• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 16, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

by Admin
April 10, 2022
in Inspiration
Reading Time: 4 mins read
0
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ
Share on FacebookShare on TwitterShare on LinkedIn

দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

অঞ্জন শৰ্মা

RelatedPosts

peron praying at buddha for good luck

Tathā-agata

May 16, 2022
Belarus journalists win World Press Freedom Prize

Belarus journalists win World Press Freedom Prize

April 28, 2022
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

April 19, 2022

আজি সঁচাকৈয়ে মনত নপৰে কিয় জানো আৰম্ভ কৰিছিলো এদিন নীৰৱে নি:শব্দে শব্দৰ পিছত শব্দ গাঁথি গাঁথি বাক্য ৰচিবলৈ, বাক্যৰ পিছত বাক্য গাঁথি গাঁথি স্বদেশৰ শুভ দিনৰ স্বপ্ন ৰচিবলৈ, দুকুৰিৰো অধিক বছৰ, ভাব হয় পণ্ডশ্ৰম, বৰ্তমানেই কৰিছে প্ৰমাণ।

ভ্ৰাম্যমাণৰ নৃত্য-নাটিকা শেষ হ’ল, নাটকো হ’ব শেষ, বয়সো বহুত হ’ল, এক নিথৰ সময়ত ডুবি আছো এক গভীৰতম শূন্যতাত।

শূন্যতাৰ ৰং নাজানিলো আজিও, যিদৰে নাজানিলো দেশপ্ৰেমৰ ৰং, শৈশৱ-কৈশোৰৰ পিছত আশংকাতেই পাৰ হ’ল দুকুৰিৰো অধিক বছৰ।

বিশ্বাসঘাতকৰ সান্নিধ্যেৰে নিজৰ ওচৰতেই আজি হৈছো বিশ্বাসহীন, ব‍্যৰ্থ সংগ্ৰামৰ বোকোচাত উঠি পাৰ কৰিলো সমগ্ৰ যৌৱন-জীৱন।

এতিয়া ডেউকা ভঙা পখীৰ দৰে বাগৰি আছো স্বদেশৰ ধূলিত, ধূলিত বাগৰি ধূলি দেখি আছো সুদূৰ অতীতৰ ধূলি, ধূলি…!

ধূলি উৰিছে, উপত্যকাৰ ধূলি, মৰুভূমিৰ ধূলি, গিৰিপথৰ ধূলি, পৰ্বতৰ ধূলি, মালভূমিৰ ধূলি, ইতিহাসৰ ধূলি, ধূলি-ধূলি-ধূলি, ইৰান-আফগানিস্তানৰ ধূলিময় মৰুভূমিৰ ধূলি, মেচিডোনিয়া উপত‍্যকাৰ ধূলি, ধূলিময় পাৰস্য সাম্ৰাজ্যৰ ধূলি, এছিয়া মাইনৰ-ইজিপ্ত-মধ‍্যপ্ৰাচ‍্য-ছোগদিয়ানা-বেকট্ৰিয়া-ভাৰতবৰ্ষৰ ধূলি…।

নামেই যাৰ পৰিচয় সেইজনা আলেকজেণ্ডাৰ-দ্য-গ্ৰেটৰ ঘোঁৰাই উৰুওৱা ধূলি, আলেকজেণ্ডাৰৰ ঘোঁৰা ‘বুচেফালাছ’ৰ খুৰাৰ ধূলি, গ্ৰীক সেনানীৰ অভিযানৰ ধূলি… আলেকজেণ্ডাৰ, হঠাৎ কিয় জানো দৃশ‍্যমান আলেকজেণ্ডাৰ!

৩৩৬ খ্ৰীষ্টপূৰ্বত উপজি ২০ বছৰ বয়সত সিংহাসনত বহা আলেকজেণ্ডাৰ-দ্য-গ্ৰেট! হঠাৎ!!

মনত পৰিছে, পঢ়িছিলো ক’ৰবাত, ১০ বছৰীয়া অবিৰত অভিযানত ১০০০০ মাইল পথ অতিক্ৰম কৰিছিল তেওঁ।

তেওঁ আছিল ইতিহাসৰ এগৰাকী অতি সম্পদশালী মানুহ।

ডজন ডজন নগৰ নিৰ্মাণ কৰা আলেকজেণ্ডাৰৰ মুখস্থ আছিল নিজৰ ১০০০০ সৈনিকৰ নাম।

বহু বহুবাৰ আঘাতপ্ৰাপ্ত হৈও সদায় সন্মুখত থাকি যুঁজ দিয়া আলেকজেণ্ডাৰে কৰিছিল সাধাৰণ সৈনিকৰ দৰেই জীৱন-যাপন।

চিকিৎসাবিদ‍্যা শিকি লৈ নিজেও চিকিৎসা কৰিছিল নিজৰ সৈনিকক।

ইতিহাসৰ সৰ্বোত্তম মহানায়ক আছিল তেওঁ, নামেই যাৰ পৰিচয়—আলেকজেণ্ডাৰ!

আলেকজেণ্ডাৰ-দ্য-গ্ৰেট!

আক্ৰমণকাৰীৰ ৰূপত ভাৰতলৈও আহিছিল তেওঁ।

ভাৰতত বিফল হৈছিল আলেকজেণ্ডাৰ!!

হে প্ৰজ্ঞাৱান পাঠক, যদিহে আছে পঢ়ি, ধৈর্যৰ বান্ধ নিছিঙিব।

ধূলিৰ মাজতেই মোৰ সন্মুখত ভাস্বৰিত হোৱা আলেকজেণ্ডাৰৰ ভাৰত অভিযানৰ এক অনন্য ঘটনা মই এতিয়া কৰিম বৰ্ণনা:

“বোধকৰো বুৰঞ্জীৰ কিছুমান ঘটনাৰ উত্তাপে উজ্জীৱিত কৰি থাকে শত শত মানুহক বহু হাজাৰ বছৰ, সেয়েহে কিজানি আলেকজেণ্ডাৰ-দ্য-গ্ৰেট্ পুনৰ এবাৰ!!“

 

পটভূমি তক্ষশীলা।

তক্ষশীলা আক্ৰমণ কৰিছিল আলেকজেণ্ডাৰে।

তক্ষশীলা হস্তগত কৰা আলেকজেণ্ডাৰে ইতিমধ্যে শুনিছিল বিখ্যাত সন্ন‍্যাসী দণ্ডামিছৰ নাম।

আলেকজেণ্ডাৰৰ স’তে আছিল এগৰাকী ধাৰ্মিক লোক—ওৱানচিক্ৰিটছ।

দণ্ডামিছৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ল ওৱানচিক্ৰিটছক, দণ্ডামিছক লৈ আহিবলৈ।

পৰ্ণকুটীৰত শুই আছিল সন্ন‍্যাসী দণ্ডামিছ।

ওৱানচিক্ৰিটছে ব‍্যক্ত কৰিলে—’হে ব্ৰাহ্মণগুৰু, প্ৰণাম।

মই আপোনাক লৈ যাবলৈ আহিছো।

সৰ্বশক্তিমান ঈশ্বৰ জিউছৰ পুত্ৰ, পৃথিৱীৰ সকলোবোৰ দেশৰ অধিপতি বিশ্বনায়ক আলেকজেণ্ডাৰে আপোনাক তেওঁৰ ওচৰলৈ লৈ যাবলৈ মোক আদেশ দিছে।

আপুনি যদি আদেশ পালন কৰে, বহু বহুমূলীয়া উপঢৌকন পাব।

যদিহে নামানে আদেশ, শিৰচ্ছেদ অনিবাৰ্য।

আলেকজেণ্ডাৰ!

আলেকজেণ্ডাৰ-দ্য-গ্ৰেট!!

নামেই যাৰ পৰিচয়।

একুৰি বছৰ বয়সৰপৰাই যিজনাই আৰম্ভ কৰিছে বিশ্বজয়ৰ অভিযান।

কি আশ্চৰ্য!

আলেকজেণ্ডাৰৰ বাধ‍্যতামূলক আমন্ত্ৰণবাৰ্তা প্ৰশান্তচিত্তে শ্ৰৱণ কৰিও পৰ্ণশয‍্যাৰপৰা মূৰটোকেই নাদাঙিলে দণ্ডামিছে!

মাথোন কৈ গ’ল—’আলেকজেণ্ডাৰ যদি জিউছৰ পুত্ৰ, ময়ো জিউছৰেই পুত্ৰ।

আলেকজেণ্ডাৰৰ বহুমূলীয়া সামগ্ৰী মোৰ নাই প্ৰয়োজন।

মোৰ যি আছে তাতেই সন্তুষ্ট মই।

হে ওৱানচিক্ৰিটছ, তুমি ইয়াৰপৰা প্ৰস্হান কৰা আৰু কোৱাগৈ আলেকজেণ্ডাৰক—ৰাজাধিৰাজ পৰমপিতা পৰমেশ্বৰে কেতিয়াও স্পৰ্দ্ধাজনিত অসৎ কাৰ্যৰ কৰ্তা হিচাপে কৰ্ম নকৰে।

পৰমপিতাই এই সংসাৰৰ পোহৰ, শান্তি, জীৱন, পানী, মনুষ‍্যদেহ, আত্মা সৃষ্টি কৰে; আৰু মৃত্যুই যেতিয়া মানুহক মুক্তি দিয়ে—পৰমেশ্বৰে সকলোকে পুনৰ গ্ৰহণ কৰে।

একমাত্ৰ সেইজনা জিউছকেই মই প্ৰণাম কৰো, যাৰ বাবে হত‍্যাকাণ্ড ঘৃণনীয়।’

মুনিবৰে কৈ গৈছিল—’আলেকজেণ্ডাৰ নি:সন্দেহে ঈশ্বৰ নহয়, কিয়নো আলেকজেণ্ডাৰো মৃত্যুৰ কৱলৰপৰা মুক্ত নহয়।

নিজৰ অন্তৰত থকা সিংহাসনখনতেই অধিষ্ঠিত হ’ব নোৱৰা আলেকজেণ্ডাৰ কিদৰে হ’ব পাৰে জগতৰ প্ৰভু?

আলেকজেণ্ডাৰে এতিয়াও সোঁশৰীৰে যমলোকত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই।

এই পৃথিৱীৰ বিশাল অংশৰ ওপৰেৰে কৰা সূৰ্যৰ গতিপথৰ বিষয়েও জ্ঞাত নহয় আলেকজেণ্ডাৰ।

অধিকাংশ জাতিয়ে এতিয়াও নাজানে তোমাৰ আলেকজেণ্ডাৰৰ নাম।

এই কথা মনত ৰাখিবা, আলেকজেণ্ডাৰে যি উপহাৰৰ উল্লেখ কৰিছে—সেয়া মোৰ বাবে নিৰৰ্থক।

মোৰ প্ৰয়োজন হ’ল এই বৃক্ষতল, যি মোৰ আশ্ৰয়স্থান।

এই ফল ওলমি থকা বৃক্ষসমূহ, যিবোৰে মোক নিয়মীয়া আহাৰ যোগায়; আৰু পানী, যিয়ে কৰে মোৰ তৃষ্ণা নিবাৰণ।

মই এই পৰ্ণশয‍্যাত শয়ন কৰো আৰু নিৰাপত্তাৰক্ষী অবিহনেও পৰম শান্তিৰে নিদ্ৰামগ্ন হ’ব পাৰো।

মাতৃয়ে শিশুক দুগ্ধদান কৰাৰ দৰেই আই বসুমতীয়েও মোক সকলো যোগান ধৰে।

বিষয়ৰ চিন্তাৰপৰা মুক্ত বাবেই মই য’লৈকে ইচ্ছা, ত’লৈকে যাব পাৰো।

আৰু শুনা ওৱানচিক্ৰিটছ, আলেকজেণ্ডাৰে মোৰ শিৰচ্ছেদ কৰিলেও মোৰ আত্মাৰ বিনাশ সাধন কৰিব নোৱাৰিব।

মোৰ মূৰটো তেনে অৱস্থাত নীৰৱ হৈ পৰি থাকিব আৰু এখন ফটা-ছিটা কাপোৰৰ দৰেই মোৰ শৰীৰটো এই পৃথিৱীত পৰি থাকিব—য’ৰপৰা শৰীৰটোৰ সকলো উপাদান সংগৃহীত হৈ সৃষ্টি হৈছিল।

তাৰপিছত মই আত্মাৰূপেৰে মোৰ ঈশ্বৰৰ ওচৰলৈ যাত্ৰা কৰিম, যিজনা ঈশ্বৰে আমাক সকলোকে তেজ-মঙহৰ শৰীৰত বন্দী কৰি এই পৃথিৱীলৈ এই কথা প্ৰমাণ কৰিবলৈ প্ৰেৰণ কৰে যে ইয়ালৈ নামি আহি আমি ঈশ্বৰৰ শাসন মানি চলিব পাৰো নে নোৱাৰো; আৰু আমি যেতিয়া ইয়াৰপৰা গৈ ঈশ্বৰৰ সন্মুখত হাজিৰ হ’ম—তেতিয়া আমাৰ সকলো কৰ্মৰ বাবেই তেওঁক দিব লাগিব কৈফিয়ৎ, কাৰণ ঈশ্বৰেই হ’ল একমাত্ৰ বিচাৰক।

গতিকে, হে ওৱানচিক্ৰিটছ, আলেকজেণ্ডাৰে একমাত্ৰ তেওঁলোককেই ভীতি প্ৰদৰ্শন কৰক—যিসকলৰ আছে ঐশ্বৰ্যৰ বাসনা, যিসকলে ভয় কৰে মৃত্যুক; কিন্তু আলেকজেণ্ডাৰে জানি থওক—আমাৰ দৰে ব্ৰাহ্মণৰ বিৰুদ্ধে তেওঁৰ অস্ত্ৰ-শস্ত্ৰ, সম্পদ-শক্তিৰ কোনো শক্তিয়েই নাই।

আমি কাঞ্চনৰ প্ৰতি মোহগ্ৰস্ত নহয়, আৰু আমাৰ নাই মৃত‍্যুভয়।

গতিকে কোনো কাৰণতেই দণ্ডামিছৰ আলেকজেণ্ডাৰক প্ৰয়োজন নাই, দণ্ডামিছ নাযায় আলেকজেণ্ডাৰৰ ওচৰলৈ।

যদিহে আলেকজেণ্ডাৰৰ দণ্ডামিছৰপৰা কিবা বিচাৰিবলগীয়া আছে, আলেকজেণ্ডাৰ আহক এই পৰ্ণকুটীৰলৈ।’

“আলেকজেণ্ডাৰ নি:সন্দেহে ঈশ্বৰ নহয়, কিয়নো আলেকজেণ্ডাৰো মৃত্যুৰ কৱলৰপৰা মুক্ত নহয়।

নিজৰ অন্তৰত থকা সিংহাসনখনতেই অধিষ্ঠিত হ’ব নোৱৰা আলেকজেণ্ডাৰ কিদৰে হ’ব পাৰে জগতৰ প্ৰভু?”

হে পাঠক, যদিহে পঢ়ি আছে শুনক—

ওৱানচিক্ৰিটছে মুনিবৰৰ বাৰ্তা আলেকজেণ্ডাৰক শুনালে যথাসময়ত।

গভীৰ মনোযোগেৰে আলেকজেণ্ডাৰে সকলোবোৰ শুনিলে, আৰু কি আশ্চৰ্য, আলেকজেণ্ডাৰৰ দণ্ডামিছক লগ পাবলৈ ইচ্ছা হৈ পৰিল প্ৰৱলতৰ—যিহেতু দণ্ডামিছ বৃদ্ধ আৰু দিগম্বৰ হৈও হৈ পৰিছিল আলেকজেণ্ডাৰৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী।

দুর্ধৰ্ষ মহাযোদ্ধা আলেকজেণ্ডাৰে দণ্ডামিছৰ মাজত দেখিছিল এনে এজনাক—যিজন আলেকজেণ্ডাৰতকৈও বেছি শক্তিশালী!

আলেকজেণ্ডাৰ!

আলেকজেণ্ডাৰ-দ্য-গ্ৰেট্!

দণ্ডামিছৰ নৈতিক শক্তিৰ ওচৰত পৰাজিত হৈছিল বীৰশ্ৰেষ্ঠ।

মূল‍্যহীন হৈ পৰিছিল তেওঁৰ সমস্ত শৌৰ্য-বীৰ্য, সমস্ত বৈভৱ।

দণ্ডামিছক প্ৰণাম কৰি এদিন ধূলি উৰুৱাই প্ৰস্হান কৰিছিল আলেকজেণ্ডাৰে।

২০ বছৰত সিংহাসনত বহি ৩৩ বছৰত বেবিলনত মৃত্যুবৰণ কৰা আলেকজেণ্ডাৰৰ শৰীৰ মিহলি হৈ পৰিছিল ধূলিত..!

ধূলি, ধূলি, ধূলিৰ মাজত ডেউকা ভাঙি বাগৰি থকা মোৰ সন্মুখত হঠাৎ কিয়নো ভাস্বৰিত হ’ব লগা হ’ল দণ্ডামিছ-আলেকজেণ্ডাৰ?

২৩০০ বছৰৰো আগৰ দৃশ্য?

আৰু, হে ধৈর্যশীল পাঠক, সকলো নিৰৰ্থক-পণ্ডশ্ৰম বুলি দুকুৰিৰো অধিক বছৰৰ অভিজ্ঞতাৰে জানিও, পুনৰ কিয়নো শব্দৰ পিছত শব্দ গাঁথি গাঁথি ওপৰৰ বাক‍্যবোৰ ৰচনা কৰিলো মই—নিজেই নাজানি আপোনাসৱৰ ওচৰত ক্ষমাপ্ৰাৰ্থী মই।

বোধকৰো বুৰঞ্জীৰ কিছুমান ঘটনাৰ উত্তাপে উজ্জীৱিত কৰি থাকে শত শত মানুহক বহু হাজাৰ বছৰ, সেয়েহে কিজানি আলেকজেণ্ডাৰ-দ্য-গ্ৰেট্ পুনৰ এবাৰ!!

দুজনা মহান আত্মাৰ মিলনৰ কাহিনীয়ে স্বদেশৰ নৱ-প্ৰজন্মক উদ্বুদ্ধ কৰক সহস্ৰবাৰ—তাতেই সাৰ্থক হওক আমাৰো সপোনৰ।

আশাকৰো ভাবীকালত আমাৰ প্ৰাণৰো প্ৰাণৰ স্বদেশভূমিতো জন্ম ল’ব তেনে শক্তিমন্ত দণ্ডামিছ আৰু

মহানায়ক আলেকজেণ্ডাৰ।

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: দণ্ডামিছ আৰু আলেকজেণ্ডাৰ
Admin

Admin

Related Posts

peron praying at buddha for good luck
Inspiration

Tathā-agata

by Admin
May 16, 2022
0

Tathā-agata Novanita Sharma "May I be free of suffering; may I be at peace. May you be free of suffering;...

Read more
Belarus journalists win World Press Freedom Prize

Belarus journalists win World Press Freedom Prize

April 28, 2022
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

April 19, 2022
depressed woman sitting in room

ARE YOU STILL WORRYING?

April 13, 2022
green leaf trees

Confessions Of A Conservationist

April 10, 2022
WEIF 2022 for focus on women entrepreneurs, innovation and sustainable development

WEIF 2022 for focus on women entrepreneurs, innovation and sustainable development

April 1, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
peron praying at buddha for good luck

Tathā-agata

May 16, 2022
a word interview on black background

An Interview of Indrani Baruah by Jahnavi Gogoi

May 16, 2022
As you move…

As you move…

May 16, 2022
প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমঃ চিলিন্ডাৰ কিনিবলৈ অক্ষম ৯০ লাখ মহিলা

প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমঃ চিলিন্ডাৰ কিনিবলৈ অক্ষম ৯০ লাখ মহিলা

May 16, 2022

Popular Stories

  • Emergence Of The KNF In Chittagong Hill Tracts

    Emergence Of The KNF In Chittagong Hill Tracts

    299 shares
    Share 120 Tweet 75
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    17 shares
    Share 7 Tweet 4
  • Tathā-agata

    12 shares
    Share 5 Tweet 3
  • ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

    21 shares
    Share 8 Tweet 5
  • NEIPF’s ‘Diphupar Declaration’

    79 shares
    Share 32 Tweet 20
  • তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ, জনালে আদালতে

    12 shares
    Share 5 Tweet 3
  • ত্ৰিপুৰাৰ ৰাজনীতিত হুলস্থূলঃ হঠাৎ পদত্যাগ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ

    9 shares
    Share 4 Tweet 2
  • RUSSIAN DISINFORMATION AND PROPAGANDA

    9 shares
    Share 4 Tweet 2
  • As you move…

    4 shares
    Share 2 Tweet 1
  • Huge explosion inside a mosque in Kabul

    7 shares
    Share 3 Tweet 2
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: