু জনসাধাৰণৰ এই দাবী প্ৰতিবাদ সকলোঁ আওকাণ কৰি চকুমুদা কুলিৰ দৰে বহি থাকিল দেশৰ চৰকাৰ ।
অৱশেষত,প্ৰতিবাদৰ দাবীসমূহ শুনা, আলোচনা কৰা , দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ কথা চিন্তা কৰাৰ সলনি অনশনৰ ২১দিনৰ দিনা আৰক্ষী প্ৰশাসনে বলপূৰ্বকভাৱে তেওঁক অনশনৰ পৰা আঁতৰাই লৈ যায় আৰু আন প্ৰতিবাদী সকলকো শীঘ্ৰেই সেই স্থান ত্যাগ কৰাৰ নিৰ্দেশ দিয়ে। তৎক্ষণাত কাঢ়ি লৈ গ’ল জনতাৰ অধিকাৰ , বাক্ স্বাধীনতা সকলো।
অৱশ্যে এইয়া কোনো নতুন ঘটনা নহয় । পদে পদে অধিকাৰ আৰু স্বাধীনতা হেৰুৱাই এনে পৰিস্থিতিৰ সৈতে অভ্যস্ত হৈ পৰিছে ভাৰতীয় নাগৰিক। ৰাজহুৱা স্থানত সোনম ৱাংচুকৰ ছবি আঁকি বন্দী হৈছে দুজন শিল্পী । অন্যায়ৰ বিৰোধিতাৰে ছবি আঁকি , কথা কৈ , কবিতা লিখি জেললৈ যোৱা কাৰ্য এইখন ভাৰতত, এইখন অসমত পুনৰাবৃত্তি হৈয়ে আছে।
ভাৰতীয় সংবিধানে অনুচ্ছেদ ১৯(১) (a) জৰিয়তে ভাৰতীয় নাগৰিকক মতপ্ৰকাশৰ স্বাধীনতা আৰু অনুচ্ছেদ (১৯)(১)(b) ৰ জৰিয়তে সামৰিক অস্ত্ৰৰ অবিহনে শান্তিপূৰ্ণ ভাৱে সমৱেত হৈ প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে । কিন্তু ভাৰতীয় নাগৰিকে এই অধিকাৰ প্ৰকৃতপক্ষে কিমান উপভোগ কৰিব পাৰিছে সেয়া এতিয়া এক বৃহৎ প্ৰশ্নবোধক ।
সোনম ৱাংচুকৰ এই শান্তিপূৰ্ণ প্ৰতিবাদে পুনৰ সোঁৱৰাই দিছে যে অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদ নাগৰিকৰ এক সাংবিধানিক অধিকাৰ। ভাৰতবৰ্ষৰ ইতিহাসত এনে আমৰণ অনশন যে এয়াই প্ৰথম তেনে নহয়, ভাৰতত শান্তিপূৰ্ণ প্ৰতিবাদৰ আহিলা হিচাপে আমৰণ অনশনৰ দীঘলীয়া ইতিহাস আছে।
স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ আৰু সামাজিক সম্প্ৰতি স্থাপনৰ উদ্দেশ্যে অনশনক এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। আনহাতে বিপ্লৱী যতীন দাসে 1929 ত কাৰাগাৰত ৰাজনৈতিক বন্দী সকলৰ উন্নত সুবিধাৰ দাবীত অনশন কৰিছিল। 63 দিন ধৰি কৰা এই অনশনৰ শেষত ব্ৰিটিছ চৰকাৰে দাবী মানি লৈছিল।

1952 চনৰ পট্ৰি শ্ৰীৰমুলো য়ে মাদ্ৰাজৰ তেলেগু ভাষা কোৱা মানুহৰ বাবে পৃথক ৰাজ্য গঠনৰ দাবীত অনশনত বহিছিল। 54 দিনীয়া অনশনৰ অন্তত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দাবী মানি লৈ অন্ধ্ৰ ৰাজ্য গঠন কৰিছিল । ২০০-২০০৬ চনত সশস্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন(AFSPA)ৰ বিৰুদ্ধে ইৰোম শৰ্মিলাৰ 16 বছৰ ধৰি চলা অনশন আছিল পৃথিৱীৰ আটাইটকৈ দীঘলীয়া অনশন ।
আনকি সোনাম ৱাংচুকৰ পিতৃ সোনম ৱানগ্যালে লাডাখৰ জনতাক ST মৰ্য্যদা প্ৰদান কৰিবলৈ 1980 চনত 12 দিন আৰু 1984 চনত 5 দিনৰ অনশন কৰিছিল। তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁৰ দাবী মানি লৈছিল। পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধীয়ে 1989 চনত লাডাখৰ কিছু সম্প্ৰদায়ক ST ঘোষণা কৰিছিল । মুঠৰ ওপৰত বিভিন্ন সময়ত ভাৰতত হোৱা অনশনৰ প্ৰতি চৰকাৰে সঁহাৰি জনাই আহিছে । কেতিয়াবা দাবী মানিছে, কেতিয়াবা আলোচনাত বহিছে বা আন ব্যৱস্থা গ্ৰহণ কৰিছে ।
কিন্তু এতিয়া সোনম ৱাংচুকৰ এই অনশনৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ সহমৰ্মীতা প্ৰদৰ্শন কৰা নাই। বৰং কোনো আলোচনাত মিলিত নোহোৱাকৈ ৱাংচুকক বলপূৰ্বকভাৱে হস্পিতাললৈ লৈ যোৱা হ’ল। ইয়াতেই এটা পাৰ্থক্য প্ৰস্ফুটিত হয় -পূৰ্বতে চৰকাৰে অনশনক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এক অংশ হিচাপে মান্যতা প্ৰদান কৰিছিল কিন্তু এতিয়াৰ চৰকাৰৰ বাবে ই এক অপৰাধ।
চৰকাৰে জনতাৰ প্ৰতিবাদ, জনতাৰ কণ্ঠ শুনা আৰু তাৰ প্ৰতি দায়িত্বশীল ভাৱে মতপ্ৰকাশ কৰা হৈছে সুস্থ গণতন্ত্ৰৰ এক প্ৰধান লক্ষণ আৰু দেশত সুস্থ গণতান্ত্ৰিক বাতাবৰণ বাহাল ৰখাটো প্ৰত্যেকৰে নৈতিক দায়িত্ব। আচৰ্য্যকৰ কথা এতিয়াও দেশত অনেক লোকে ৱাংচুকক সমৰ্থন কৰাৰ সলনি দেশদ্ৰুহী সজাবলৈহে চেষ্টা কৰাছে, সত্যাসত্য বিচাৰ নকৰাকৈ না না কথাৰে আক্ৰমণ কৰিছে। মহাত্মা গান্ধীয়ে কৈছিল অনশনে মানুহক জাতি-ধৰ্মৰ প্ৰভেদ আঁতৰাই একত্ৰিতকৰণ জৰিয়তে মুক্তিৰ পথ মোকলাই।
গতিকে আমাৰ দেশবাসীও এক হোৱা উচিত। কবি সমীৰ তাঁতীয়ে লিখিছিল-” সংগঠিত হ’লে মানুহ আমি কৰিব নোৱাৰো কি।… অন্ধকাৰত যেতিয়া পতিত হয় দেশ, কেৱল সংগঠিত মানুহে বহন কৰি আনিব পাৰে পোহৰ…“।ৱাংচুকৰ দৰে দেশৰ প্ৰত্যেক নাগৰিকে সাংবিধানিক অধিকাৰ আৰু দায়িত্ববোধৰ প্ৰতি সতৰ্ক থাকিব লাগে।
সোনম ৱাংচুকৰ দৰে ব্যক্তি দেশৰ সম্পদ । গতিকে এনে সম্পদ হেৰাই যোৱাৰ আগতেই সেয়া ৰক্ষাৰ্থে চৰকাৰ সচেষ্ট হ’ব লাগে। পাহৰি যাব নালাগে যে গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা আৰু জনসাধৰণৰ বাবে গঠিত শাসন ব্যৱস্থা।
শোভিতকমল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়, obhitkamalb@gmail.com
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















