দৰঙী লোকসাহিত্য চেৰাধেকঃ এক অৱলোকন
ৰূপম নাথ

চেৰাধেক দৰঙী লোক সাহিত্যৰ এক অনুপম সম্পদ। দৰঙৰ মুছলমান সম্প্ৰদায়ৰ মাজত প্ৰচিলত চেৰাধেকবোৰ চহাকবিৰ প্ৰখ্যাত ৰচনা। গাঁৱলীয়া স্বভাৱ কবি সকলৰ আৱেগ কল্পনা আৰু ভাৱনাৰ পৰশত মূৰ্ত্ত হৈ উঠা লোকপদ ‘ঢেক’বোৰ দৰঙৰ ‘ব্যাস সংগীত’ৰ ওচৰ চপা। অসমৰ পৰিৱেশ কলা ‘ব্যাস সংগীত’ৰ ৰাগ-ৰাগিনীৰ কিছু হাস্য ৰসেৰে চপচপীয়া ‘চেৰাঢেক’ৰ আকৌ দৰঙত ৰাইচা মাৰা বুলিও কোৱা হয়।
‘চেৰাঢেক’ একপ্ৰকাৰ গীত। অতীজৰ দৰঙৰ মুছলমান সমাজত প্ৰত্যোকখন গাঁৱত চেৰাঢেক মৰা দস্তুৰ আছিল। বিশেষকৈ বিবাহ অনুস্থানত ঢেকমৰা পৰম্পৰা বাধ্যতামূলক আছিল। বিবাহ অনুস্থানত মূলতঃ ঢেকমৰা দস্তুৰ আছিল যদিও কুঁহিয়াৰ কটা, পেৰা, ধান কটা, মৰণা মৰা আদি সময়তো ঢেক মৰা পৰম্পৰা আছিল।
স্মৰ্তব্য যে বিবাহ অনুস্থানত নিন্দাপদ, খিচাগীত, যোৰানাম যিদৰে নামতীসকলে হাঁহি আনন্দ স্ফূৰ্ত্তি কৰিছিল অনুৰূপ ধৰণে মুছলমান সম্প্ৰদায়তো চেৰাঢেক মৰা প্ৰতিযোগিতা চলিছিল।
চেৰাঢেকবোৰৰ মাজত দৰঙৰ সমসাময়িক জীৱনৰ চিত্ৰও সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। চেৰাঢেক যে সমাজ জীৱনৰ জীৱন্ত দলিল।
দৰা আহি কইনাঘৰৰ চোতালাত প্ৰৱেশ কৰাৰ পিছতেই ‘চেৰাঢেক’ আৰম্ভ হয়।
কইনাপক্ষঃ
নলোৰ মাকৰ বটা চৰেই
ঢেকেৰ ঢেকেৰ কৰেই।
নষ্টোযোৱা মোল্লাই আহি
তিৰি চোৰ কৰেই।।
দৰাপক্ষৰ লগে লগে প্ৰত্যুত্তৰঃ
বৰোৰ আগত মম বাতি
কইনাৰ আগত জপা
পুৱাৰাতি মোল্লা আইছি
পাৰ হোৱা হাপা।
ধান খোৱা মৈৰা চৰেই
কুঁহিয়াৰ খোৱা তীয়া
ঝীয়া বেচা মাৰৈগেঞা
হেণ্ডনোট লিখি দিয়া
হাৰে হাৰে দাদা দাদা
ঝীয়া পালো ভাল
ঝীয়াক লাগেই একশ টকা
আৰু অলংকাৰ
কইনাপক্ষঃ
বিয়া চাব আহিছা বেটা
বিয়াত খাবি চিৰা
ঢেক মাৰবা নৰা যদি
মূৰত মাৰিম পীৰা।
হাথী আহেই গিৰিপ গাৰাপ
ঘোঁৰা আহেই চুটী
শিঙিমেৰীয়া আইভা লাগছি
পুৱা বেলা ৰাতি
দৰাপক্ষঃ
কি বুলি লাগেলি মাত ঐ বপুৰা
কি বুলি লাগেলি মাত
ৰভাৰ তলত বহি আছো
নাহৰ ফুটকি বাঘ।
আলি আলি যাবা কালি
বালিৰ ভাঙাঘৰ
ফেঁচামুৱা কইনা দেখি
বৰৰ উঠেই জ্বৰ।
বিবাহ অনুস্থানৰ বাহিৰেও পথাৰত ধান কাটি থকা অৱস্থাত গৰু-ম’হ ৰখি থকাৰ সময়তো ঢেক মাৰিছিল। ঢেকবোৰৰ মাজত নিৰ্দোষ ধেমালি প্ৰকাশ পাইছে। তীব্ৰব্যংগ আৰু হাস্যৰসযুক্ত চেৰাঢেক সমূহৰ মাজেৰে সেই সময়ৰ দৰঙীয়া সমাজখনৰ চিত্ৰ ফুটি উঠে।
আচলতে চেৰাঢেক সমূহত ভাস্বত হোৱা ছবিবোৰ সমাজ জীৱনৰ এক জীৱন্ত বিজ্ঞাপন স্বৰূপ। তীব্ৰব্যংগ আৰু হাস্যৰসাত্মক চেৰাঢেক বোৰ ধান কাটোতে, কুঁহিয়াৰ পেৰোতে ম’হ বা গৰু গাড়ীত গাৰোৱানেই গৈ থকাৰ সময়ত গঞালোকে মনৰ আবেগতে গাইছিল।
আদা ৰুলো শাৰী শাৰী
বাঙানাৰুলো শাৰী
বুঢ়াৰ ফোফত চুঁৰা দি (চুঁৰা – পানীয়া মিঠৈ)
শিয়াল মাৰবা পাৰি।
গৰু কিনবা যাবি বাপেই
দেৰি নকৰবি
পথাৰৰে পকাধান
চোৰে নিবো কাটি
গোপাল এ
নাচতে কঁকাল হালে এ।
আনবা আছেই নদীৰ পানী
বানবা আছেই ধান
তুহুৰ গুদা লাগেই বুলি
ৰাতিও বানেই ধান।
খৈৰা গাছোৰ মৈৰা চৰেই
পাৰি আধাৰ খাই
লেচেৰীয়া খোপা বান্ধি
বৰোৰ আগে যায়।
স্মৰ্তব্য যে, ‘চেৰাঢেক’ত দৰঙৰ মুছলমান সম্প্ৰদায়ৰ মাত-কথা আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ বিষয়ে আভাষ পোৱা যায়। মুছলমান সমাজত ঢেক মাৰা ৰীতি বা পৰম্পৰা বহুদিনীয়া। অতীজৰ দৰঙত মুছলমান সম্প্ৰদায় – হিন্দু সম্প্ৰদায়ৰ মাজত কোনো প্ৰভেদ নাছিল।
মুছলমান সম্প্ৰদায়ৰ লোকেও সুকনান্নী ওজাপালিৰ পদ, বেউলা লখিন্দাৰৰ গীত পদ গাইছিল। মাৰৈৰ পৰশু সেখৰ ঘৰত এতিয়াওঁ পুজাৰ সামগ্ৰী, গনেশৰ মূৰ্তি, খুটি তাল বিদ্যমান। চেৰা আৰু ঢেক দুটা সুকীয়া শব্দ।
চেৰা শব্দৰ অৰ্থ হৈ লঘু বা পাতল। আকৌ ঢেক শব্দটোৱে ৰাগ ৰাগিনী যুক্ত গীতৰ সৈতে সংপৃক্ত। সেয়ে একেবাৰে পাতল-লঘু বিষয়ক কথাবস্তুৰ ৰাতি গীত খিনিক ঢেকৰ জৰিয়তে সুৰ লগাই গোৱা কাৰণেই গীতখিনি সুৰীয়া হৈ পৰবৰ্তী সময়ত চেৰাঢেক নামেৰে খ্যাতিমত্ত হয়।
উল্লেখ্য যে, অতীজতে চেৰাঢেক চৰ্চাৰ ক্ষেত্ৰত ছিপাঝাৰৰ পথৰুঘাট অঞ্চল অগ্ৰগনী আছিল। পথৰুঘাট অঞ্চলৰ বৰকুমাপাৰাৰ প্ৰখ্যাত ক’লা চেখ, চাঁদ আলি (তৰাগাওঁ) প্ৰয়াত নমাই মেধি, মঃ আজমল হুছেইন, মঃ আৰৱ আলি, নাউমান ৰহমান, ৰৌচান আলি, মানিক আলি, মাহি চেখ, সঞ্চাৰ আলী, জমাত আলী আৰু দয়া চেখ। বৰ্তমানে মুকুট আলি, মুকিবৰ ৰহমান, ফজিল আলি, জুমাৰউদ্দিন আলি, মুছলিম ঘোপাৰ চিৰাজউদ্দিন আহমেদ (প্ৰথম গৰাকী ‘চেৰাঢেক’ৰ শিল্পী পেঞ্চনাৰ) চাবেদ আলী (দুবাৰকৈ এককালীন সাহায্য প্ৰাপক ‘চেৰাঢেক’ৰ শিল্পী), মাৰৈৰ কুটুবুদ্দিন আহমেদ, এম হাফিজ আলী, মঙ্গলদৈ নগৰ বাহীৰ হাচমত আলী, নিদাৰুদ্দিন আহমেদ, হাফিজুদ্দিন আহমেদ, ফাইজুদ্দিন আহমেদ আদি চহা শিল্পী চেৰাঢেক চৰ্চা কৰি আহিছে।
সম্প্ৰতি এওঁলোকে মঞ্চত ‘শিল্পকৰ্ম’ ৰূপেহে পৰিবেশন কৰাৰ সুযোগ লাভ কৰিছে। নাই মোমাইতকৈ কনা মোমাইয়েই ভাল লেখীয়া দৰঙৰ এমুঠি মান লোকশিল্পীয়ে চেৰাঢেক চৰ্চা কৰি আহিছে। সংশ্লিষ্ট লোক দৰিদ্ৰ শিল্পী সকলেই চেৰাঢেকৰ শ্ৰীবৃদ্ধি প্ৰচাৰ প্ৰসাৰ সংবৰ্দ্ধন আদিৰ ক্ষেত্ৰত সাৰ পানী দান কৰি আহিছে।
দৰঙৰ অনুপম লোক গীতি সাহিত্য চেৰাঢেক সমূহৰ বৈজ্ঞানিক গৱেষণা হোৱা উচিত। সমন্বয়-সম্প্ৰীতিৰ বাণী প্ৰকাশক চেৰাঢেক সমূহ নতুন প্ৰজন্মৰ বাবে আদৰৰ প্ৰাণৰ বস্তু হৈ পৰক। কিয়নো লোক গীত বা লোককৃষ্টি সমাজৰ শিপা কিম্বা আত্মা। জাতীয় সত্বাৰ পৰিচায়ক লোকা সাহিত্যৰ শ্ৰীবৃদ্ধি বাঢ়ক। নতুন প্ৰজন্মই জাতিৰ বুনিয়াদ মজবুতকৈ নিৰ্মান কৰক। এয়াই সংকল্প হওঁক।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















