–মানস প্ৰতিম কলিতা |
১. “শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে, এই কথা প্ৰমাণ কৰিলে ** জিলাৰ দুই শিক্ষাৰ্থীয়ে-” অথবা
২. প্ৰতিভাৰ ক্ষেত্ৰত দৰিদ্ৰতা নহয় অন্তৰায়- দৰিদ্ৰতা জিনি উজলিল **জিলাৰ অমুক।
মেট্ৰিক নামৰ অ’ভাৰৰেইটেড পৰীক্ষাটোৰ বা হায়াৰ চেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনা বৈদ্যুতিক মাধ্যমত গোটেই দিনটো আৰু তাৰ পিছদিনা বাতৰিকাকতত ওপৰোক্ত বাক্য দুয়োশাৰীৰে সৈতে হালি পৰা ঘৰ এটা, জীৰ্ণ শীৰ্ণ কায়াৰ প্ৰতিভাবান পৰীক্ষাৰ্থীৰ ফটো/ভিডিঅ’ নেদেখা ব্যক্তি এই অসমত কোনো নোলাব। এই বাতৰিৰ প্ৰাদুৰ্ভাৱত অতিষ্ঠ হৈ আনকি ”ধূপকাঠীৰ পোহৰত পঢ়ি কোনোৱে পাছ নকৰিলে নেকি এইবাৰ?” ধৰণৰ মীম পৰ্যন্ত ফেইচবুকত মুকলিকৈ প্ৰকাশ কৰা পোষ্ট আমাৰ চকুত পৰিছিল। হওঁতে এইফেৰা দৰিদ্ৰ শিক্ষাৰ্থীৰ কঠোৰ শ্ৰমক উপলুঙা কৰা কাম বুলি প্ৰথমে গা চেবাইছিল যদিও পিছত এই কামফেৰাৰ লগত দৰিদ্ৰ শিক্ষাৰ্থীৰ মেহনতৰ কোনো সম্পৰ্ক নাই বুলি নিশ্চিত হৈছিলোঁ। সংবাদ লিখোঁতা আৰু সম্পাদকৰ বৌদ্ধিক অকৰ্মণ্যতাৰ বাবেহে এই মীমৰ সৃষ্টি হৈছিল। বাৰু, কথা বেলেগলৈ নিনি দুটা প্ৰশ্ন কৰা যাওক।
ক) সঁচাকৈ প্ৰতিভা বিকাশ অথবা শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা হেঙাৰ নহয়েই নেকি?
খ) অসমত এনে কোনো সংবাদপত্ৰ/সম্পাদক আছেনে যিয়ে এনে বাতৰি প্ৰকাশ কৰা নাই?
দ্বিতীয় প্ৰশ্নটোলৈ নাযাওঁ। বৰ জৰুৰী নহয়। প্ৰথমটোলৈ আগবঢ়া যাওক। দৰিদ্ৰতা হেঙাৰ নহয় – এই বাক্যশাৰীৰ নিচিনা মতলবী, ধান্দাবাজী, স্থিতাৱস্থাকামী, শোষণকামী, চাপলুচি বাক্য আজিলৈ দ্বিতীয়শাৰী উদ্ধাৰ হোৱা নাই। পুঁজিবাদৰ দ্বাৰা সৃষ্ট, ৰাষ্ট্ৰৰ দ্বাৰা সযতনে পালিত এক অপৰাধ হৈছে দৰিদ্ৰতা। পংকিল উৎপাদন আৰু অসমান বিতৰণ ব্যৱস্থাৰ কেৰোণত উৎপত্তি হোৱা দৰিদ্ৰতা ৰাষ্ট্ৰৰ বাবে আপাতদৃষ্টিত এক ব্যৰ্থতা যেন লাগিলেও পৰৱৰ্তী পৰ্যায়ৰ শোষণৰ বাবে দৰিদ্ৰতাতকৈ একো উপযুক্ত হাথিয়াৰ আজিলৈ সৃষ্টি হোৱা নাই। (শোষণে দৰিদ্ৰতাৰ সৃষ্টি কৰে, আকৌ দৰিদ্ৰতাৰ সুযোগত শোষণৰ মাত্ৰা অধিক হয়) এই কথা দুগ্ধপোষ্য শিশু এটিয়েও বুজে। প্ৰথমে মানুহক দৰিদ্ৰ কৰি ৰাখা, নিৰ্বাচনৰ সময়ত সূতা-কম্বল, ফ্ৰি চাউল, কেইশমান টকা, কেইলিটাৰমান মদ বিলাই দিয়া, ভোটাৰ খুচ, নেতা খুচ, চব চাংগা চি। এইবোৰ চৰ্বিত চৰ্বন। চবেই জানে। পিছে কথা হ’ল, সংবাদমাধ্যমত প্ৰকাশিত এই দুশাৰী বাক্যত এনে কি আছে যাৰ বাবে এইডৰা লিখিব লগীয়া হ’ল! সমস্যাটো হৈছে, “দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে” এই বাক্যশাৰীয়ে দৰিদ্ৰতাৰ মূল কাৰক, ধাৰক আৰু বাহকক পুঁজি/ৰাষ্ট্ৰৰ একান্ত স্বাৰ্থত এক অভেদ্য নিৰাপত্তা প্ৰদান কৰে। কেনেকৈ?
এই বাক্যশাৰীয়ে ‘জ্ঞাতসাৰে’ সকলো পৰ্যায়ৰ ৰাইজক এক সামূহিক অথচ সাংঘাতিক সিদ্ধান্তত উপনীত কৰোৱায় যে- “তোমাৰ নিজস্ব দোষৰ বাবেহে তুমি আগবাঢ়িব পৰা নাই, ইপ্সিত লক্ষ্যত উপনীত হ’ব পৰা নাই, ** জিলাৰ অমুকলৈ চোৱা, বাপেক নাই, মাক নাই, অথচ মেট্ৰিকত অসমৰ ভিতৰত চতুৰ্থ! তোমাৰ পঢ়া শুনা, পৰীক্ষা নিৰীক্ষাৰ ফলাফলৰ বাবে ৰাষ্ট্ৰ দায়ী নহয়। শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত পৰিবেশ, বিদ্যালয়, যোগ্য শিক্ষক, উপযুক্ত শিক্ষাপ্ৰণালী, ঘৰৰ আৰ্থিক পৰিৱেশ কোনোটোৱেই দায়ী নহয়। ৰাজহুৱা শিক্ষা ব্যৱস্থা এটাৰ কঁকাল ভাঙি দি শিক্ষকক গেলামালৰ দোকানী সজোৱা ব্যৱস্থাটোৰ কোনো ত্ৰুটি নাই। কিতাপ পত্ৰৰ অসমবিতৰণ, বছৰেকীয়া-ছমহীয়া বানপানীৰ কোবত খহি চিন মোকাম নাইকীয়া হোৱা স্কুলৰ কোনো দোষ নাই। দোষ তোমাৰ। তুমি নিজকে আগুৱাই নিব নোৱাৰিলা। এইবোৰ আচল সমস্যা হোৱা হ’লে ভচুকে এনে ৰিজাল্ট কৰিব নোৱাৰিলেহেঁতেন। ইত্যাদি, ইত্যাদি।
সংবাদ মাধ্যমত এইজাতীয় বাক্যৰ সুলভ আৰু সচেতন প্ৰচলনৰ দ্বাৰা জনগণক বুৰ্বক সজাই থকা কামটো জ্ঞাতসাৰে কৰা বুলি অনা অভিযোগ একেবাৰেই মিছা নহয়। ৰাষ্ট্ৰব্যৱস্থাৰ গাত ছিটিকনি পৰিবলৈ নিদিয়াকৈ জনসাধাৰণৰ মাজত এক ‘সামূহিক সন্মতি’ৰ বীজ সংৰোপণ কৰা এই কামফেৰাই প্ৰচলিত শোষণউদ্ভুত বিভিন্ন প্ৰপঞ্চক উভতি প্ৰশ্ন কৰিবলৈ নিশিকায়। ব্যৱস্থাগত ত্ৰুটিৰ ফলত বঞ্চিত হৈ ৰোৱা, চকুত নপৰা হৰি যদু মধুৰ শৈক্ষিক অসফলতাক ন্যায়ৰ তুলাচনীৰে জুখিবলৈ নিশিকায়। দেখাত অত্যন্ত নিমাখিত অথচ দুৰ্ঘোৰ স্থিতাৱস্থাকামী এই বাক্যই জনগণক নিজৰ চকুত দোষী সাব্যস্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। ব্যৱস্থাগত ত্ৰুটিক ৰক্ষণাবেক্ষণ দিয়া এনে বাক্য জনগণৰ পক্ষত নাথাকে। শিক্ষা ব্যৱস্থাৰ কঁকাল ভাঙি তাক পণ্যলৈ ৰূপান্তৰ কৰা ব্যক্তিগত পুঁজিৰহে ই অতন্ত্ৰ প্ৰহৰীৰূপে নিয়োজিত হৈ থাকে। কাচিৎ অজ্ঞাতে, প্ৰায়ে জ্ঞাতে।
কেইটামান উত্তৰ লাগে-
১. দৰিদ্ৰতা যদি হেঙাৰেই নহয়, তেন্তে চৰকাৰে দৰিদ্ৰতা নিৰ্মূলকৰণ অভিযান কিয় চলায়?
২. দৰিদ্ৰতা যদি হেঙাৰ নহয়, তেন্তে সপ্তম শ্ৰেণীলৈ শিক্ষা বিনামূলীয়া কৰাৰ আঁৰৰ উদ্দেশ্য কি আছিল?
৩. আয়ৰ প্ৰমাণপত্ৰেৰে কলেজত বিনামূলীয়া নামভৰ্তি কৰি কৰ সংগ্ৰহত চৰকাৰে কিয় বাধাৰ সৃষ্টি কৰিছে?এইক্ষেত্ৰত চৰকাৰক কিয় প্ৰশ্ন কৰা হোৱা নাই যে যিহেতু দৰিদ্ৰতা হেঙাৰ নহয়, এই বিনামূলীয়া সেৱা উঠাই দিব লাগে?
৪. স্কুলত খিছিৰি খুওৱাৰ মহান কামটো কিয় আৰম্ভ কৰা হৈছিল?
৫. বিদ্যালয়ত চৰকাৰে ডেস্ক বেঞ্চ, কিতাপ পত্ৰৰ নামত টকা কিয় আবন্টন দিয়ে? চৰকাৰে কিয় ঘোষণা কৰা নাই যে যিহেতু ** জিলাৰ ভচুকে ডাল দৰিদ্ৰ হৈও মেট্ৰিকত অমুক ফলাফল লাভ কৰিছে, আজিৰ পৰা শিক্ষা যিয়ে যেনেকৈ য’ত পাৰে, নিজৰ ক্ষমতা অনুযায়ী কিনি ল’ব, তাত বিনামূলীয়া বোলা কোনো সেৱা নাথাকিব!
আৰু আছে, আৰু আছে। প্ৰতিবছৰে অনুষ্ঠিত হোৱা ইঞ্জিনীয়েৰিং, মেডিকেল আৰু মেনেজমেণ্টৰ প্ৰৱেশিকা পৰীক্ষাত যিমান সংখ্যক শিক্ষাৰ্থী উত্তীৰ্ণ হয়, তেওঁলোক আটাইখিনিৰেই ঘৰৰ আৰ্থিক অৱস্থা আৰু এই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ কিমানে লাখ লাখ টকাৰ কোচিং লৈছিল সেইটোৰ এটা পৰিসংখ্যাভিত্তিক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে। শতাংশ ভিত্তিত কিমান দুখীয়া ঘৰৰ ল’ৰা ছোৱালী আৰু কিমান অৱস্থাপন্ন ঘৰৰ ল’ৰা ছোৱালীয়ে এনে প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছে, তাৰো এক সমীক্ষা হ’ব লাগে। দৰকাৰ হ’লে চৰকাৰী বিভাগসমূহৰ সহায় ল’ব লাগে। সহায় নকৰিলে RTI মাৰি ধোঁৱা ধোঁৱা কৰি দিব লাগে।
চাওচোন আমিও, দৰিদ্ৰতা হেঙাৰ হয় নে নহয় !