ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক!
ৰেজাউল কৰিম
আজিকালি সামাজিক মাধ্যমত খুব জুখি মেলি লিখো। পৰিৱেশ পৰিস্থিতিবোৰৰ সৈতে খাপ খাব নোৱাৰা হৈছো কাৰণে অনেক কথা এৰাই চলো।
কিন্তু ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ডৰ বিষয়ে নীৰৱে থাকিব নোৱাৰিলো।
ধিং, মৈৰাবাৰী, লাহৰিঘাট, জুৰীয়া, দগাঁও, ৰূপহী আদি ঠাইবোৰলৈ অনেক অহা যোৱা কৰিছো। সভা সমিতি কৰিছো। মানুহৰ মৰম আশীৰ্বাদ পাইছো। গতিকে দুষাৰমান লিখিলোঁ। ধিঙত মোৰ শুভাকাংক্ষীও আছে। সামাজিক মাধ্যমত তেওঁলোকৰ সৈতে ভাৱ বিনিময় হৈ থাকে। ধিঙত হোৱা ঘটনাৰ বাবে মই মূৰ দাঙিব নোৱাৰাকৈ লজ্জিত।
ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড সভ্য সমাজৰ বাবে এটা কলঙ্ক। আমাৰ দেশৰ বিচাৰ ব্যৱস্থাত ধৰ্ষণকাৰীৰ শাস্তি মৃত্যুদণ্ড হ’ব লাগে। ধিঙৰ নাবালিকা ধৰ্ষণৰ লগত জড়িত সকলক বিচাৰ কৰি মৃত্যুদণ্ড দিয়াটো কামনা কৰো। লগতে এই কথাও দোহাৰো যে যি কোনো অপৰাধৰ ক্ষেত্ৰত অপৰাধীক কেৱল অপৰাধী হিচাপে গণ্য কৰিব লাগে।
আমাৰ ৰাজ্যখনত কিছু বছৰৰ পৰা দেখা গৈছে যে অন্যায়, অত্যাচাৰৰ প্ৰতিবাদবোৰ অঞ্চল, সম্প্ৰদায়, ভাষা, ধৰ্ম আদিৰ ভিত্তিত হবলৈ ধৰিছে। অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ নহলে কোনো অন্যায়ৰ সুবিচাৰ নহয়। সেই কাৰণেই চাগে একে ধৰণৰ অন্যায়ৰ ক্ষেত্ৰত একেধৰণৰ শাস্তিমূলক ব্যৱস্থাও নহয়।
“কিয় আমি বুকুত হাত থৈ ক’ব নোৱাৰো যে অসমৰ কোনো মানুহ, নাৰী বা যুৱতী এই সম্প্ৰদায়ৰ লোকৰ দ্বাৰা কেতিয়াও কোনো কাৰণতে অত্যাচাৰিত বা নিৰ্য্যাতিত নহয়। যদি এনেদৰে ক’ব নোৱাৰে তেনেহলে আগলৈ যিমানেই শিক্ষিত নহওঁক লাগিলে, যিমানেই ধন নঘটক লাগিলে ,সন্মান সহকাৰে জীয়াই থকাৰ সলনি বেইমান, অবিশ্বাসী আদি বিশেষণেৰেই ইতিহাসৰ পৃষ্ঠাত চিহ্নিত হৈ থাকিব লাগিব।”
আবেগেৰে নহয় বিবেকেৰে কথাবোৰ চিন্তা কৰি চাব।
ধিঙৰ ধৰ্ষণৰ ঘটনাৰ পাছত উদ্ভৱ হোৱা কিছুমান প্ৰশ্ন অনেকৰে মনত উদয় হৈছে। আমাৰো হৈছে। ইয়াৰ মূল প্ৰশ্নটো হৈছে এনেধৰণৰ জঘণ্য ঘটনাবোৰৰ বেছিভাগেই এটা সম্প্ৰদায়ৰ দ্বাৰা ইমান বেছিকৈ কিয় সংঘটিত হয় ?
দেখাত সম্প্ৰদায়টোত শিক্ষিতৰ হাৰ দোপতদোপে বৃদ্ধি পাইছে। ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে। ইয়াকে দেখি ৰাজ্যখনৰ খোদ মূখ্যমন্ত্ৰীয়ে এয়া শৈক্ষিক জেহাদ বুলিও কৈছে। শিক্ষাৰ হাৰ বাঢ়িছে, ডাক্তৰ ইঞ্জিনিয়াৰ বাঢ়িছে মানেই তেওঁলোক প্ৰকৃততে শিক্ষিত হৈছে নে ?
যিখন সমাজত ডাক্তৰ ইঞ্জিনিয়াৰে সমাজৰ পৰিচয় সলনি কৰিব খোজে সেইখন সমাজৰ একাংশ মানুহৰ হাতত যদি ৰাজ্যখনৰ জীয়াৰী বোৱাৰীৰ ইজ্জত সুৰক্ষিত নহয় তেনেহলে সেইখন সমাজক মানুহৰ সমাজ বুলি ক’ব পাৰি নে ?
সমাজখনত আপুনি, মই, আমি নিজেই সুৰক্ষিত নে ?
মই নিজেও এজন কন্যা সন্তানৰ পিতৃ। কাইলৈ একেই পিশাচে মোৰ, আপোনাৰ ওপৰতো হাত দিব। সিদিনা কাৰ ওচৰত বিনাবলৈ যাব ?
প্ৰত্যেক সমাজৰে কিছুমান চালিকা শক্তি থাকে। সমাজৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকে। এই সমাজখনৰ চালিকা শক্তি কি আৰু কোন ?
এই প্ৰশ্নৰ অতি সোনকালে উত্তৰ বিচৰিব লাগে । সমাজখনৰ বৈশিষ্ট্যই বা কি ?
আমাৰ দৃষ্টিত এটা কথা বাৰে বাৰে ধৰা পৰে। সেইটো হৈছে সমাজত শিক্ষাৰ হাৰ বাঢ়িলেও সমাজখনত কোনো সুচিন্তিত ‘নাগৰিক সমাজ‘ৰ অস্তিত্ব নাই। সমাজখনৰ ওপৰত কাৰোৱেই নিয়ন্ত্ৰণ নাই। তথাকথিত ৰাজনৈতিক নেতাৰ শোষণ আৰু ধৰ্মীয় মৌলবাদৰ প্ৰসাৰে সমাজখনক এপিনৰ পৰা ধ্বংস কৰি আনিছে। মদ,জুৱা,ড্ৰাগছ, যৌন ব্যভিচাৰ এইবোৰ এইখন সমাজৰ পৰিচয়ত পৰিণত হৈছে।
নাৰী কেলেংকাৰী এইখন সমাজৰ কোনো বিক্ষিপ্ত ঘটনা নহয়। কেৱল আত্মসন্মান ৰক্ষাৰ স্বাৰ্থত অনেকে সত্যক লুকুৱাই ৰাখিবলৈ বাধ্য হয়। ইছলাম ধৰ্মত মদ, জুৱা, ড্ৰাগচ আৰু যৌন ব্যভিচাৰ নিষিদ্ধ। যৌন ব্যভিচাৰ মৃত্যুদণ্ড সম অপৰাধ । সমাজখনত ধৰ্মীয় মৌলবাদৰ উল্থান হৈছে কিন্তু এই ধৰণৰ ব্যভিচাৰ প্ৰতিৰোধ হোৱা নাই। বৰং বাঢ়িছে ।
সমাজখনত মদ্যপান কৰি অশান্তি সৃষ্টি কৰা যুৱক সকল সমাজৰ বাবে অশনি সংকেত। তেওঁলোকেই সমাজত সন্ত্ৰাস সৃষ্টি কৰে।
নিয়ন্ত্ৰণহীন এইসকলেই আন সমাজত গৈ ব্যভিচাৰত লিপ্ত হয়। নিজৰ সমাজখনত যদি এইসকল লম্পট যুৱকে কঠোৰ শাস্তিৰ সমুখীন হ’লহেঁতেন তেনেহলে আন সমাজত গৈ যৌন নিৰ্যাতন কৰিবলৈ সাহস গোটাব নোৱাৰিলেহেঁতেন। আজি নিজৰ সমাজত সুৰক্ষা পাই বেলেগ সমাজত ব্যভিচাৰ কৰা সকলৰ পাপৰ ফল সমাজখনৰ সকলোৱেই ভোগ কৰিব লাগিব।
সময় বৰ নিষ্ঠুৰ। চৰিত্ৰহীন সকলৰ দোষৰ বাবে আজি সমগ্ৰ সম্প্ৰদায়টো বদনামী হৈছে। সুযোগ বুজি এচামে সাম্প্ৰদায়িক ৰাজনীতিৰ বাট মুকলি কৰিছে। এচামে ক’ব খোজে এই সম্প্ৰদায়টো দীৰ্ঘদিন ধৰি শোষিত হৈ থকা বাবে সমাজখন অধ: পতে গৈছে। হ’ব পাৰে।
কিন্তু মন কৰিবচোন এইখন সমাজক শোষণ কৰিবলৈ বাহিৰৰ পৰা কোনো মানুহ অহাৰ প্ৰয়োজন নাই। শোষণ কৰিবলৈ এই সমাজখন দেখোন দালালী কৰা মানুহেৰে ভৰি আছে। আইন আদালত, মাটি বাৰী কিনা বেচা কৰা, চিকিৎসা কৰা, পঢ়া শুনা কৰা, সকলো ক্ষেত্ৰতেই দালাল।
এইবোৰ দেখি শুনিও আত্ম সমালোচনা নাই সমাজত। কোনোবাই ইতিবাচক বুলি ভাবি কিবা কলে তেওঁক ভেঙুচালি কৰে নহলে নীৰৱে আতঁৰি যায়।
আজিৰ দিনটোত অসমৰ সকলো নাগৰিকক বিনম্ৰ অনুৰোধ কৰি ক’ব খুজিছো যে ধিং কাণ্ডৰ অপৰাধীয়ে কঠোৰতম শাস্তি পাওঁক কিন্তু এই ঘটনাটোক আপোনালোকে সাম্প্ৰদায়িক দৃষ্টি কোণেৰে নাচাব। সাম্প্ৰদায়িক বিভাজনে জাতিটোক ধ্বংসহে কৰিব। ৰাজনৈতিক নেতাক ছল চাই কঠিয়া পৰাৰ বাট সুগম নকৰিব।
আৰক্ষী প্ৰশাসনলৈও এষাৰ কথা কৈছো। মনে ধৰে আপোনালোকে অপৰাধীক চিনি পায়। কিন্তু অপৰাধ নিয়ন্ত্ৰণ কৰাত লেহেম হৈ থাকে। অনেকে কয় আপোনালোকে স্বাধীনভাৱে নিজৰ কৰ্তব্য কৰিব নোৱাৰে। আনে যিয়ে নকওঁক এনে কৰিব নোৱাৰিনে যাতে অপৰাধীয়ে আৰক্ষীৰ নাম শুনিলে কপি থাকে। অপৰাধ কৰাৰ আগত দহবাৰ ভাবিব লাগে।
অসমৰ মুছলমান সমাজলৈ মোৰ আহ্বান, আহক সকলোৱে আত্মসমালোচনা কৰো। সকলোৱে লগ লাগি সমাজখনক ক্ষয়িষ্ণু হোৱাৰ পৰা উদ্ধাৰ কৰো। কথাবোৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ দৃষ্টিকোণৰ পৰাও চাবলৈ শিকো।
কিয় আমি বুকুত হাত থৈ ক’ব নোৱাৰো যে অসমৰ কোনো মানুহ, নাৰী বা যুৱতী এই সম্প্ৰদায়ৰ লোকৰ দ্বাৰা কেতিয়াও কোনো কাৰণতে অত্যাচাৰিত বা নিৰ্য্যাতিত নহয়।
যদি এনেদৰে ক’ব নোৱাৰে তেনেহলে আগলৈ যিমানেই শিক্ষিত নহওঁক লাগিলে, যিমানেই ধন নঘটক লাগিলে ,সন্মান সহকাৰে জীয়াই থকাৰ সলনি বেইমান, অবিশ্বাসী আদি বিশেষণেৰেই ইতিহাসৰ পৃষ্ঠাত চিহ্নিত হৈ থাকিব লাগিব।
আবেগেৰে নহয় বিবেকেৰে কথাবোৰ চিন্তা কৰি চাব।
২৫-৮-২০২৪
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.