ধর্মীয় বিভেদতাৰ পৰা বহু যোজন দুৰৈত অৱস্থান কৰা নামনি অসমৰ সম্প্রীতিৰ অন্যতম লোক উৎসৱ ‘মহো-হো‘
কল্যাণ কলিতা

মানৱ সমাজৰ উত্তৰণৰ লগে ললে, আমাৰ চিন্তাধাৰাৰ আধুনিকীকৰণৰ লগে লগে কিছুমান পৰম্পৰা, সামাজিক ৰীতি-নীতি, লোক উৎসৱ লাহে লাহে সময়ৰ সোতত বিলীন হবলৈ ধৰিছে যদিও আমাৰ গ্রামাঞ্চলৰ কিছু কিছু অংশত এতিয়াও ধিমিক ধামাককৈ জীয়াই থাকিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে দুই এক লোক কৃষ্টি।
তেনে এক অতি সুন্দৰ লোক কৃষ্টি হৈছে নামনি অসমৰ মহো-হো উৎসৱ । গীত আৰু নৃত্যৰ অনবদ্য সমাহাৰেৰে চহা জীৱনৰ সতে সংপৃক্ত এই মহো-হো সমগ্র নামনি অসমতে এক জনপ্রিয় আনন্দোৎসৱ।
বিশেষকৈ কামৰূপ, দৰং, নলবাৰী, বাকসা, বজালী, বৰপেটা আৰু গোৱালপাৰা জিলাত প্রচলিত এই উৎসৱক অঞ্চলভেদে মহৌ খুন্দা, মহৌ-হৌ, ভাওল, ভাল ভৌলকা খেদা, এউৰি মাগা , মহোহো, অহৰি মহোহো আদি নামেৰেও জনা যায়৷ বিভিন্ন জাত-ধর্ম-ভাষা-গোষ্ঠী নির্বিশেষে এই মহো-হো উৎসৱ হৈছে সম্প্রীতিৰ এক অনন্য নিদর্শন।
মহো-হো যিহেতু কোনো ধৰ্মীয় উৎসৱ নহয়, সেয়েহে অসমৰ সকলো স্তৰৰ সকলো ধৰ্মৰ মানুহে মহোহো উৎসৱ পালন কৰিব পাৰে৷ অসমৰ অন্যতম ধৰ্মনিৰপেক্ষ লোক উৎসৱ এই মহো-হো উৎসৱ প্ৰথমে ক’ত, কেতিয়া আৰু কেনেকৈ আৰম্ভ হৈছিল বা ক’ৰ পৰা কেনেকৈ উৎপত্তি হৈছে, তাৰ বিষয়ে সঠিককৈ ক’ব নোৱাৰি যদিও অসমীয়া লিপি উদ্ধাৰ হোৱাৰ বহু বছৰ পূৰ্বৰে পৰা অসমীয়া মানুহে মহো-হো উৎসৱ পালন কৰি আহিছে৷
মহো-হো শব্দৰ উৎপত্তি অসমীয়া আৰু বড়ো ভাষাৰ সংমিশ্ৰণত হোৱা বুলি বিভিন্ন তথ্যত পোৱা যায়৷ অসমীয়া ভাষাৰ “মহ” আৰু বড়ো ভাষাৰ “হো” শব্দ দুটাৰ পৰা “মহহো” শব্দৰ সৃষ্টি হৈছে আৰু “মহহো” শব্দৰ পৰা পৰৱৰ্তী সময়ত “মহো- হো” হয়৷
কাতি মাহৰ ভিতৰত সাধাৰণতে কৃষকসকলে মূল কৃষি কার্য সমাপন কৰি ব্যস্ততাৰ কিছু অৱসান ঘটায়। ইয়াৰ পিছতে মুৰৰ ঘাম মাটিত পেলাই, ৰ’দ বৰষুণ নেওচি, নানা বাধা বিঘিনি অতিক্রমি অশেষ কষ্টেৰে ৰোপন কৰা সোনগুটি চপোৱাৰ সময় এই আঘোণ মাহৰ স্বচ্ছোজ্বল পূর্ণিমাৰ নিশা আয়োজন কৰা হয় মহো-হো উৎসৱৰ ৷
চহা লোকসৱে প্ৰতি বছৰে আঘোন মাহৰ পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত ইঘৰৰ পিছত সিঘৰলৈ, গাওঁৰ প্রতিঘৰ মানুহৰ চোতালে চোতালে আয়োজন কৰে এই লেক উৎসৱৰ। গাওঁৰ ডেকা-বুঢ়া সকলো বয়সৰ পুৰুষসৱে মিলি হাতত একোডালকৈ কেচা বাহৰ মজবুট লাঠি (টাঙোন) লৈ দলবদ্ধভাবে উপস্থিত হয় প্ৰতি ঘৰ লোকক চোতালত। তাৰ পিছতে দলটিয়ে ঘুৰণীয়াকৈ থিয় হয়। দলটোৰ সোমাজত মূল গায়নগৰাকী থিয় হৈ গীত যোৰে-

আঘোণৰ পুণ্নিমা
মহ খেদবা হুকুমা।
অ’ হৰি মহো-হো
মহ খেদবা জাউং যো।
মহে বুলে মল্লু দে
টেপল পুৰা খালু দে।
টেপলত নহ’ল নুন
চাউল চৰে দোণ দোণ।
চাউল নেদি দিলাক কড়ি।
আহাৰ ঘৰ লৰিচবি।
লৰি চৰি যাওতে
সোণাৰ নাঙল বাওতে।
সোণাৰ নাঙল ৰূপাৰ ফাল
আহাৰ ঘৰ দেখপা ভাল৷

সম্পূর্ণ গ্রাম্য কথিত ভাষাত পৰিবেশন কৰা এই মহ খেদাৰ গীত গায়নে যোৰাৰ লগে লগে বাকীসকলে মাটিত লাঠিডাল গানৰ ছন্দত কোবাই কোবাই শব্দ কৰি সমস্বৰে আওৰাব ধৰে৷ দুই একে লাঠিৰ কোবৰ চাবত সুন্দৰ ৰজনজনীয়া সংগীত সৃষ্টি কৰাৰ উদ্দেশ্যে লাঠিসমূহত সৰু সৰু টিনৰ টুকুৰা কাটি গজালেৰে লগাই দিয়ে। দুই একে আকৌ শব্দ প্রখৰ কৰিবলৈ বাহৰ ঠোৰকা সাজি লয়৷ দলটিৰ খেনোৱে আকৌ হাতত ছাতি আৰু লেম্প লৈ ভাৱৰীয়াৰ ৰূপ ধৰে।
আন এজনে আকৌ কলগছৰ শুকান পাত, যাক ‘কলৰ চোচনি’ বুলি কোৱা হয়, গাত মেৰিয়াই লৈ সম্পূর্ণৰূপে আবৃত হৈ ভালুকৰ ভাও জুৰে আৰু দলটিৰ চৌদিশে ভালুকৰ নাচ প্রদর্শন কৰি গৃহস্থক আমোদ দিয়ে৷ মহ খেদাৰ লগতে গৃহস্থক সম্পূর্ণ মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এই উৎসৱৰ কথিত ভাষাৰ গীতসমূহৰ উচ্চাৰণ, সুৰ আৰু কথনভংগী অঞ্চল ভেদে কিছু তাৰতম্য হোৱা পৰিলক্ষিত হয় যদিও মূলভাব একে থাকে।
লোক বিশ্বাস অনুসৰি মানুহৰ শত্ৰুস্বৰূপ মহ আৰু অন্যান্য কীট-পতংগবোৰ খেদাৰ উদ্দেশ্যে মহো-হো উৎসৱ পালন কৰা হয়৷ আঘোণ মাহৰ সময়ত খেতি-পথাৰৰ শস্যবোৰ পূৰঠ হ’বলৈ ধৰে৷ এই সময়ত কীট-পতাংগবোৰে শস্যবোৰ নষ্ট কৰি পেলায় আৰু মহৰ কামোৰৰ পৰা মানুহৰ বিভিন্ন ৰোগৰ সৃষ্টি হয়৷ সেয়েহে গঞা ৰাইজে মহো-হো উৎসৱ পালন কৰি মহ আৰু অন্যান্য কীট-পতাংগবোৰ খেদিব বিচাৰে ৷
লোক বিশ্বাস মতে মহোহো উৎসৱৰ পিছৰে পৰা মহ আৰু অন্যান্য কীট-পতংগবোৰ কমিব ধৰে বুলি বিশ্বাস কৰা হয়৷ বাৰিষা কালত গঞা ৰাইজক নগুৰ-নকটি কৰা মহক সদলবলে খেদি মহো-হো দিয়া দলটিয়ে মহ খেদাৰ অন্তত গৃহস্থৰ পৰা সংগীতৰ মাজেৰেই এনেদৰে মাননি বিচাৰে-
বাঁহৰ পাত চিকি মিকি
আমাক লাগে বগা শিকি।
বাহৰ পাত পকা
আমাক লাগে নগদ টকা।
গৃহস্থই মাননি হিচাপে সাধ্যানুসাৰে অতি আনন্দেৰে আগবঢ়োৱা নগদ ধন, চাউল-পাচলি আদি লবলৈ মহা খেদা দলটিৰ পাহোৱাল ডেকা দুই এজনে একোখনকৈ ডাঙৰ মোনা লগত লৈ যায়৷ কাৰোবাৰ ঘৰত কেচুৱা, বৃদ্ধ আদি লোক থাকিলে মহ খেদাৰ চলেৰে গৃহস্থক কেতিয়াবা ধেমালিসূচকভাবে জোকাবলৈ দলটিয়ে গীত যোৰে-
আহাৰ ঘৰোত তুহোৰ ধঙা
ছলি কান্দে তঙা তঙা৷
আহাৰ ঘৰোত ভাঙা জাপি
বুঢ়ী হাগে একো পাচি।

এনেদৰে বিভিন্ন ধৰণে ৰং ধেমালি কৰি গৃহস্থই সাধ্যানুসাৰে প্রদান কৰা মাননি লাভৰ অন্তত অৱশেষত দলটিয়ে গৃহস্থৰ কুশল- মঙ্গল কামনা কৰি আশীৰ্বাদ দিয়ে-
জয় ৰাম বোলা
জয় হৰি বোলা।
গৃহস্থৰ কুশনার্থে হৰিবোল হৰিবোলো হৰিবোল।
নাইবা এনেধৰণেও গোৱা হয়-
ভাল হওক কুশল হওক,
ভৰাঁলৰ ধান বাঢ়ক,
গলিৰ গৰু বাঢ়ক,
বেটা-বেটী বাঢ়ক,
গৰখা চলিক দিবপৰা কৰক৷
মহো-হো উৎসৱৰ অন্তত মাননি হিচাপে পোৱা ধন, চাউল,দাইল আদিৰে ৰং ধেমালি কৰি ডেকাসৱে ভোজ-ভাত খায়৷ আৰু এনেদৰে মহো-হো উৎসৱে ডেকাসকলৰ মাজত মিলা-প্ৰীতি, একতা তথা বন্ধুত্বসুলভ মনোভাৱ বৃদ্ধি কৰে৷
মহো-হো উৎসৱ প্রকৃততে মহ খেদাৰ চলেৰে সমাজৰ অপায় অমংগল দূৰ কৰাৰ লগতে পথাৰত দাবলৈ সাজু হোৱা লহ পহকে বাঢ়ি অহা ধানখেতিক পোক পতংগই অনিষ্ট কৰিব নোৱাৰাৰ বাবে কৰা এক পৰম্পৰা। এই সম্প্রীতিৰ উৎসৱৰ সতে সম্পর্ক নাই কোনো ধর্মীয় বিভেদতাৰ। মহো-হোৰ জৰিয়তে মহ খেদা দলটিয়ে গৃহস্থক আশীর্বাদ দিয়ে সুস্থ সবল হৈ থাকিবলৈ আৰু তেওঁলোকৰ শষ্য নদন-বদন হবলৈ।
এই মহো-হো উৎসৱৰ গীতবোৰ ঠাই ভেদে বেলেগ বেলেগ ধৰণে গোৱা দেখিবলৈ পোৱা যায়৷ নলবাৰীৰ পিনে এনেদৰে গায়-
কুপ্তি কুপ্তি হাউৰা কুপ্তি
আলিৰ মুৰত নল্বা বাহা,
ফৰ্ব্বাৎ ডালি মাইৰ্বো
ডিমাযুৰি ভাইঙ্বো,
চানাক লেগি নক্ৰিবা বাহা৷
আনহাতে মংগলদৈ অঞ্চলত এনেদৰে পৰিবেশন কৰে –
শাৰী হৌ শাৰী হৌ
কণা-কুঁজা এফাল হৌ৷
কণা-কুঁজা ধোঁৱা খোৱা
ওজা পাতো বাৰে পুৱা৷৷”
বজালীৰ পিনে-
অ’হোহো মহোহো
মহ খেদবা যাউং যো৷
মহে বোলে মল্লু দে
তেপৰ মুৰা খালু দে৷

মহো-হো উৎসৱত পৰিৱেশন কৰা এই গীতসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে গীতবোৰ সকলো শ্ৰেণীৰ মানুহে গাব পৰাকৈ সহজ-সৰল কথিত ভাষাত ৰচিত৷ সুন্দৰ ছন্দযুক্ত এই গীতবোৰ গাবলৈ কোনো তাল-মানৰ বিশেষ কথা নাই৷ কথিত ভাষাত গোৱা হয় কাৰণে ঠাই বিশেষে গীতৰ কথা আৰু সুৰৰ তাৰতম্য ঘটা দেখা যায়৷ মুলত এই গীতবোৰৰ লক্ষ্য হৈছে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰা৷
ইপিনে মহখেদা উৎসৱক লৈ কোনো কোনোৱে বিতৰ্ক কৰাও দেখা যায়৷ তেওঁলোকৰ মতে মহ খেদা উৎসৱটো প্ৰকৃততে “মহ” নহয় “মঁহ” খেদাৰ হে উৎসৱ৷ অৰ্থাৎ পতংগ মহক খেদিবলৈ এই উৎসৱৰ আয়োজন কৰা নহয়, চাৰিঠেঙীয়া জন্তু মঁহক খেদিবলৈ হে আয়োজন কৰা হৈছিল ৷
এই সম্পৰ্কত তেওঁলোকে আগবঢ়োৱা যুক্তিক পোনচাটেই না কৰিবও নোৱাৰি৷ তেওঁলোকে কব বিচাৰে যে অতীত কালত খেতিপথাৰত ৰোপন কৰা লহপহীয়া ধান খাবলৈ বনৰীয়া মঁহ আহি গোটেইখন তহিলং কৰিছিল৷ কৃষকে কপালৰ ঘাম মাটিত পেলাই বহাগ বিহুৰ পিছৰ পৰাই নিতৌ হাড় ভঙা পৰিশ্ৰম কৰি হেপাহেৰে কৰা ধানখেতি ডৰা চপোৱাৰ সময়তে নিমিষতে ধ্বংস পেলোৱা মঁহৰ জাকক খেদিবলৈ মহো-হো উৎসৱৰ আয়োজন কৰিছিল৷
সেইবাবেই মহো-হো উৎসৱত বাহৰ লাঠি ব্যৱহাৰ কৰা হৈছিল যাতে মঁহৰ জাকক লাঠিৰে খেদিব পাৰি৷ কাৰণ পতংগ মহ খেদিবলৈতো বাহৰ লাঠি ব্যৱহাৰ কৰা নহয়৷ আনহাতে কলগছৰ শুকান পাত গাত মেৰিয়াই লৈ সম্পূর্ণৰূপে আবৃত হৈ ভালুকৰ ভাও লোৱা ব্যৱস্থাৰে মঁহৰ জাকক ভয় খুওৱাৰ দিহা কৰা হৈছিল বুলি তেওঁলোকে কব খোজে ৷
এক সমন্বয় আৰু সম্প্ৰীতিৰ উৎসৱ হিচাপে বিবেচিত মহো-হো উৎসৱ পতংগ মহ খেদাক লৈয়েই হওক বা জন্তু মঁহ খেদাক লৈয়েই হওক ইয়াৰ অন্তৰালত নিহিত থলুৱা লোক গীতসমূহ আৰু ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পালন কৰা একতাৰ এনাজৰীদাল মন কৰিবলগীয়া৷ এনে এক প্ৰেক্ষাপটতে নামনি অসমত আজিৰ দিনটোত পালন কৰা “মহো-হো” এক গুৰুত্বপূৰ্ণ উৎসৱ৷ কিয়নো এই মহো-হো উৎসৱত সুন্দৰভাবে প্রকাশ পায় সহজ-সৰল গ্রাম্য চহা জীৱনৰ প্রতিচ্ছবি।

অসমীয়া লোক সাহিত্যৰ ভড়াল চহকী কৰা এই সুন্দৰ লোক কলাবিধ আধুনিকতাৰ ভেম, ব্যস্ততা, অপসংস্কৃতিৰ প্ৰতি আকৰ্ষণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সমাহাৰেৰে ভৰপুৰ মোবাইল ফোন, ফেচবুক, হোৱাচএপ, টেলিগ্ৰাম আদি বিভিন্ন সামাজিক মাধ্যমৰ প্ৰসাৰৰ ফলত লাহে লাহে আমাৰ গ্রামাঞ্চলৰ পৰা আতৰি যাব ধৰিছে। কোনো কোনে অঞ্চলত কেৱল মুষ্ঠিমেয় সৰু সৰু লৰা বিলাকেহে এই উৎসৱত ভাগ লোৱা দেখা যায়।
একমাত্ৰ সংৰক্ষণৰ অভাবৰ বাবে মহ খেদাৰ গীতসমূহো আজি কালি আধৰুৱাকৈ আৰু ভুলকৈ পৰিবেশন কৰা দেখা যায়। অৱেশ্যে যোৱা কিছু বছৰমানৰ পৰা একাংশ লোকৰ তৎপৰতাত কলিতা জনগোষ্ঠী সন্মিলনৰ কর্মকৰ্তাসকলে এই সুন্দৰ লোককৃষ্টিক পুনৰ আধুনিক সমাজৰ মাজলৈ লৈ অনাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।
এই অতি সুন্দৰ প্রশংসনীয় পদক্ষেপক আদৰণি জনাই আমাৰ সামাজিক সংগঠনসমূহে জাতি-ধর্ম নির্বিশেষে মহো-হো উৎসৱক পুনৰ আমাৰ মাজলৈ ওভতাই আনিবলৈ উদ্যোগ লোৱা উচিত। কিয়নো লোক-কলা, লোক-সংস্কৃতিৰ ভেটিটেই জীয়াই থাকে এটা জাতি। আমাৰ জাতিক জীয়াই ৰখাৰ স্বার্থত সময় থাকোতেই আমি এই লোক-কলাক উদ্ধাৰ নকৰিলে সময়ৰ সোঁতত হয়তো আমাৰ জাতিটোৱেই এদিন বিলীন হৈ যাব।

আৰু তেতিয়া হয়তো ইয়াক উদ্ধাৰৰ বাবে যিমান কষ্ট কৰিলেও উদ্ধাৰ কৰিব পৰা নাযাব৷ বিশ্ব বিখ্যাত নৃতত্ববিদ ড৹ হেৰী ৱেৰিয়াৰ হোলমেন এলউইনে অসমৰ লোক সংস্কৃতি সন্দৰ্ভত কোৱা এষাৰি সোৱনসেৰীয়া কথা মনলৈ আহিছে৷ তেওঁ অসমৰ জনগোষ্ঠীসমূহক কৈছিল, “আপোনালোকৰ পুৰণি সংস্কৃতিক লৈ লাজ নকৰিব। ই এক উচ্চ আৰু সুন্দৰ বস্তু, গতিকে ইয়াক সহজতে পেলাই নিদিব।
এসময়ত ইউৰোপত আমি আমাৰ লোক কলা-সংস্কৃতিসমূহক বিশেষ গুৰুত্ব দিয়া নাছিলো, যাৰ ফলত এতিয়া আমি ইয়াক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিবলগীয়া হৈছে৷” আনহাতে অসমৰ আন সকলো মানুহবোৰকে তেওঁ আহ্বান জনাই কৈছিল যে অসমৰ গ্ৰামাঞ্চলৰ সহজ-সৰল আৰু স্বাভাৱিক বস্তুবোৰক কেতিয়াও হেয়জ্ঞান কৰা উচিত নহয়৷ সেইবোৰক আজিৰ প্ৰজন্মই মৰম আৰু সহানুভূতিৰে অধ্যয়ন কৰা উচিৎ৷
কাৰণ তাত ডাঙৰ সম্পদ লুকাই আছে৷ ভাল ৰুচি, ৰং আৰু ৰূপৰ জ্ঞান, সৌন্দৰ্য্যৰ প্ৰতি থকা আনন্দ, ছন্দৰ প্ৰেম, সংগীতৰ সঠিক সুৰ- এইবোৰ এনেকুৱা বস্তু যিবোৰ কোনো কাৰখানাই নিৰ্মাণ কৰিব নোৱাৰে, কোনো কাৰ্যালয়ত অৰ্ডাৰ দি সৃষ্টি কৰিব নোৱাৰে। এইবোৰ প্ৰাচীন মাটিৰ পৰা বিকশিত হৈ উঠে যি এবাৰ বিলুপ্ত হ’লে কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰি৷

কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩
(২৭ নৱেম্বৰত “মহো-হো” উৎসৱ উপলক্ষত প্রকাশ)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)