দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি
দিব্যাংশু বৰা
স্মৃতি নামৰ বস্তুটো বৰ অদ্ভুত। ইয়াৰ অবিহনে মানুহৰ যেন একো অস্তিত্বয়েই নাই। কিছুমান মধুৰ স্মৃতিয়ে হয়তো মানুহ এজনক জীয়াই থাকিবলৈ উৎসাহ যোগাই অথবা কিছুমান বিষাদস্বৰপ স্মৃতিয়ে সেই একেজন মানুহকে নিৰাশাৰ মাজলৈ ঠেলি দিয়ে। প্ৰত্যেক ব্যক্তিৰ মাজত মধুৰ আৰু বিষাদস্বৰূপ– এই দুইধৰণৰ স্মৃতি থকাটো আৱশ্যক কাৰণ কেৱল এটাৰ উপস্থিতিৰে একোজন মানুহে জীৱন সম্পূৰ্ণভাৱে উপভোগ কৰাটো অসম্ভৱ।

কিছুমান মধুৰ স্মৃতিয়ে মাজে-সময়ে মনৰ মাজত নীৰৱে ভূমুকি মৰাৰ ফলত জীৱনৰ ৰসবোধ আৰু আনন্দময় দিশবোৰলৈ (একধৰণৰ যান্ত্ৰিক পৃথিৱীৰ বাসিন্দা যদিও) প্ৰায়েই জ্ঞাত হৈ পৰো। কিন্তু এই স্মৃতিসমূহে ভূমুকি মৰাৰ সময় নিৰ্ধাৰণ কৰাটো নিচেই অসম্ভৱ।
এই বিষয়ে ড° হীৰেন গোহাঁয়ে তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ “বতাহত ক’ৰ গধূলি–গোপাল” ৰ দ্বিতীয় অধ্যায় “আকৌঃ গোলাঘাট” ৰ প্ৰথম ভাগত বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে –
“স্মৃতিৰ কিছুমান আচৰিত গুণ আছে। অতীতৰ কথা মনত পেলাওঁ বুলি কঁকালত টঙালি বান্ধি ল’লে বৰ বেছি কথা মনত নপৰে। কাৰণ মুখস্থ কৰা পাঠৰ দৰে অতীত মনৰ উপৰিভাগত নাথাকে, সোমাই থাকে চুকে–কোণে, নিভৃত প্ৰাণৰ কোঁহে–কোঁহে, অৱহেলিত কিন্তু অমূল্য মণি–মৰকতৰ দৰে একেবাৰে তলৰ স্তৰবোৰৰ খাঁজে–খাঁজে। কেতিয়া কেনেকৈ নীৰৱতা আৰু গোপনীয়তাৰ ৰুদ্ধ দুৱাৰ মেল খাই যায় ক’ব নোৱাৰি।”
ঠিক তেনেধৰণৰ সোণোৱালী স্মৃতি এটাই মনত মাজে-সময়ে ভূমুকি মাৰি মোৰ মনটো আনন্দময়ী কৰি তোলে।
২০১২ চনৰ কথা। সঠিক তাৰিখে ইতিমধ্যে মোৰ স্মৃতিৰ পৰা বহুদূৰলৈ উৰা মাৰিছে। জুবিনদা (জুবিন গাৰ্গৰ) “Rock” এলবামখনে কিছুদিনৰ আগতে মুকলি লাভ কৰিছিল। সেই বিশেষ এলবামৰ কেইটামান গীত পৰিৱেশন কৰিবলৈ তেওঁ নগাঁৱৰ নতুন বজাৰত আহিব বুলি দেউতাই মোক এই বিশেষ খবৰ জনোৱাত মোৰ যেন ফূৰ্তিৰ সীমা নোহোৱা হৈছিল। আচলতে দেউতাই ভালদৰে জানিছিল যে মই জুবিনদাৰ এজন কিমান ডাঙৰ অনুৰাগী আৰু “Rock” এলবামৰ গানবোৰ যে মই একেৰাহে কেইবাবাৰো শুনিছিলোঁ অৰ্থাৎ মোৰ কিমান প্ৰিয়।
মোৰ এই জিজ্ঞাসা আৰু জুবিনদাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা আৰু ভালপোৱাক উৎসাহ জনাই দেউতাই মোক জুবিনদাৰ সেই বিশেষ সংগীতানুষ্ঠান লৈ গৈছিল। মোৰ তেতিয়া আঠবছৰীয়া জীৱনকালত জুবিনদাক প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱাৰ যি হাবিয়াস আছিল সেইটো শব্দেৰে ব্যক্ত কৰিব নোৱাৰি। আমি নতুন বজাৰত বিয়লিৰ প্ৰায় তিনিমান বজাত পাইছিলোঁগৈ। তেতিয়া মানুহৰ সংখ্যা কিছু কম আছিল। ভালদৰে চাবলৈ ঠাই পাম বুলিয়েই আমি কিছু সোনকালে পাইছিলোঁগৈ।

কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে ক্ৰমান্বয়ে মানুহৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিলে আৰু শেষলৈ গোটেই ঠাইখিনিত থিয় দিবলৈও ঠাই নোহোৱা হৈছিল। সেই সময়ত মোৰ উচ্চতা কম আছিল বাবে মানুহৰ হেঁচাত মই ভালদৰে জুবিনদাক দেখা নাপাম বুলি দেউতাই মোক solar light ৰ pole এটাৰ ওচৰত থকা অলপমান ওখ ঠাই এডোখৰত ঠিয় কৰাই দিছিল।
অপেক্ষা কৰাৰ সময়ছোৱাত মোৰ কেৱল এটাই চিন্তা, “জুবিনদাই কিয় ইমান দেৰি কৰিছে? তেওঁ অনুষ্ঠান বাতিল কৰিব নেকি?”
অৱশেষত সন্ধ্যা সাতমান বজাত এটা বগা টি–চাৰ্ট, মুৰত মেৰিয়াই লোৱা এখন ৰঙীন ৰুমাল, দুয়োখন কাণত দীঘল কাণফুলি আৰু সোহাঁতখনত কেইবাডালো ব্ৰেচলেট পিন্ধি জুবিনদা ষ্টেজত উঠিল আৰু উঠাৰ লগে লগেই দৰ্শকসকলে “জুবিন!” “জুবিন!” “জুবিন!” “জুবিন!” বুলি একেলগে চিঞৰিবলৈ ধৰিলে। তেওঁক দেখা পাই মোৰ ফূৰ্তিৰ সীমা নোহোৱা হৈছিল। অলপ সময়ৰ পিছতেই তেওঁ গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছিল আৰু মই অন্যান্য দৰ্শকসকলৰ লগতে মন্ত্ৰমুগ্ধ হৈ চাই আছিলোঁ।

তেওঁৰ মাতটো শুনিলে যেন শুনি থাকিবলৈ মন যায়। তেওঁৰ কণ্ঠত যেন এক যাদু আছিল যিয়ে সকলোকে মোহিত কৰিব পাৰিছিল। চাৰিওফালে এবাৰ চকু ফুৰাই দেখিছিলো যে সকলোৱে ধৰ্ম, জাতি আৰু বৰ্ণৰ বিভাজন বাদ দি একেলগে কেৱল জুবিনদাৰ গীতসমূহ উপভোগ কৰিবলৈ লৈছিল, পিছে এইখন “বৰ অসম” এ জুবিনদাই আজীৱনকাল বিচৰা নাছিল জানো?! তেখেতৰ “Rock Rock Rock”, “এজাক বৰষুণে”, “Senorita”, “জিউ তুমি” আদি মোৰ অন্যতম প্ৰিয় গীতসমূহ প্ৰথমবাৰৰ বাবে লাইভ শুনি যেন মই উৎফুল্লিত হৈ গৈছিলোঁ। সেই নিশাৰ স্মৃতি যেন মোৰ বাবে হৈ ৰ’ব স্মৰণীয়।
জুবিনদা কায়িকভাৱে নোহোৱা হোৱাৰ এতিয়া প্ৰায় ৯ মাহেই হ’বৰ হ’ল কিন্তু তেখেতৰ অনুপস্থিতিক যেন মই এতিয়ালৈকে মানি ল’ব পৰা নাই। এটি ব্যস্ততাৰে পৰিপূৰ্ণ দিনৰ অন্তত ৰাতি যেতিয়া মোৰ ৰুমৰ বিছনাখনলৈ ধাপলি মেলো তেতিয়া টোপনি যোৱাৰ আগমূহুৰ্তত “জুবিনদা সঁচাকৈয়ে নোহোৱা হৈ গ’লনে বাৰু? এই সকলোবোৰ এটা বেয়া স্বপ্নৰ অংশ নেকি?” প্ৰশ্নবোৰে মোৰ মনত অশান্তিৰ সৃষ্টি কৰে। কেতিয়াবা যেন এই সকলোবোৰ মিছা বুলি প্ৰমাণ কৰি তেওঁ আমাৰ মাজলৈ পুনৰবাৰ যেন ঘূৰি আহিব সেই আশাই মনৰ মাজত ৰাখিছো।

তেওঁ যেন সঁচাকৈয়ে আছিল ঈশ্বৰপুত্ৰ, যিয়ে (ড° হীৰেন গোহাঁইদ্বাৰা সম্পাদিত “জুবিন গাৰ্গৰ জগত” শীৰ্ষক প্ৰবন্ধ সংকলনত প্ৰকাশিত ৰাহুল গৌতম শৰ্মাৰ “জুবিন গাৰ্গঃ এটি টোকা” শীৰ্ষক প্ৰবন্ধটোত উল্লেখ থকাৰ দৰে) নিজৰ বিয়োগেৰে এক collective melancholia প্ৰদান কৰি সকলো অসমবাসীকে একলগ কৰিলে।
জুবিনদালৈ বৰকৈ মনত পৰিলে টোপনি যোৱাৰ আগতে এই গীতটো হেডফোনডাল লগাই প্ৰায়েই শুনো–
“উভতি চোৱাঁ ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজটি খোৱা উচুপনিবোৰে
ছবি হৈ হৈ ক’বহি কাহিনী।”

দিব্যাংশু বৰা, স্নাতকোত্তৰ মহলাৰ ছাত্ৰ, ইংৰাজী বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, ফোন নং: 9101813697
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.
















