• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Bhupen Hazarika

‘দ্য লাষ্ট প’ষ্ট’

দ্য লাষ্ট প'ষ্ট

by Anjan Sarma
November 10, 2021
in Bhupen Hazarika, Cultural
Reading Time: 1 min read
0
‘দ্য লাষ্ট প’ষ্ট’
Share on FacebookShare on TwitterShare on LinkedIn

দ্য লাষ্ট প’ষ্ট

bhaskar j mahanta

ভাস্কৰজ্যোতি মহন্ত

RelatedPosts

Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026

জনসমুদ্ৰৰ মাজত ওখ বেদীত ভূপেনদাই প্ৰশান্তিৰে শুই আছে। বিদায় ক্ষণৰ মাংগলিক কামখিনি কৰা হ’ল। নিষ্পলক মুখমণ্ডলেৰে আনুষ্ঠানিক মৰ্যাদা সাৰোগত কৰি পুলিচ বাহিনীৰ প্লেটুন কমাণ্ডাৰে আদেশ দিলে—‘চালামি শস্ত্’—


 যুগনায়কজনাৰ প্ৰতি অভিবাদন কৰা হ’ল। পিছফালে অৱস্থান কৰা বেণ্ডৰ সুৰত বাজি উঠিল বিষাদেৰে ভৰা কাৰুণ্যৰ সুৰ ‘দ্য লাষ্ট প’ষ্ট’। শোক প্ৰকাশ আনুষ্ঠানিকতাত মন সাগৰত সোঁৱৰণিৰ ঢৌৱে উখল-মাখল লগালে।


তেওঁ সচেতন মনেই উত্তৰাধিকত্ব গ্ৰহণ কৰিলে শংকৰদেৱে দি যোৱা সুৰীয়া কৃষ্ণ ঐতিহ্যৰ। তেওঁৰ লগত হাঁহি-চুপতিৰ সেই মুহূৰ্তবোৰৰ মাজৰে কোনোবা এটা দিনৰ সেই অপূৰ্ব ভাব প্ৰকাশৰ ক্ষণলৈ মনত পৰিল—‘বুইচা, আমি অসমীয়াবোৰ আচলতে চব আৰ্টিষ্ট—ৰাতিপুৱাৰ পৰা শোৱা সময়লৈকে অসমীয়াই সাংগীতিক জীৱনেই পালন কৰে। ঈশ্বৰক চিন্তা কৰে গান গাই, কেঁচুৱা শুৱায় গান গাই, প্ৰেম কৰে গান গাই আৰু আনকি গালিও পাৰে গান গাই।’ হয়, তেওঁ পূৰ্বজৰ পৰা সাংগীতিক ঐতিহ্য ক’ৰবাত হেৰাই যাব বুলি বৰ চিন্তাত পৰিছিল। জ্যোতিপ্ৰসাদৰ লগতে সুৰ মিলাই আনকি তেওঁ প্ৰশাসন যন্ত্ৰকো সাংস্কৃতিক হোৱাৰ পোষকতা কৰিছিল।জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক ত্ৰিভুজটো এদিন তেওঁ মোক দেখুৱাই কৈছিল—এই ত্ৰিভুজটোৰ ‘বেছ’ (base)টো ডাঙৰ কৰি দিছো চোৱা—লগে লগে ত্ৰিভুজটোক আৰু ওখ কৰি দিবলৈ বাধ্য হ’বা। ঠিক তেনেকৈ সংস্কৃতিৰ বতাহ যিমান মানুহৰ মাজত বিয়পাই দিবা, সিমানেই তোমাৰ সামূহিক সাংস্কৃতিক সত্তা ওখ হৈ গৈ থাকিব।‘ এৰা, জনসংস্কৃতি তেওঁৰ বাবে এক সময়োপযোগী ‘ফেশ্বন ষ্টেটমেণ্ট’ নাছিল—সাংস্কৃতিক ব্যাপকতা তেওঁৰ সত্তাৰ কোঁহে কোঁহে সোমাই আছিল।

ent lead hazarika 11


‘আমাক আশা দি যোৱা ভূপেনদা—আদি, নিচি, আপাতানি, মনপা, টাংচা আৰু মিচিমি—ধূসৰ অৰুণাচল পাহাৰৰ আমি চবেই তোমাৰ প্ৰেমাচ্ছন্ন কথকতাক আৰু নাপাওঁ, তোমাৰ যাদুকৰী শব্দ আৰু মাতৰ পৰশ আৰু নাপাওঁ—এই বুলি দুখ কৰি মোলৈ এছ এম এছ কৰিলে সোদৰোপম অৰুণাচলী বন্ধু ৰবীন হিবুৱে। এৰা, বৰ অসমৰ সপোন মৰীচিকা খেদি সেই অহংকাৰী লৌহ পুৰুষজনে কমখিনি অহোপুৰুষাৰ্থ কৰিলেনে? জনগোষ্ঠীসমূহ অসমৰ সামূহিক সত্তাৰ পৰা আঁতৰি যোৱাৰ বিভীষিকাই তেওঁক অতিকে ব্যথিত কৰিছিল। সেয়ে অসম সত্ৰ মহাসভা আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যোগত জনগোষ্ঠীসমূহক ভাওনাৰ প্ৰশিক্ষণ দিয়াই ‘সেতুবন্ধ’ অনুষ্ঠান ২০০৩ চনত কৰাৰ সময়ত তেওঁৰ আৱেগ উথলি উঠিছিল আৰু নিজেই আগভাগ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ ৰাইজক গোহাৰি জনাইছিল—গান গাইছিল আৰু ৰচিছিল এক অমিয়া সুৰৰ অপূৰ্ব গীত। এইখিনিৰ দৃশ্য-শ্ৰব্য উদাহৰণ আমাৰ ওচৰত আছে।


ভূপেনদাৰ কথা কৈ কৈ, ভাবি ভাবি ওৰকে নপৰে। অসমীয়া ডেকা চামক আধুনিক প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত কৰি বিশ্বৰ বহল বুকুত প্ৰত্যয়েৰে খোজ পেলাবলৈ তেওঁ বাস্তৱসন্মত ব্যৱস্থা লোৱাৰ পক্ষপাতী আছিল। তেওঁ ডেকা হৈয়ে থাকিব বিচৰাটো সৰ্বজনবিদিত। আৰু তেওঁ ডেকা হৈয়ে থাকিল আৰু ডেকা হৈয়ে আমাৰ পৰা মেলানি মাগিলে। সুন্দৰ আৰু নান্দনিক জীৱন যাত্ৰাৰ কাণ্ডাৰীজনে ৰোগাক্ৰান্ত হৈ, আনৰ পুতৌৰ পাত্ৰ হৈ কষ্টেৰে ভৰা শেষ দিনকেইটা কটোৱাটো আমাৰ বাবে অভাৱনীয় আছিল। চিন্তা হৈছিল, কেনেবাকে সেই আত্মভিমানী সত্তাটো সৰু হৈ যায় বুলি। গতিকে বীৰৰ দৰে জীৱন-যাপন কৰা আমাৰ যুগনায়কজন এইটো পৰ্যায়তে গুচি যাব লগা হোৱাটো বৰ বেয়া হোৱা নাই বুলিয়ে মই নিজকে প্ৰবোধ দিছো। কেৱল মুম্বাইত থকা অনুৰাধা শৰ্মা পূজাৰীক শেষ সময়ছোৱাত ফোনত অনুৰোধ কৰিলো যাতে আই চি ইউৰ পৰা উলিয়াই দিওঁতে মূৰৰ টুপীটো পিন্ধাই ৰখা হয়।তেওঁ এজন গীতিকাৰ বা সুৰকাৰ নহয়—তেওঁ এক সম্পূৰ্ণতা। ‘এ টোটেল পাৰছনেলিটি।’ সেয়ে জাতি, ধৰ্ম, বৰ্ণ আৰু ৰাজনৈতিক দলীয় আনুগত্য নেওচি যেতিয়া অসমৰ ৰাইজে জনসমুদ্ৰ হৈ তেওঁক বিদায় দিবলৈ আহিছে—সেয়া হ’ল অসমৰ জনসত্তাৰ উৎকৃষ্টতাখিনিৰ প্ৰতিভূজনৰ প্ৰতি শ্ৰদ্ধাৰ অঞ্জলি।


সেই শ্ৰদ্ধা প্ৰকাশৰ প্ৰকৃত পৰিচয় হ’ব অনাগত দিনবোৰত। ভূপেনদাৰ সুন্দৰতাৰ, অসমীয়াত্বৰ উৎকৃষ্ট বহিঃপ্ৰকাশ আৰু জনগোষ্ঠীসমূহৰ মাজত প্ৰকৃতাৰ্থত সোমাই পৰি এক অসম সত্তাৰ নিৰ্মাণ—এনেধৰণৰ সপোনবোৰ বাস্তৱায়নৰ ফালে আমি সকলোৱে পৰাখিনি প্ৰকৃততে কৰিলেহে ভূপেনদাই ‘সখা কৃষ্ণ’ৰ লগত অৱস্থান কৰাৰ পৰাই আমাসবলৈ চাই মিচিকিয়াই গুণগুণাব—‘জিলিকাব লুইতৰে পাৰ’।


‘পেৰেড, চামনে চেলিউট্’ — ‘চেলিউট্’। এয়া তেজ আগ বাঢ়িছে হাতত জুইৰ জুমুঠি লৈ—।


(লেখক বৰ্তমান অসম পুলিচৰ সঞ্চালক প্ৰধান)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Holi2
Culture

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

by Tonoy Chakraborty
March 4, 2026
0

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion TONOY CHAKRABORTY The Holi festival, celebrated across India as...

Read moreDetails
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
only one brown cat in meditation in a lonely place

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

February 4, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

January 17, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d