ধুনীয়া হোৱাৰ বাসনা কিয়?
সংগীতা দাস
প্ৰতিগৰাকী পুৰুষ-মহিলাই সুন্দৰ হৈ থাকিব বিচৰে। আকৰ্ষণীয় হোৱাৰ বাসনা বৰ্তমান যুগত প্ৰতিযোগিতা হিচাপেহে ধৰা দিয়া পৰিলক্ষিত হয়। অতীজৰপৰা সৌন্দৰ্যৰ কাৰণে বিভিন্ন আয়োজন, পৰিঘটনা ইতিহাসৰ পাতত পোৱা যায়। নাৰীৰ সৌন্দৰ্যৰ বাবে হোৱা ধ্বংসলীলাৰ ঘটনাও তেনেই কম নহয়। গতিকে দেখা যায় সৌন্দৰ্য বোলা বস্তুটোৱে মানুহৰ দৈনন্দিন জীৱনত সৌ তাহানিৰপৰা বিশেষ প্ৰভাৱ পেলাই আহিছে।
মনোবিজ্ঞানত এষাৰ কথা আছে—‘‘Beauty lies in the skin deep but we pay much attention on the skin only.’’ অৰ্থাৎ আমি যদিও মুখত কওঁ ৰূপে কি কৰে গুণেহে সংসাৰ তৰে, কিন্তু বেছিভাগ মানুহে বাহ্যিক সৌন্দৰ্যতহে বেছি গুৰুত্ব দিয়ে।
ধুনীয়া হোৱাৰ বাসনাৰ কথা ক’বলৈ গ’লে কিছুমান কাৰকৰ কথা উল্লেখ কৰিব পাৰি, তাৰ কিছুমানৰ বিষয়ে আমাৰ চেতন মন সজাগ আৰু কিছুমানৰ বিষয়ে অজ্ঞ নহয়।
সৌন্দৰ্যপিপাসু মনৰ এটা অৱচেতন প্ৰক্ৰিয়া হ’ল প্ৰজনন। আমি যদি প্ৰকৃতিৰ ফালে চাওঁ আমি দেখো যে প্ৰতিটো ফুলৰ সুগন্ধি, ৰং, চৰাই-চিৰিকটিৰ সুন্দৰতা আদিবোৰ প্ৰজননৰ বাবে ব্যৱহৃত হয়। সুন্দৰ ৰং, গোন্ধই বিপৰীত লিংগক আকৰ্ষণ কৰে, ভোমোৰা-পখিলাক আকৰ্ষিত কৰি প্ৰজনন প্ৰক্ৰিয়াত সহায় কৰে। মানুহো তাৰ ব্যতিক্ৰম নহয়। যদিও আমি প্ৰেম বা সামাজিক বান্ধোনৰ নাম কওঁ এইবোৰৰ আঁৰত প্ৰজননৰ instinct এটা সোমাই থাকে।
সেয়ে সুঠাম চেহেৰা, সুন্দৰ নিটোল নাৰী-চেহেৰা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। ভালেমান গৱেষণাত দেখা গৈছে যে কঁকাল আৰু তপিনাৰ সঠিক জোখে সন্তান প্ৰসৱত যথেষ্ট সহায় কৰে। চিকিৎসাবিজ্ঞানতো এই কথা বহুলভাৱে প্ৰমাণিত যে কঁকালৰ নিম্নাংশৰ উন্নত আকাৰে নাৰীক সন্তান জন্ম দিওঁতে অসুবিধাহীনভাৱে সহায় কৰে।
আমি যদিও এনেবোৰ কথা দৈনন্দিন জীৱনত ভাবি নুফুৰো বা মনলৈ নাহে অৱচেতন মনত এই আদিম প্ৰবৃত্তিবোৰ চলি থাকে। যাৰ ফলত নিৰোগী আৰু সুগঠিত মানুহৰ প্ৰতি আমি আকৰ্ষিত হওঁ।
“সৌন্দৰ্যপিপাসু মনৰ এটা অৱচেতন প্ৰক্ৰিয়া হ’ল প্ৰজনন। আমি যদি প্ৰকৃতিৰ ফালে চাওঁ আমি দেখো যে প্ৰতিটো ফুলৰ সুগন্ধি, ৰং, চৰাই-চিৰিকটিৰ সুন্দৰতা আদিবোৰ প্ৰজননৰ বাবে ব্যৱহৃত হয়। সুন্দৰ ৰং, গোন্ধই বিপৰীত লিংগক আকৰ্ষণ কৰে, ভোমোৰা-পখিলাক আকৰ্ষিত কৰি প্ৰজনন প্ৰক্ৰিয়াত সহায় কৰে। মানুহো তাৰ ব্যতিক্ৰম নহয়। যদিও আমি প্ৰেম বা সামাজিক বান্ধোনৰ নাম কওঁ এইবোৰৰ আঁৰত প্ৰজননৰ instinct এটা সোমাই থাকে।”
আন এটা অৱচেতন বাসনা হ’ল প্ৰতিগৰাকী নাৰী বা পুৰুষৰ বিপৰীত লিংগৰদ্বাৰা পৰিৱেষ্টিত হৈ থকাৰ বাসনা। প্ৰতিগৰাকী নাৰীৰ অৱচেতন মনত এই বাসনা থাকেই যে তেওঁৰ নাৰীত্বৰ সৌন্দৰ্য ভালেমান পুৰুষৰদ্বাৰা প্ৰশংসিত হওক। প্ৰত্যেকেই তেওঁক সপোনৰ মানুহজনী বুলি ভাবক। গৱেষণাসমূহত উভয় পুৰুষ-নাৰী প্ৰত্যেকৰে এই অৱচেতন বাসনা থাকে বুলি প্ৰমাণিত হৈছে যাৰ বাবে মানুহে নিজক পৰ্যাপ্ত পৰিমাণে সুন্দৰ কৰি ৰাখিবলৈ যত্ন কৰে।
সৌন্দৰ্যই শক্তি দিয়ে, ঠিক শক্তি নহয় ক্ষমতা বুলি ক’ব পাৰি। সুন্দৰ মানুহবোৰৰ সোনকালে অনুৰাগীৰ সংখ্যা বাঢ়ে। তেওঁলোকৰ কথা-কাম মানুহৰ চকুত পৰে, যাৰ বাবে তেওঁলোক শক্তিশালী হৈ উঠে। সৌন্দৰ্যশালী নাৰীয়েও ইচ্ছা কৰিলে নিজৰ সৌন্দৰ্যক ক্ষমতা হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু এই ক্ষমতাৰ যি প্ৰয়োজনীয়তা সেয়াও আমাৰ মনত আমি গম নোপোৱাকৈ থাকে। যাৰ ফলত আমি নিজক আকৰ্ষণীয় কৰিবলৈ বিশেষ যত্নপৰ হওঁ।
এতিয়া আহো চেতন মনৰ কথালৈ। সৌন্দৰ্যৰপৰা পোৱা গুৰুত্ব, ক্ষমতাই মানুহক সন্তুষ্ট কৰে। সুন্দৰ ব্যক্তিৰ সফলতাৰ পথবোৰো কিছু সহজ বুলি মানুহে অনুমান কৰি লয়। সেয়ে আজিকালি সৌন্দৰ্যৰ সাধনা নহয় বিপণীকৰণ বেছি হৈছে। জধে-মধে অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাবোৰে সৌন্দৰ্যৰ ধাৰণাবোৰক এক বাণিজ্যিক ৰূপত মানুহৰ মাজত প্ৰদৰ্শন কৰিছে। আৰু এই প্ৰতিযোগিতাই আন নাৰী-পুৰুষৰ মাজত ভিত্তিহীন প্ৰতিযোগী মনোভাব, হীনমন্যতা আদি জগাই তুলিছে।
সি যিয়ে নহওক আকৰ্ষণীয় ব্যক্তিত্ব পৰিষ্কাৰ-পৰিচ্ছন্নতা, মাৰ্জিত আচৰণ আদিও সৌন্দৰ্যৰ শাৰীতেই পৰে। গতিকে নিজৰ জীৱনৰ অলংকাৰবোৰ, যেনে—কথা কোৱাৰ কলা, যোগাত্মক দৃষ্টিভংগী আদিবোৰ উন্নত কৰিও মানুহে সৌন্দৰ্যৰ সাধনা কৰিব পাৰে।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.