ধনঞ্জয় শৰ্মা: জীৱনক ভালপোৱা শিল্পীজন
PEOPLE OF ASSAM
পৰেশ বৈশ্য
” A beautiful body perishes, but a work of art dies not.’
Leonardo Da Vinci
শিল্পীগৰাকী বহুতৰে এখন চিনাকি মুখ। ভৰলুমুখৰ কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত দাঁতিতে এটি সৰু টিনৰ চালিৰে সজা জুপুৰীত হয়তো মানুহজনক দেখিছে।
আজি প্ৰায় পঞ্চাশ বছৰধৰি ছবি আঁকিছে মানুহজনে। মানুহৰ প্ৰতিকৃতিৰ পৰা বেটুপাত, বেনাৰ লিখাৰ পৰা আৰু কিবাকিবি।
শিল্পীগৰাকীৰ পৰা আটাইতকৈ শিকিব লগা গুণটো হ’ল নোপোৱাৰ বেদনাই যাক পৰাভূত কৰিব পৰা নাই।
আজিৰ দিনত হয়তো এগৰাকী নি:স্ব শিল্পী। অতি সাধাৰণভাৱে জীয়াই থকা এগৰাকী শিল্পী। তথাপিও তেওঁ নিজৰ জীৱনটোক ভাল পায়। উদযাপন কৰি আহিছে নিজৰ জীৱনক। সদায় চাউল কঠাৰ চিন্তা কৰা এগৰাকী শিল্পী। তথাপিও মুখৰ হাঁহিখিনি সদায় সজীৱ। নোপোৱাৰ অনুভূতিয়ে বাহ ল’ব পৰা নাই হাঁহিত। সেইগৰাকী শিল্পীয়েই হ’ল বন্ধুবৰ ধনঞ্জয় শৰ্মা।
শৰ্মা হয়তো মোতকৈ বয়সত তিনি চাৰি বছৰ ডাঙৰ। ১৯৭৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁৱৰ লগৰীয়াৰ লগত প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত নাম লগাইছিলোঁ ভৰলুমুখৰ প্ৰাগজ্যোতিষ কলেজত।
সদায় গাঁৱৰ পৰা বাছত আহি মাছখোৱা বাছ ষ্টেণ্ডত নামোঁ।তাৰ পৰাই খোজ কাঢ়ি এই শিল্পী গৰাকীৰ ছবি অঁকা জুপুৰীটোৰ সন্মুখেদি থকা পদপথেদি গৈ কলেজত পঢ়োঁ। কলেজৰ পৰা ঘূৰি আহোঁতেও একেই বাট। কলেজীয়া জীৱনৰ চাৰি বছৰত এই বাটটো ভালদৰেই চিনাকি হৈছিল। তেনেকৈ ভালদৰে চিনি পাইছিলোঁ শিল্পী ধনঞ্জয় শৰ্মাক।
বিখ্যাত শিল্পী Claude Monet য়ে কৈছিল: Colour is my day-long obsession, joy and torment. সঁচা শিল্পীয়ে হাতৰ শৈল্পিক অনুশীলন বন্ধ কৰিব নোৱাৰে। জীৱনৰ কোনো বাধাই আঁতৰাই নিব নোৱাৰে শিল্পীৰ ৰঙ- তুলিকাক। ধনঞ্জয় শৰ্মাও তেনে এগৰাকী সঁচা শিল্পী।
এসময়ৰ কটন কলেজৰ ছাত্ৰ, পাছত গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ হৈ আধাতে শিক্ষা এৰিব লগা শৰ্মাই সেইসময়ত সৰু চাকৰি এটা যোগাৰ কৰাটো কঠিন হয়তো নাছিল, কিন্তু তেওঁ ৰঙ-তুলিকাৰ প্ৰেমত মগন হৈ থাকোঁতেই হয়তো পাহৰি গ’ল জীৱন- জীৱিকাৰ স্থায়ী পথৰ কথা। কেৱল ছবি আঁকিয়েই পাৰ কৰিলে জীৱনৰ প্ৰায় ৭০ টা বসন্ত। তথাপিও মানুহজনে হাৰমনা নাই, হতাশাত ভোগা নাই, ক্লান্ত হোৱা নাই ।
কোনো ৰাজনৈতিক দলৰ প্ৰতি বিশেষ আকৰ্ষণ নাই যদিও নিপীড়িতজনৰ হকে মাত মতা সকলৰ সান্নিধ্যই তেখেতক আপ্লুত কৰে। এষাৰ কথা আছে: Art is the highest form of hope” ধনঞ্জয় শৰ্মাৰ ক্ষেত্ৰতো এইষাৰ কথাই খাটে। ছবিয়েই তেওঁৰ আকাল, ছবিয়েই তেওঁৰ ভঁৰাল। ছবিয়েই তেওঁৰ আশা- ভৰষা। মই হয়তো সঠিককৈ ক’ব নোৱাৰিলেও শৰ্মাই জীৱনত এহেজাৰৰো অধিক ছবি আঁকিছে ।এইটো সত্য।
যোৱাটো শতিকাৰ আশী নব্বৈৰ দশকৰ পৰাই আমাৰ দদৰা- দলিবাৰী অঞ্চলৰ লগত ধনঞ্জয় শৰ্মাৰ এক সম্পৰ্ক গঢ়ি উঠে। আমাৰ অঞ্চলৰ বিভিন্ন স্মৃতিগ্ৰন্থ, আলোচনী বা কিতাপৰ বেটুপাত আদি আঁকিব লগা হ’লে আমি অসমৰ এজন শিল্পীকেই চিনি পাইছিলোঁ। সেইজন হ’ল ধনঞ্জয় শৰ্মা। ধনঞ্জয় শৰ্মাৰ হাতৰ পৰশ এতিয়াও সজীৱ হৈ আছে আমাৰ অঞ্চলৰ বিভিন্ন আলোচনী, কিতাপৰ বেটুপাতত।
মোৰ নিজৰো কেবাখনো গ্ৰন্থ আৰু মই সম্পাদনা কৰা আলোচনীৰ বেটুপাত শৰ্মাই আঁকি দিয়া। মোৰ একমাত্ৰ ঔপন্যাসিকা ” আশাৰ পানচৈ” ৰ বেটুপাতটোৰ কথা এতিয়াও স্মৃতিত সজীৱ হৈ আছে। আমি প্ৰাগজ্যোতিষ কলেজত পঢ়ি থাকোঁতে কলেজৰ মুখপত্ৰ “প্ৰাগজ্যোতিষীয়”ৰ বেটুপাত প্ৰায়েই ধনঞ্জয় শৰ্মাই আঁকিছিল।
আজিও যিটো সৰু জুপুৰীত পুৱা গধূলি বহি ধনঞ্জয় শৰ্মাই ছবি আঁকে, পোৰ্টেইড অংকন কৰে, সেইটো এটা আড্ডাও।
অৱনী চক্ৰৱৰ্তী, ৰোহিণী পাঠক, শংকৰ শইকীয়া, ৰবীন শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোদ্ধা গোপাল দাস , কনক কলিতা আদিক প্ৰায়েই লগ পাইছিলোঁ। আমাৰ জীৱনৰ বহুবোৰ ঘটনাৰ সাক্ষী শৰ্মাৰ এই জুপুৰীটো। এতিয়াও ইয়াৰ মোহ এৰিব পৰা নাই। পাণবজাৰৰ পৰা ঘূৰি আহোঁতে সময় পালে এখন্তেকৰ বাবে ইয়াতেই কুশল বাৰ্তা বিনিময় কৰোঁ।
প্ৰচাৰ বিমুখ তথা নিজৰ দুখ- বেদনাৰ কথা কৈ মানুহক আমনি দিব নিবিচৰা শৰ্মাই বহুদিনলৈকে চৰকাৰৰ শিল্পী পেঞ্চনটোকে পোৱা নাছিল। কেনেকৈ বা চৰকাৰৰ শুভবুদ্ধি উদয় হ’ল নাজানোঁ, ২০১৯ চনত শৰ্মালৈ চৰকাৰে আগবঢ়ালে শিল্পী পেঞ্চন। দিনৰ চাউল কঠা বিচৰা শিল্পীগৰাকীলৈ আহিল এটি সৰু সকাহ। প্ৰচাৰ বিমুখ শৰ্মাৰ বিষয়ে অলপ লিখাৰ হেঁপাহ পুহি ৰাখিছিলোঁ।
এনেতে দেখিলোঁ শ্ৰদ্ধেয় ড.দয়ানন্দ পাঠকে ‘দৈনিক অগ্ৰদূত’ত লিখিবলৈ লৈছে “সংগ প্ৰসংগ” নামৰ এটি শিতানত বিভিন্ন ব্যক্তিৰ জীৱনৰ আঁৰৰ কথা। মই শৰ্মাৰ পৰা জোৰ কৰি কিছু তথ্য যোগাৰ কৰি পাঠকলৈ পঠিয়ালোঁ। পাঠকেও জানে শৰ্মাক। পাঠকে সুন্দৰকৈ কৰিলে ধনঞ্জয় শৰ্মাৰ জীৱন চৰ্চা।
অতি সম্প্ৰতি তেখেত আমাৰ দদৰা অঞ্চলৰ ল’ৰা -ছোৱালী একাংশক বিদ্যালয়ত চিত্ৰাংকন শিকাই মহৎ কাম কৰি আছে। মই জীৱনত লগ পোৱা প্ৰিয় মানুহ কেইজনৰ ভিতৰত শৰ্মাও এগৰাকী। কিন্তু তেখেতৰ শৈল্পিক অৱদানৰ স্বীকৃতি আমি দিব পৰা নাই। মোক এইষাৰ কথা বন্ধু অঞ্জন শৰ্মাই প্ৰায়েই কয়। যাহওক,আমি আশা কৰিম শৰ্মাই এই অৱদানৰ মূল্য সময়ে দিব।
- বৈশ্য দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,লেখক -সাংবাদিক। মোবাইল নম্বৰ: ৯৮৫৯২-৬৩৯৭৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.