• দিলীপ দৈমাৰী
বিৰোধীপক্ষৰ তুমুল গন্ডগোলৰ মাজত আজি সোমবাৰে, ২৯-১১-২০২১ তাৰিখে লোকসভাত ধ্বনিভোটত দ্বাৰা গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিল। কৃষি আইনক লৈ আলোচনাৰ দাবীত শীতকালীন অধিৱেশনৰ আৰম্ভণিতে বিৰোধীপক্ষই তুমুল প্ৰতিবাদ তথা হুলস্থূল কৰাৰ লগতে ‘ৱেল’লৈ নামি গৈও বিক্ষোভ প্ৰদৰ্শন কৰে। তাৰপিছত সংসদৰ দুয়োটা কক্ষতেই দুপৰীয়া ১২ বজালৈ অধিৱেশন স্থগিত কৰে অধ্যক্ষই। দুপৰীয়া ১২ বজাৰ পিছত অধিৱেশন পুনৰ আৰম্ভ হোৱাৰ লগে লগেই ‘কৃষি আইন প্ৰত্যাহাৰ বিল,২০২১’ দাখিল কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে। লগে লগেই ধ্বনিভোটত গৃহীত হয় সেই প্ৰত্যাহাৰ বিল। বিৰোধীপক্ষৰ পৰা যি আলোচনাৰ দাবী উত্থাপন হৈছিল, সেয়া চৰকাৰ পক্ষৰ পৰা খাৰিজ কৰা হয়। সংসদীয় মন্ত্ৰীয়ে কৈছে যে সোমবাৰেই কৃষি আইন প্ৰত্যাহাৰ বিল ৰাজ্যসভাতো দাখিল কৰা হ’ব।
এতিয়াও দিল্লীৰ সীমান্তত বহি আছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক। প্ৰধানমন্ত্ৰীয়ে গুৰু নানকৰ জয়ন্তীৰ দিনাই কৃষি আইন প্ৰত্যাহাৰ কৰাৰ বিষয়ে ঘোষণা কৰিছিল যদিও সংসদত আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত কৃষকসকলে অৱস্থান চলাই থাকিম বুলি ঘোষণা কৰিছিল।