প্ৰেছ বিজ্ঞপ্তি:
১ নৱেম্বৰ সোমবাৰে ফ’ৰাম ফৰ ছছিয়েল হাৰমনি, অসম মজুৰি শ্রমিক ইউনিয়ন আৰু সদৌ ভাৰত কৃষক মজদুৰ সভাৰ (এ আই কে এম এছ) উদ্যোগত ‘জন-হস্তক্ষেপ’ (এ কেম্পেইন এগেইনষ্ট ফেচিজম) সংস্থাৰ পক্ষৰ হৈ দিল্লীৰ ড০ বিকাশ বাজপেয়ী (জে এন ইউ), অধ্যাপক বিশ্বজিত মহান্তি (দিল্লী বিশ্ববিদ্যালয়) তথা সুধীৰ পট্টনায়ক (বিশিষ্ট সাংবাদিক) সহ দহজনীয়া এক প্রতিনিধি দলে দৰং জিলাৰ ছিপাঝাৰ চক্ৰৰ ধলপুৰ-গৰুখুটি অঞ্চলৰ সাম্প্রতিক উচ্ছেদ তথা হিংসাত্মক ঘটনাত আক্রান্ত গাঁওসমূহলৈ যায়, আৰু আক্রান্ত তথা উচ্ছেদ হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ খেতিয়কসকলৰ ওচৰত থিয় দিয়াৰ উদ্দেশ্যেৰে গোটেই দিন ধৰি গাঁওবাসীসকলৰ সৈতে কথা হয়। পিছৰ দিনা অর্থাৎ ২ নৱেম্বৰত গুৱাহাটী প্রেছ ক্লাবত এখন প্রেছ কনফাৰেন্স অনুষ্ঠিত কৰা হয়। উদ্যোক্তা সংগঠন তিনিটাৰ পক্ষৰ হৈ এই কনফাৰেন্সত নেতৃত্ব দিয়ে যথাক্রমে দেবজিৎ চৌধুৰী, হৰকুমাৰ গোস্বামী ও মৃণাল কান্তি সোমে।
প্রকাশিত বিভিন্ন তথ্যৰ পৰা এইটো ইতিমধ্যেই পৰিষ্কাৰ যে ২০ আৰু ২১ ছেপ্টেম্বৰত সেই অঞ্চলত যি ঘটিছে সি জনসাধাৰণৰ জীৱন তথা জীৱিকাৰ প্রশ্নত চৰকাৰৰ চূড়ান্ত অমানৱিক অনীহাৰ বহিঃপ্রকাশ। যদিও বিগত কেইবাবছৰ ধৰি মুছলমান সংখ্যালঘু সকলে, বিশেষকৈ অসমৰ বঙ্গমূলীয় মুছলমান সকলে চূড়ান্ত নিৰাপত্তাহীনতাত ভুগি আছে, কিন্তু আকস্মিক ভাৱে যিদৰে আৰক্ষী প্রশাসনে নির্লজ্জভাৱে সকলো নিয়ম নীতিক উপেক্ষা কৰি এই উচ্ছেদ অভিযান চলালে, তাত এই পীড়িত জনসাধাৰণো যে বিস্মিত হৈছে সেয়া তেওঁলোকৰ বিভিন্নজনৰ বক্তব্যতে ফুটি উঠিছে। উচ্ছেদৰ বিষয় লৈ কোনো চৰকাৰী প্রতিনিধিয়ে এলেকাৰ বাসিন্দাসকলৰ সৈতে কথা পতা নাছিল। তেওঁলোকৰ উচ্ছেদ-পৰৱৰ্তী পুনৰসংস্থাপন আৰু ক্ষতিপূৰণৰ বিষয়ে তো দূৰৰ কথা, আনকি কি উদ্দেশ্যে তেওঁলোকক উচ্ছেদ কৰা হৈছে সেই সম্পৰ্কেও স্থানীয় বাসিন্দাসকলৰ সৈতে কোনো আলোচনা প্রশাসনৰ তৰফৰ পৰা কৰা হোৱা নাছিল।
স্থানীয় বাসিন্দাসকলক যে অতর্কিতে উচ্ছেদ কৰাৰ পৰিকল্পনা প্রশাসনৰ আছিল সেয়া বুজা যায় এই উদাহৰণৰ পৰাই যে উদাহৰণস্বৰূপে তেওঁলোকৰ মাজৰে এজন, জহিৰুল ইছলামক, উচ্ছেদৰ আগৰ দিনা হে অর্থাৎ ১৯ ছেপ্টেম্বৰ ৰাতি বাৰটাৰ সময়ত বিবিধ কেছ নম্বৰ ২০/২০২১-এর অধীনত উচ্ছেদ নোটিশ হাতত ধৰাই দিয়া হৈছিল, আৰু পিছৰ দিনা ৰাতিপুৱাই তেওঁৰ বাসগৃহ ভাঙি দিবলৈ আৰক্ষী বাহিনী জঁপিয়াই পৰে। প্রশাসনৰ এই অপৰাধী মানসিকতাৰেই বহিঃপ্রকাশ ঘটে আৰক্ষীৰ গুলিত ময়নুল হকৰ মৃত্যুৰ ঘটনাত, যি ময়নুলে শিশু-মহিলাৰ ওপৰত পুলিছৰ আক্রমণক বাধা দিবলৈ আগুৱাই গৈছিল। ধলপুৰ-গৰুখুটি অঞ্চলৰ সকলো বাসিন্দাই এই উচ্ছেদৰ অস্বাভাৱিক আকস্মিকতাৰ কথা উল্লেখ কৰিছে।
উচ্ছেদ হোৱা পৰিয়াল সমূহে সম্প্ৰতি টিং-বাঁহ আৰু খেৰেৰে নিৰ্মিত অস্থায়ী শিৱিৰত আছে, য’ত পৰিৱেশ ভয়ানক অস্বাস্থ্যকৰ, নাই বিশুদ্ধ খোৱা পানী, ৰৈছে চূড়ান্ত খাদ্যাভাব, নাই কোনো চিকিৎসাৰ সুবিধা। কেতবোৰ বেচৰকাৰী সংস্থাই প্ৰয়োজনৰ তুলনাত সামান্য ৰিলিফৰ ব্যৱস্থা কৰিলেও, ৰিলিফৰ চৰকাৰী ব্যৱস্থাৰ সম্পূৰ্ণ অনুপস্থিতিয়ে এই অভিশপ্ত মানুহবোৰৰ প্ৰতি চৰকাৰৰ হিংস্ৰতাকেই প্ৰতিপন্ন কৰে।
আমি ভাবোঁ, বৃহৎ কৰ্প’ৰেট গোষ্ঠী সমূহৰ মুনাফাৰ বাবে ব্যৱসায়িক ভিত্তিত পাম খেতি কৰাৰ বাবে তথা এইসকল চৰবাসী বাসিন্দাক সস্তীয়া শ্ৰমিকলৈ ৰূপান্তৰিত কৰাৰ বাবেই চৰকাৰে খৰখেদাকৈ এই উচ্ছেদ অভিযানত নামিছে। ২০১৯ চনত গৃহীত ভূমি নীতিত চৰ অঞ্চলৰ ভূমি অধিগ্ৰহণৰ উল্লেখ এই ক্ষেত্ৰত প্ৰণিধানযোগ্য। কৰ্প’ৰেট মুনাফাক প্ৰাধান্য দিবলৈ যোৱা চৰকাৰখনৰ বাবে এই প্ৰান্তিক মানুহখিনিৰ জীৱন-জীৱিকাৰ প্ৰশ্নটো আৰু বিচাৰ্য্য বিষয় হৈ নাথাকিল।
আমি ভাবো, ধলপুৰবাসীৰ ওপৰত এই আক্ৰমণৰ পিছফালে আছে জনগণৰ জীৱন-জীৱিকাক বিপন্ন কৰি তোলা এক দীৰ্ঘকালীন সমস্যা, যাৰ সমাধানৰ বাবে বিজ্ঞানসন্মত উপায় কোনো চৰকাৰেই গ্ৰহণ কৰা নাই। এইটো সৰ্বজনবিদিত যে ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপনৈসমূহৰ পুনঃপৌনিক গৰা-খহনীয়াই ব্যাপক জনসাধাৰণক ভেটি-মাটিৰ পৰা উচ্ছেদ কৰি ৰাজ্যৰ অভ্যন্তৰত প্ৰব্ৰজিত জন সমষ্টিলৈ (অৰ্থাৎ internally displaced persons লৈ) ৰূপান্তৰিত কৰিছে। ৰাজ্যৰ সমাজ, অৰ্থনীতি আৰু ৰাজনীতিত ব্যাপক এই বিস্থাপনৰ প্ৰভাৱ আৰু নদীৰ খহনীয়াৰ এই সমস্যা লৈ কোনো বিজ্ঞানসন্মত গৱেষণা আৰু তাৰ সমাধানৰ উপায় বিচৰা হোৱা নাই। বিস্থাপিত তথা বিপৰ্যস্ত এই ব্যাপক জনসাধাৰণৰ পুনৰসংস্থাপন আৰু ৰিলিফ প্ৰদান আছিল অত্যন্ত জৰুৰী। কিন্তু তাৰ বিপৰীতে শাসক শ্ৰেণীৰ নিজস্ব সংকীৰ্ণ স্বাৰ্থত আৰু নব্য-উদাৰবাদী অৰ্থনীতি প্ৰয়োগৰ বাবে চৰকাৰে এই ধৰণৰ জনবিৰোধী উচ্ছেদৰ নীতি তথা জনগোষ্ঠীগত বিভাজনক আৰু গভীৰলৈ লৈ যোৱাৰ পথটোকেই আঁকোৱালি লৈছে।
নদীৰ খহনীয়াৰ পৰিণতি, বৃহৎ কৰ্প’ৰেট পুঁজিৰ স্বাৰ্থ আৰু আৰএছএছ-বিজেপিৰ সাম্প্ৰদায়িক কৰ্মসূচী এই ব্যাপক উচ্ছেদ অভিযানৰ পিছফালে এটা বিন্দুত মিলিত হৈছে। এই কাৰণেই মিঞা মুছলমান সকলক প্ৰতিনিয়ত অনুপ্ৰবেশকাৰী হিচাপে দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত আছে, যদিও তেওঁলোক অসমৰ দীৰ্ঘকালীন স্থায়ী বাসিন্দা। এই বিভাজনৰ ৰাজনীতি কেৱল ধৰ্মৰ ভিত্তিতেই নহয়, ভাষাৰ ভিত্তিতো অসমীয়া-বঙালী বিভাজনক উচটোৱাৰ ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে। প্রাকৃতিক বিপর্যয়ত আক্ৰান্ত এই মিঞা মুছলমান সকল উচ্ছেদৰ প্ৰধান বলি হলেও, প্ৰাকৃতিক বিপর্যয়ে ভৱিষ্যতে অইন জনগোষ্ঠীৰ জীৱন-জীৱিকাকো প্ৰভাৱিত কৰিব। বিভাজনৰ এই ৰাজনীতিৰ বিষময় পৰিণতি অসমবাসীৰ সকলোকে ভৱিষ্যতে গ্ৰাস কৰিব। সেয়ে সঁচা অৰ্থত অসমক ভালপোৱা প্ৰতি গৰাকী ব্যক্তিৰ উচিত — সময় থাকোতেই বিভাজনৰ এই ৰাজনীতিক প্ৰত্যাখান কৰি সার্বিক বিপর্যয়ৰ পৰা অসমক বচাবলৈ অসমবাসী হিচাপেই বৃহত্তৰ ঐক্য গঢ়ি তোলা আৰু এই উচ্ছেদ আক্ৰান্তৰ পক্ষত দৃঢ়ভাৱে থিয় দিয়া।
এই পৰিপ্ৰেক্ষিতত আমাৰ দাবী:
১) উচ্ছেদ হোৱা লোকসকলৰ জীৱন-জীৱিকাৰ নিশ্চয়তা প্ৰদানৰ বাবে আৰ্থিক, আইনী, সামাজিক আৰু ৰাজনৈতিক সকলো ধৰণৰ উদ্যোগ গ্ৰহণ কৰিব লাগিব।
২) অসম চৰকাৰৰ ২০১৯ চনৰ ভূমি নীতি বাতিল কৰিব লাগিব।
৩) নদীৰ খহনীয়াৰ সমস্যা সমাধানৰ বাবে প্ৰকৃতি-বিজ্ঞান তথা সমাজ-বিজ্ঞানৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি সকলক লৈ এখন কমিটি গঠন কৰিব লাগিব, আৰু ব্যাপক গণ আলোচনাৰ ভিত্তিত এক দীৰ্ঘকালীন নীতি গ্ৰহণ কৰিব লাগিব।