• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, May 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Folk

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

by Sanjeev Kumar Nath
March 27, 2026
in Folk
Reading Time: 5 mins read
0
only one brown cat in meditation in a lonely place

only one brown cat in meditation in a lonely place

Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

Photo 4 Miranda Choudhury

পপ্ সংস্কৃতিৰ যুগত লোকসংগীতৰ সংৰক্ষণ: এক অসমীয়া দৃষ্টিভংগী

December 22, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
শিহু সুৰক্ষা আৰু মিচিং লোককথা

শিহু সুৰক্ষা আৰু মিচিং লোককথা

June 19, 2025

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

আপুনি অন্তত: দুই এজন এনে মানুহ লগ পোৱা নাইনে, যি অনবৰতে এনে ভঙ্গিমাত থাকে যেন তেওঁ কোনো টেলিভিজন চেনেলৰ কেমেৰাৰ সমুখতহে আছে?

এনে মানুহে সাধাৰণ ভাৱে হাঁহিব নোৱাৰে, আৰু কাচিৎ হাঁহিলেও কেমেৰাৰ ফ্রেমত যাতে দেখাত বেয়া নহয়, সেই বিষয়ে বৰ সর্তক ভাৱে, নির্ভুল জোখতহে হাঁহে।

চেক লেখক মিলান কুন্দেৰাই কৈছে যে কিছুমান মানুহে হাঁহি-তামাচা, খুহুতীয়া কথা, jokes—এইবোৰ সহ্য কৰিব নোৱাৰে। তেওঁলোকৰ মুখবোৰ সদায় গহীন হৈ থাকে।
ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

আপুনিও যদি তেনে এজন মানুহ তেনে আপোনাক নমস্কাৰ, কিন্তু এই ক্ষুদ্র লেখা আপোনাৰ বাবে নহয়। যদি আপুনি সাধু শুনি ভাল পায় আৰু যদি হাঁহিবলৈ আপোনাক বৰ খোছামতি কৰিব লগীয়া নহয়, তেন্তে এই লেখা আপোনাৰ বাবে। সৰু সৰু সাধু দুটামান কওঁ। যদি আগেয়ে শুনা সাধুকে শুনিব লগীয়া হয়, আশা কৰোঁ দোষ নধৰিব।

মহাত্মাৰ শিষ্য ধ্যানী, তপস্বী মেকুৰী : এজন সাধু মহাত্মাৰ অনেক শিষ্য আছিল। বিভিন্ন শিষ্যক তেওঁ অনেক প্রকাৰৰ যোগ, ধ্যান, জপ তপৰ উপদেশ আৰু প্রশিক্ষণ দিছিল। তাকে দেখি সেই সাধুৰ আশ্রমতে থকা এটা বোন্দা মেকুৰীয়ে আহি এদিন সাধু বাবাক ক’লে, “প্রভূ, আপুনি সকলোকে বিভিন্ন সজ উপদেশ আৰু প্রশিক্ষণ দিছে। কিন্তু মোক আজিলৈকে আপুনি একো নিশিকালে। অনুগ্রহ কৰি মোকো যোগ, ধ্যান আদিৰ প্রশিক্ষণ দিয়ক”।

সাধু বাবাই মেকুৰীৰ সজ মতি হোৱা দেখি আনন্দ পালে আৰু ক’লে, “বৎস! তুমি তোমাৰ খাদ্যাভ্যাষ ভাল কৰিব লাগিব। তুমি এন্দুৰ নিগনি আদি বধ কৰা আৰু খোৱা বন্ধ কৰিব লাগিব। এনেকৈ জীৱ হত্যা কৰা আৰু মাংস খোৱা পাপ। সেই পাপৰ পৰা মুক্ত হ’ব পৰাটোৱেই তোমাৰ সাধনা”।

মেকুৰীয়ে বোলে প্রভূ আপুনি নিশ্চিন্ত থাকক; মই আপোনাৰ আদেশ শিৰোধার্য কৰি এই মুহূর্তৰ পৰাই নন্-ভে’জ্ ত্যাগ কৰিলোঁ। কিন্তু লগতে মোক কিবা এটা জপ তপৰ উপদেশো দিয়ক। মেকুৰীৰ আগ্রহ আৰু উৎসাহ দেখি বাবাজীয়ে ক’লে যে তুমি “অহম্ মুষকম্ ন ভক্ষ্যামি” (“মই নিগনি নাখাওঁ) এই মন্ত্রৰ নিৰন্তৰ জপ কৰিবা আৰু হৃদয়ত ভগৱন্ত বস্তুৰ ধ্যান কৰিবা।

বচ। মেকুৰীক আৰু পাই কোনে। পৰম বৈষ্ণৱৰ দৰে কপালত চন্দনৰ ফোঁট লৈ মন্ত্র মাতিবলৈ ধৰিলে : “অহম্ মুষকম্ ন ভক্ষ্যামি, অহম্ মুষকম্ ন ভক্ষ্যামি, অহম্ মুষকম্ ন ভক্ষ্যামি……”।

পিছদিনা গুৰুৱে মন কৰিলে যে সঁচাই মেকুৰীৰ জপ, ধ্যানত মন বহিছে। পুৱাই সি গুৰুৰ জুপুৰিৰ এচুকত বহি মন্ত্র মাতি আছে।

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

হঠাৎ সেই ফালে এটা নিগনি পাৰ হৈ গ’ল। পাৰ হৈ গ’ল মানে….. নিগনিটোৱে কোঠাটো পাৰ হ’ব বিচাৰিছিল, কিন্তু বেচেৰাই একেবাৰে সংসাৰ-সাগৰেই পাৰ হৈ গ’ল, কাৰণ সি সোমালগৈ ধ্যানী মেকুৰীৰ মুখত।

বাবাজীয়ে ঘূৰি চাই বোলে “সর্বনাশ, বৎস! কি কৰিলা তুমি?” মেকুৰীয়ে বোলে প্রভূ, মই কিন্তু মন্ত্র জপ এৰা নাই। জপ কৰিয়েই আছোঁ। গুৰুৱে দেখিলে যে ঠিকেই, শিষ্যই মন্ত্র জপিয়েই আছে, কেৱল মন্ত্রোচ্চাৰণৰ শব্দৰ লগতে কিবা এটা চোবোৱাৰ শব্দও ওলাইছে, আৰু মেকুৰীৰ দাঁত আৰু জিভা তেজৰে ৰঙা হৈ পৰিছে।

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

বৰাগী মেকুৰী : বোন্দা মেকুৰী এটাই বুঢ়া হৈ চিকাৰ কৰি খাব নোৱৰা হ’ল। সি এঘৰৰ চোতালেৰে গৈ থাকোতে খেৰৰ সৰু বিৰিয়া এটা পাই তাকে ডিঙিত পিন্ধি যাবলৈ ধৰিলে। বাটত এটা বুঢ়া শালিকাই মেকুৰীৰ এই বেশ দেখি মাত দিলে বোলে ককাই, ডিঙিত সেইডাল কি পিন্ধিলা?

মেকুৰীয়ে অতি নির্দোষ, নিৰীহ ভঙ্গিমাত ক’লে যে ভাইটি, এইডাল তুলসীৰ মালা পিন্ধি মই বৃন্দাবনলৈ বুলি তীর্থ কৰিবলৈ ওলাইছোঁ; বয়স হৈছে নহয়, এতিয়াই ধর্ম-কর্ম নকৰিলে কেতিয়া কৰিম?

শালিকাৰো বয়স হৈছিল। গতিকে সি ভাবিলে যে সিও তীর্থ কৰিবলৈ যোৱা ভাল হ’ব—বিশেষকৈ এনে সাধু সঙ্গ এৰি দিব পাৰি নে? শালিকাও বৰাগী মেকুৰীৰ লগ লাগিল। দুয়ো ভগৱন্ত বস্তুৰ মহিমা ব্যাখ্যা কৰি গৈ আছে, ইপিনে এটা ফেঁচুও আহি সেই ঠাই ওলালহি।

ফেঁচুৱে বোলে “উৱা, বোন্দা ককাই, কি বেশ ধৰিলা; ক’লৈ যোৱাহঁক তোমালোক?”

বোন্দাই বোলে, “কৃষ্ণ, কৃষ্ণ, ফেঁচু আতৈ! আমি বেশ নাই ধৰা। আমি বৰাগী হৈছোঁ। সংসাৰৰ মোহ-মায়া বাদ দি বৃন্দাবন তীর্থলৈ বুলি ওলাইছোঁ। তাতে ভগৱন্ত প্রভূৰ চৰণ চিন্তি জীৱনৰ বাকী থকা কাল চোৱা পাৰ কৰিম”।

ফেঁচুৱে ভাবিলে যে সিনো কিয় ঈশ্বৰ-স্মৰণ নকৰাকৈ সদায় সাংসাৰিক জ্বালা যন্ত্রণাবোৰকে সহ্য কৰি থাকিব? গতিকে ফেঁচুও বৰাগী মেকুৰী আৰু শালিকাৰ লগ হ’ল। ঠিক সেইদৰে এটা শিলকপৌৱেও এই ভক্তবৃন্দৰ লগ লাগিল। চাৰিওটি প্রাণী বৃন্দাবনলৈ বুলি গৈ থাকোতে বাটতে ৰাতি হ’ল। বাটৰ কাষৰ গছ এজোপাত থকা ধোন্দ এটাতে নিশাটো কটাবলৈ বুলি চাৰি ভকতে সিদ্ধান্ত কৰিলে।

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

বৰাগী মেকুৰীয়ে ক’লে যে “আতৈসকল, আপোনাসৱে এই ধোন্ধৰ ভিতৰত নিশ্চিন্তে শয়ন কৰক। আপোনাসৱৰ সুৰক্ষাৰ নিমিত্তে আমি এই ধোন্দৰ মুখতে, বাহিৰত থাকিম”। সেই মতে তিনি পক্ষী-ভকত নিদ্রা গ’ল।

মাজৰাতি মেকুৰীয়ে শালিকাক মাত দিলে, “বোলো শালিকাৰাম আতৈ, বকাসুৰে আমাৰ প্রভূ কৃষ্ণ গোঁসাইক কেনেকৈ গিলিছিল আপুনি জানেনে?” শালিকাই বোলে, “নাই, নাজানো”। বোন্দাই বোলে “একো নাই, আহক, ময়ে সেই লীলা কৰি দেখুৱাওঁ” আৰু মুহূর্ততে বেচেৰা শালিকাক গিলি পেলালে।

কপৌ আৰু ফেঁচুৱে সাৰ পাই এই নাটক দেখি ভয়ত আতুৰ হ’ল। ইফালে মেকুৰীৰ মাত, “আতৈসৱ! ভগৱন্ত কৃষ্ণই অঘাসুৰৰ সৈতে কি লীলা কৰিছিল আপোনাসৱে জানেনে? নাজানে যদি এইফালে আহক, মই সেই লীলা কৰি দেখুৱাম”। টেঙৰ ফেঁচু সাউটকৈ উৰি পলাল, কিন্তু বেচেৰা শিলকপৌৰো শালিকাৰ গতিয়েই গতি হ’ল।

1000108845

মোৰ কণমানি “ভতিজা”ৰ কথা (সাধু নহয় যদিও) : ওচৰৰ মানুহ এঘৰৰ সৰু ল’ৰাটোৱে মোক “বর্ত্তা” বুলি মাতে। এবাৰ মোৰ জন্মদিনত (এই বয়সত জন্মদিন পতা নহয় যদিও) তাৰ দৰে কণমানি কেইটামানে আমাৰ ঘৰত কিবা কিবি খাবলৈ পালে। সি বৰমাকক সুধি গম পালে যে সেয়া একপ্রকাৰৰ জন্মদিনৰ পার্টী আছিল।

অলপ পৰৰ পিছত সি ঘৰলৈ গৈ এটা ধুনীয়া কলম আনি মোক দিলেহি—জন্মদিনৰ উপহাৰ! পিছদিনা (প্রায় প্রত্যেক দিনাই আমি এই অকণমানিক লগ পোৱাৰ সৌভাগ্য হৈছিল) সি আকৌ আমাৰ ঘৰলৈ আহোঁতে হঠাৎ মোক ক’লে, “বর্ত্তা, মই যে তোমাক এটা কলম দিছোঁ সেইটো কিন্তু মই জন্মদিনত পোৱা উপহাৰ নহয়”।

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

আচল কথাটো বুজি পালোঁ যদিও “হয়” বুলি কৈ থৈলোঁ। এইদৰে দুদিনমান সি একেটা কথাকে ক’লে, আৰু শেষত এদিন কৈ দিলে, “বর্ত্তা, তোমাক যে মই পে’নটো দিছিলোঁ সেইটো আচলতে মোক মোৰ জন্মদিনত তিকুৱে দিছিল”। আচলতে অকণমানি যুধিষ্ঠিৰে সঁচা কথাটো নোকোৱাকৈ কোনোপধ্যে থাকিব পৰা নাছিল; সেই বাবে প্রত্যেক দিনে সি কলমটোৰ কথা উলিয়াইছিল; আৰু অৱশেষত সঁচা কথাটো কৈ হে শান্তি পালে।

এই সৰু ল’ৰাটোৰ মনত যে অনবৰতে এটা কথাই খুন্দিয়াই আছিল—যে “আচলতেতো কলমটো মোক দিয়া উপহাৰেহে হয়, নতুনকৈ মই বর্ত্তাৰ বাবে দোকানৰ পৰা অনা নাই”—কেতিয়াবা তেনেকৈ একোটা কথাই আমাৰ মনত খুন্দিয়াই থাকে। আমি পাহৰিব নোৱাৰোঁ সেই কথাটো। এবাৰ মোল্লা নাছিৰুদ্দিনৰো হেনো তেনে হৈছিল–

মোল্লা নাছিৰুদ্দিনৰ সাধু : মোল্লা নাছিৰুদ্দিনৰ ওপৰত এবাৰ বাদছাহ বৰ খুশ হ’ল, আৰু বাদছাহে এজোৰ অতি মূল্যবান কাপোৰ তেওঁক উপহাৰ দিলে—হীৰা, মুকুটা আদি খটোৱা পাগুৰি, অতি দামী পাটৰ কামিজ, পায়জামা, নানা কাৰু-কার্য খচিত কোমল চামৰাৰ জোতা। মৰমতে মোল্লাই এই মহা মূল্যৱান কাপোৰ সাজ পেৰাত ভৰাই থৈ দিলে; নিপিন্ধিলে।

এদিন মোল্লাই কেইঘৰমান মানুহৰ ঘৰলৈ ফুৰিবলৈ ঠিক ওলাইছে, তেনে সময়তে তেওঁৰ এজন পৰম বান্ধৱ আহি ওলালহি। মোল্লাই বোলে “ভাই, মই আজি ভালেমান দিন ধৰি যাম যাম বুলি ভাবি থকা মানুহ কেইঘৰমানৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আজি নগলে পিছত সময় উলিয়াবলৈ টান হ’ব। বেয়া নোপোৱা যদি তুমিও মোৰ লগতে ওলোৱা”।

বন্ধুৱে বোলে, “মই তোমাৰ ওচৰলৈ বুলি এই সাধাৰণ কাপোৰ পিন্ধিয়েই আহি ওলালোহি। এতিয়া অচিনাকি মানুহৰ ঘৰলৈ কেনেকৈ এই কাপোৰ পিন্ধি যাম?”

মোল্লা : “মই তোমাক এজোৰ কাপোৰ দিওঁ; তুমি পিন্ধি লোৱা। কেৱল উভতি আহি মোক ঘূৰাই দিবা”।

কথা মতেই কাম। মোল্লাই বাদছাহৰ পৰা পোৱা সেই পৰম সুন্দৰ, মহা মূল্যৱান কাপোৰা, পাগুৰি, জোতা বন্ধুক পিন্ধিবলৈ দিলে। মোল্লাৰ উদাৰতাত আপ্লুত হৈ বন্ধুৱে সেই কাপোৰ সাজ পিন্ধি লৈ তেওঁৰ সৈতে ফুৰিবলৈ ওলাল। প্রথম মানুহ ঘৰত সোমোৱাৰ লগে লগে সকলোৱে মোল্লাৰ বন্ধুৰ প্রশংসাত পঞ্চমুখ হ’ল : “বা:! ইমান ধুনীয়া জোতা, ইমান ধুনীয়া পাগুৰি, কি কামিজ, কি পায়জামা!”

মোল্লাৰ এইবোৰ একেবাৰে সহ্য নহ’ল আৰু তেওঁ কৈ উঠিল, “পিছে এটা কথা। এই আটাইবোৰ—পাগুৰি, চোলা, পায়জামা, জোতা—মোৰহে, তেওঁৰ নহয়। এইবোৰ মইহে পিন্ধিবলৈ দিছোঁ কাৰণ তেওঁ মোৰ ঘৰলৈ পিন্ধি অহা কাপোৰ কানি বৰ ভাল নাছিল”।

পিছত মানুহ ঘৰৰ পৰা ওলাই যাওঁতে বন্ধুৱে মোল্লাক ক’লে যে তুমি কি ৰকমৰ বন্ধু হে’? কি দৰকাৰ আছিল তেওঁলোকক ক’বলৈ যে মই মোৰ নিজৰ কাপোৰ পিন্ধি অহা নাই; তোমাৰ কপোৰহে পিন্ধি আহিছোঁ? মোল্লাই ক’লে যে ভাই, বেয়া নাপাবা। তেনেকৈ আকৌ নকওঁ বাৰু।

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

দ্বিতীয় ঘৰ মানুহলৈ গ’ল তেওঁলোক। আকৌ একে অৱস্থা : “বা:! কি সুন্দৰ পাগুৰি, কি সুন্দৰ কাপোৰ…” আদি।

কিছু পৰ মোল্লা মনে মনে থাকিল, কিন্তু মানুহ বোৰে বন্ধুক কৰা প্রশংসাৰ সীমা চৰি যোৱা যেন দেখি তেওঁ কৈ উঠিল : “এটা কথা। তেওঁ যে এই ধুনীয়া ধুনীয়া বস্তুবোৰ পিন্ধি আহিছে, এইবোৰ তেওঁক মই পিন্ধিবলৈ দিয়া নাই।”।

মানুহবোৰে মোল্লাৰ কথা শুনি ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে; কোনোৱে ফিচিঙা ফিচিঙি কৰিলে। পিছত সেই ঘৰৰ পৰা ওলাই আহোঁতে বন্ধুৱে মোল্লাক ক’লে যে তুমি কি বন্ধু হে’? তেনেকৈ কয় নেকি যে এওঁ পিন্ধি থকা কাপোৰজোৰ তেওঁক মই দিয়া নাই? দেখিছিলা নে কেনেকৈ তেওঁলোকে ইজনে সিজনক চোৱা চুই কৰিছিল আৰু ফিচিঙা ফিচিঙি কৰিছিল? তেওঁলোকে নিশ্চয় সন্দেহ কৰিছে যে মই ভাল কাপোৰ কানি নথকা ভিক্ষাৰী এটা মাত্র, আৰু তুমিয়েই মোক এইবোৰ পিন্ধিবলৈ দিছা।

মোল্লাই বোলে ক্ষমা কৰিবা ভাই; মই তেনেকৈও নকওঁ আৰু।

তাৰ পিছত আৰু এঘৰ মানুহৰ ঘৰলৈ গ’ল দুই বন্ধু। তাতো অৱস্থাৰ কোনো পৰিবর্ত্তন (শব্দটো বিশেষ ভাবে চিনাকি নেকি বাৰু?) নহ’ল। পুনৰ সেই একেই প্রশংসা : বা : কেনে ধুনীয়া কাপোৰ, জোতা, পাগুৰি….।

এটা সময়ত মোল্লাৰ সহ্যৰ বান্ধ ভাগি গ’ল আৰু কৈ পেলালে : “এটা কথা। এই যে ধুনীয়া, দামী বস্তু বোৰ তেওঁ পিন্ধি আহিছে, সেই বোৰ তেওঁৰে। বাদছাহে মোক উপহাৰ দিয়া কাপোৰ নহয়”।

যিমানেই শপত নাখাওক, মোল্লাই আচলতে কোনোপধ্যে পাহৰিব নোৱাৰে যে সেই ধুনীয়া, মূল্যবান বস্ত্রাদি তেওঁৰহে।

ঠিক তেনেকৈ ওপৰৰ ধ্যানী মেকুৰী আৰু ভকত মেকুৰীৰ সাধু পঢ়ি পাঠকে কোনো এক বিশেষ ধ্যানী পুৰুষ বা পৰম ভক্তৰ কথা মনলৈ অহাটো বাধা দিব নোৱাৰিব পাৰে। কোনো এক বিশেষ ধ্যানীৰ কথা তেওঁলোকৰ মনলৈ বাৰে বাৰে আহিব পাৰে। মই কিন্তু কেৱল সাধুহে কৈছোঁ। সাধুৰ চলেৰে একো কোৱা নাই, কোনো বিশেষ ধ্যানীৰ কথা কোৱা নাই।

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু
মোল্লা নাছিৰুদ্দিন

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Photo 4 Miranda Choudhury
ASSAMESE SECTION

পপ্ সংস্কৃতিৰ যুগত লোকসংগীতৰ সংৰক্ষণ: এক অসমীয়া দৃষ্টিভংগী

by Editor
December 22, 2025
0

পপ্ সংস্কৃতিৰ যুগত লোকসংগীতৰ সংৰক্ষণ: এক অসমীয়া দৃষ্টিভংগী কৰণজিৎ দাস ষ্ট্ৰীমিং প্লেটফৰ্ম, ভাইৰেল ট্ৰেণ্ড আৰু চাৰ্ট-নির্ভৰ পপ্ সংগীতেৰে গঢ় লোৱা...

Read moreDetails
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
শিহু সুৰক্ষা আৰু মিচিং লোককথা

শিহু সুৰক্ষা আৰু মিচিং লোককথা

June 19, 2025
ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 

ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 

April 15, 2025
বিহু কাৰো খেলাৰ সামগ্ৰী নহয় !

বিহু কাৰো খেলাৰ সামগ্ৰী নহয় !

April 13, 2025
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
Adapting Agriculture for a Changing Climate

Adapting Agriculture for a Changing Climate

May 18, 2026
Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

May 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32553 shares
    Share 13021 Tweet 8138
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14194 shares
    Share 5678 Tweet 3549
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    281 shares
    Share 112 Tweet 70
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3730 shares
    Share 1492 Tweet 933
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    943 shares
    Share 377 Tweet 236
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6533 shares
    Share 2613 Tweet 1633
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    81 shares
    Share 32 Tweet 20
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4331 shares
    Share 1732 Tweet 1083
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    224 shares
    Share 90 Tweet 56
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d