• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Justice

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!

by Rezaul Karim
August 27, 2024
in Justice, Opinion, Politics, Social Media
Reading Time: 3 mins read
0
ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!
Share on FacebookShare on TwitterShare on LinkedIn

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

আজিকালি সামাজিক মাধ্যমত খুব জুখি মেলি লিখো। পৰিৱেশ পৰিস্থিতিবোৰৰ সৈতে খাপ খাব নোৱাৰা হৈছো কাৰণে অনেক কথা এৰাই চলো।

কিন্তু ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ডৰ বিষয়ে নীৰৱে থাকিব নোৱাৰিলো।

ধিং, মৈৰাবাৰী, লাহৰিঘাট, জুৰীয়া, দগাঁও, ৰূপহী আদি ঠাইবোৰলৈ অনেক অহা যোৱা কৰিছো। সভা সমিতি কৰিছো। মানুহৰ মৰম আশীৰ্বাদ পাইছো। গতিকে দুষাৰমান লিখিলোঁ। ধিঙত মোৰ শুভাকাংক্ষীও আছে। সামাজিক মাধ্যমত তেওঁলোকৰ সৈতে ভাৱ বিনিময় হৈ থাকে। ধিঙত হোৱা ঘটনাৰ বাবে মই মূৰ দাঙিব নোৱাৰাকৈ লজ্জিত।

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক। আমাৰ দেশৰ বিচাৰ ব্যৱস্থাত ধৰ্ষণকাৰীৰ শাস্তি মৃত্যুদণ্ড হ’ব লাগে। ধিঙৰ নাবালিকা ধৰ্ষণৰ লগত জড়িত সকলক বিচাৰ কৰি মৃত্যুদণ্ড দিয়াটো কামনা কৰো। লগতে এই কথাও দোহাৰো যে যি কোনো অপৰাধৰ ক্ষেত্ৰত অপৰাধীক কেৱল অপৰাধী হিচাপে গণ্য কৰিব লাগে।

আমাৰ ৰাজ্যখনত কিছু বছৰৰ পৰা দেখা গৈছে যে অন্যায়, অত্যাচাৰৰ প্ৰতিবাদবোৰ অঞ্চল, সম্প্ৰদায়, ভাষা, ধৰ্ম আদিৰ ভিত্তিত হবলৈ ধৰিছে। অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ নহলে কোনো অন্যায়ৰ সুবিচাৰ নহয়। সেই কাৰণেই চাগে একে ধৰণৰ অন্যায়ৰ ক্ষেত্ৰত একেধৰণৰ শাস্তিমূলক ব্যৱস্থাও নহয়।

“কিয় আমি বুকুত হাত থৈ ক’ব নোৱাৰো যে অসমৰ কোনো মানুহ, নাৰী বা যুৱতী এই সম্প্ৰদায়ৰ লোকৰ দ্বাৰা কেতিয়াও কোনো কাৰণতে অত্যাচাৰিত বা নিৰ্য্যাতিত নহয়। যদি এনেদৰে ক’ব নোৱাৰে তেনেহলে আগলৈ যিমানেই শিক্ষিত নহওঁক লাগিলে, যিমানেই ধন নঘটক লাগিলে ,সন্মান সহকাৰে জীয়াই থকাৰ সলনি বেইমান, অবিশ্বাসী আদি বিশেষণেৰেই ইতিহাসৰ পৃষ্ঠাত চিহ্নিত হৈ থাকিব লাগিব।”

আবেগেৰে নহয় বিবেকেৰে কথাবোৰ চিন্তা কৰি চাব।

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!

ধিঙৰ ধৰ্ষণৰ ঘটনাৰ পাছত উদ্ভৱ হোৱা কিছুমান প্ৰশ্ন অনেকৰে মনত উদয় হৈছে। আমাৰো হৈছে। ইয়াৰ মূল প্ৰশ্নটো হৈছে এনেধৰণৰ জঘণ্য ঘটনাবোৰৰ বেছিভাগেই এটা সম্প্ৰদায়ৰ দ্বাৰা ইমান বেছিকৈ কিয় সংঘটিত হয় ?

দেখাত সম্প্ৰদায়টোত শিক্ষিতৰ হাৰ দোপতদোপে বৃদ্ধি পাইছে। ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে। ইয়াকে দেখি ৰাজ্যখনৰ খোদ মূখ্যমন্ত্ৰীয়ে এয়া শৈক্ষিক জেহাদ বুলিও কৈছে। শিক্ষাৰ হাৰ বাঢ়িছে, ডাক্তৰ ইঞ্জিনিয়াৰ বাঢ়িছে মানেই তেওঁলোক প্ৰকৃততে শিক্ষিত হৈছে নে ?

যিখন সমাজত ডাক্তৰ ইঞ্জিনিয়াৰে সমাজৰ পৰিচয় সলনি কৰিব খোজে সেইখন সমাজৰ একাংশ মানুহৰ হাতত যদি ৰাজ্যখনৰ জীয়াৰী বোৱাৰীৰ ইজ্জত সুৰক্ষিত নহয় তেনেহলে সেইখন সমাজক মানুহৰ সমাজ বুলি ক’ব পাৰি নে ?

সমাজখনত আপুনি, মই, আমি নিজেই সুৰক্ষিত নে ?

মই নিজেও এজন কন্যা সন্তানৰ পিতৃ। কাইলৈ একেই পিশাচে মোৰ, আপোনাৰ ওপৰতো হাত দিব। সিদিনা কাৰ ওচৰত বিনাবলৈ যাব ?

প্ৰত্যেক সমাজৰে কিছুমান চালিকা শক্তি থাকে। সমাজৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকে। এই সমাজখনৰ চালিকা শক্তি কি আৰু কোন ?

এই প্ৰশ্নৰ অতি সোনকালে উত্তৰ বিচৰিব লাগে । সমাজখনৰ বৈশিষ্ট্যই বা কি ?

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!

আমাৰ দৃষ্টিত এটা কথা বাৰে বাৰে ধৰা পৰে। সেইটো হৈছে সমাজত শিক্ষাৰ হাৰ বাঢ়িলেও সমাজখনত কোনো সুচিন্তিত ‘নাগৰিক সমাজ‘ৰ অস্তিত্ব নাই। সমাজখনৰ ওপৰত কাৰোৱেই নিয়ন্ত্ৰণ নাই। তথাকথিত ৰাজনৈতিক নেতাৰ শোষণ আৰু ধৰ্মীয় মৌলবাদৰ প্ৰসাৰে সমাজখনক এপিনৰ পৰা ধ্বংস কৰি আনিছে। মদ,জুৱা,ড্ৰাগছ, যৌন ব্যভিচাৰ এইবোৰ এইখন সমাজৰ পৰিচয়ত পৰিণত হৈছে।

নাৰী কেলেংকাৰী এইখন সমাজৰ কোনো বিক্ষিপ্ত ঘটনা নহয়। কেৱল আত্মসন্মান ৰক্ষাৰ স্বাৰ্থত অনেকে সত্যক লুকুৱাই ৰাখিবলৈ বাধ্য হয়। ইছলাম ধৰ্মত মদ, জুৱা, ড্ৰাগচ আৰু যৌন ব্যভিচাৰ নিষিদ্ধ। যৌন ব্যভিচাৰ মৃত্যুদণ্ড সম অপৰাধ । সমাজখনত ধৰ্মীয় মৌলবাদৰ উল্থান হৈছে কিন্তু এই ধৰণৰ ব্যভিচাৰ প্ৰতিৰোধ হোৱা নাই। বৰং বাঢ়িছে ।

সমাজখনত মদ্যপান কৰি অশান্তি সৃষ্টি কৰা যুৱক সকল সমাজৰ বাবে অশনি সংকেত। তেওঁলোকেই সমাজত সন্ত্ৰাস সৃষ্টি কৰে।

নিয়ন্ত্ৰণহীন এইসকলেই আন সমাজত গৈ ব্যভিচাৰত লিপ্ত হয়। নিজৰ সমাজখনত যদি এইসকল লম্পট যুৱকে কঠোৰ শাস্তিৰ সমুখীন হ’লহেঁতেন তেনেহলে আন সমাজত গৈ যৌন নিৰ্যাতন কৰিবলৈ সাহস গোটাব নোৱাৰিলেহেঁতেন। আজি নিজৰ সমাজত সুৰক্ষা পাই বেলেগ সমাজত ব্যভিচাৰ কৰা সকলৰ পাপৰ ফল সমাজখনৰ সকলোৱেই ভোগ কৰিব লাগিব।

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!

সময় বৰ নিষ্ঠুৰ। চৰিত্ৰহীন সকলৰ দোষৰ বাবে আজি সমগ্ৰ সম্প্ৰদায়টো বদনামী হৈছে। সুযোগ বুজি এচামে সাম্প্ৰদায়িক ৰাজনীতিৰ বাট মুকলি কৰিছে। এচামে ক’ব খোজে এই সম্প্ৰদায়টো দীৰ্ঘদিন ধৰি শোষিত হৈ থকা বাবে সমাজখন অধ: পতে গৈছে। হ’ব পাৰে।

কিন্তু মন কৰিবচোন এইখন সমাজক শোষণ কৰিবলৈ বাহিৰৰ পৰা কোনো মানুহ অহাৰ প্ৰয়োজন নাই। শোষণ কৰিবলৈ এই সমাজখন দেখোন দালালী কৰা মানুহেৰে ভৰি আছে। আইন আদালত, মাটি বাৰী কিনা বেচা কৰা, চিকিৎসা কৰা, পঢ়া শুনা কৰা, সকলো ক্ষেত্ৰতেই দালাল।

এইবোৰ দেখি শুনিও আত্ম সমালোচনা নাই সমাজত। কোনোবাই ইতিবাচক বুলি ভাবি কিবা কলে তেওঁক ভেঙুচালি কৰে নহলে নীৰৱে আতঁৰি যায়।

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!

আজিৰ দিনটোত অসমৰ সকলো নাগৰিকক বিনম্ৰ অনুৰোধ কৰি ক’ব খুজিছো যে ধিং কাণ্ডৰ অপৰাধীয়ে কঠোৰতম শাস্তি পাওঁক কিন্তু এই ঘটনাটোক আপোনালোকে সাম্প্ৰদায়িক দৃষ্টি কোণেৰে নাচাব। সাম্প্ৰদায়িক বিভাজনে জাতিটোক ধ্বংসহে কৰিব। ৰাজনৈতিক নেতাক ছল চাই কঠিয়া পৰাৰ বাট সুগম নকৰিব।

আৰক্ষী প্ৰশাসনলৈও এষাৰ কথা কৈছো। মনে ধৰে আপোনালোকে অপৰাধীক চিনি পায়। কিন্তু অপৰাধ নিয়ন্ত্ৰণ কৰাত লেহেম হৈ থাকে। অনেকে কয় আপোনালোকে স্বাধীনভাৱে নিজৰ কৰ্তব্য কৰিব নোৱাৰে। আনে যিয়ে নকওঁক এনে কৰিব নোৱাৰিনে যাতে অপৰাধীয়ে আৰক্ষীৰ নাম শুনিলে কপি থাকে। অপৰাধ কৰাৰ আগত দহবাৰ ভাবিব লাগে।

অসমৰ মুছলমান সমাজলৈ মোৰ আহ্বান, আহক সকলোৱে আত্মসমালোচনা কৰো। সকলোৱে লগ লাগি সমাজখনক ক্ষয়িষ্ণু হোৱাৰ পৰা উদ্ধাৰ কৰো। কথাবোৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ দৃষ্টিকোণৰ পৰাও চাবলৈ শিকো।

কিয় আমি বুকুত হাত থৈ ক’ব নোৱাৰো যে অসমৰ কোনো মানুহ, নাৰী বা যুৱতী এই সম্প্ৰদায়ৰ লোকৰ দ্বাৰা কেতিয়াও কোনো কাৰণতে অত্যাচাৰিত বা নিৰ্য্যাতিত নহয়।

যদি এনেদৰে ক’ব নোৱাৰে তেনেহলে আগলৈ যিমানেই শিক্ষিত নহওঁক লাগিলে, যিমানেই ধন নঘটক লাগিলে ,সন্মান সহকাৰে জীয়াই থকাৰ সলনি বেইমান, অবিশ্বাসী আদি বিশেষণেৰেই ইতিহাসৰ পৃষ্ঠাত চিহ্নিত হৈ থাকিব লাগিব।

আবেগেৰে নহয় বিবেকেৰে কথাবোৰ চিন্তা কৰি চাব।

ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!

২৫-৮-২০২৪

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Rezaul Karim

Rezaul Karim

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 4, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

July 30, 2026
Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

July 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d