দ্য লাষ্ট প’ষ্ট
–ভাস্কৰজ্যোতি মহন্ত
জনসমুদ্ৰৰ মাজত ওখ বেদীত ভূপেনদাই প্ৰশান্তিৰে শুই আছে। বিদায় ক্ষণৰ মাংগলিক কামখিনি কৰা হ’ল। নিষ্পলক মুখমণ্ডলেৰে আনুষ্ঠানিক মৰ্যাদা সাৰোগত কৰি পুলিচ বাহিনীৰ প্লেটুন কমাণ্ডাৰে আদেশ দিলে—‘চালামি শস্ত্’—
যুগনায়কজনাৰ প্ৰতি অভিবাদন কৰা হ’ল। পিছফালে অৱস্থান কৰা বেণ্ডৰ সুৰত বাজি উঠিল বিষাদেৰে ভৰা কাৰুণ্যৰ সুৰ ‘দ্য লাষ্ট প’ষ্ট’। শোক প্ৰকাশ আনুষ্ঠানিকতাত মন সাগৰত সোঁৱৰণিৰ ঢৌৱে উখল-মাখল লগালে।
তেওঁ সচেতন মনেই উত্তৰাধিকত্ব গ্ৰহণ কৰিলে শংকৰদেৱে দি যোৱা সুৰীয়া কৃষ্ণ ঐতিহ্যৰ। তেওঁৰ লগত হাঁহি-চুপতিৰ সেই মুহূৰ্তবোৰৰ মাজৰে কোনোবা এটা দিনৰ সেই অপূৰ্ব ভাব প্ৰকাশৰ ক্ষণলৈ মনত পৰিল—‘বুইচা, আমি অসমীয়াবোৰ আচলতে চব আৰ্টিষ্ট—ৰাতিপুৱাৰ পৰা শোৱা সময়লৈকে অসমীয়াই সাংগীতিক জীৱনেই পালন কৰে। ঈশ্বৰক চিন্তা কৰে গান গাই, কেঁচুৱা শুৱায় গান গাই, প্ৰেম কৰে গান গাই আৰু আনকি গালিও পাৰে গান গাই।’ হয়, তেওঁ পূৰ্বজৰ পৰা সাংগীতিক ঐতিহ্য ক’ৰবাত হেৰাই যাব বুলি বৰ চিন্তাত পৰিছিল। জ্যোতিপ্ৰসাদৰ লগতে সুৰ মিলাই আনকি তেওঁ প্ৰশাসন যন্ত্ৰকো সাংস্কৃতিক হোৱাৰ পোষকতা কৰিছিল।জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক ত্ৰিভুজটো এদিন তেওঁ মোক দেখুৱাই কৈছিল—এই ত্ৰিভুজটোৰ ‘বেছ’ (base)টো ডাঙৰ কৰি দিছো চোৱা—লগে লগে ত্ৰিভুজটোক আৰু ওখ কৰি দিবলৈ বাধ্য হ’বা। ঠিক তেনেকৈ সংস্কৃতিৰ বতাহ যিমান মানুহৰ মাজত বিয়পাই দিবা, সিমানেই তোমাৰ সামূহিক সাংস্কৃতিক সত্তা ওখ হৈ গৈ থাকিব।‘ এৰা, জনসংস্কৃতি তেওঁৰ বাবে এক সময়োপযোগী ‘ফেশ্বন ষ্টেটমেণ্ট’ নাছিল—সাংস্কৃতিক ব্যাপকতা তেওঁৰ সত্তাৰ কোঁহে কোঁহে সোমাই আছিল।

‘আমাক আশা দি যোৱা ভূপেনদা—আদি, নিচি, আপাতানি, মনপা, টাংচা আৰু মিচিমি—ধূসৰ অৰুণাচল পাহাৰৰ আমি চবেই তোমাৰ প্ৰেমাচ্ছন্ন কথকতাক আৰু নাপাওঁ, তোমাৰ যাদুকৰী শব্দ আৰু মাতৰ পৰশ আৰু নাপাওঁ—এই বুলি দুখ কৰি মোলৈ এছ এম এছ কৰিলে সোদৰোপম অৰুণাচলী বন্ধু ৰবীন হিবুৱে। এৰা, বৰ অসমৰ সপোন মৰীচিকা খেদি সেই অহংকাৰী লৌহ পুৰুষজনে কমখিনি অহোপুৰুষাৰ্থ কৰিলেনে? জনগোষ্ঠীসমূহ অসমৰ সামূহিক সত্তাৰ পৰা আঁতৰি যোৱাৰ বিভীষিকাই তেওঁক অতিকে ব্যথিত কৰিছিল। সেয়ে অসম সত্ৰ মহাসভা আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যোগত জনগোষ্ঠীসমূহক ভাওনাৰ প্ৰশিক্ষণ দিয়াই ‘সেতুবন্ধ’ অনুষ্ঠান ২০০৩ চনত কৰাৰ সময়ত তেওঁৰ আৱেগ উথলি উঠিছিল আৰু নিজেই আগভাগ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ ৰাইজক গোহাৰি জনাইছিল—গান গাইছিল আৰু ৰচিছিল এক অমিয়া সুৰৰ অপূৰ্ব গীত। এইখিনিৰ দৃশ্য-শ্ৰব্য উদাহৰণ আমাৰ ওচৰত আছে।
ভূপেনদাৰ কথা কৈ কৈ, ভাবি ভাবি ওৰকে নপৰে। অসমীয়া ডেকা চামক আধুনিক প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত কৰি বিশ্বৰ বহল বুকুত প্ৰত্যয়েৰে খোজ পেলাবলৈ তেওঁ বাস্তৱসন্মত ব্যৱস্থা লোৱাৰ পক্ষপাতী আছিল। তেওঁ ডেকা হৈয়ে থাকিব বিচৰাটো সৰ্বজনবিদিত। আৰু তেওঁ ডেকা হৈয়ে থাকিল আৰু ডেকা হৈয়ে আমাৰ পৰা মেলানি মাগিলে। সুন্দৰ আৰু নান্দনিক জীৱন যাত্ৰাৰ কাণ্ডাৰীজনে ৰোগাক্ৰান্ত হৈ, আনৰ পুতৌৰ পাত্ৰ হৈ কষ্টেৰে ভৰা শেষ দিনকেইটা কটোৱাটো আমাৰ বাবে অভাৱনীয় আছিল। চিন্তা হৈছিল, কেনেবাকে সেই আত্মভিমানী সত্তাটো সৰু হৈ যায় বুলি। গতিকে বীৰৰ দৰে জীৱন-যাপন কৰা আমাৰ যুগনায়কজন এইটো পৰ্যায়তে গুচি যাব লগা হোৱাটো বৰ বেয়া হোৱা নাই বুলিয়ে মই নিজকে প্ৰবোধ দিছো। কেৱল মুম্বাইত থকা অনুৰাধা শৰ্মা পূজাৰীক শেষ সময়ছোৱাত ফোনত অনুৰোধ কৰিলো যাতে আই চি ইউৰ পৰা উলিয়াই দিওঁতে মূৰৰ টুপীটো পিন্ধাই ৰখা হয়।তেওঁ এজন গীতিকাৰ বা সুৰকাৰ নহয়—তেওঁ এক সম্পূৰ্ণতা। ‘এ টোটেল পাৰছনেলিটি।’ সেয়ে জাতি, ধৰ্ম, বৰ্ণ আৰু ৰাজনৈতিক দলীয় আনুগত্য নেওচি যেতিয়া অসমৰ ৰাইজে জনসমুদ্ৰ হৈ তেওঁক বিদায় দিবলৈ আহিছে—সেয়া হ’ল অসমৰ জনসত্তাৰ উৎকৃষ্টতাখিনিৰ প্ৰতিভূজনৰ প্ৰতি শ্ৰদ্ধাৰ অঞ্জলি।
সেই শ্ৰদ্ধা প্ৰকাশৰ প্ৰকৃত পৰিচয় হ’ব অনাগত দিনবোৰত। ভূপেনদাৰ সুন্দৰতাৰ, অসমীয়াত্বৰ উৎকৃষ্ট বহিঃপ্ৰকাশ আৰু জনগোষ্ঠীসমূহৰ মাজত প্ৰকৃতাৰ্থত সোমাই পৰি এক অসম সত্তাৰ নিৰ্মাণ—এনেধৰণৰ সপোনবোৰ বাস্তৱায়নৰ ফালে আমি সকলোৱে পৰাখিনি প্ৰকৃততে কৰিলেহে ভূপেনদাই ‘সখা কৃষ্ণ’ৰ লগত অৱস্থান কৰাৰ পৰাই আমাসবলৈ চাই মিচিকিয়াই গুণগুণাব—‘জিলিকাব লুইতৰে পাৰ’।
‘পেৰেড, চামনে চেলিউট্’ — ‘চেলিউট্’। এয়া তেজ আগ বাঢ়িছে হাতত জুইৰ জুমুঠি লৈ—।
(লেখক বৰ্তমান অসম পুলিচৰ সঞ্চালক প্ৰধান)