• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

অঞ্জন শৰ্মা

by Anjan Sarma
December 13, 2022
in Inspiration, History
Reading Time: 6 mins read
0
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ
Share on FacebookShare on TwitterShare on LinkedIn

দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

অঞ্জন শৰ্মা

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

আজি সঁচাকৈয়ে মনত নপৰে কিয় জানো আৰম্ভ কৰিছিলো এদিন নীৰৱে নি:শব্দে শব্দৰ পিছত শব্দ গাঁথি গাঁথি বাক্য ৰচিবলৈ, বাক্যৰ পিছত বাক্য গাঁথি গাঁথি স্বদেশৰ শুভ দিনৰ স্বপ্ন ৰচিবলৈ, দুকুৰিৰো অধিক বছৰ, ভাব হয় পণ্ডশ্ৰম, বৰ্তমানেই কৰিছে প্ৰমাণ।

ভ্ৰাম্যমাণৰ নৃত্য-নাটিকা শেষ হ’ল, নাটকো হ’ব শেষ, বয়সো বহুত হ’ল, এক নিথৰ সময়ত ডুবি আছো এক গভীৰতম শূন্যতাত।

শূন্যতাৰ ৰং নাজানিলো আজিও, যিদৰে নাজানিলো দেশপ্ৰেমৰ ৰং, শৈশৱ-কৈশোৰৰ পিছত আশংকাতেই পাৰ হ’ল দুকুৰিৰো অধিক বছৰ।

বিশ্বাসঘাতকৰ সান্নিধ্যেৰে নিজৰ ওচৰতেই আজি হৈছো বিশ্বাসহীন, ব‍্যৰ্থ সংগ্ৰামৰ বোকোচাত উঠি পাৰ কৰিলো সমগ্ৰ যৌৱন-জীৱন।

এতিয়া ডেউকা ভঙা পখীৰ দৰে বাগৰি আছো স্বদেশৰ ধূলিত, ধূলিত বাগৰি ধূলি দেখি আছো সুদূৰ অতীতৰ ধূলি, ধূলি…!

ধূলি উৰিছে, উপত্যকাৰ ধূলি, মৰুভূমিৰ ধূলি, গিৰিপথৰ ধূলি, পৰ্বতৰ ধূলি, মালভূমিৰ ধূলি, ইতিহাসৰ ধূলি, ধূলি-ধূলি-ধূলি, ইৰান-আফগানিস্তানৰ ধূলিময় মৰুভূমিৰ ধূলি, মেচিডোনিয়া উপত‍্যকাৰ ধূলি, ধূলিময় পাৰস্য সাম্ৰাজ্যৰ ধূলি, এছিয়া মাইনৰ-ইজিপ্ত-মধ‍্যপ্ৰাচ‍্য-ছোগদিয়ানা-বেকট্ৰিয়া-ভাৰতবৰ্ষৰ ধূলি…।

নামেই যাৰ পৰিচয় সেইজনা আলেকজেণ্ডাৰ-দ্য-গ্ৰেটৰ ঘোঁৰাই উৰুওৱা ধূলি, আলেকজেণ্ডাৰৰ ঘোঁৰা ‘বুচেফালাছ’ৰ খুৰাৰ ধূলি, গ্ৰীক সেনানীৰ অভিযানৰ ধূলি… আলেকজেণ্ডাৰ, হঠাৎ কিয় জানো দৃশ‍্যমান আলেকজেণ্ডাৰ!

৩৩৬ খ্ৰীষ্টপূৰ্বত উপজি ২০ বছৰ বয়সত সিংহাসনত বহা আলেকজেণ্ডাৰ-দ্য-গ্ৰেট! হঠাৎ!!

মনত পৰিছে, পঢ়িছিলো ক’ৰবাত, ১০ বছৰীয়া অবিৰত অভিযানত ১০০০০ মাইল পথ অতিক্ৰম কৰিছিল তেওঁ।

তেওঁ আছিল ইতিহাসৰ এগৰাকী অতি সম্পদশালী মানুহ।

ডজন ডজন নগৰ নিৰ্মাণ কৰা আলেকজেণ্ডাৰৰ মুখস্থ আছিল নিজৰ ১০০০০ সৈনিকৰ নাম।

বহু বহুবাৰ আঘাতপ্ৰাপ্ত হৈও সদায় সন্মুখত থাকি যুঁজ দিয়া আলেকজেণ্ডাৰে কৰিছিল সাধাৰণ সৈনিকৰ দৰেই জীৱন-যাপন।

চিকিৎসাবিদ‍্যা শিকি লৈ নিজেও চিকিৎসা কৰিছিল নিজৰ সৈনিকক।

ইতিহাসৰ সৰ্বোত্তম মহানায়ক আছিল তেওঁ, নামেই যাৰ পৰিচয়—আলেকজেণ্ডাৰ!

আলেকজেণ্ডাৰ-দ্য-গ্ৰেট!

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ
আলেকজেণ্ডাৰ

আক্ৰমণকাৰীৰ ৰূপত ভাৰতলৈও আহিছিল তেওঁ।

ভাৰতত বিফল হৈছিল আলেকজেণ্ডাৰ!!

হে প্ৰজ্ঞাৱান পাঠক, যদিহে আছে পঢ়ি, ধৈর্যৰ বান্ধ নিছিঙিব।

ধূলিৰ মাজতেই মোৰ সন্মুখত ভাস্বৰিত হোৱা আলেকজেণ্ডাৰৰ ভাৰত অভিযানৰ এক অনন্য ঘটনা মই এতিয়া কৰিম বৰ্ণনা:

“বোধকৰো বুৰঞ্জীৰ কিছুমান ঘটনাৰ উত্তাপে উজ্জীৱিত কৰি থাকে শত শত মানুহক বহু হাজাৰ বছৰ, সেয়েহে কিজানি আলেকজেণ্ডাৰ-দ্য-গ্ৰেট্ পুনৰ এবাৰ!!“

 

পটভূমি তক্ষশীলা।

তক্ষশীলা আক্ৰমণ কৰিছিল আলেকজেণ্ডাৰে।

তক্ষশীলা হস্তগত কৰা আলেকজেণ্ডাৰে ইতিমধ্যে শুনিছিল বিখ্যাত সন্ন‍্যাসী দণ্ডামিছৰ নাম।

আলেকজেণ্ডাৰৰ স’তে আছিল এগৰাকী ধাৰ্মিক লোক—ওৱানচিক্ৰিটছ।

দণ্ডামিছৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ল ওৱানচিক্ৰিটছক, দণ্ডামিছক লৈ আহিবলৈ।

পৰ্ণকুটীৰত শুই আছিল সন্ন‍্যাসী দণ্ডামিছ।

ওৱানচিক্ৰিটছে ব‍্যক্ত কৰিলে—’হে ব্ৰাহ্মণগুৰু, প্ৰণাম।

মই আপোনাক লৈ যাবলৈ আহিছো।

সৰ্বশক্তিমান ঈশ্বৰ জিউছৰ পুত্ৰ, পৃথিৱীৰ সকলোবোৰ দেশৰ অধিপতি বিশ্বনায়ক আলেকজেণ্ডাৰে আপোনাক তেওঁৰ ওচৰলৈ লৈ যাবলৈ মোক আদেশ দিছে।

আপুনি যদি আদেশ পালন কৰে, বহু বহুমূলীয়া উপঢৌকন পাব।

যদিহে নামানে আদেশ, শিৰচ্ছেদ অনিবাৰ্য।

আলেকজেণ্ডাৰ!

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ
আলেকজেণ্ডাৰ-দ্য-গ্ৰেট

আলেকজেণ্ডাৰ-দ্য-গ্ৰেট!!

নামেই যাৰ পৰিচয়।

একুৰি বছৰ বয়সৰপৰাই যিজনাই আৰম্ভ কৰিছে বিশ্বজয়ৰ অভিযান।

কি আশ্চৰ্য!

আলেকজেণ্ডাৰৰ বাধ‍্যতামূলক আমন্ত্ৰণবাৰ্তা প্ৰশান্তচিত্তে শ্ৰৱণ কৰিও পৰ্ণশয‍্যাৰপৰা মূৰটোকেই নাদাঙিলে দণ্ডামিছে!

মাথোন কৈ গ’ল—’আলেকজেণ্ডাৰ যদি জিউছৰ পুত্ৰ, ময়ো জিউছৰেই পুত্ৰ।

আলেকজেণ্ডাৰৰ বহুমূলীয়া সামগ্ৰী মোৰ নাই প্ৰয়োজন।

মোৰ যি আছে তাতেই সন্তুষ্ট মই।

হে ওৱানচিক্ৰিটছ, তুমি ইয়াৰপৰা প্ৰস্থান কৰা আৰু কোৱাগৈ আলেকজেণ্ডাৰক—ৰাজাধিৰাজ পৰমপিতা পৰমেশ্বৰে কেতিয়াও স্পৰ্দ্ধাজনিত অসৎ কাৰ্যৰ কৰ্তা হিচাপে কৰ্ম নকৰে।

পৰমপিতাই এই সংসাৰৰ পোহৰ, শান্তি, জীৱন, পানী, মনুষ‍্যদেহ, আত্মা সৃষ্টি কৰে; আৰু মৃত্যুই যেতিয়া মানুহক মুক্তি দিয়ে—পৰমেশ্বৰে সকলোকে পুনৰ গ্ৰহণ কৰে।

একমাত্ৰ সেইজনা জিউছকেই মই প্ৰণাম কৰো, যাৰ বাবে হত‍্যাকাণ্ড ঘৃণনীয়।’

মুনিবৰে কৈ গৈছিল—’আলেকজেণ্ডাৰ নি:সন্দেহে ঈশ্বৰ নহয়, কিয়নো আলেকজেণ্ডাৰো মৃত্যুৰ কৱলৰপৰা মুক্ত নহয়।

নিজৰ অন্তৰত থকা সিংহাসনখনতেই অধিষ্ঠিত হ’ব নোৱৰা আলেকজেণ্ডাৰ কিদৰে হ’ব পাৰে জগতৰ প্ৰভু?

আলেকজেণ্ডাৰে এতিয়াও সোঁশৰীৰে যমলোকত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই।

এই পৃথিৱীৰ বিশাল অংশৰ ওপৰেৰে কৰা সূৰ্যৰ গতিপথৰ বিষয়েও জ্ঞাত নহয় আলেকজেণ্ডাৰ।

অধিকাংশ জাতিয়ে এতিয়াও নাজানে তোমাৰ আলেকজেণ্ডাৰৰ নাম।

এই কথা মনত ৰাখিবা, আলেকজেণ্ডাৰে যি উপহাৰৰ উল্লেখ কৰিছে—সেয়া মোৰ বাবে নিৰৰ্থক।

মোৰ প্ৰয়োজন হ’ল এই বৃক্ষতল, যি মোৰ আশ্ৰয়স্থান।

এই ফল ওলমি থকা বৃক্ষসমূহ, যিবোৰে মোক নিয়মীয়া আহাৰ যোগায়; আৰু পানী, যিয়ে কৰে মোৰ তৃষ্ণা নিবাৰণ।

মই এই পৰ্ণশয‍্যাত শয়ন কৰো আৰু নিৰাপত্তাৰক্ষী অবিহনেও পৰম শান্তিৰে নিদ্ৰামগ্ন হ’ব পাৰো।

মাতৃয়ে শিশুক দুগ্ধদান কৰাৰ দৰেই আই বসুমতীয়েও মোক সকলো যোগান ধৰে।

বিষয়ৰ চিন্তাৰপৰা মুক্ত বাবেই মই য’লৈকে ইচ্ছা, ত’লৈকে যাব পাৰো।

আৰু শুনা ওৱানচিক্ৰিটছ, আলেকজেণ্ডাৰে মোৰ শিৰচ্ছেদ কৰিলেও মোৰ আত্মাৰ বিনাশ সাধন কৰিব নোৱাৰিব।

মোৰ মূৰটো তেনে অৱস্থাত নীৰৱ হৈ পৰি থাকিব আৰু এখন ফটা-ছিটা কাপোৰৰ দৰেই মোৰ শৰীৰটো এই পৃথিৱীত পৰি থাকিব—য’ৰপৰা শৰীৰটোৰ সকলো উপাদান সংগৃহীত হৈ সৃষ্টি হৈছিল।

তাৰপিছত মই আত্মাৰূপেৰে মোৰ ঈশ্বৰৰ ওচৰলৈ যাত্ৰা কৰিম, যিজনা ঈশ্বৰে আমাক সকলোকে তেজ-মঙহৰ শৰীৰত বন্দী কৰি এই পৃথিৱীলৈ এই কথা প্ৰমাণ কৰিবলৈ প্ৰেৰণ কৰে যে ইয়ালৈ নামি আহি আমি ঈশ্বৰৰ শাসন মানি চলিব পাৰো নে নোৱাৰো; আৰু আমি যেতিয়া ইয়াৰপৰা গৈ ঈশ্বৰৰ সন্মুখত হাজিৰ হ’ম—তেতিয়া আমাৰ সকলো কৰ্মৰ বাবেই তেওঁক দিব লাগিব কৈফিয়ৎ, কাৰণ ঈশ্বৰেই হ’ল একমাত্ৰ বিচাৰক।

গতিকে, হে ওৱানচিক্ৰিটছ, আলেকজেণ্ডাৰে একমাত্ৰ তেওঁলোককেই ভীতি প্ৰদৰ্শন কৰক—যিসকলৰ আছে ঐশ্বৰ্যৰ বাসনা, যিসকলে ভয় কৰে মৃত্যুক; কিন্তু আলেকজেণ্ডাৰে জানি থওক—আমাৰ দৰে ব্ৰাহ্মণৰ বিৰুদ্ধে তেওঁৰ অস্ত্ৰ-শস্ত্ৰ, সম্পদ-শক্তিৰ কোনো শক্তিয়েই নাই।

আমি কাঞ্চনৰ প্ৰতি মোহগ্ৰস্ত নহয়, আৰু আমাৰ নাই মৃত‍্যুভয়।

গতিকে কোনো কাৰণতেই দণ্ডামিছৰ আলেকজেণ্ডাৰক প্ৰয়োজন নাই, দণ্ডামিছ নাযায় আলেকজেণ্ডাৰৰ ওচৰলৈ।

যদিহে আলেকজেণ্ডাৰৰ দণ্ডামিছৰপৰা কিবা বিচাৰিবলগীয়া আছে, আলেকজেণ্ডাৰ আহক এই পৰ্ণকুটীৰলৈ।’

dandamis1

“আলেকজেণ্ডাৰ নি:সন্দেহে ঈশ্বৰ নহয়, কিয়নো আলেকজেণ্ডাৰো মৃত্যুৰ কৱলৰপৰা মুক্ত নহয়।

নিজৰ অন্তৰত থকা সিংহাসনখনতেই অধিষ্ঠিত হ’ব নোৱৰা আলেকজেণ্ডাৰ কিদৰে হ’ব পাৰে জগতৰ প্ৰভু?”

হে পাঠক, যদিহে পঢ়ি আছে শুনক—

ওৱানচিক্ৰিটছে মুনিবৰৰ বাৰ্তা আলেকজেণ্ডাৰক শুনালে যথাসময়ত।

গভীৰ মনোযোগেৰে আলেকজেণ্ডাৰে সকলোবোৰ শুনিলে, আৰু কি আশ্চৰ্য, আলেকজেণ্ডাৰৰ দণ্ডামিছক লগ পাবলৈ ইচ্ছা হৈ পৰিল প্ৰৱলতৰ—যিহেতু দণ্ডামিছ বৃদ্ধ আৰু দিগম্বৰ হৈও হৈ পৰিছিল আলেকজেণ্ডাৰৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী।

দুর্ধৰ্ষ মহাযোদ্ধা আলেকজেণ্ডাৰে দণ্ডামিছৰ মাজত দেখিছিল এনে এজনাক—যিজন আলেকজেণ্ডাৰতকৈও বেছি শক্তিশালী!

আলেকজেণ্ডাৰ!

আলেকজেণ্ডাৰ-দ্য-গ্ৰেট্!

দণ্ডামিছৰ নৈতিক শক্তিৰ ওচৰত পৰাজিত হৈছিল বীৰশ্ৰেষ্ঠ।

মূল‍্যহীন হৈ পৰিছিল তেওঁৰ সমস্ত শৌৰ্য-বীৰ্য, সমস্ত বৈভৱ।

দণ্ডামিছক প্ৰণাম কৰি এদিন ধূলি উৰুৱাই প্ৰস্থান কৰিছিল আলেকজেণ্ডাৰে।

২০ বছৰত সিংহাসনত বহি ৩৩ বছৰত বেবিলনত মৃত্যুবৰণ কৰা আলেকজেণ্ডাৰৰ শৰীৰ মিহলি হৈ পৰিছিল ধূলিত..!

ধূলি, ধূলি, ধূলিৰ মাজত ডেউকা ভাঙি বাগৰি থকা মোৰ সন্মুখত হঠাৎ কিয়নো ভাস্বৰিত হ’ব লগা হ’ল দণ্ডামিছ-আলেকজেণ্ডাৰ?

২৩০০ বছৰৰো আগৰ দৃশ্য?

আৰু, হে ধৈর্যশীল পাঠক, সকলো নিৰৰ্থক-পণ্ডশ্ৰম বুলি দুকুৰিৰো অধিক বছৰৰ অভিজ্ঞতাৰে জানিও, পুনৰ কিয়নো শব্দৰ পিছত শব্দ গাঁথি গাঁথি ওপৰৰ বাক‍্যবোৰ ৰচনা কৰিলো মই—নিজেই নাজানি আপোনাসৱৰ ওচৰত ক্ষমাপ্ৰাৰ্থী মই।

বোধকৰো বুৰঞ্জীৰ কিছুমান ঘটনাৰ উত্তাপে উজ্জীৱিত কৰি থাকে শত শত মানুহক বহু হাজাৰ বছৰ, সেয়েহে কিজানি আলেকজেণ্ডাৰ-দ্য-গ্ৰেট্ পুনৰ এবাৰ!!

দুজনা মহান আত্মাৰ মিলনৰ কাহিনীয়ে স্বদেশৰ নৱ-প্ৰজন্মক উদ্বুদ্ধ কৰক সহস্ৰবাৰ—তাতেই সাৰ্থক হওক আমাৰো সপোনৰ।

আশাকৰো ভাবীকালত আমাৰ প্ৰাণৰো প্ৰাণৰ স্বদেশভূমিতো জন্ম ল’ব তেনে শক্তিমন্ত দণ্ডামিছ আৰু

মহানায়ক আলেকজেণ্ডাৰ।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: দণ্ডামিছ আৰু আলেকজেণ্ডাৰ
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
August 14, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d